ফটাঢোল

 সলিউশন এক্স (একাংকিকা নাটক) (১ম খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

ভূমিকালিপি:(মঞ্চ অনুযায়ী)

ডঃ শম্ভুনাথ সেনগুপ্ত  – বৈজ্ঞানিক

টুটুল – শম্ভুনাথৰ পুত্ৰ

অণিমা – শম্ভুনাথৰ  স্ত্ৰী

হৰি – ভৃত্য

ডঃ সোমেন চ্যাটাৰ্জি – বৈজ্ঞানিক

ৰমেশ – অনুষ্ঠানৰ কৰ্মী

বেলা – সোমেনৰ পত্নী

গণেশ – চুবুৰীয়া ঘৰৰ ভৃত্য

ডঃ খাস্তগীৰ – অনুষ্ঠানৰ অধ্যক্ষ

গীতা – অণিমাৰ বৌৱেক

প্ৰথম দৃশ্য — (বৈজ্ঞানিক ডঃ শম্ভুনাথ সেনগুপ্তৰ ঘৰ৷ ঘৰটি তেওঁৰ নিজৰ গৱেষণাগাৰ৷ মঞ্চৰ পিছফালে এখন ডাঙৰ মেজত গৱেষণা সম্বন্ধীয় ডাঙৰ যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ আদি আছে৷ কাষত দুখন টোল৷ সমুখৰ ফালে লিখিবৰ কাৰণে এযোৰ চকী-মেজ৷ পিছফালে ডাঙৰ মেজখনৰ ওচৰৰ টোলখনত এটি পানীৰ জাৰ, ওপৰত ঢাকনি,  এটি পাত্ৰত ফলমূল-সচৰাচৰ থকাৰ দৰে৷ পঢ়াৰ মেজত এটি ফোন৷ ঘৰৰ এফালে বাহিৰলৈ যোৱাৰ পথ, আনফালে ভিতৰলৈ৷

টেলিফোন বাজিছে৷ পৰ্দা উন্মোচিত হ’ল৷ ঘৰত কোনো নাই৷ শম্ভুনাথে হন্তদন্ত হৈ প্ৰৱেশ কৰি ফোন ধৰে৷ পিন্ধনত পৰিপাটি ধূতী, চকুত চশমা, গেঞ্জীটি অৰ্ধ-পৰিহিত৷ যেন ক’ৰবালৈ যাব, কিন্তু চকু গৈছে ফোনৰ ফালে৷ )

শম্ভুনাথ : (একে উশাহে) হ্যালো হ্যালো – খাইছিলে? কি হ’ল শহাটোৰ? …..আ্যঁ? বুজিব পৰা নাই? কি আশ্চৰ্য, শহাটোক চলিউশ্যনটো দিয়া নাই? কৈ আহিছিলো যে ৰিয়েকশ্যনটো আজিয়ে জানিব নোৱাৰিলে শান্তি নাপাম৷ ইমানখিনি জনাহ’লে মই থাকি আহিলোহেঁতেন, না নিমন্ত্ৰণলৈ যোৱা নাই৷ – আঃ ৰ’ব, মোৰ কথাটো আগেয়ে ভালকৈ শুনি লওক৷ ফিলেট্ৰশন হৈছে তো? আচ্ছা টোৱেণ্টি ফাইভ চি.চি. শহাটোক দিব -আ্যঁ ! কি কৈছে? …. একো বুজি পোৱা নাই? ….মুস্তোফি ? না, মই সেনগুপ্ত, শম্ভুনাথ সেনগুপ্ত … কিমান ? …ফোৰ আৰু ছিক্স থ্ৰি? আজ্ঞে না – ভেৰি ছ’ৰি, ৰং নাম্বাৰ (ফোন থয়) য’ত সব!

(খন্তেক বিভ্ৰান্ত আৰু হতাশ ভাবেৰে গেঞ্জী পিন্ধা কামটো সমাধা কৰে৷ )

কিন্তু চ্যাটাৰ্জিয়ে ইমান পলম কৰিছে কিয়?

(টুটুলৰ প্ৰৱেশ৷ তাৰ বয়স আঠ৷ )

টুটুল :  বাবা মায়ে সুধিছে তোমাৰ আৰু কিমান দেৰি হ’ব?

শম্ভুনাথ : আ্যঁ ? কগৈ গেঞ্জীটো পিন্ধাৰ পাছতে যাম৷

টুটুল : গেঞ্জীটোতো তোমাৰ গাতেই আছে৷

শম্ভুনাথ : না না, চ্যাটাৰ্জি —

টুটুল : সোমেন কাকা ? সোমেন কাকাৰ গেঞ্জীটো পিন্ধিবা?

শম্ভুনাথ : কি মুস্কিল! আচ্চা তুমি ইয়াত অলপ বহা৷ ফোন বাজিলেই মোক মাতি দিবা৷ মই পাঞ্জাবীটো পিন্ধি লও৷ খবৰদাৰ কোনো বস্তুতে হাত নিদিবা৷ 

(শম্ভুনাথৰ প্ৰস্থান৷ টুটুল ধীৰে ধীৰে পিছফালে মেজৰ ওচৰলৈ যায়৷ ইফালে সিফালে চাই এটি কাঁচৰ পাত্ৰত হাত বোলাই — ফোন বাজি উঠে৷ টুটুলে হতচকিত হৈ হাত এৰুৱাই আনে৷ তাৰপিছত গম্ভীৰ মুখেৰে ফোন ধৰেহি৷ )

টুটুল : হ্যালো ….কোন? ডক্টৰ চ্যাটাৰ্জি? সোমেন কাকা৷ মই টুটুল৷ বাবা? বাবাই জামা পিন্ধিবলৈ গৈছে৷ আপোনাৰ গেঞ্জীটো বিচাৰিছিলে –

(শম্ভুনাথে উৰ্ধশ্বাসে আহি ৰিচিভাৰটো কাঢ়ি লয়৷ পাঞ্জাবীটো পৰিধান কৰিছে কিন্তু বুটাম মৰা নাই৷ টুটুল আঁতৰি যায়৷ )

শম্ভুনাথ : (একে উশাহত) কোন চ্যাটাৰ্জি? শহাটোক (হঠাৎ ৰৈ) ইয়ে –সোমেন চ্যাটাৰ্জি তো? …. মানে, ডক্টৰ সোমেন চ্যাটাৰ্জি তো? … ঠিক আছে তেনেহ’লে — বাচি গ’লো — কি হ’ল কোৱাচোন? হ্যাঁ … হ্যাঁ… আৰু একো নাই? আচ্ছা, কিমান সময় ছটফটনি কৰিছে? ছটফটনি নহয়? বাগৰি বাগৰি ? … দুই মিনিট তেৰ ছেকেণ্ড ? কেনেধৰণৰ ? …. দুই ভৰিৰে খোজ কাঢ়িছিল? কেইবাৰ ? … তিনিবাৰ? কোন দুটা ভৰিৰে? …. দুবাৰ পিছৰ ভৰিৰে, এবাৰ সমুখৰ ? …আৰু কিবা? … আৰু একো হোৱা নাই? …. একেবাৰে নৰ্মেল ? …সেইটো নৰ্মেল? …. সেইটো কি … আচ্ছা শুনক, আপুনি ফিলটাৰ্ড সলিউশ্যনটো অকণমান মোৰ ঘৰলৈ পঠাই দিব পাৰিবনে? না না পঠোৱাতকৈ আপুনি নিজে যদি …. আৰু কাৰো ওপৰত বিশ্বাস নাই৷ …. আহিছে? থ্যাঙ্কস!

( ফোন থৈ প্ৰথমে বিভ্ৰান্ত আৰু তাৰ পিছত উত্তেজিতভাবে পদ সঞ্চালন কৰিবলৈ ধৰে৷ )

অসম্ভৱ৷ … অসম্ভৱ৷ (হঠাৎ ৰৈ) তিনিবাৰ দুভৰিৰে খোজ কাঢ়িছে৷ (নোটবুকত লিখি লয়) দুবাৰ পিছৰ ভৰিৰে — এবাৰ সমুখৰ ভৰিৰে —

(অণিমাৰ প্ৰৱেশ৷ বাহিৰলৈ যোৱাৰ পোছাক পৰধিান কৰি)

অণিমা : হৰি, পুনৰ কি হ’ল? চাৰে সাতটা বাজিল যে?

শম্ভুনাথ : কেইটা ? চাৰে সাত? পাঁচ মিনিট ঘূৰোতে, পোন্ধৰ মিনিট বাটত –সাতটা পঞ্চাছৰ ভিতৰত পাই যামহি কি কোৱা?

অণিমা : কোন আহি যাব?

শম্ভুনাথ : কিয়, চ্যাটাৰ্জি? (অণিমাৰ পোছাকলৈ মন কৰি) ক’ৰবালৈ যোৱা নে কি?

অণিমা : (খং কৰি) হয়, গৈছিলো দাদাৰ ঘৰলৈ৷ তেওঁৰ ছোৱালীৰ জন্মদিন নে কি আছিল? দাদাক চিনি পোৱা নহয়?

শম্ভুনাথ : কিয় চিনি নাপাম? কি আশ্চৰ্য্য!অণিমা : কি জানো তোমাৰ মনত আছেনে নাই৷ মোৰ সেই দাদাৰ এজনী ছোৱালী আছে৷ তাইৰ আজি ন বছৰ বয়স হ’ল৷

শম্ভুনাথ : বীথি! আজি ন বছৰ হ’ল? কোৱা কি, আচ্ছা এপাক মাৰি আহা তেনেহ’লে৷ সাবধানে যোৱা৷ (নোটবুক খুলি লয়৷)

অণিমা : আৰু এটা কথা আছিল৷

শম্ভুনাথ : মোৰ খোৱাবোৱা? সেইয়া হৰিয়ে চাব৷

অণিমা : তেনেহ’লে হৰিয়ে উপবাস কৰিব লাগিব৷ তোমাৰো নিমন্ত্ৰণ আছিল নহয়৷ সেইবাবে হৰিৰ বাদে আৰু কাৰোৰ বাবে ৰন্ধা হোৱা নাই৷

শম্ভুনাথ : হয় নেকি? তেনেহ’লে –আচ্ছা ঠিক আছে৷ মই তেনেহলে হৰিক কৈ কেইটামান চেণ্ডউইচ অনাই —

অণিমা : দোকানৰ পৰা চেণ্ডউইচ নানি আৰু এটা কাম কৰিব পাৰা নহয়?

শম্ভুনাথ : না না তুমি পুনৰ ৰন্ধা-বঢ়া কৰিব নালাগে, তুমি এপাক মাৰি আহা৷ মোৰ একো অসুবিধা নহয়৷

অণিমা : সেইটো জানো৷ একো নাখালেও তোমাৰ অসুবিধা নহয়৷ কিন্তু মই কৈছিলো, তোমাক নিনিয়াকৈ গ’লেও মোৰ বিশেষ অসুবিধা হ’ব৷ বিশেষকৈ পৰহি বৌক তুমি নিজ মুখে কথা দিছা৷

শম্ভুনাথ : কিন্তু চ্যাটাৰ্জিক আহিবলৈ ক’লো যে? তুমি অলপ আগতে কোৱা হ’লে —

অণিমা : মই ঠিক বুজিব পৰা নাই যে ধুতি-পাঞ্জাবী পিন্ধি বুটাম লগোৱাৰ ঠিক আগতে তুমি সকলো পাহৰি চ্যাটাৰ্জিক ডিনাৰৰ নিমন্ত্ৰণ কৰিবা৷

শম্ভুনাথ : কি আশ্চৰ্য নিমন্ত্ৰণ কৰিম কিয়? দুই ভৰিৰে ওলাই অহা নাই জানো?

অণিমা : দুভৰিৰে ওলাই আহিছে?

শম্ভুনাথ : হ্যাঁ৷ তিনিবাৰ৷ এবাৰ পুনৰ সমুখৰ দুভৰিৰে৷

অণিমা : সমুখৰ দুভৰিৰে? ডক্তৰ চ্যাটাৰ্জি?

শম্ভুনাথ : কি মুস্কিল৷ চ্যাটাৰ্জি যাব কিয়? চ্যাটাৰ্জিৰ সমুখত তো হাত৷ ওচৰত মানে ওপৰৰ ফালে —

অণিমা : ময়ো তো সইটোৱেই জানো৷ কিন্তু তোমাৰ এক্সপেৰিমেণ্টৰ ফলত কেতিয়া কি হয় নাজানো তো৷

শম্ভুনাথ : মোৰ এক্সপেৰিমেণ্ট মানুহক চাৰিঠেঙীয়া জন্তু সজোৱাৰ কাৰণে নহয়৷ মই গৱেষণা কৰিছো বাৰ্ধক্যক আঁতৰাই ৰখাৰ ঔষধ আৱিষ্কাৰৰ কাৰণে৷ কোৱা নাইনে প্ৰায় আৱিষ্কাৰ কৰি পেলাইছো৷ কিন্তু দুই মিনিট তেৰ ছেকেণ্ডৰ পিছতে পুনৰ নৰ্মেল হৈ গৈছে –

(ডঃ সোমেন চ্যাটাৰ্জিৰ প্ৰৱেশ৷ হাতত এটা ডাঙৰ চিচাৰ পাত্ৰ৷ )

এইয়া চ্যাটাৰ্জি, আহিলে? থ্যাঙ্কচ এ লট৷ মই ভাবিছিলো আৰু পলম হ’ব৷

সোমেন : টেক্সি লৈ ললো৷ আপুনি পুনৰ নিমন্ত্ৰণলৈ যাব বুলি কোৱা নাছিল জানো? নমস্কাৰ বৌ৷

অণিমা : আপোনাৰ দেখো নিমন্ত্ৰণৰ কথা মনত আছে দেখিছো?

সোমেন : বাঃ তেখেতে আজি ৰাতিপুৱাই কৈছিল নহয়? সেইবাবেই মোক টেষ্টটো কৰি আহিবলৈ ক’লে৷ ইয়াৰ মাজত পাহৰিমেই বা কিয়?

অণিমা : তেন্তে আপুনি আৰু বহুদিন ৰিচাৰ্ছ কৰিব লাগিব৷ তেখেতে বিগত পাঁচ মিনিটত সকলোবোৰ পাহৰি বহি আছে, আৰু আপুনি তিনিঘণ্টা জুৰি কথাটো মনত ৰাখিছে৷

শম্ভুনাথ : নাই নাই, পাহৰিব কিয়? বীথিৰ জন্মদিন, সেইবাবে ৰন্ধা হোৱা নাই, হৰিক কৈ চেণ্ডউইচ অনাব লাগিব৷ সকলো মনত আছে৷ মই নহ’লে এতিয়াই কৈ দিওঁ৷ হৰি! হৰি! — বুজিছে চ্যাটাৰ্জি, বেছিক ফৰমূলাত কিবা ভুল আছে বুলি মোৰ মনে নধৰে৷ নহ’লে এই ৰিয়েকশন নহলহেঁতেন৷ কি কয়?

সোমেন : সেইটো তো সলিউশনৰ স্বাদ বা জিনজিননিৰ বাবেওতো হ’ব পাৰে৷

শম্ভুনাথ : হ’ব পাৰে, কিন্তু মোৰ মনে নামানে৷ (হৰিৰ প্ৰৱেশ) কি হ’ল ? কোন আহিছে? এতিয়া লগ নকৰো বুলি কগৈ যা৷ কাইলৈ ৰাতিপুৱা আঠটাৰ ভিতৰত আহিবলৈ কবি৷

হৰি : ক’তা ? কোনো অহা নাই তো? আপুনিহে মতা যেন লাগিল

শম্ভুনাথ : মই? তোক ? কেতিয়া?

অণিমা : তোক মই মাতিছো৷ তই ৰামচৰণক কগৈ গাড়ীখন উলিয়াবলৈ –টুটুলক লৈ মামাৰ ঘৰলৈ যাব লাগিব৷ আৰু শুন অলপ চাহ বহাগৈ যা৷ আৰু এখেত দুজনৰ কাৰণে চাউল ধুগৈ৷ মই গৈছো৷ (হৰিৰ প্ৰস্থান)

শম্ভুনাথ : সেইটো কি কথা ? তোমাৰটো নিমন্ত্ৰণ আছিল?

অণিমা : (খং কৰিবলৈ গৈ হাঁহি দিয়ে) আছিল নেকি ? ক’লৈ আছিল মনত পৰা নাই৷ 

শম্ভুনাথ : বীথিৰ জন্মদিন নহয় জানো? সেইদিনা যে ইমানকৈ কৈ গৈছিল তোমাৰ বৌয়েৰাই? তুমি বৰ পাহৰি যোৱা৷অণিমা : বৈজ্ঞানিকৰ প্ৰভাৱ পৰিছে৷ সোমেন বাবু গুচি নাযাব, মই চাহ পঠাই আছো৷

সোমেন : তেন্তে কি আপুনি নাযায়?

শম্ভুনাথ : কেনেকৈ যাম আৰু ? মাত্ৰ এবাৰ চাওঁ, গ্লাণ্ড এক্সট্ৰাক্ট বি-ফোৰৰ প্ৰপৰশনটো আৰু অকণমান বঢ়ালে কি হয়নো —

অণিমা : সোমেন বাবু৷ সেইটো আৰু নকৰিব দেই৷ শেষ বয়সত জগত গ্লাণ্ড এক্সত্ৰাক্ট লৈ গৈ দদাইদেউৰ জীয়েকক খাই পেলাবগৈ৷ তাতকৈ সেইবোৰ ইয়াত থকাই ভাল৷ 

( শম্ভুনাথে আপত্তি কৰাৰ পূৰ্বেই অণিমাৰ প্ৰস্থান)

শম্ভুনাথ : গোটেই কাণ্ডটো মোৰ মিষ্টিৰিয়াছ লাগিছে৷ আগৰ তিনিটা টেষ্ট মোটামুটি চাকছেছফুল হৈছে৷ আৰু ফাইনেল টেষ্টত – আচ্ছা ফিলেট্ৰশনত কিবা গণ্ডগোল হোৱা নাইটো?

সোমেন : সেইটোত মোৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে ছাৰ৷

শম্ভুনাথ : নাই নাই, সেইটো কোৱা নাই মই৷ মোৰ মনে ধৰে গ্লাণ্ড এক্সত্ৰাক্ট বি-ফোৰ ফাইভ পাৰচেণ্ট বঢ়ালেই সকলো ঠিক হৈ যাব৷ নতুন কিবা ইনগ্ৰেডিয়েণ্ট নালাগে আৰু…. আচ্ছা ইন্সটিটিউটত কোন আছে এতিয়া?

সোমেন : ৰাতি দহটালৈকে ৰমেশৰ ডিউটি আছে৷ কিয় ছাৰ যাব নেকি?

শম্ভুনাথ : যোৱাৰ প্ৰয়োজন নাই৷ সকলো ইয়াত আছে, মাত্ৰ বি-ফোৰটো আনিলেই হ’ল৷ (ফোনত ) কলকাতা থ্ৰি নাইন এইট ফোৰ — ইয়েছ প্লীজ্৷

সোমেন : এতিয়াই কৰিব ছাৰ?

শম্ভুনাথ : এইটো শেষ নকৰালৈকে শান্তি পোৱা নাই ভাই৷ হ্যালো– কোন, ৰমেশ? ….মই শম্ভুনাথে কৈছো, শুনা গ্লাণ্ড এক্সত্ৰাক্ট বি-ফোৰ তিনি নম্বৰ লকাৰত আছে, তাৰ পৰা ফিফটি চি.চি. এতিয়াই মোৰ ঘৰত দি যোৱাহি …..সাবধানে আনিবা৷ …..হ্যালো …ল’ৰালৰি কৰিবা কিন্তু৷ এখন টে’ক্সি লৈ লোৱা, ইয়াত ভাড়া দি দিম …. বুজিছা তো? বি-ফোৰ (ফোন থয়)

সোমেন : আপোনাৰ ফোনটো এবাৰ ইউজ কৰিব পাৰোনে? ঘৰত কৈ দিও, গৈ পাওঁতে পলম হ’ব৷

শম্ভুনাথ : আপুনি থাকিব? মই অকলেইটো পাৰিম —

সোমেন : এই এক্সপেৰিমেণ্টৰ প্ৰত্যেকটো প্ৰত্যেকটো স্তেজত আপোনাৰ লগত আছো ছাৰ! লাষ্ট স্তেজত মোক আঁতৰাই পঠাব?

(শম্ভুনাথে অলপ পৰ ৰৈ সোমেনৰ হাত দুখন চেপি ধৰে৷)

শম্ভুনাথ : থ্যাঙ্কস্ থ্যাঙ্কস্ এ লট.! কিন্তু যদি বেছি ৰাতি হয়?

সোমেন : কৈ দিও আজি ৰাতি নুঘূৰিবও পাৰো৷

(সোমেনে ফোন কৰিবলৈ ধৰে, অণিমা আৰু হৰিৰ প্ৰৱেশ ৷ হৰিৰ হাতত চাহৰ ট্ৰে’৷)

সোমেন : সাউথ ফোৰ ছিক্স ডাবল টু …কোন, বেলা? মই সোমেন, ডা: সেনগুপ্তৰ ঘৰৰ পৰা ফোন কৰিছো৷ শুনা আজি এটা জৰুৰী কাম আছে, বেছি ৰাতি হ’লে আজি নাযাওঁ আৰু৷ …. হ্যাঁ নিশ্চয়, ৰাতিপুৱা আঠটাৰ পূৰ্বেই পামগৈ …. আচ্ছা…আচ্ছা .. থৈছো৷

অণিমা : সোমেন বাবু থাকিব নেকি?

সোমেন : হয় — ইয়াৰ শেষ নেদেখাকৈ যাব নোৱাৰো৷ আপোনাক অসুবিধা নিদিও৷ লেবৰেটৰীতেই ৰাতি পাৰ হৈ যাব এনেকৈ —

অণিমা : সেইটো বাৰু ঠিকেই৷ ড্ৰয়িং ৰুমৰ ছোফালৈকো আহিবলৈ সময় নহয়৷ এই টেবুলখন আছে নহয়৷ আৰু খাব কি? গ্লাণ্ড এক্সট্ৰাক্ট? (শম্ভুনাথলৈ চাই) আচ্চা মোক এই কথাটো ক’ব লাগিব, তোমাৰ মূৰত আছেনে নাই?

শম্ভুনাথ : কি আচৰিত৷ মইতো হৰিক মাতিবলৈ গৈছিলো, অলপ চেণ্ডউইচ —-

অণিমা : থাওক, হৈছে আৰু৷ যিসময়ত শুনিছো সেই সময়ত তুমি আৰু মাথা নঘমালেও হ’ব৷ হৰি তই আৰু এবাটি চাউল ধুগৈ, এইবোৰ পিছত নিবি৷ (হৰিৰ প্ৰস্থান) বাৰ্ধক্য নিবাৰণ পাঁচমিনিট পাছত যদি কৰিলেও হয়, তেন্তে কাপোৰটো চিলাই আহো৷ তাতে তোমাৰো কামত লাগিব৷ পাঞ্জাবীটোও বাচি যাব৷

শম্ভুনাথ : আৰে সেইটোৱেইটো! এইবোৰ পঢ়িছা কিয়?

অণিমা : ভুলতে পঢ়িছো বোধহয়৷ মই চব বহীৰ ওপৰত লিখি ৰাখিছো৷ মই অলপ বহো ইয়াত৷ (শম্ভুনাথৰ প্ৰস্থান)

সোমেন : (চিগাৰেট ধৰি) আচ্ছা বৌ, দুৰ্ভোগ আপোনাৰ ওপৰেদিয়েই পাৰ হয় নহয়নে?

অণিমা : (হাঁহি) কিহৰ দুৰ্ভোগ?

সোমেন : এই যে নিমন্ত্ৰণলৈ যাব নোৱাৰিলে৷ এইফালে আকৌ ভাত ৰন্ধা৷ মইতো বেলাক কৈ থৈছিলো, আবেলিতে যাব পৰা হ’লে আজি চিনেমা চাবলৈ গ’লোহেতেন৷ আৰু এতিয়া ক’ব লগা হৈছে – ৰাতি যাব নোৱাৰিবও পাৰো৷

অণিমা : আপুনি তথাপি কৈছে৷ তেখেতে তাকো নকয়৷ যি হওক বেলাই কি ক’লে?

সোমেন : ক’ব আৰু কি ? বেছি ৰাতিলৈকে জাগি থাকিবলৈ বাৰণ কৰিলে আৰু কাইলৈ ৰাতিপুৱা যেন ইয়াৰ পৰা পোনে পোনে ইন্সিটিটিউটলৈ নাযাওঁ, তাকে ক’লে৷ চিনেমাৰ কথা উচ্চাৰণেই নকৰিলে৷ মই মাজে মাজে বৰ আঁচৰিত হওঁ৷

অণিমা : কি?

সোমেন : তেওঁ খং নকৰে কিয়? মানে মাজে মাজে খং কৰে কিন্তু ছিৰিয়াছলি কোনোদিনেই খং নকৰে৷

অণিমা : খং কৰি কি কৰিব?

সোমেন : একো কৰিব নালাগে৷ কিন্তু কপালত যে এজন ভদ্ৰৰ কম স্বামী নিলিখিলে ওপৰৱালাই৷ সেই কপালখনকে অন্ততঃ চিৎকাৰ কৰি গালি পাৰিব পাৰেতো৷ তাকোতো নকৰে৷

অণিমা : অলপ ভাবি চালে হয়তো বুজিব পাৰি — এতিয়া স্বামী যদি বদলি যায় যাক ভদ্ৰভাৱে কোৱা হ’ল –সেইটো হ’লে বেলাই বেছিকৈহে ভুগিব ৷

সোমেন : সেইটো কি, কেনেকৈ?

(টুটুলৰ প্ৰৱেশ)

টুটুল : মা, বাবাই কিবা যেন বিচাৰি পোৱা নাই তোমাক মাতিছে৷

অণিমা : সকলোবোৰ উলিয়াই থৈয়েই আহিছিলো, পুনৰ কি হ’ল, আপুনি অলপ বহকচোন, মই চাই আহো৷

(অণিমাৰ প্ৰস্থান)

সোমেন : হ্যালো টুটুলবাবু, কি খবৰ তোমাৰ?

টুটুল : আচ্ছা, সোমেন কাকা, আৱিষ্কাৰ মানে কি?

সোমেন : আৱিষ্কাৰ মানে কোনো নতুন বস্তু বিচাৰি উলিওৱা যিটো মানুহৰ খুবেই প্ৰয়োজনীয় কামত লাগে৷

টুটুল : আচ্ছা মায়ে যে ক’লে দেউতাই আৱিষ্কাৰ কৰিব৷

সোমেন : কৰিবই তো৷

টুটুল : কিন্তু দেউতাই কেৱল সেই বটলৰ ঔষধবোৰহে ঢালি থাকে৷ গৰম কৰে আৰু বহীত কিবাকিবি লিখে৷ তাত নতুন একো নাই৷ দেউতাইতো একো নিবিচাৰেও ? মাত্ৰ গলৰ বুটাম বিচাৰে সেইটোওতো মায়েহে আৱিষ্কাৰ কৰি দিয়ে৷

সোমেন : আৱিষ্কাৰ মানে ঠিক তেনেকৈ বিচাৰি উলিওৱাই দিয়াটোকে নুবুজায়৷ পাঁচটা বস্তু মিহলালে গৰম কৰিলে এটা নতুন বস্তু তৈয়াৰ হয়৷ তেনেধৰণেৰে প্ৰস্তুত কৰাক আৱিষ্কাৰ বোলে৷

টুটুল : তেনেহ’লে দেখোন মায়েও আৱিষ্কাৰ কৰে৷

সোমেন : মায়ে পুনৰ কি আৱিষ্কাৰ কৰিলে?

টুটুল : কিয় ? যেতিয়া লুচি ভাজে?

সোমেন : (হাঁহি) ঠিক কৈছা৷ তেতিয়াহলে লুচি এজনে বহুদিন পূৰ্বেই আৱিষ্কাৰ কৰি থৈ গৈছে৷ আৰু তোমাৰ দেউতাৰাই যিটো কৰিব সেইটো এতিয়ালৈকে কোনেও কৰা নাই৷ সেইটো হ’ব এক নতুন আৱিষ্কাৰ৷

টুটুল : বুজিছো, সেই ঔষধবোৰৰ পৰাই নতুন আৱিষ্কাৰ হ’ব৷

সোমেন : হয়

টুটুল : ময়ো আৱিষ্কাৰ কৰিম৷

সোমেন : কি আৱিষ্কাৰ কৰিবা?

টুটুল : নতুন বস্তু৷

(ৰমেশৰ প্ৰৱেশ)

ৰমেশ : এইয়া ছাৰ – গ্লাণ্ড গ্লাণ্ড এক্সত্ৰাক্ট বি-ফোৰ৷ অলপ বেছিকৈ আনিলো ছাৰ –হাণ্ড্ৰেড চি.চি. যদি প্ৰয়োজন হয়৷

সোমেন : আচ্ছা সেই টেবুলত থৈ দিয়া৷ টেক্সি লৈ আহিছা?

ৰমেশ : হয় ছাৰ৷ (সোমেনক টকা উলিওৱা দেখি) সকলো ডাঙৰ ছাৰে বন্দৱস্ত কৰি দিছে৷

সোমেন : ও আচ্ছা তুমি লেবৰেটৰিত কিমান সময় থাকিবা?

ৰমেশ : আজি গোটেই নিশা থাকিম ছাৰ৷ ডাঙৰ ছাৰে তাকে কৈছে৷ যদি আপোনালোকক কিবা প্ৰয়োজন হয়৷ মাত্ৰ নটামান বজাত এপাক ঘৰলৈ যাম ছাৰ খাবলৈ৷ এই–এক ঘণ্টামান৷

সোমেন : ভালেই হৈছে প্ৰয়োজন হ’লে ফোন কৰিম৷

ৰমেশ : আৰু ছাৰ ডাঙৰ ছাৰে আপোনাক ক’বলৈ কৈছে — কিবা খবৰ থাকিলে তেখেতক যেন তৎক্ষণাত ফোন কৰি জনোৱা হয়৷

সোমেন : আচ্ছা ঠিক আছে৷ (ৰমেশৰ প্ৰস্থান) টুটুল তুমি এইবাৰ মাৰাৰ ওচৰলৈ যোৱা৷ মই অলপ হাতমুখ ধুই আহো৷ বাথৰুমটো সেইফালে নহয়নে?

টুটুল : আহক, মই পোহৰ দেখুৱাই দিছো৷

( সোমেন আৰু টুটুলৰ প্ৰস্থান৷ অলপ সময়ৰ পাছত টুটুল সোমাই আহি সন্তৰ্পনে মেজৰ ওচৰলৈ যায়৷ মেজখনে যেন তেওঁক টানি নিছে৷ ইফালে সিফালে চাই আৰম্ভ কৰিলে তাৰ গৱেষণা৷ এটি ডাঙৰ পাত্ৰত নানা প্ৰকাৰৰ তৰল পদাৰ্থ আনি মিহলালে — যাৰ মাজত সলিউশন এ’ আৰু গ্লাণ্ড গ্লাণ্ড এক্সত্ৰাক্ট  বি–ফোৰৰ পৰিমাণ কম নহয়৷ )

অণিমা : (নেপথ্যত) মই কিন্তু ঠিক চাৰে নটাৰ সময়ত খাবলৈ মাতিম, দেৰি কৰিব নোৱাৰিবা কিন্তু৷ খাই বৈ যি ইচ্ছা তাকে কৰিবা৷

শম্ভুনাথ : (নেপথ্যত) আচ্ছা আচ্ছা, ঠিক আছে৷ মাতিলেই যাম৷ 

(অণিমাৰ মাতৰ লগে লগে টুটুলে ভীষণ চমকি উঠি পাত্ৰটো লৈ আঁতৰি যাব খোজে৷ অপৰাধৰ নিদৰ্শনটি লুকুওৱাৰ কানো স্থান পোৱা নাই সি৷ অৱশেষত পানীৰ টেংকীৰ ঢাকনি খুলি তাৰ মাজতে বিকাৰটি থৈ পুনৰ ঢাকনি বন্ধ কৰে ঠিক শম্ভুনাথ আৰু অণিমাৰ প্ৰৱেশৰ প্ৰাকমুহূৰ্তত৷ শম্ভুনাথ পিছফালৰ মেজৰ ওচৰলৈ যায়৷ )

অণিমা : টুটুল, তুমি ইয়াত কিয়? কি ভাঙিবা পুনৰ কোনে জানে?

টুটুল : নাই নাই, সোমেন কাকা মুখ হাত ধুবলৈ গ’ল, মোক পোহৰ দেখুৱাই দিবলৈ ক’লে —

অণিমা : (হাঁহি ) সেইটো বাৰু বুজিলো৷ ভাল বাৰু তুমি এতিয়া আহা৷ ৰামচৰণ বহি আছে৷ তাত গৈ পুনৰ দুষ্টামি নকৰা যেন?

( টুটুল অণিমাৰ লগত বাহিৰলৈ ওলাই গ’ল৷ যোৱাৰ আগতে পানীৰ টেংকীটোৰ ফালে এটি ভয়াৰ্ত চাৱনি দি যায়৷ )

(পৰবৰ্তী অংশ অহা সংখ্যাত)

☆★☆

One comment

  • Satyen khaund

    গোটেই নাটকখন পাম নেকি
    অভিনয় ৰুপ দিবলৈ