ফটাঢোল

মেম'ইৰ অৱ এ হাণ্টাৰ – যাজ্ঞ বল্ক্য

আহক!
আহক! বহক! নাই ব্যস্ত নহয়।
আপোনালোকে ইণ্টাৰভিউ ল’বলৈ আহিব বুলি খবৰ পাই আজৰি হৈয়ে আছিলোঁ।

ময়ুৰী বুলি এজনীক গুড মর্ণিং মেচেজ এটা দিওঁ বুলি লৈহে দেখিলো, “য়ু কেন নট ৰিপ্লাই টু ডিচ কনভার্চেচন” জিলিকি আছে। তাৰমানে ব্লক কৰিলে মৰতীয়ে। কালি ৰাতি তাইক মোৰ লিখনি দুটামান বুজাই আছিলোহে। বহুদিনৰ পৰা তাইক চান্দি আছিলোঁ। বৈদ্য ধুনীয়া আছিল। চেহ! নাই তাই ব্লক কৰিলে বুলি ইমান বেয়া লগা নাই। লিষ্টত ঢেৰ ময়ুৰীৰ নিচিনা ছোৱালী এড কৰি থৈছোঁ। “ময়ুৰী নহী তৌ কয়ী ঔৰ চহি।”

পিছে তাই স্ক্রীণশ্বটসোপা ৰাজহুৱা কৰি অতদিনে গোটাই থোৱা সন্মানখিনি উৰাই দিয়ে বুলিহে চিন্তা লাগিছে। সেইখন কৰি দিলে অলপদিনলৈ মই ঠাণ্ডা হৈ থাকিব লাগিব আৰু। এইটো মেটাৰ খুব বেছি তিনিদিন তোলপাৰ লাগিব। মোৰ নিচিনা ফেমাচ ব্যক্তি হ’লে আৰু অতি নাৰীবাদীকেইটাৰ যদি বেলেগ টপিক নাথাকে তেন্তে এসপ্তাহো চলিব পাৰে। নাৰীবাদীকেইটাই তাইলৈ সহানুভূতি, মোলৈ গৰিহণাৰ চলেৰে তাইৰ ইনবক্সত সোমাই ল’ব পাৰিলে বচ সিহঁতৰ কাম হৈ গ’ল। মোৰো মেটাৰ ফিনিচ। আফটাৰ অল, এইখন ভার্চুৱেল ৱর্ল্ড। কোনেও এটা টপিকতে বেছিদিন মন দিব নোৱাৰে। একঘেয়ামী লাগি যায় সৱৰে।

কি কৈছে? মই কেনেকৈ ইমান ছোৱালীক মেচেজ দি চেনী খাব পাৰো? ভোক বুজিছে ভোক! মনৰ ভোক, হৃদয়ৰ ভোক আৰু আটাইতকৈ বেছি মোৰ দেহাৰ ভোক। না না সৱ ছোৱালীৰ লগতে মোৰ তেনেকুৱা একো হোৱা নাই। সঁচা ক’বলৈ গ’লে পত্নীৰ বাহিৰে আজিলৈকে আন কোনোৱেই ৰিয়েলত মোৰ কাষত বহিয়েই পোৱা নাই। কলেজতো কোনো ছোৱালী মোৰ কাষত বহা নাছিল। বহিবলগীয়াকৈ মোৰ কোনো আকৰ্ষণীয় ব্যক্তিত্বই নাছিল বুজিছে। কথা-বতৰা, চেহেৰা, খেলা-পঢ়া সৱতে এটা মস্ত ‘ঙ’ আছিলো। ফ্রেণ্ড চার্কোলত বোলে মোৰ চিক্রেট নাম ‘ভোমসিং’ আছিল। এইটো পিছে মই ফেচবুকত ফেমাচ হোৱাৰ পিছতহে লগৰ এজনে মোক এদিন কৈছিল। যিয়েই হওঁক সেই তেতিয়া কোনো ছোৱালীৰ সংস্পর্শলৈ আহিবলৈ নোপোৱাৰ ভোকটোৱেই মোৰ থাকি গ’ল। আৰু সেইটো ভোক মাৰ নিয়াবলৈকে আজিকালি বার্তামেহনৰ আশ্ৰয় ল’লো।

কি? কেনেকৈ গম পাওঁ কোনজনী ছোৱালীৰ লগত সেইবোৰ কৰিব পাৰি? আপোনাৰ কুৱেশ্যনটোৱেই ভুল হৈছে। আপুনি সুধিব লাগিছিল কেনেকৈ মই সেইবোৰলৈ আগবাঢ়োঁ। কৰোতে সৱ ছোৱালীৰ লগতে সেইবোৰ মেচেজ কৰিব পাৰি বুজিছে। ডিপেণ্ড কৰে আপুনি কেনেকৈ আগুৱাইছে। চাওঁক নাৰীৰ মনৰ ভিতৰত সোমাবলৈ দুটা ফর্মুলা আছে “নাৰীৰ মন দেৱতাইও নুবুজে” আৰু “নাৰী প্রশংসাৰ ভোকাতুৰ।” বচ! সেই কথাকেইষাৰ মনত ৰাখি আপুনি ফর্মূলা এপ্লাই কৰিলেই হ’ল।

আৰু এটা কথা হা, এইটো কামত অলপ ধৈর্যৰ দৰকাৰ। একদম বৰশী বোৱাৰ দৰেই। সঠিক সময়ত সঠিক টোপ, সঠিক চিপ, বচ মাছজনী আপোনাৰ খালৈত। অকণমান অধৈর্য হ’লেই মাছে ফুট পাব।

বাৰু এতিয়া কওঁ শুনক নাৰীৰ ইনবক্সত খোজ কেনেকৈ দিব। আপুনি যদি কবি টাইপ মানুহ হয় তেন্তে কামটো বহুতেই উজু হৈ পৰিব। মোৰ সমীক্ষামতে নাইণ্টি নাইন পার্চেণ্ট ছোৱালীয়ে কবিতাবোৰ বুজি নাপায়। বাকী ওৱান পার্চেণ্ট কেইজনীৰ আগত তল পৰিব নিবিচাৰিহে কবিতাৰ গুণগ্রাহী হৈ দেখায়। নহ’লেনো সেই তাহানিৰ দিনৰে পৰা ‘তোমাৰ মেঘালি চুলি/কাজলসনা মায়াময় চকু’ এই দুটা লাইনেই এতিয়ালৈকে চলি থাকেনে? গতিকে আপোনাৰ প্রথম কাম হ’ল এনেকুৱা বাজে কবিতা দুটিমান গোটাই লৈ, লাইনবোৰ ওপৰ তল কৰি, দুটামান শব্দৰ সমার্থক শব্দ লিখি দি দিয়ক ইনবক্সত। এতিয়া আপুনি ধৈর্য ধৰিব লাগিব ৰিপ্লাই অহালৈ। ৰিপ্লাই সদায় ‘ৱাহ সুন্দৰ, বঢ়িয়া, মন পৰশা, চুই যোৱা’ এইবোৰেই আহিব। যদি ৰিপ্লাই নাহে তেন্তে গম পাব সেইগৰাকীক আপোনাৰ ‘চলাহী গদ্য’ৰে টোপ পেলাব লাগিব। আৰু যদি ৰিপ্লাই আহি যায় তেন্তে প্রশংসা দেখি আকৌ আপোনাৰ আচল উদ্দেশ্য মানে চিকাৰৰ কথা পাহৰি একানপতীয়াকৈ সাহিত্য চর্চাত লাগি নধৰিব। সেইবোৰ কৰিবলৈ টেলেণ্ট থকা মানুহ আছে তেওঁলোকক কৰিবলৈ দিয়ক। আপুনি আপোনাৰ টেলেণ্টটোত মন দিয়ক। চৌ, ইয়াৰ পিছত আপুনি দুদিনমানৰ মুৰত হৰিণীজনীৰ দুই এটা খবৰ লওক। ফর্মেল আৰু। বৰ বেছি পার্চনেল হ’ব নালাগে। আপোনাৰ বিষয়ে বেছি ক’বই নালাগে। হৰিণীয়ে আপোনাক কিবা প্রশংসা কৰিলেও বেছি ফুলা যেন নেদেখুৱাই ‘আমিনো কি আৰু’ ‘আল্লা কা সাধাৰণ বান্দা’ টাইপ ফাণ্ডা এটা দি অফলাইন হৈ যাওক। মই জানো আপোনাৰ পিছদিনা ৰাতিপুৱাই উঠি হৰিণীজনীক মেচেজ এটা দিবলৈ মন যাব। মোৰো গৈছিল। পিছে সাৱধান এনেকুৱা ধৰণৰ কামবোৰে আপোনাক কামোৰ, দেস্প’ বুলি হৰিণীজনীৰ আগত পৰিচয় কৰি দিয়াৰ আশংকা থাকে। গতিকে নিজকে সম্বৰণ কৰক। দুদিনমান টৌটেলী হৰিণীজনীক ইগন’ৰ কৰক। উৱা কিয় নোৱাৰিব আকৌ! এই দুদিনমানত আপোনাৰ কাম হ’ল বেলেগ হৰিণীবোৰৰ খা-খবৰ লোৱা, আপোনাৰ ফেন এগাল যে গোটাই থৈছিল, সেইগালৰো খা-খবৰ লোৱা। কৰবাত যদি চচিয়েল ইভেণ্ট চলিছে আৰু তাত ফেচবুকৰ কেইজনমান নামজ্বলা মানুহ লগ পোৱাৰ আশা আছে তেন্তে সেইসোপাও এটেণ্ড কৰি আহক। এইবোৰ এটা, এটা ষ্ট্রেটেজী বুজিছে। ভগৱানে নকৰক কেতিয়াবা কোনোবা এজনী হৰিণীয়ে যদি আপোনাৰ মুখা খুলি দিওঁ বুলি জেদ ধৰি লয়, তেন্তে এই মানুহখিনিয়ে সেইটো সময়ত বৰ সহায় কৰে। আপোনাৰ সপক্ষে একো নক’ব পাৰে কিন্তু বিপক্ষেও একো নকয়, সেইটো নিশ্চিত থাকক। মনত ৰাখিব, সেইটোও এটা কম ডাঙৰ সহায় নহয় কিন্তু। বাকী ফেন-ফল’ৱাৰবোৰেটো আপোনাক উধাই-মুধাই সমর্থন দিবই।

বাৰু আপোনাৰ বনবাস শেষ কৰি আহক এতিয়া। নেক্সট আপুনি ‘তোমাৰ ভাৱনাত বিনিদ্র ৰজনী’ টাইপ মস্ত কামোৰ কবিতা এটা লিখি প’ষ্ট কৰক। কবিতাটোত হৰিণীজনীয়ে পিন্ধা কিবা এপদ অলংকাৰ বা চুলিৰ ষ্টাইলৰ মিহি হিণ্ট এটা দিব পাৰে। পিছে চাব আকৌ, ভাৱনাত উটি ভাহি ভৰিৰপৰা মূৰলৈকে গোটেইখিনি বর্ণনা কৰি নেপেলাব। বচ এনেকুৱা এটা ভাব ফুটাই তুলিব যে তেওঁ ধাৰণ কৰিছে কাৰণেহে সেইবিধ বস্তু ধুনীয়া লাগিছে। গুণগ্রাহীসকলৰ মন্তব্যৰ উত্তৰ দি দি অলপ দেৰিকৈ হৰিণীৰ খবৰ লওক ইনবক্সত। এটা কথা নিশ্চিত থাকক তেওঁৰ অভিমানী ৰিপ্লায়েই আহিব। বচ আপোনাৰ ছিক্সটি পার্চেণ্ট কাম হৈ গ’ল। আপুনি এতিয়া তেওঁক যেনেকৈ পাৰে মনাওক, পতাওক। পিছে ৰ’ৱ! এতিয়াও আটাইতকৈ ৰিস্কি ফর্টি পার্চেণ্ট কাম আছেই। আপুনি এতিয়া আৰু এটা কবিতা লিখিব লাগিব। পিছে এইটো কবিতা ‘সুউচ্চ গিৰিশৃংগ জয় কৰিব খোজো/গহন উপত্যকাৰ বৃষ্টিৰে ভিজিব খোজো’ এনেকুৱা ধৰণৰ লাইনেৰে লিখিব লাগিব। আপোনাৰ ‘মন কি বাত’ একদম কবিতা কবিতা শব্দেৰে লিখি গেলাব, আই মিন পেলাব। পিছে এইটো কবিতা আপুনি অকল ইনবক্সতহে দিব দেই। এটাই লিখি থৈ দিয়ক প্রতিজনী হৰিণীৰ লগত খটুৱাব পাৰিব। এতিয়া ৰিপ্লাই কি আহে চাওঁক।

যদি ৰিপ্লাই হিচাবে ‘ব্লাশ’ ইম’জী আহে তেন্তে কংগ্রেটচ, আপুনি হৰিণী গিৰাই দিলে। হৰিণীয়ে আপোনাৰ প্রতিটো লাইনেই বুজি পালে আৰু তেওঁৰ ফালৰ পৰা গ্রীণ চিগনেল।
যদি কেনেবাকৈ ‘চাৰপ্রাইজড,শ্বকড ইম’জী বা মানে কি নো’ ধৰণৰ ইমজী ৰিপ্লাই আহিছে তেনে আৰু অলপ কষ্ট কৰি কবিতাটোৰ অর্থ বুজাই দিয়ক। নেক্সট ৰিপ্লাই হিচাবে গালি, ধমকি, ৱার্ণিং বা গ্রীণ চিগনেল যিকোনো আহিব পাৰে। সেইটো ডিপেণ্ড কৰিব আপুনি কিমান কাব্যিকতাৰে আপোনাৰ অশ্লীলতা বুজাব পাৰিলে।
যদি ৰিপ্লাইত কেনেবাকৈ “এংগ্রী, হুহ, হোৱাট” ৰিপ্লাই  আহিছে, তেন্তে বাপ আপুনি ইয়াতেই এই হৰিণীৰ আশা বাদ দিয়ক। তেওঁ আপোনাৰ কবিতা আৰু ইৰাদা দুইটাই বিৰাট ভালকৈ বুজি পালে। গতিকে ইজ্জতৰ মা-ফা হৈ যোৱাৰ আগতেই প্রিক’শ্যন হিচাবে ‘প্রকৃতিৰ লগত কবিৰ একাত্ম হোৱাৰ অৱচেতন মনৰ প্রকাশ’ বুলি নিজৰ কবিতাৰ সমালোচনা এডৰা লিখি তুৰন্তে সেই হতছিৰী হৰিণীৰ ইনবক্স ত্যাগ কৰক।

গদ্যৰে কেনেকৈ হৰিণী চিকাৰ কৰিব? এইটো কাম বিৰাটেই টান কাম জানেনে! আগৰদিনৰ কাউবয়বোৰৰ যে ডুৱেল খেল এটা আছিল ঠিক তেনেকুৱা আৰু। সঠিক সময়ত সঠিক চাল খেলি সঠিক গুলী মাৰিব পাৰিলে সিপক্ষ ঘাইল, নহলে আপুনি ঘাইল। আৰু কেনেবাকৈ যদি কোনোবা এজনীৰ বিএফ/হাব্বীয়ে আপোনাৰ মেচেজ দেখিবলৈ পালে তেন্তে আপুনি সঁচাকৈয়ে ঘাইল হ’ব। গতিকে এইটো পদ্ধতি ব্যৱহাৰ কৰিম বুলি যদি ভাবিছে তেন্তে কৈ দিওঁ আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ নিচিনা হৈছে। যদি পতি যায় তেন্তে আপুনি ঢেৰপতি, দিন বেয়া হৈ ধৰা পৰিলে নিজৰজনীয়েও পতি মানিবলৈ অস্বীকাৰ কৰিব পাৰে।

আচ্ছা কেতিয়াবা যদি ধৰা পৰা নিচিনা পৰিস্থিতি আহি পৰে তেন্তে এটা কাম কৰিব পাৰে। লাইক মাইণ্ডেড কবি এজনৰ দ্বাৰা আপোনাৰ কবিতাত প্রেম, যৌনতা, তত্ত্ব খুচৰি সমালোচনা এটা লিখাই প’ষ্ট কৰাব। তেহে ধৰা পৰিলে সেইজনীয়ে আপোনাৰ কবিতা বুজি নাপালে বুলি ধুনীয়াকৈ বাচি যাব পাৰিব। লগতে ‘সবায় কবি নয়, কেউ কেউ কবি’ ধৰণৰ আপদেট এটা দি থ’ব। এইবোৰ কৰি আপুনি সেই হৰিণীজনীকে নেৰ’ মাইণ্ডৰ বুলি প্রতিপন্ন কৰিবলৈ বৰ সুবিধা হ’ব জানে। পাৰিলে তাইৰ অতীতৰ কিবা খবৰ উলিয়াব পাৰে যদি খবৰ কৰিব। সেইয়া পালেতো আপুনি কিম জঙৰ মিচাইলকেইটাই পাই গ’ল। আপোনাৰ ফেন পার্টিক লগাই দিয়ক কামত।

এইবোৰ গুপ্ত গুৰুমন্ত্ৰ বুজিছে। কোনেও নকয়। আপোনালোকৰ সুবিধা হওঁক বুলিহে মই কৈ দিছো। গতিকে বেষ্ট অৱ লাক মাই ফ্রেণ্ড। হেপ্পী ইনবক্স হাণ্টিং।

ৰ’ৱ, ৰ’ৱ ক’লৈ যায়? ইমানসোপা যে জ্ঞান জাৰিলো, এইসোপা মোৰ বহুদিনৰ অভিজ্ঞতাৰ ফচল। ফ্রীতে এইবোৰ দিয়া নাই নহয় মই। হেৰি নহয় কথা পাতি থাকোতেই আপোনাৰ ফ্রেণ্ডলিষ্টখন চেক কৰিলো মই। এই যে নন্দিনী, কাকলি বুলি ধুনীয়া ছোৱালী দুজনী আছে বহুদিনৰ পৰা চাই আছোঁ মই। সিহঁতৰ বিষয়ে অলপমান ইনফর্মেচন দিয়কনা এতিয়া।

আইঔ! মাৰিছে কিয়? .. আসস..নন্দিনী আপোনাৰ প্রেমিকা? কাকলি আপোনাৰ ভনী..
আৰে এৰি দিয়কনা.. আই ঔ দুখ পাইছোঁ।
তাতে কি হ’ল? অলপ আগতে বেলেগ ছোৱালীৰ কথা কৈ থাকোঁতে দেখোন মজা লৈ শুনি আছিল। এতিয়া আকৌ কি ভনী, প্রেমিকা গাইছে। আস! নামাৰিব..।

আসস নাকটো ভাঙিব ঔ এনেকৈ নামাৰিব। :'(

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *