ভেলেণ্টাইন #কুৱেৰণ্টাইন আৰু #মই #ভতুৱা-দেবজিৎ দুৱৰা
ভেলেণ্টাইনৰ ভদিয়া সন্ধ্যা।
প্ৰেম নিবেদনৰ মানসেৰে মিলিহঁতৰ ঘৰ পালোঁগৈ।
গেটখন বন্ধ।
গেটখন কামুৰি চালোঁ।
দাঁতকেইটা বিষাই উঠিলত গম পালোঁ গেটখন লোহাৰে নিৰ্মিত।
মিলি ধুনীয়া।
বগা দীঘল নোমেৰে ধুনীয়াজনী।
মহাকাশলৈ যোৱা লাইকাহঁতৰ বংশধৰ।
সিহঁতৰ দদাইয়েকৰ মোমায়েকৰ কোনোবা এজনেই মহাভাৰতত যুধিষ্ঠিৰৰ লগত স্বৰ্গযাত্ৰাও কৰিছিল।
বেচেৰী মিলি কুৱেৰেণ্টাইনত।
তাইৰ ডিঙিত শিকলি।
মিলিৰ মালিক ফটিক বৰুৱাই যদি নিজ জীয়েক আইভীলতাকো ঠিক মতে কুৱেৰেণ্টাইন কৰিলেহেঁতেন,
তেনেহ’লে জীয়েক পলাই যোৱাৰ দিনা, ধন, মন নে চিণ্টুলৈ পলাই গ’ল বুলি ভাইৰাছী চিন্তাৰ জিলাপী পকাব লগা নহ’লহেঁতেন!
যি কি নহওক, মিলিলৈ চাই মই আজুককাৰ দিনৰ ভদিয়া লোকসংগীতৰ কলি এটা গুণগুণালোঁ। মিলিয়ে হাঁহিলে।
এনেতে ক’ৰপৰা জানো নালীয়াচুকৰ নেলেপীয়াজনী ওলালহি।
তাইক মই পাত্তাই নিদিওঁ।
তাই মোলৈ চাই তাচ্ছিল্য কৰিলে
“হেৰ’ ….ভতুৱা হৈ জাৰ্মান শ্বেফাৰদলৈ হাত মেল হুহ!
মিলিয়ে তোক ক’ত গুৰুত্ব দিব, টাউনৰ মটহা এটাৰ লগতহে তাইৰ সংসাৰ!
মালিকে গাড়ীত লৈ যায়।
যোৱাবাৰ পোৱালি বেছি মালিক ফটিক বৰুৱাই বহুত টকা পালে বুইছ!”
খঙতে ফটিক বৰুৱাৰ মাৰ্বল পাথৰৰে নিৰ্মিত পকী দেৱালত পাছঠেং আকাশলৈ দাঙি আশীৰ্বাদ এজোঁলোকা দিলোঁ।
ৱালখন তিতি গ’ল!
চেই চেই চেই ……ফটিক বৰুৱাই চিঞৰিলে।
নেলেপীয়ানি আৰু মই দৌৰি ৰে’ল আলি পালোঁহি।
এই ঠাইটুকুৰা বৰ ভয়ানক।
যোৱাবছৰ ভাদ মাহত আমাৰ প্ৰেমিক যুগলক নামনিমুৱা লাচিত এক্সপ্ৰেছে দুছেও কৰিছিল।
অৱশ্যে ফটিক বোলাটোক মই আগৰ পৰাই দেখিব নোৱাৰোঁ।
তিনিবছৰ মান আগতে ফটিক বৰুৱাৰ ঘৰৰ কাষতে আমাৰ “সমগোত্ৰীয় ভাতৃ সমাৰোহ” খনি অনুষ্ঠিত হৈছিল।
শাস্ত্ৰীয় তাল, মান, লয় যুক্ত “ভৌও ঔ ঔ” শীৰ্ষক কোৰাছটোৰ পৰিবেশন আৰম্ভ কৰোঁতেই ফটিক বৰুৱাই যিটোহে ফৰ্মুটি মাৰিলে সকলো চত্রভংগ দিলে।
সেইদিনা দোষ কেৱল ফটিক বৰুৱাৰে যে আছিল এনে নহয়, আচলতে আমাৰ বায়নচুকৰ ভগ্নী নেউলীয়ে ডেকাকেইটাৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে সংগীতৰ নামত সপ্তম স্বৰত ৰাউচি জুৰিছিল। তাইৰ কণ্ঠ বৰ কৰ্কশ।
পাছত সকলোৱে তাইক তিৰস্কাৰ কৰিলে।
পাছৰ বছৰ সমাৰোহখনি কংকন ডেকাৰ ডাঙৰজনী ছোৱালীৰ বিবাহথলীৰ চুৱাপাতনিত অনুষ্ঠিত হৈছিল।
মই নেতা বোলাই…. স্বদেশীক আঁতৰাই বিদেশীক বুকুত চপাই লোৱা প্ৰৱণতা,…. ৰেবিজ ভাইৰাছ আৰু ভাদমাহৰ শান্তি শৃংখলাৰ ওপৰত ভাষণ আৰম্ভ কৰোঁতেই নিমাই মণ্ডলৰ ফাপৰে খোৱা বুঢ়াটোৱে ‘টাঙোনখোৱা’ বুলি মোক ইতিকিং কৰিলে।
ফাপৰেখোৱাই মোৰ পিতৃ পুৰুষৰ দাগলগা ইতিহাস আজুৰি আনিলে।
পটন্তৰ মতে মোৰ আজুককাই নিমাই মণ্ডলৰ হাতৰ ব্ৰহ্ম টাঙোনৰ কোবত কঁঠাল তলত তিনিদিন কেঁকাই কেঁকাই অৱশেষত মৃত্যুক সাৱতিছিল।
অপৰাধ আছিল নিমাই মণ্ডলে ‘ন খাবলৈ’ অনা পাখি গুচোৱা হাঁহটো চেগ বুজি আজুককাই আত্মসাত কৰি জাৰণিত লুকাই আছিল।
অপমান ঘোৰ অপমান!!
হলৌপথাৰ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ আকস্মিক বক্তৃতাৰ বিষয় আছিল “কুকুৰ”।
বহু পল নীৰৱতাৰ পাছত সি মুখখুলিলে….
ঘেঁহাই ঘেঁহাই ক’লে……..
“আমি হাগো কুকুৱে খায়”।
ৰিটায়াৰ অফিচাৰ সুবোধ বৰবৰুৱাৰ গেটৰ ফলকত লিখা আছিল ‘কুকুৰৰ পৰা সাৱধান’। পিচে বৰবৰুৱাৰ গৃহৰ জন্তী নামৰ সমগোত্ৰীয় ভাতৃতকৈ বৰবৰুৱাকহে ৰাইজে ভয় কৰে। বৰবৰুৱাৰ নলকচু বৰণীয়া গাঁৱলীয়া ভতিজা কেইটাতকৈ জন্তীয়ে বেছি মৰম পায়।
সেইদিনা বৰবৰুৱাই সামান্য অপৰাধত পাচলি বেপাৰী এজনৰ চাইকেলৰ পাম্প খুলি দিলে। বেপাৰীয়ে ভোৰভোৰাই গৈছে.. “কুকুৰ নহয় অ’ বৰবৰুৱা তোৰ পৰাহে সাৱধান হ’ব লাগিব”!
ভবানন্দ মাষ্টৰৰ ল’ৰাটো মোবাইল বলিয়া। বিছনাত শুই শুই গুলি কৰা গেম খেলে।
মহা আঘাইতং সি।
সেই ঘটকাসুৰটোৱে মোৰ কুমলীয়া ভগ্নীৰ মলদ্বাৰত কেৰাচিন লগাই বৰ অট্টহাস্য কৰিছিল।
মাষ্টৰে পুতেকক “কুকুৰৰ পুতেক” বুলি গালি দিয়ে।
গৌৰবত মোৰ নেগুৰ লৰি যায়।
আচলতে কি জানে মোৰ দৃষ্টিভংগীত বসুদেৱক বাট দেখুৱাই আগবঢ়াই নিয়াটো এটা শিয়াল নাছিল, এটা কুকুৰহে আছিল। আমাৰ আৰু শিয়ালৰ ফেচ কাট একেই।
সেইদিনা চুবুৰীৰ ৰাস্তাৰে বিধায়ক অহাৰ কথা আছিল।
চুবুৰিত কলপুলি দুটা পুতি হাতত ধূপ চাকি ফুলৰ মালাৰে ৰাইজ সাজু।
পিচে বিধায়ক বেলেগ ৰাস্তাৰে ধাৱমান হ’ল!
ৰাইজৰ খং অভিমান।
বুকিং কৰা চুলাই কণ
ডিঙি মুছৰী মৰা ডাকুৱাটো
পইচা কোনে দিব?
বিধায়কৰ পৰা মালা পিন্ধাই পইচা উপাৰ্জনৰ বাটত আউল লাগিল।
খঙতে এজনে বিধায়কলৈ অনা নাৰ্জী ফুলৰ মালা এডাল মোৰ ডিঙিতে আঁৰি দিলে
“বিধায়কে নালাগে তয়েই পিন্ধ যা”।
ৰাইজে হাঁহিলে
মই গৌৰবত মিলিৰ ঘৰৰ ফালে দৌৰিলোঁ…….!
☆ ★ ☆ ★ ☆