কুইক জোক-আদিত্য জ্যোতি বৰঠাকুৰ
বিজয় মহন্তয়ে তলত কথা কৈ ভাল নাপায়৷ ধৰক লেচুৰ ওপৰত আলোচনা হৈ আছে, ৰিণ্টুমনি দায়ে যদি কয়, “কালি বৰ ভাল লেচু খালোঁ হে৷ মঙহেই মঙহ, লেচুৰ গুটি বুলিবলৈ নায়েই”৷
তেতিয়া বিজয়ে মাত দিব- “আমাৰ ঘৰৰ লেচুবোৰৰ ওপৰত অসমতে নাই৷ মানুহক লেচু খাবলৈ দিলে আমি আনৰ ঘৰৰ পৰা আনি থোৱা লেচুৰ গুটি দুটামান কাষতে প্লেট এখনত দি দিওঁ, নহ’লে লেচু খোৱাৰ ‘ফীল’ টো নাহিব যে৷”
এইবোৰ দেখি-শুনি ৰিণ্টু দায়ে দেবজিত শৰ্মাৰ লগত মিলি বিজয়ক এপালি দিবলৈ থিৰাং কৰিলে৷ এদিন ফোনতে তিনিও ‘কনফাৰেন্স’ ত কথা পাতি থাকোঁতে প্ৰথমে ৰিণ্টু দায়ে মাত লগালে, “আমাৰ গাঁৱৰ ঘৰৰ নেমুৰ যে ইমান ৰস আৰু টেঙা! এটুকুৰা নেমুৰে এসাঁজৰ আঞ্জা হৈ যায় আৰু দুপৰীয়া খালে সন্ধিয়ালৈকে দাঁত টেঙাই থাকে।”
বিজয়: আমাৰ ঘৰৰ জোপাৰ কথা শুনক৷ এফাল নেমু চেপিলে চুবুৰীটোৰ আঞ্জাত দিব পৰাকৈ ৰস ওলায় আৰু টেঙাৰ যে কথা নক’বই! একেবাৰে চেনী এপোৱামান খালেহে দাঁত কেইটায়ে তত পায়৷
(ৰিণ্টু দাৰ পৰামৰ্শ মতে সাজু হৈ থকা দেবজিত শৰ্মায়ে এইবাৰ মাত লগালে)
“আমাৰ ঘৰত নেমু নচলেই৷ মানে ঘৰত নহয়, অঞ্চলটোতে নচলে৷ বিজয় মহন্তৰ বাৰীৰ পৰায়েই সেইজোপা নেমু মোৰ ককায়ে আনি কিবা ভোজ এটাত মাছৰ আঞ্জাত সৰহকৈ দিছিল৷ তাৰ পাছত সমগ্ৰ অঞ্চলটোৰ মানুহৰ জীৱনবোৰেই টেঙা হৈ গ’ল……হেল্ল’ বিজয় মহন্ত আছা নে? গ’ল নেকি হে ঠাকুৰ?”
ৰিণ্টু দা: অঁ কাটি দিলেচোন!
☆ ★ ☆ ★ ☆