ফটাঢোল

অমৃত বৃক্ষ-সুৰেন্দ্ৰ মোহন দাস 

ঋণ লোৱা টকা আছে, কিহৰ অভাৱ?

এনেয়েতো লোৱা নাই এইহেন বাব!

আঁচনিৰ তালে তালে 

ভোটাৰেও গান গালে 

খুৱাই দিবও পাৰে চিকেন-কাবাব৷ 


অমৃত বৃক্ষৰ দৰে আঁচনি এখন 

পাই কিয় দুখী হোৱা হে’ৰা জনগণ 

ৰোৱা ৰোৱা গছপুলি

গৌৰৱত উঠা ফুলি 

চকু-চৰহাৰ কথা নকৰিবা মন৷ 


কিছুমানে পুলিবোৰ টানি টানি চালে

বহুতো পুলিত হেনো শিপাকে নাপালে 

ঠোঙাত ঠানিটো পাই

ৰুই দিবা দেই ভাই 

কিনো হ’ব মিছামিছি বদনাম গালে?


ঠানিকেই ৰুলা বাৰু, সেয়াও গছৰ 

মৰি গ’লে ৰুই দিবা পাছৰ বছৰ 

কিনো বৰ কথা হ’ল 

উৎসৱ হৈয়ে গ’ল 

আঁচনিৰ কথাবোৰ অলৰ-অচৰ৷

 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *