ফটাঢোল

সাক্ষাৎকাৰ 

ডিজিটেল সাহিত্যৰ জগতখনত যিসকল অসমীয়াই নিজকে প্ৰতিষ্ঠা আৰু উপস্থাপন কৰাত সফল হৈছে, তাৰ ভিতৰৰে এটা উল্লেখযোগ্য নাম হ’ল পুষ্পাঞ্জলী দত্ত দাস৷ বৰ্তমানে স্বতন্ত্ৰ ডিজিটেল মেডিয়া কনচাল্টটেণ্ট ৰূপে কৰ্মৰত শ্ৰীমতী দাস প্ৰকৃতাৰ্থত নৱ প্ৰজন্মৰ বাবে আদৰ্শ৷ তেখেতৰ কৃতিত্বৰ কাহিনী youstory.com তো সবিস্তাৰে প্ৰকাশ হৈছিল৷ ফটাঢোলৰ তৰফৰপৰা তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ, এই যাত্ৰাটোৰ লগত জীৱনৰ পৰিক্ৰমাৰ বিষয়ে জানিবলৈ৷

ফটাঢোল: আপোনাৰ শৈশৱ কাল, পঢ়া-শুনা আৰু ঘৰখনৰ বিষয়ে জনাব।

পুষ্পাঞ্জলী: মোৰ শৈশৱ পাৰ হৈছে বৰপেটাত। স্কুলীয়া শিক্ষা তাতেই শেষ কৰি মই বজালী কলেজৰ পৰা ভূগোল বিষয়ত স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। ইয়াৰোপৰি মোৰ Indian Institute of Engineering and Technology ৰ পৰা পৰ্য্যটনৰ ডিপ্লোমা, Indian Institute of Remote Sensing, দেহৰাডুনৰ পৰা Remote Sensing ৰ ডিপ্লোমা আছে। পঢ়ি থকা কালত বিভিন্ন ঠাইৰ লগতে আন্তঃকলেজ যুৱ মহোৎসৱত কুইজৰ পুৰস্কাৰ, NSS ৰ পৰা ভাৰতৰ বিভিন্ন অঞ্চলত সেৱা আৰু সাংস্কৃতিক অনুষ্ঠান (নৃত্য) পৰিবেশন কৰিছিলোঁ। ইয়াৰোপৰি স্কুল কলেজৰ আলোচনীৰ বাবে লিখিছিলোঁ, প্ৰাচীৰ পত্ৰিকা সম্পাদনা কৰিছিলোঁ।

বৰপেটাৰ আমাৰ ঘৰখন হৈছে এক উদ্যমী পৰিয়াল। মোৰ মাৰ ১৯৮৯ চনৰ পৰাই হেণ্ডলুম উদ্যোগ আছিল। প্ৰায় ১০-১২ জন কৰ্মচাৰীৰ সৈতে ঘৰখন আছিল কৰ্ম আৰু উদ্যমিতাৰ থলী। ইমান ব্যস্ততাৰ পিছতো পিচে আমাৰ মায়ে কিতাপ পঢ়িছিল। কেতিয়াবা দেখোঁ দিনৰ হাজাৰ ব্যস্ততাৰ অন্তত ৰাতি শোৱাৰ আগত তেওঁ কিতাপ এখন হাতত তুলি লৈছে। এই সকলোবোৰ কথাই আমাৰ কিতাপ পঢ়া আৰু সৰুতেই কিবা এটা কৰাৰ বাবে আগ্ৰহৰ সৃষ্টি কৰিছিল। 

ইয়াৰোপৰি সেই তাহানিৰ দিনতে মায়ে আমাক প্ৰতি বছৰে গুৱাহাটী গ্ৰন্থ মেলালৈ লৈ আনিছিল। বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পিছৰ দিনবোৰ আমাৰ বাবে বৰ হেঁপাহৰ আছিল। গ্ৰন্থমেলালৈ যাবলৈ পাম, নতুন কিতাপ কিনিবলৈ পাম বুলি গোটেই বছৰ কেতিয়াবা আত্মীয় সকলে মৰমতে আমাৰ হাতত দিয়া টকা-পইচাবোৰ গোটাই থোৱাৰ পৰা বাছত উঠি গুৱাহাটী গ্ৰন্থ মেলালৈ যোৱা, এই গোটেই কাৰবাৰটো বৰ ভাল লগা আছিল। সেইবোৰ মনত পৰিলে এতিয়াও নষ্টালজিক হৈ পৰোঁ।

ফটাঢোল: কেৰিয়াৰ তথা কৰ্মজীৱন সম্পৰ্কে জানিবলৈ বিচাৰিম,

পুষ্পাঞ্জলী: মোৰ কৰ্মজীৱনৰ আৰম্ভণি পঢ়ি থকা কালতে আৰম্ভ। পঢ়ি থকা অৱস্থাতে বিভিন্ন প্ৰজেক্টত cartographer হিচাপে মেপ আঁকিছিলোঁ। স্নাতকোত্তৰ শিক্ষা লাভ কৰি মই Ashoka Trust for Research in Ecology and Environment ত ৰিচাৰ্চ এচিছষ্টেণ্ট হিচাপে যোগ দিওঁ। তাত কাম কৰি থাকোঁতেই মই বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত এচিছষ্টেণ্ট প্ৰফেচৰ হিচাপে যোগদান কৰোঁ। কিন্তু লিখা মেলাৰ প্ৰতি প্ৰচণ্ড হাবিয়াস থকা বাবে ২০১২ চনত চাকৰি এৰি মই অনলাইন লিখা মেলাৰ কাম আৰম্ভ কৰোঁ। কলেজত কাম কৰি থাকোঁতেই মোৰ Japan: A Comprehensive Geography নামৰ কিতাপখন প্ৰকাশ পায়। ২০১২ ৰ গ্ৰন্থমেলাত যেতিয়া কিতাপৰ ষ্টলবোৰত শাৰী শাৰী জাপান সজাই থোৱা দেখিছিলোঁ, খুবেই ভাল লাগিছিল। লেখা-মেলাৰ প্ৰতি আগ্ৰহ বাঢ়িছিল। সেই মৰ্মে ২০১৩ চনত মই academic কিতাপ সম্পাদনা আৰু লগতে নিজৰ কিতাপ লিখাত মনোনিবেশ কৰোঁ। 

যিহেতু মই অনলাইন লিখা মেলা আৰম্ভ কৰোঁতে ডিজিটেল মাৰ্কেটিং চালুকীয়া অৱস্থাত আছিল, লেখা মেলাৰ লগত মই SEO আৰু চ’ছিয়েল মিডিয়া মেনেজমেণ্ট কৰিবলৈ শিকোঁ আৰু শিকাবলৈ লওঁ। এতিয়া যোৱা ২০১৬ চনৰ পৰা মই স্বতন্ত্ৰ ডিজিটেল মিডিয়া consultant হিচাপে কাম কৰি আহিছোঁ।  

মোৰ প্ৰথম ব্লগটো আৰম্ভ কৰোঁ ২০১১ চনত। সেই সময়ত ব্লগিং সম্পৰ্কে মোৰ একোৱেই ধাৰণা নাছিল। কিন্তু যিমানে এই পৃথিৱীখনৰ লগত পৰিচিত হৈ থাকিলোঁ সিমানেই মোৰ আগত ন ন কামৰ সম্ভাৱনা আহি থাকিল। আগতেও কৈছোঁ যে যিহেতু মই বহুত আগতে আৰম্ভ কৰিছিলোঁ, কথাবোৰ ভালকৈ শিকিব আৰু জানিবলৈ বহু সুযোগ পাইছিলোঁ। মোৰ প্ৰফেশ্যনেল ব্লগিঙৰ আৰম্ভণি হৈছিল ২০১৩ চনত। কিন্তু মোৰ সফলতা আহে ২০১৫ চন মানৰ পৰাহে। মই লাহে লাহে brand promotion, affiliate marketing আদি কৰিবলৈ আৰম্ভ কৰোঁ আৰু ইয়েই ব্লগিঙত মোক সফলতা অনাত সহায় কৰে।

ব্লগিঙৰ উপৰিও মই বিভিন্ন আলোচনী আৰু website ৰ বাবে ফ্ৰিলাঞ্চ প্ৰবন্ধ লিখি আহিছোঁ। পৃথিৱীৰ বিভিন্ন দেশৰ আলোচনী, ৱেবচাইট, নিউজলেটাৰ ইত্যাদিৰ বাবে মই এতিয়ালৈকে ১০০ ৰো অধিক প্ৰবন্ধ  লিখিছোঁ। ইয়াৰ লগতে মোৰ নিজৰ ব্লগৰ লিখনিসমূহ ধৰি এতিয়ালৈকে মই ৪০০ ৰো অধিক প্ৰবন্ধ প্ৰকাশ কৰিছোঁ। ইয়াৰোপৰি মোৰ ভূগোল বিষয়ত অন্য তিনিখন কিতাপ, চাৰিখন ব্লগিং আৰু ডিজিটেল মাৰ্কেটিঙৰ ওপৰত ই-বুক, সৰ্বমুঠ আঠখন কিতাপ আছে।

ফটাঢোল: আপুনি এগৰাকী সফল ব্লগাৰ, আমাৰ পাঠক সমাজৰ বাবে ব্লগিং কি আৰু ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে জনাওকচোন। 

পুষ্পাঞ্জলী: সচৰাচৰ ব্লগ বুলি ক’লে আমি লিখা-মেলাখিনিয়েই বুজোঁ। পিচে, এটা ব্লগ content marketing আৰু influencer marketing ৰ এক অন্যতম অংগ। গুগল ব্যৱহাৰ কৰা মানুহৰ শতকৰা ৯০ % মানুহে গুগল search results (SRP) ৰ প্ৰথম পৃষ্ঠাত অহা ব্লগ লিংক খুলি চাবলৈ পচন্দ কৰে। গতিকে ইণ্টাৰনেটত ব্লগৰ ভূমিকা অপৰিসীম। 

যদিও আমাৰ অসমত ফেচবুক পেজ বা Instagram একাউণ্ট থকা মানুহেও নিজক ব্লগাৰ বুলি ক’ব খোজে বা কয়, ব্লগাৰ হ’বলৈ আপোনাৰ এটা ৱেবপেজ থাকিব লাগিব। এই ৱেবপেজটো ফ্ৰী ব্লগিং চাইট যেনে গুগল, ৱৰ্ডপ্ৰেছ, মিডিয়ামটো থাকিব পাৰে বা আপোনাৰ self hosted ব্লগ হ’ব পাৰে। ব্লগিঙৰ প্ৰথম চৰ্ত হৈছে ই তথ্যপূৰ্ণ হ’ব লাগিব। অৰ্থাৎ যিকোনো এটি বা দুটি বিষয়ত ব্লগাৰ গৰাকীয়ে নিজৰ পাঠকৰ বাবে তথ্য বা অভিজ্ঞতাৰ ভাগ বতৰা কৰিব পাৰিব লাগিব। 

ব্লগিঙৰ প্ৰাসংগিকতা যোৱা দুটা দশক ধৰি আছে আৰু থাকিব। হয়তো সময়ৰ খামখুমিয়াত চ’ছিয়েল মিডিয়াৰ ব্যৱহাৰ কমি আহিব পাৰে (Twitter এ ইতিমধ্যে Twitter Blue প্ৰচলন কৰি কোটিৰ ঘৰত ব্যৱহাৰকাৰী হেৰুৱালে, ফেচবুকৰ privacy policy ৰ বাবে বহুত ইউৰোপিয়ান আৰু আমেৰিকাৰ ব্যৱহাৰকাৰীয়ে ইয়াৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে)। পিচে মানুহে গুগল ব্যৱহাৰ কৰিবলৈ আৰু ব্লগ পঢ়িবলৈ কেতিয়াও নেৰে। 

ফটাঢোল: আপোনাৰ নিজৰ ব্লগ দুটা সম্পৰ্কে জানিবলৈ বিচাৰিম, লগতে কি কথা বা ঘটনাই আপোনাক ব্লগিঙত কেৰিয়াৰ আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিলে সেয়াও উল্লেখ কৰিলে পাঠক সমাজ উপকৃত হ’ম৷

পুষ্পাঞ্জলী: মোৰ পুৰণি ব্লগ দুটি নতুন ৰূপত আনিবলৈ যোৱা এবছৰ কাম কৰি আছোঁ। মোৰ প্ৰথম ব্লগটোত ব্লগিং সম্বন্ধীয় তথ্য আৰু মোৰ অভিজ্ঞতাৰ বিষয়ে লিখোঁ আৰু দ্বিতীয় ব্লগত খাদ্য, ভূগোল আৰু বুৰঞ্জীৰ বিষয়ে লিখোঁ। এতিয়া যিহেতু মই বিভিন্ন ধৰণৰ কাম যেনে ফ্ৰীলাঞ্চ লিখা মেলা, কিতাপৰ কাম আৰু ব্লগ/ফ্ৰিলান্স লিখনি সম্পৰ্কীয় কৰ্মশালাত ব্যস্ত হৈ থাকোঁ, এই দুইটা ব্লগ এটি কৰি নতুনকৈ প্ৰচলন কৰিম বুলি ভাবিছোঁ। এই নতুন ব্লগটোত মোৰ লিখনি (ডিজিটেল মাৰ্কেটিং, খাদ্য সম্বন্ধীয়, ব্লগিং কিতাপ, কিণ্ডল প্ৰকাশ), কিতাপ আৰু মোৰ কৰ্মশালাসমূহৰ তথ্য থাকিব। 

মই আগতেই কৈছোঁ, মই ২০১১ চনত অকল লিখিবলৈ ব্লগিং আৰম্ভ কৰিছিলোঁ। কিন্তু লাহে লাহে যেতিয়া গম পালোঁ যে ই এক নতুন কেৰিয়াৰ হ’ব পাৰে, মই ইয়াত নিয়মীয়াকৈ লিখিবলৈ ল’লোঁ। ব্লগিঙৰ উপৰিও মই SEO ৰ ব্যৱহাৰ আৰু প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্ব দিছিলোঁ। ইয়ে মোৰ ব্লগকেইটাক আৰু মোক এক অনন্য স্থান দিয়াত সহায় কৰিছিল। 

ফটাঢোল: ব্লগিং কেৰিয়াৰ হ’ব পাৰেনে?  কি কি বিষয়ৰ ব্লগিঙৰ সুবিধা অধিক?

পুষ্পাঞ্জলী: নিশ্চয়। ব্লগিঙো হ’ব পাৰে এক আকৰ্ষণীয় কেৰিয়াৰ। পিচে ইয়াৰ বাবে ব্লগাৰ গৰাকীয়ে লিখা মেলাৰ উপৰিও SEO (Search Engine Optimization) , Public Relation, brand promotion, brand positioning আৰু personal brand ৰ সম্যক জ্ঞান অৰ্জন কৰাটো বাঞ্চনীয়। মই এনেকুৱা বহুত মানুহক চিনি পাওঁ যিয়ে ব্লগিং কৰি লাখ নহয় কোটিৰ ঘৰত পইচা উপাৰ্জন কৰে। পিচে এইখনি পাবলৈ যাওঁতে বহুত পৰিশ্ৰম, ধৈৰ্য আৰু ডিজিটেল মাৰ্কেটিঙৰ ওপৰত জ্ঞানৰ দৰকাৰ। এইটো মনত ৰখা উচিত যে, ব্লগ এটা এক মাধ্যম হে, ইয়াক কেৰিয়াৰ হিচাপে কেনেকৈ গঢ়ে সেয়া আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে, বহুত ব্লগাৰে affiliate marketing ৰ জৰিয়তে পইচা উপাৰ্জন কৰে, কিছুমান ব্লগাৰে বিজ্ঞাপন, কিছুমানে product প্ৰম’ট কৰি আৰু কিছুমানে ই-বুক, নিজৰ consultancy বা সেৱা (services) ৰ জৰিয়তে পইচা উপাৰ্জন কৰে। মোৰ ক্ষেত্ৰত, মোৰ উপাৰ্জনৰ সিংহভাগ আহে মোৰ ই-বুক আৰু কৰ্মশালাসমূহৰ পৰা। মোৰ ব্লগত যিহেতু নতুনকৈ ব্লগিং আৰু ফ্ৰীলান্স লিখা মেলা লগতে আমাজন Kindle Publishing ৰ ওপৰত তথ্য পোৱা যায়, এই পাঠক সমূহে প্ৰায়ে মোক সুধিছিল যে মই তেওঁলোকক এই বিষয়ে আৰু সহায় কৰিব পাৰিম নেকি। ইয়াৰ ফলতে মই এই বিষয়বোৰ লৈ কিতাপ লিখি আমাজনত বিক্ৰী কৰিবলৈ লওঁ আৰু কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰোঁ। গতিকে, ব্লগ এটাক মাধ্যম হিচাপে লৈ যিকোনো এটি অনলাইন কেৰিয়াৰ গঢ়িব পাৰি। 

ব্লগিঙৰ সকলোতকৈ ভাল লগা কথা হৈছে ই কোনো এটি বিষয়ত সীমাবদ্ধ নহয়। আপোনাৰ যি বিষয়ে জ্ঞান আছে, সেয়া লাগিলে খাদ্য বা বলিউড হওক, কষ্ট কৰিলে যিকোনো ব্লগ সফল হ’ব। উদাহৰণ স্বৰূপে, আজিৰ সফল ডিজিটেল মিডিয়া কোম্পানী মিছ মালিনীয়ে নিজৰ আৰম্ভণি entertainment ব্লগাৰ হিচাপে কৰিছিল। সেইদৰে, পৃথিৱীৰ আটাতকৈ বিখ্যাত ব্লগবোৰৰ অন্যতম, The Crochet Crowd ত কুৰ্চা  আৰু চিলাই শিকোৱা হয়। ব্লগৰ লগতে ইউটিউবতো এই সকল ব্লগাৰ অত্যন্ত জনপ্ৰিয়। গতিকে, যি বিষয় লাগিলে নলওক, একাগ্ৰতা থাকিলে আৰু কাম কৰিলে যিকোনো বিষয়ত ব্লগ এটা সফল হ’ব পাৰে। 

ফটাঢোল: অসমীয়া লিপিৰ ব্লগত কাৰিকৰী অসুবিধা কি? 

পুষ্পাঞ্জলী: অসমীয়া ভাষাৰ ব্লগৰ তেনেকুৱা কিবা কাৰিকৰী অসুবিধা আছে বুলি মই নেভাবোঁ। এটা সময়ত অসমীয়া ভাষাৰ SEO বা চাৰ্চ ইঞ্জিনৰ বাবে ব্লগ এটাক সাজু কৰাত অসুবিধা আছিল। পিচে এতিয়া যিহেতু আমাৰ বহুত মানুহে গুগলত অসমীয়া ভাষা ব্যৱহাৰ কৰি সন্ধান কৰে, সেই অসুবিধাখিনিও এতিয়া লাহে লাহে নোহোৱা হৈ যাব। ব্ৰেণ্ড promotion কৰি আৰু বিজ্ঞাপন ব্যৱহাৰ কৰি অসমীয়া ব্লগ এটাও এক কেৰিয়াৰ হ’ব পাৰে।

ফটাঢোল: ইংৰাজী শব্দৰ প্ৰয়োগ প্ৰায়েই অসমীয়া সাহিত্যত আজিকালি দেখা যায়৷ ভাষাটোৰ ভবিষ্যত সম্পৰ্কে কি ভাবে?

পুষ্পাঞ্জলী: চাওক, এক ভিন্নভাষী অঞ্চলৰ ভাষাৰ এটা বৈশিষ্ট্য হৈছে যে এটা ভাষাৰ শব্দ আন এটা ভাষাৰ শব্দ ভঁৰালত সোমায়। এই কথাটো তামিল, হিন্দী, ইংৰাজী আদি সকলো ভাষাৰ ক্ষেত্ৰত প্ৰযোজ্য। আমাৰ অসমীয়া ভাষাটোত তাহানিৰ দিনতে ফাৰ্ছি, হিন্দী আদি ভাষাৰ বহু শব্দৰ আমদানি ঘটিছে। আৰু যিহেতু আমাৰ দেশ বহু বছৰ বৃটিছৰ অধীনত আছিল, ইংৰাজী শব্দৰ প্ৰয়োগ নতুন কথা নহয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি আমাৰ ভাষা বিকৃত কৰি ব্যৱহাৰ কৰিম। ব্যক্তিগত ভাবে মই এই বিষয়ে অলপ বেলেগকৈ ভাবোঁ। ভাষাৰ ভবিষ্যত লৈ অকল আন্দোলন বা চ’ছিয়েল মিডিয়া উত্তাল কৰি থকাতকৈ আমি আমাৰ ঘৰখনত কি কৰি আহিছোঁ সেয়াহে বেছি প্ৰয়োজনীয় বুলি মই মত পোষণ কৰোঁ। অসমীয়া ভাষাৰ বৰ্ণমালা শিকি অকল পঢ়িব বা লিখিব পাৰিলেই জানো আমাৰ ভবিষ্যত সুৰক্ষিত? আমাৰ ছয় ঋতু, বাৰ মাহ, ঘৰুৱা সজুঁলি, নামঘোষা এফাঁকি, জ্যোতি সংগীত, ৰাভা সংগীত, বিহুনাম, ওজাপালি, আমাৰ পাহাৰ , আমাৰ ঐতিহ্য স্থানবোৰ, আমাৰ নদ নদী, আমাৰ জিলাসমূহৰ কথাওটো আমি শিকিব লাগিব আৰু শিকাব লাগিব। ভাষাৰ ভবিষ্যতৰ দায়িত্ব নৱ প্ৰজন্মৰ অকল নহয়। আমাৰ প্ৰজন্মৰ কিমানজনে বছৰৰ বাৰ মাহৰ নাম খোকোজা নলগাকৈ ক’ব পাৰোঁ? আমি ভালকৈ নজনা কাৰণেই আমাৰ  প্ৰজন্মক এই বিষয়ে শিকাব পৰা নাই। গতিকে অসমীয়া বা অসমৰ ভবিষ্যত সুৰক্ষিত কৰাৰ বাবে বৰ্ণমালাৰ লগতে অসমৰ ভূগোল, আমাৰ জলবায়ু, আমাৰ চুবুৰীয়া, আমাৰ ইতিহাস, আমাৰ আচাৰ অনুষ্ঠান, ৰীতিৰ কথা শিকোৱা অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ বাবে আমি বেলেগ একো কৰিব নালাগে। মাত্ৰ নিজৰ নিজৰ ঘৰত এই বিষয়ে চৰ্চা কৰিবলৈ উৎসাহিত কৰিব লাগে। ব্যক্তিগত ভাৱে, দেওবাৰৰ দিনটো আমাৰ ঘৰত অসমীয়াত্ব উদযাপনৰ  দিন। সেইদিনা মোৰ ল’ৰাৰ (জনাই থওঁ যে সি ইংৰাজী মাধ্যমত পঢ়ে) লগত ৰাতিপুৱা আমি অসমীয়া পঢ়োঁ, লিখিবলৈ দিওঁ আৰু অসমৰ কথা পাতি আবেলি তাৰ ওপৰত আকস্মিক বক্তৃতা দিবলৈ কওঁ। সি ভুলে শুদ্ধই কৈ যায় আৰু আমি তাক সুধৰাই যাওঁ। কেতিয়াবা তাক পথাৰলৈ লৈ যাওঁতে ধান খেতিৰ কথা ক’বলৈ যত্ন কৰোঁ বা কেতিয়াবা নামঘৰলৈ গ’লে গুৰুদুজনাৰ কথা পাতি তাক শিকাবলৈ যত্ন কৰোঁ। পুৱা গধূলি প্ৰাৰ্থনা কৰা, ইউটিউবত ৰাভা সংগীত, জ্যোতি সংগীত শুনোৱা,  বিহু, হোলী আদি গীতবোৰ শিকোৱা, আমাৰ কৰ্তব্য বুলি বিবেচিত কৰোঁ আৰু সেই মতে পালন কৰি আহিছোঁ।

এইদৰে যদি আমি সকলোৱে যত্ন কৰোঁ, অসমীয়া ভাষা আৰু অসম, দুয়োৰে ভবিষ্যত সুৰক্ষিত। 

ফটাঢোল: পুনৰ আপোনাৰ ব্লগিঙৰ বিষয়লৈ ঘূৰি আহিছোঁ৷ নতুন কিবা পৰিকল্পনা?

পুষ্পাঞ্জলী: নতুন ব্লগৰ কথা ইতিমধ্যে ক’লোঁ। নতুন কিতাপ দুখনৰ পৰিকল্পনা আছে। ইয়াৰে এখন ভূগোল বিষয়ত আৰু বাকীখন ফ্ৰীলাঞ্চ লিখা মেলাৰ ওপৰত। 

ফটাঢোল: ফটাঢোল সম্পৰ্কে কি ক’ব!

পুষ্পাঞ্জলী: মোৰ ফটাঢোলৰ লগত চিনাকি ২০১৭ চন মানত। কোনে সুমুৱাই দিছিল এতিয়া পাহৰিলোঁ কিন্তু লিখনিবোৰ এদিন দেওবাৰে গোগ্ৰাসে পঢ়িছিলোঁ। তেতিয়াৰ পৰাই যেতিয়া অকণমান হাঁহিৰ প্ৰয়োজন অনুভৱ কৰোঁ,  ফটাঢোলত আহি এপাক ফুৰি যাওঁ। মোৰ সকলোতকৈ ভাল লাগে ইয়াৰ আত্মীয়তাখিনি। ফেচবুকৰ বাহিৰতো বিয়পি পৰা এই আত্মীয়তা সদায় থাকক তাকেই কামনা কৰিলোঁ। 

ফটাঢোল: অসমৰ অনলাইন সাহিত্য আলোচনীসমূহে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আৰু কি কৰা উচিত বুলি ভাবে!

পুষ্পাঞ্জলী: অসমৰ সাহিত্য জগতলৈ অনলাইন আলোচনীসমূহৰ অৱদান সদায় এক মাইলৰ খুঁটি হৈ থাকিব। প্ৰিণ্ট মিডিয়াৰ বাহিৰত সৃষ্টি হোৱা এই জাগৰণে অসমীয়া ভাষাৰ নতুন পাঠক সৃষ্টি আৰু নতুন লিখক সৃষ্টিৰ ক্ষেত্ৰত অপৰিসীম ভূমিকা পালন কৰিছে। মই ভাবোঁ যে এই আলোচনীসমূহৰ সংখ্যাবোৰ একত্ৰিত কৰিও ধুনীয়া কিতাপ একোখন হয়। ইয়ে আলোচনীসমূহক অনন্য মাত্ৰা প্ৰদান কৰে। আমাৰ বহুত মানুহৰ বছৰৰ শেষত আলোচনীবোৰ পকাবন্ধা কৰি অনাৰ এক অভ্যাস আছে। সেইদৰে যদি বছৰৰ শেষত অনলাইন সংখ্যাবোৰ একেলগ কৰি এখন কিতাপ উলিয়াব পৰা যায়, ইয়ো এক অনন্য প্ৰচাৰ দিব পাৰে।  

ইয়াৰোপৰি ফটাঢোলৰ এক অন্যতম ভূমিকা আছে বুলি মই ভাবোঁ। লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছিল যে হাঁহিব জানিব লাগিব। অসমীয়া ব্যংগ সাহিত্যক এক নতুন মৰ্যদা প্ৰদান কৰা ফটাঢোল আলোচনীয়ে ব্যংগ সাহিত্যৰ কৰ্মশালা অনুষ্ঠিত কৰি নতুন নতুন লিখক সৃষ্টিৰ বাবে কাম কৰি যোৱাটো আমাৰ কাম্য। 

মই সততে মন কৰা এটি কথা হৈছে যে অনলাইন আলোচনীৰ ৱেবচাইটসমূহত কমেণ্ট নিচেই কম। কিন্তু এই কমেণ্টবোৰে চ’ছিয়েল মিডিয়াৰ বাহিৰত এক কমিউনিটি গঢ়াত সহায় কৰে। অনলাইন আলোচনীবোৰে নিজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চ’ছিয়েল মিডিয়াৰ বাহিৰতো এক কমিউনিটি গঢ়ি তোলাটো এটা সময়ত অতি প্ৰযোজ্য হৈ পৰিব। গতিকে আলোচনীখনৰ কমেণ্টতো এক আলোচনাৰ পৰিবেশ যাতে গঢ় লৈ উঠে তাৰ বাবে চেষ্টা চলাবলৈ আৰম্ভ কৰিব পাৰে।

ফটাঢোল: ফটাঢোলক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ
পুষ্পাঞ্জলী: ধন্যবাদ
(সাক্ষাৎ গ্ৰহণ কৰিলে দেবজিত শৰ্মায়ে)

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to আদিত্য বৰঠাকুৰ Cancel reply

Your email address will not be published. Required fields are marked *