সমাজসংস্কাৰক শ্ৰীমন্ত শঙ্কৰদেৱ- কুমকুম শৰ্মাবৰুৱা
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ এজন ধৰ্মগুৰু অথবা ধৰ্মপ্ৰচাৰকেই নাছিল, তেখেত আছিল একাধাৰে এজন সমাজ সংস্কাৰক, নৃত্য-গীত আদি কলা সংস্কৃতিৰ অকুণ্ঠসাধক, সাহিত্যিক আৰু আছিল এজন মানৱ দৰদী সংসাৰী লোক।
মহাপুৰুষ শংকৰদেৱ জন্ম হোৱাৰ সময়চোৱাত অসমদেশ বহু সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল।।বাৰভূঞাৰ সৰু সৰু ৰাজ্য, আহোম ৰাজ্য, কোচ ৰাজ্য, কছাৰী ৰাজ্য, পৰ্বতৰ গাৰো, খাচিয়া, মিকিৰ ইত্যাদিৰ সৰু সৰু ৰাজ্য।এই সৰু সৰু ৰাজ্যৰ অধিপতি নৃপতিবিলাকৰ মাজত সততে যুদ্ধ-বিগ্ৰহ হৈ থাকিছিল।তাৰ লগতে আছিল প্ৰাকৃতিক দুৰ্যোগ আৰু বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণ আদি।প্ৰজাসকলৰ দুখ-দুৰ্গতিৰ সীমা নাছিল।প্ৰজাসকলৰ সৰহভাগেই আছিল আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত।হিন্দু ধৰ্মৰ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ সংস্কৃত ভাষাত ৰচিত আছিল।ব্ৰাহ্মণ পণ্ডিতসকলে ঠায়ে ঠায়ে টোল পাতি ব্ৰাহ্মণ আৰু কায়স্থৰ সন্তানক(ল’ৰা) ধৰ্মগ্ৰন্থৰ আৰু সংস্কৃত ভাষাৰ জ্ঞানকে আনুষ্ঠানিকভাৱে দিছিল।সাধাৰণ প্ৰজাৰ কিছুমানে তাঁতিৰ কাম কৰি, কিছুমানে কমাৰ-কঁহাৰ হিচাবে, কিছুমানে নদীত মাছ মাৰি আৰু সৰহভাগেই কৃষিকৰ্ম কৰি ৰজাঘৰত দিবলগীয়া কৰ-কাটল দি জীৱিকা নিৰ্বাহ কৰিছিল।তেওঁলোক যিকোনো আনুষ্ঠানিক শিক্ষালাভৰ পৰা বঞ্চিত আছিল।শংকৰদেৱে বুজিছিল যে এই অৱস্থাৰ আমূল পৰিৱৰ্তনৰ প্ৰয়োজন।সংস্কৃত কথিত ভাষা নোহোৱাৰ বাবে সৰ্বসাধাৰণে ধৰ্মগ্ৰন্থসমূহত কি আছে একো নাজানিছিল।শংকৰদেৱেও মহেন্দ্ৰ কন্দলিৰ টোলত অধ্যয়ন কৰি বিভিন্ন ধৰ্মশাস্ত্ৰ আৰু সংস্কৃত ভাষাত ব্যুৎপত্তি লাভ কৰিছিল।কিন্তু তেখেতে সৰ্বসাধাৰণ খাটি-খোৱা লোকসকলৰ কাৰণে হাজাৰ হাজাৰ বছৰৰ সঞ্চিত ঋষি-মুনি সকলৰ কষ্টলব্ধ জ্ঞানখিনি সকলোৱে বুজি পোৱা সহজ ভাষাত অনুবাদ কৰাৰ কথা চিন্তা কৰিছিলো।সেইমতে তেখেতে সাধাৰণ মানুহক শিক্ষা দিবৰ কাৰণে ৰচনা কৰিছিল হৰিচন্দ্ৰ উপাখ্যান ,ভক্তি প্ৰদীপ,কীৰ্ত্তন ঘোষা, ৰুক্মিণীহৰণ কাব্য আৰু বৰগীত খিনি।তাৰ পিছত ভাগৱত পুৰাণৰ কাহিনী, অজামিল উপাখ্যান, অমৃত মন্থন, প্ৰহ্লাদ চৰিত্ৰ, হৰমোহন, বলিছলন, গজেন্দ্ৰ উপাখ্যান আৰু ধ্যান- বৰ্ণন ইত্যাদি।দুবাৰকৈ দীৰ্ঘ সময় তীৰ্থভ্ৰমণ কৰি নানা অভিজ্ঞতাৰে পুষ্ট হৈ তেখেতে সাংস্কৃতিক এনাজৰীৰে গোটেই ভাৰতবৰ্ষক একতাৰ দোলেৰে বান্ধ খুওৱাৰ সপোন দেখিছিল।প্ৰত্যক্ষ জ্ঞান আহৰণৰ দুৰ্বাৰ আকৰ্ষণেৰে তেখেতে ভ্ৰমণ কৰিছিল জগন্নাথ ক্ষেত্ৰ,বাৰাণসী, প্ৰয়াগ, বৃন্দাবন, মথুৰা, কুৰুক্ষেত্ৰ, সেতুবন্ধন, বদৰিকাশ্ৰম, সন্ত কবীৰৰ সমাধিস্থল আৰু অলেখ মন্দিৰ-মছজিদ, উপাসনাগৃহ, পূজাঘৰ, দেৱস্থান ইত্যাদি।
ধৰ্মপ্ৰচাৰৰ ক্ষেত্ৰত তেখেতে একেশ্বৰবাদ আৰু নিৰাকাৰ ভগৱানকহে বিশ্বাস কৰিছিল।ভগৱানৰ নাম-কীৰ্ত্তন কৰাত সকলো লোকৰে অধিকাৰ আছে।তেখেতৰ উদাৰতাত মোহিত হৈ সকলো শ্ৰেণীৰ আৰু সকলো ধৰ্মৰ লোকেই তেখেতৰ ওচৰত শৰণ লৈছিল।মুছলমান ভকত চান্দসাঁইৰ হতুৱাই তেখেতে নামঘৰৰ মূল খুটা পোতাইছিল।নিৰাকাৰ ভগৱানক অন্তৰত পূজা কৰাত আৰু ভগৱানৰ নাম লোৱাত কোনো লোকৰ বাধা থাকিব নালাগে ।ধৰ্মক কোনো এক শ্ৰেণীৰ লোকৰ একচেতীয়া সম্পত্তি হিচাবে গণ্য কৰাৰ তেখেত দুৰ্ঘোৰ বিৰোধী আছিল।বোধহয় তীৰ্থভ্ৰমণ কালত মছজিদত সমূহীয়া নামাজত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা দেখা পায় আৰু গুৰুনানক,সন্তকবীৰ ইত্যাদিৰ অনুগামীসকলৰ লগত ধৰ্মালোচনা কৰি তেখেতে এই উদাৰ মহান নীতিকে সাৰোগত কৰি সমাজত সকলো শ্ৰেণীৰ লোকেই যে একে মানুহ, একেজন ঈশ্বৰৰ সন্তান তাকে প্ৰতিপন্ন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।
“কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম। জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।”
ইয়াতেই তেখেতৰ মহানুভৱতা সুন্দৰকৈ প্ৰকাশ পাইছে।
ছকুৰি বছৰীয়া থানথিত্ নোহোৱা যাযাবৰী জীৱনটোত তেখেতে অসমীয়া সমাজক বহুত দি থৈ গ’ল,যিখিনিৰে এটা জাতি কেইবা শতিকাও আগবাঢ়ি যাব পাৰে, আমি তেখেতৰ মহানুভৱতাক হৃদয়ঙ্গম কৰিবলৈ সকলোৱে চেষ্টা কৰা উচিত আৰু আমাৰ ভাঙোন ধৰা সমাজখন শুদ্ধ পথেৰে আগুৱাই নিয়াত সহায় কৰা উচিত।
জয়তু শঙ্কৰ।।
☆ ★ ☆ ★ ☆