কলহ-পুৰাণ-স্বপ্নালী কলিতা
খোল তাল উৰুলিৰে ৰজনজনাই
বিয়া নাম আই নাম চাপৰি বজাই
কাষতে কলচী লোৱা
কলচীত মাটি থোৱা
মহিলাসকল চোৱা বাটে বাটে যায়।
শইকীয়াৰ ভোক গৈ পালে পিঠি ফাল
ভাল নহয় বোলে ঘৈণীৰো হাল-জাল
পুৱাতে এৰিলে ঘৰ
নকৰে অকণো ডৰ
অমৃত কলহে হায় মাতিলে যে কাল।
খঙৰ ভমকত তেওঁ বকে কিবাকিবি
আনিবি ধনৰ মোনা নানিলেহে পাবি
খুৱাব সিহঁতে তোক
নুখুজিবি হ’লে মোক
বহি বহি খাম মই আজিৰপা(পৰা) চাবি
ইফালেদি কেৰকণে যাঠি এপাট লৈ
চিঞৰি চিঞৰি গ’ল বাটেৰে পাৰ হৈ
পালে আজি এৰাত নাই
বহি আছো পানী খাই
চিনি পোৱা নাই মোক তেজখাইতী ঐ
☆ ★ ☆ ★ ☆