ফটাঢোল

পিয়াঁজ আন্দোলন আৰু এন্দূৰ,মূল:বাসু মুখোপাধ্যায়,ভাবানুবাদ – অঞ্জু মহন্ত

পত্নী শোকত শিল হৈ গৈছে। মোৰ অৱস্থাও প্ৰায়

একেই। ঘটনাটো হ’ল, ৰাতিপুৱা পত্নীয়ে ক’লে,”তুমি এবাৰ বজাৰলৈ যোৱাচোন, তিনিকেজিমান পিয়াঁজ কিনি আনা। পিয়াঁজৰ দাম বাঢ়ি গৈ আছে, সেয়ে ঘৰত অলপ বেচিকৈ পিয়াঁজ আনি থোৱাটো ভাল হ’ব।

এতিয়া সঁচাকৈয়ে ক’বলৈ গ’লে,পিয়াঁজ কটাৰ সময়তকৈয়ো কিনাৰ সময়তহে চকুৰ পানী বেচিকৈ ওলায়। ইমান দাম! কালি আলু, আদা কিনি আনিছোঁ। আজি আকৌ বজাৰলৈ যাব লগা হ’ল, পিয়াঁজ আৰু আন কিবাকিবি পাচলি আনিবলৈ।

বজাৰ কৰা ডাঙৰ বেগখন লৈ বজাৰলৈ বুলি ওলাই গ’লোঁ।  বজাৰৰ পিয়াঁজ বেপাৰীজনক ক’লোঁ,”হেৰা, পিয়াঁজ তিনিকেজি দিয়াচোন।” সি আনকালে মোক কেতিয়াও বহাৰ কথা কোৱা মনত নপৰে। আজি দেখোন টুল এখন আগুৱাই দি ক’লে, “বহক দাদা। এইমাত্ৰ ফ্ৰেচ মাল আহি পাইছে। একদম স্পেচিয়েল মাল।”

পিয়াঁজ তিনি কেজি বেগত ভৰাই দামটো দিলোঁ।

তাৰপিছত কিনিলো কোমোৰা, ফুলকবি, বন্ধাকবি। আজিলৈ বজাৰ শেষ কৰি পাচলি ভৰ্তি গধুৰ বেগখন লৈ ঘৰলৈ খোজ দিলোঁ। কিছুসময় খোজ কঢ়াৰ পিছত বেগখন আৰু সিমান গধুৰ গধুৰ যেন নলগা হ’ল।

ঘৰলৈ আহি কানি-কাপোৰ সলাই হাত-ভৰি ধুবলৈ লওঁতেই পত্নীয়ে চিঞৰিলে,”হেৰা, তুমি পিয়াঁজ কিয় নানিলা?” মই উত্তৰ দিলোঁ,” কি কোৱাহে ,ভালদৰে চোৱা, ভালদৰে চোৱা বেগৰ একেবাৰে তলত আছে, তিনি কেজি পিয়াঁজ।” তেওঁ আকৌ চিঞৰিলে,” নিজে আহি চোৱাহি বন্ধাকবি, ফুলকবি, কোমোৰা চব আছে কিন্তু পিয়াঁজ এটাও নাই।” দৌৰ মাৰি গৈ দেখিলোঁ, সঁচাকৈয়ে বেগত এটাও পিয়াঁজ নাইচোন! 

বুকুখনত যেন কোনোবাই হাতুৰীৰে কোবাইহে  দিলে। ইমান দাম দি কিনিলো, কিন্তু গ’ল কলৈ?  ভালদৰে চাওঁতে আৱিষ্কাৰ হ’ল বেগৰ তলফালে এটা ফুটা। নিশ্চয় এন্দূৰৰ কাম। সেই ফুটাটোৰে নিশ্চয় পিয়াঁজ এটা এটাকৈ ৰাস্তাত পৰি আহিছে। বাকী পাচলিবোৰৰ চাইজ ডাঙৰ বাবে পৰি যোৱা নাই।

পত্নীয়ে হুকহুকাই কান্দি উঠিল,”এই সময়ত তিনি কেজি পিয়াঁজ পৰি যোৱা মানে ৰাতিপুৱাতে ইমানবোৰ টকা পানীত পৰা।”

কিছু সময়ৰ পিছত ফোনটো বাজি উঠিল। ভজহৰিদাৰ ফোন। ক’লে,”ঐ,তই এইবোৰ কি কৰিছ? পিয়াঁজৰ মূল্য বৃদ্ধিৰ বাবে তোৰ এনেকুৱা প্ৰতিবাদ? ৰাস্তাত পিয়াঁজ পেলাই কৰা তোৰ প্ৰতিবাদ লোকেল চেনেলে দেখুৱাই আছে চা।” 

কি? মই প্ৰতিবাদ কৰিবলৈ ৰাস্তাত পিয়াঁজ পেলাইছোঁ! ক’লোঁ,”প্ৰতিবাদ! মোৰ বেগখন ফটা বাবে তিনি কেজি পিয়াঁজ কেতিয়া ৰাস্তাত পৰি গ’ল গমেই নাপালোঁ। ইমানবোৰ টকা লোকচান হ’ল, মেজাজ বেয়া হৈ আছে আৰু কৈছা মই প্ৰতিবাদ কৰিছোঁ?

ভজহৰিদাই ক’লে,”তেনেহ’লে কোনোবাই সেইসময়ত

মোবাইলত ভিডিও কৰি নিউজ চেনেললৈ পঠিয়াই দিছে।”

মই টিভি খুলি অবাক হৈ গ’লোঁ। স্থানীয় চেনেলত

কেপচন দিছে,”সাধাৰণ মানুহে যেতিয়া ৰাস্তাত…”

এবাৰ মোৰ ছবি দেখুৱাইছে আৰু এবাৰ ৰাস্তাত‌ পৰি থকা পিয়াঁজৰ ছবি। মোৰ অজানিতে বেগখনৰ পৰা পৰি যোৱা পিয়াঁজবোৰ দেখুৱাই নিউজ চেনেলৰ এংকৰে ডিঙিৰ শিৰ ফুলাই ফুলাই কৈ গৈছে “এয়া চাওক, সাধাৰণ মানুহৰ ধৈৰ্যৰ বান্ধ কেনেকৈ ভাঙি গৈছে। গাঁঠিৰ ধনেৰে পিয়াঁজ কিনি ৰাস্তাত পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। কোনো বেনাৰ নাই, দল নাই। চৰকাৰ, শুনিছেনে???

খবৰটো দেখা পাই মোৰ আৰু পত্নীৰ মূৰ ঘূৰাবলৈ ধৰিলে।

অলপ সময়ৰ পিছত দুৱাৰত কোনোবাই জোৰে জোৰে ঢকিয়াবলৈ ধৰিলে।মাস্ক পিন্ধি বাহিৰলৈ ওলাই গৈ দেখিলোঁ ঘৰৰ সন্মুখত ভিৰ জমা হৈ  গৈছে। ফটোগ্ৰাফাৰ, ৰিপ’ৰ্টাৰৰ ভিৰ। মই ওলোৱাৰ লগে লগে কেমেৰাবোৰ মোৰ ফালে ঘূৰিল। প্ৰশ্নৰ ধুমুহা আচাৰ খাই পৰিল।

“এনেদৰে প্ৰতিবাদ কৰা কথাটো আপোনাৰ মনলৈ হঠাৎ কেনেকৈ আহিল? এই প্ৰতিবাদৰ পিছত আপোনাৰ মনত ভাব হৈছে নে, যে চৰকাৰৰ টোপনি ভাঙিব?”

“আপুনি সৰুৰে পৰা কি এনেকুৱা প্ৰতিবাদী?”

“আপোনাৰ আদৰ্শ কোন?”

“আপোনাৰ প্ৰিয় ৰং কি?”

“আপুনি ভাবেনে, জনসাধাৰণে আপোনাক দেখি উদ্বুদ্ধ হৈ ৰাজপথত নামিব?”

“দেশবাসীক আপুনি কি মেচেজ দিব?”

মোৰ মূৰটো বেয়া লাগিবলৈ ধৰিলে। পাৰাৰ প্ৰায় সকলো আহিছে। ভজহৰিদা, বগলা কাকু, বুণ্টা…

চহৰৰ নাগৰিক মঞ্চৰ কেইজনমান প্ৰতিনিধি আহিছে। ভজহৰিদাই ভিৰ ফালি তেওঁলোকক মোৰ ওচৰলৈ লৈ আহিল। তেওঁলোকে মোক অভিনন্দন জনালে। এজনে ক’লে,”আপুনি এই চহৰৰ গৰ্ব। আমি আপোনাৰ সম্বৰ্দ্ধনা জনাব বিচাৰিছোঁ। কিন্তু এই সময়ত হলত সভা পাতি সম্বৰ্দ্ধনা জনাব পৰা নাযাব, সেয়েহে ফেচবুক লাইফৰ মাধ্যমেৰে দিয়া হ’ব।” এই সময়তে এখন পুলিচৰ গাড়ী আহি পালে। এজন পুলিচ অফিচাৰে গাড়ীৰ পৰা নামি আহি সাংবাদিকসকলক উদ্দেশ্য কৰি ক’লে,”এই প্যানডেমিকৰ সময়ত একেলগে ইমান মানুহ জমা হৈ ভিৰ নকৰিব প্লিজ।” তাৰপিছত মোলৈ চাই ক’লে,

“আপুনি সাজু হওক, আমাৰ লগত যাব লাগিব। জিলা শাসকে আপোনাৰ লগত কথা পাতিব বিচাৰিছে। হে ভগৱান, এইবোৰ কি!!

জিলা শাসক ডি এম চাহাবে মোৰ সৈতে খুবেই ভাল ব্যৱহাৰ কৰিলে। ক’লে,”আপুনি যি ধৰণে অকলেই অহিংস উপায়ে প্ৰতিবাদ জনাইছে সেয়া অতি প্ৰশংসাৰ যোগ্য।পিয়াঁজৰ দাম কমাবলৈ চেষ্টা অব্যাহত আছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ খাদ্য দপ্তৰৰ পৰা আশ্বাস দিছে যে অতি শীঘ্ৰেই দাম কমিব।”

জিলা শাসকৰ অফিচৰ পৰা ওলাই আহি ভাব হ’ল এই সকলোবোৰ  কিহৰ বাবে হ’ল।

এটা এন্দূৰৰ বাবে…

বেগটো যদি ফুটা নকৰিলেহেঁতেন…

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *