ফটাঢোল

কৃত্ৰিম বুদ্ধিমত্তা- দেবজিত শৰ্মা

: কৃত্ৰিম বুদ্ধিমত্তা( Artificial Intelligence) এটা যুগান্তকাৰী আবিষ্কাৰ৷ আমি সকলোৱে ইয়াক নিজৰ কৰ্মক্ষেত্ৰ বা ব্যৱসায়ত ব্যৱহাৰ কৰি আশা কৰাতকৈ অধিক সফলতা লাভ কৰিব পাৰোঁ৷ আজিৰ আলোচনা চক্ৰখনৰ বিষয়টো ইতিমধ্যেই মই ফোনত কৈছোঁ‌ৱেই সকলোকে৷ ৰিমঝিমে ভালদৰে বুজাই দিব৷

 লেপটপৰ Zoom মিটিঙখনত স্ক্ৰীণলৈ চাই ৰিণ্টুমণি দত্ত দাই কৈ উঠিল৷ 

বিগত এটা বছৰত কৃত্ৰিম বুদ্ধিমত্তা( Artificial Intelligence) য়ে যথেষ্ট পৰিৱৰ্তন আনিছে, বিশেষকৈ ChatGPT ৰ আবিৰ্ভাৱে সকলো ক্ষেত্ৰতে এক নতুন দিগন্তৰ সূচনা কৰিছে৷ এইবোৰ ঘটনাৰ আলমতেই আজিৰ এই অনলাইন আলোচনা চক্ৰ৷ কথা হ’ল ৰিমঝিম বৰঠাকুৰৰ এইটো দিশত আগৰে পৰা যথেষ্ট পঢ়াশুনা কৰা আছিল, এতিয়া নিজেই এটা কৃত্ৰিম বুদ্ধিমত্তাৰ এনে মডেল উদ্ভাৱণ কৰিছে যি সকলো সমস্যাৰে সমাধান কৰিব পাৰিব৷ অনলাইন মিটিঙত উপস্থিত থকা হেকা দা, বিজয় মহন্ত আৰু ৰিণ্টু দা সকলোৱেই নিজৰ কৰ্মক্ষেত্ৰত এই মডেলটোৰ প্ৰয়োগেৰে সফলতাৰ শীৰ্ষ স্থানত উপনীত হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিলেই৷ ৰিমঝিমৰ পাতনিৰ আগতে ৰিণ্টু দাই চমুকৈ দু-আষাৰ কৈ আলোচনাৰ পাতনি মেলি আলোচনাৰ আঁত ধৰিবলৈ ৰিমঝিমক দায়িত্ব দিলে৷

ৰিমঝিম : আপোনালোকে আলাদ্দিনৰ চাকিৰ কথা শুনিছে নহয়! মোৰ AI মডেলটো ঠিক তেনেকুৱাই৷ কম্পিউটাৰত এই চফ্টওৱেৰটো ইনষ্টল কৰি আপুনি যি বিচাৰে মাত্ৰ নিৰ্দেশ দিয়ক৷ খুব বেছি দহ মিনিটত সমাধান লৈ হাজিৰ হৈ যাব৷

বিজয় মহন্ত :  মানে মই নিফটি বেংক নিফটিৰ ট্ৰেডিঙতো ব্যৱহাৰ কৰিব পাৰিম নে?

ৰিমঝিম- কেৱল ট্ৰেডিঙেই নহয়, হেকাদায়ে ফেচবুকত কিবা ৰাজনৈতিক আপডেট তথ্য সহকাৰে আৰু পানী নসৰকা যুক্তিৰে উপস্থাপন কৰিব বিচাৰিলেও ইয়াত নিৰ্দেশ দিলেই হৈ গ’ল৷ এই মডেলটো আপোনালোকৰ বেংক একাউণ্ট, শ্বেয়াৰ ট্ৰেডিং কৰা ডিমেট একাউণ্ট, ফটোগ্ৰাফীৰ ৱেবচাইট, চচিয়েল মেডিয়া একাউণ্টৰ লগত সংযোগ কৰা হৈ থাকিব৷ মাত্ৰ মনত ৰাখিব ইণ্টাৰনেটৰ স্পীড ভাল হ’ব লাগিব৷

ইয়াৰ পাছত ৰিমঝিমে মডেলটোৰ কাৰ্য্যদক্ষতাৰ প্ৰমাণ কেইটামান উপস্থাপন কৰাৰ পাছত Zoom meeting-খন হাততালিৰে ভৰি গ’ল৷

……ইয়াৰ পাছৰ ফলাফলসমূহ চমুকৈ এনেধৰণৰ:

১)হেমন্ত কাকতি দা – কালি লেপটপত মডেলটোক নিৰ্দেশ দিলোঁ, মোৰ ৰাজনৈতিক স্থিতিক মজবুত কৰিব পৰা আপডেট এটা দিয়াৰ লগতে যি কোনো অপ্ৰয়োজনীয় বিষয় বা কথা নোহোৱা কৰিবলৈ৷ পুৱা উঠি দেখোঁ‌ মোৰ ফেচবুকৰ বন্ধু তালিকাৰ আধা মানুহ ব্লক হৈ গ’ল, ফেচবুক- হোৱাটচ এপৰ সকলো ৰাজনৈতিক গ্ৰুপৰ পৰা নিজে নিজেই বাহিৰ হৈ গ’লোঁ‌ আৰু মোৰ ফেচবুকৰ ৱালত আলু খেতিৰ উপকাৰিতাৰ ওপৰত এখন দীঘল ৰচনা৷

২) বিজয়- ৰাতিয়েই মডেলটোক নিৰ্দেশ দি ৰাখিলোঁ‌ কাইলৈ মোৰ কাৰণে সৰ্বোত্তম বিনিয়োগ কৰিব লাগে য’ত মোৰ এক টকাৰো লোকচান নহয়৷ পুৱাই মোৰ গোটেই ট্ৰেডিং একাউণ্ট মবাইলৰ পৰা নোহোৱা হৈ ডিমেট একাউণ্টত থকা টকাবোৰ মোৰ পত্নী বন্দিতাৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ হৈ গ’ল৷ 

৩) ৰিণ্টুমণি দা – মই মাজে সময়ে ফটোগ্ৰাফী কৰি ভাল পাওঁ৷ শংকৰ জ্যোতি বৰাৰ ভাল ফটো এখন তুলি তাত অলপ ধনাত্মক ভাৱ আৰু পৰিপূৰ্ণতা ( positivity & fulfillment) লাগে বুলি ক’লোঁ‌৷  ৰাতিপুৱাই ধূতি পাঞ্জাবী পিন্ধি থকা শংকৰক চুট টাই পিন্ধাই কোলাত কেঁচুৱা এটা ফেচবুকত এশটামান মানুহক টেগ কৰি ফটো নিজে নিজেই আপলোড হৈ গ’ল৷ এতিয়া শংকৰক ফোন কৰি কথাটো বুজাই দিবলৈও ম’বাইল বন্ধ৷ 

ইয়াৰ পাছত ৰিমঝিমৰ লগত যোগাযোগ কৰাত নেটৰ স্পীড কম হোৱাৰ বাবেই এনে হোৱা বুলি জনালে যদিও ঘটনাটোৰ পাছৰে পৰা উপৰোক্ত তিনিজনৰ লগতে টেলিফোন কোম্পানীৰ সঞ্জীৱ কুমাৰ ভট্টাচাৰ্যদাও কোনো অজ্ঞাত কাৰণত নিৰুদ্দেশ হৈ আছে৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *