লিমাৰিক – উদিত বৰুৱা
বিমুদ্ৰাকৰণত মৰিল হাজাৰটকীয়া,
নল মৰি গজালি দুহেজাৰটকীয়া,
চুটকেচতে ধৰিব দুই কোটি,
দুৰ্নীতিকাৰীৰ লাগিব জুতি,
(নক’লেও হ’ব) শাসক-দুৰ্নীতিৰ প্ৰেম পৰকীয়া।
স্বাধীন লোক বিপদজ্জনক ৰাষ্ট্ৰযন্ত্ৰৰ,
সততাৰে জীয়াই থকা অতি কষ্টকৰ,
অখিলহঁতক বন্দী কৰে,
গৌৰীহঁতক হত্যা কৰে,
বগলত ছুৰি, মুখত গান গণতন্ত্ৰৰ।
কালৰো কাল তদন্তৰ কাল,
দুৰ্নীতিৰ শিৰোনাম প্ৰশাসনিক পাল,
মূৰৰপৰাই গেলে মাছ,
বিষয়া ঘোচত পাছ,
বিচাৰিলেই হ’ব জানো কৰ্মচাৰী ভাল?
জুবিনদাই ভাল পায় খুঁটা বগায়,
বহুতেই তাতে হুৱা-দুৱাখন লগায়,
মাতিবলৈকো নেৰে,
বদনামো কৰে,
কোনোযে নহয় কম বুজিছে বুজায়।
গলধনত পেলাই লৈ দীঘলকৈ চুলি
ভাং খাই চিনাকি দিম শিল্পী বুলি,
এশ এটা বজাই বাদ্যযন্ত্ৰ,
মাজে মাজে চিঞৰি মাৰি দিম মন্ত্ৰ,
ধৰিবই নোৱাৰিব গালো কি বুলি।
☆★☆★☆
6:19 pm
সুন্দৰ ব্যংগ ৷ সাম্প্ৰতিক ঘটনাৰাজীৰে