মূল কবিতা-বাবা,কবি:সুনীল গঙ্গোপাধ্যায়,অসমীয়া ভাঙনি-মুনমুন সৰকাৰ
দেউতাই ক’লে
আন্ধাৰত অলপ দেৰি ৰৈ থাকা মোলৈ
আৰু তাৰপিছত
মাটিৰ তলৰ সুৰঙ্গ এটায়েদি
খুব ধীৰ গতিত নামি গ’ল।
আকাশত দিকভ্ৰষ্ট হৈ ত্বৰিত গতিত পাৰ হৈ গ’ল এটি উল্কা
বন্দৰত এখনো জাহাজ নাই, বাটবোৰ কঁপি উঠিছে ঘনাই
কি যে হ’ল
বুজি উঠোঁতেই পাৰ হৈ গ’ল আৰু উনৈছ টা বছৰ
তাৰ মাজতেই জীৱনটোত আগবাঢ়িবলৈ কিমান খৰখেদা, কিমান স্বাৰ্থলোভী, প্ৰবঞ্চকৰ সৈতে উঠা-বহা
দেউতা, দেউতা!
বুটামৰ আকৃতিৰ গুটি গুটি মাছৰুম, বৰ মন যায়
দেউতাক খুৱাবলৈ
আৰু ৰুমালি ৰুটি
অন্ততঃ এবাৰ খুৱাবলৈ মন যায় কাস্পিয়ান হ্ৰদৰ মাছৰ কণী
মন যায় দীঘল বাৰান্দাৰ ঘৰ এখন উপহাৰ দিবলৈ
দেউতাতকৈ বয়সত মই এতিয়া বহুত ডাঙৰ
মোৰ একৈছখন হাত
তিনিটা চকু
প্ৰতিদিন সাতশ দুৱাৰ অতিক্ৰম কৰি যাওঁ।
শ্যাম পুখুৰীয়েদি খোজ কাঢ়ি গৈ আছে মোৰ কমবয়সীয়া দেউতা
কৈ উঠোঁ, সাৱধানে যাবা, গাড়ীয়ে খুন্দিয়াই মাৰিব
ফুটপাথেৰে খোজ কাঢ়া
পিন্ধনৰ পাঞ্জাবীৰ কাষলতিৰ তলৰ চিলাই এৰোৱা, মোৰ পাঞ্জাবী দেউতালৈ নাখায়
দহমহলীয়া প্ৰাসাদসম ঘৰবোৰ দেউতাই চাবলৈ নাপালে, এতিয়া তাৰেই এখনত মোৰ ঘৰ
তেওঁ থাকোঁতেই গম নাপালে বাংলাদেশ নামৰ এখন নতুন দেশ হৈছে
তেওঁৰ য’ত জন্ম হৈছিল ঠিক তাতেই
মোৰ পুত্ৰই আইতাকৰ কাষত শুই সাধু শুনে
নিচুকনি গীত শুনে
এই সাধুবোৰ কেইদিনমানৰ পিছত তাৰ গাত নিকপকপীয়াকৈ লাগি ধৰিব
নতুন নতুন সাধু একো একোটাৰ পিছে পিছে ল’ৰাবোৰে কেৱল দৌৰি ফুৰিছে
উৰাজাহাজ একোটাত অকণমানি বিন্দু একোটাৰ দৰে মিলি গৈছে আকাশত
মই যেতিয়ালৈকে
মোৰ দেউতাৰাৰ বাবাটো আছিলোঁ
তাতোতকৈ বেছি সময় হ’ল মই দেউতা হোৱা
মোৰ বুকুৰ নোম সৱ পকা, পুৱা কাহি থাকোঁতে
লক্ষ্য কৰোঁ, তেজ ওলাইছে নেকি
দেউতা ছবিৰ মাজত ৰৈ গৈছে
নিজতকৈ বয়সত সৰু কোনোবা দেউতাক হ’ব পাৰে জানো!
তথাপিও দেখোঁ মাজে মাজে
মই স্নেহ সুলভ চাৱনিৰে চাওঁ
তেওঁৰ ঘামত তিতি থকা মুখখন, অনবৰতে দৌৰি ফুৰা ভৰিহাল।
তেওঁ যিবোৰ বস্তু ইহজগতত নাপালে
সেইবোৰ দিবলৈকে মন যায়।
এদিন ময়ো মোৰ ল’ৰাৰ পৰা কিবা বিচৰাৰ আগেয়ে মোৰো হাতদুখন কঁপে!
☆ ★ ☆ ★ ☆