আপদীয়া পদ্য – হেমেন ডেকা
বিষ্ণু ৰাভা এতিয়া দোভাগ ৰাতি, চান্দা তুলি ফাংচন পাতি
কৰা নাই ত্ৰুটি।
তোমাক সুঁৱৰি আছো মাত মাতি,
কোনেনো ৰাখিব ভেটি,
কি হ’ব আমাৰ গতি।
আকৌ আহিবানে তুমি গঢ়িবলৈ সম্প্রীতি,
লুইতত জাহ যায় ভৰিৰ তলৰ মাটি,
বিষ্ণু ৰাভা এতিয়া ইমান ৰাতি-
তোমাৰ ৰচনা পঢ়ি আমি পাৰো চেঙালুটি।
বিয়াগোম বহু ডাঙৰীয়াই খাইছে লুটি-পুতি-
ৰাইজৰহে টেকেলি কাটি
অতীত গৰিমাৰ যেন ইতি-ধামখুমীয়াত হেৰাই জাতিৰ থৰ-কাছুটি।
দেখিছো কিছু চমকপ্রদ নীতি লৰিছে দেখো সংস্কৃতিৰ খুঁটি
বিষ্ণু ৰাভা অমৰ তোমাৰ কীৰ্তি-
বজ্র কণ্ঠ-কৰ্মই জ্বলাই প্রেৰণাৰ বন্তি।
*********