ফটাঢোল

নেত্ৰদান মহান দান-ডাঃ পাৰ্থসাৰথি ভূঞা

আমাৰ দেশত প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় নেত্ৰদান পষেক বা National eye donation fortnight পালন কৰা হয়। মানৱদেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ সমূহৰ ভিতৰত আমাৰ চকুযুৰি অন্যতম। এই চকুযুৰিৰ সহায়তে আমি আমাৰ ধুনীয়া পৃথিৱীখনৰ ৰং উপভোগ কৰাৰ লগতে প্ৰয়োজনীয় সকলো কাম আৰু জ্ঞান আহৰণ কৰিব পাৰোঁ। কিন্তু চকুৰ বিভিন্ন বিসংগতিৰ বাবে বহুলোকে এতিয়াও এইবিলাকৰ পৰা বঞ্চিত হৈ অন্ধকাৰত জীৱন যাপন কৰিব লগা হৈছে। নেত্ৰদানৰ যোগেদি এই লোকসকলৰ জীৱনলৈ আমি পোহৰ কঢ়িয়াই আনিব পাৰোঁ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কেটেৰেক্ট , গ্লুকোমা  আৰু ARMD নামৰ ৰোগ বিধৰ পাছতে আমাৰ চকুত থকা কৰ্নিয়াৰ বিসংগতি দৃষ্টিহীনতাৰ মূল কাৰণ। ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত ই এক চিন্তনীয় সমস্যা। প্ৰতিবছৰে ভাৰতত প্ৰায় ত্ৰিছ হাজাৰ কৰ্নিয়াৰ বিসংগতিৰ বাবে দৃষ্টিশক্তি হেৰুওৱা নতুন ব্যক্তি চিনাক্ত হয়। এগৰাকী ব্যক্তিৰ যেতিয়া মৃত্যু হয় তেতিয়া দেহৰ বিভিন্ন অংগদানৰ লগতে চকুৰ কৰ্নিয়াও দান কৰিব পৰা যায়, যিয়ে দৃষ্টিহীন লোকৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই আনিব পাৰে। ৰক্তদানে মানুহক জীৱন দান দিয়াৰ দৰে নেত্ৰদানে সমাজৰ পৰা অন্ধত্ত্ব দূৰ কৰাত উল্লেখযোগ্য অৱদান দিব পাৰে। 

জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ, নেত্ৰদানৰ বিষয়ে শংকা আৰু বহু ধৰ্মীয় বা সামাজিক কাৰণত আমাৰ দেশত নেত্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাই এতিয়াও বিশেষ প্ৰসাৰ লাভ কৰা নাই। সেয়ে ৰাইজৰ মাজত ইয়াৰ সজাগতা বৃদ্ধি কৰাৰ লগতে সকলোকে নেত্ৰদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে হাতত লৈ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ এই  “ৰাষ্ট্ৰীয় নেত্ৰদান পষেক” পালন কৰি আহিছে।

দৃষ্টিশক্তিৰ বাবে প্ৰয়োজনীয় কৰ্নিয়া হৈছে আমাৰ চকুৰ সন্মুখত থকা আইনাৰ দৰে স্বচ্ছ গোলাকাৰ এক আৱৰণ। কৰ্নিয়াৰ বিসংগতিৰ বাবে দৃষ্টিশক্তি হেৰুওৱা ব্যক্তি সকলৰ চকুত  মৃত ব্যক্তিৰ পৰা সংগ্রহীত কৰ্নিয়া, Keratoplasty নামৰ অস্ত্ৰোপ্ৰচাৰৰ দ্বাৰা সংস্থাপন কৰি দৃষ্টিশক্তি ঘূৰাই আনিব পৰা যায়। 

১) বয়স , লিংগ, ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিয়ে নেত্ৰদান কৰিব পাৰে।  ছশমা ব্যৱহাৰ কৰা, আগতে চকুৰ অস্ত্ৰোপচাৰ কৰা বা সাধাৰণ ৰোগত ভোগা ব্যক্তিয়েও চকু দান কৰিব পাৰে।

২) কৰ্নিয়াৰ বিসংগতিৰ ফলত দৃষ্টিহীন হৈ পৰা লোকসকলেহে কৰ্নিয়া সংৰূপনৰ যোগেদি উপকৃত হ’ব পাৰে। 

৩) এজন ব্যক্তিৰ মৃত্যু হোৱাৰ ছয় ঘণ্টাৰ ভিতৰত চকুৰ পৰা দান কৰিবলগীয়া কৰ্নিয়া সংগ্ৰহ কৰিব লাগে।

৪) বহুতে ভাবে যে নেত্ৰদানত মৃত ব্যক্তিজনৰ চকুযুৰি আঁতৰাই দৃষ্টিহীন ব্যক্তিৰ চকুত পোনে পোনে সংস্থাপন কৰা হয়। কিন্তু ই এক ভুল ধাৰণা। মৃত্ ব্যক্তিৰ চকুৰ পৰা কেৱল কৰ্নিয়াহে সংগ্ৰহ কৰা হয় আৰু ইয়াৰ বাবে মাত্ৰ  দহ বা পোন্ধৰ মিনিটৰ প্ৰয়োজন। ইয়াৰ ফলত ব্যক্তিজনৰ মুখত বা চকুত কোনো আঘাতৰ চিন থাকি নাযায়। 

দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো বৰ্তমান বহু ঠাইত নেত্ৰদানৰ সুবিধা আছে। এই ক্ষেত্ৰত কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী সংস্থাই ৰাইজৰ মাজত সজাগতা আৰু নেত্ৰদানৰ বাবে পঞ্জীয়ন কৰি আহিছে। গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী শংকৰ নেত্রালয়ত , ডিব্ৰুগড় মেডিকেল কলেজ আদিত নেত্ৰদানৰ সুবিধা উপলব্ধ।

নেত্ৰদান এক মহৎ মানৱীয় কাৰ্য। সমাজৰ পৰা দৃষ্টিহীনতাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত ই এক বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। নেত্ৰদানৰ সুফল সম্পৰ্কে আমি নিজে সজাগ হোৱাৰ লগতে আনকো ইয়াৰ বিষয়ে সজাগ কৰাৰ প্ৰয়োজন।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *