ফটাঢোল

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১)

ফেচবুকত প্ৰেম চলোৱাটো নহয় সহজ কাম
আপীবোৰে ডেইলী সলায় ফটো আৰু নাম
ৰিকুৱেষ্ট পঠাব ব্লক মাৰিব
উৰহৰ খং ভগা ঢাৰিত জাৰিব
সেনেহেন প্ৰেম কৰিব নোৱাৰি ঐ ৰাম ৰাম।।

২)

ফেচবুকত কবিতাৰে লগালোঁ তালফাল
ইনবক্সত গাভৰুবোৰে সোধা হ’ল হালচাল
তাৰে এজনী গাভৰু সুন্দৰী
কৰিম বুলি জীৱন লগৰী
প্ৰপ’জ মাৰোঁতেই বেচাৰী হ’ল চোন অন্তৰ্ধান।।

৩)

তেতিয়া আছিল চন দুহেজাৰ বাৰ
মনত উৰিছিল প্ৰেমৰ প্ৰতীক পাৰ
এগৰাকী বন্ধুৱে ক’লে
ফেচবুকত শৰণ ল’লে
সুন্দৰেষ্ট আপী পাবি কি শুৱনি তোৰ মাৰ?

৪)

আধুনিক যুগৰ আধুনিকতা ভাই
প্ৰিন্সেচ প্ৰিয়া সকলক ফেচবুকতে পায়
ইনবক্সত জনাই হাই
যদিহে পোৱা ৰিপ্লাই
আগবাঢ়ি যোৱা পিছলৈ ঘূৰি নাচাই।।

☆★☆★☆

2 Comments

Leave a Reply to dhanjit baruah Cancel reply

Your email address will not be published. Required fields are marked *