ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা 

প্ৰথম ফোন কলটো পাইছিলো ৰিণ্টুমণি দত্তদাৰ পৰা। ফটাঢোল ই আলোচনীখনৰ এইমাহৰ সম্পাদক তুমি হ’ব লাগিব বুলি কওঁতেই হাত ভৰি কপি গৈছিল। এনেকুৱা এখন জনপ্ৰিয় আলোচনীৰ সম্পাদকৰ দৰে গভীৰ দায়িত্ব পালন কৰিবলৈ পাৰিম নাই ভাবিয়েই মনটো উগুল থুগুল লাগিছিল। ইয়াৰ পাছত দেৱজিতে ফোন কৰি কথাখিনি বুজায় দিলে। দেৱজিতৰ কথা আৰু সহযোগিতাত মনলৈ যথেষ্ট সাহস আহিল। ইয়াৰ পাছত আহিল বিভিন্নজনৰ প্ৰেৰণাদায়ক মেচেজ। সকলোৱে মনত উৎসাহ দিয়াত অপৰিপক্ক হাতেৰেই আলোচনীখনৰ কাম হাতত তুলি ল’লো। আৰম্ভ হ’ল এক বৰ্ণময় যাত্ৰাৰ।

আলোচনী এখনৰ মূল চালিকাশক্তি কিন্তু লেখক সকলহে। সেয়েহে এই, ছেগতে আলোচনীখনলৈ লেখা আগবঢ়োৱা সমূহ লেখক লেখিকালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ মূল্যবান সময় খৰচ কৰি আমাক কৃতাৰ্থ কৰাৰ বাবে অশেষ ধন্যবাদ। আনহাতে বৰ্ণাশুদ্ধিৰে অনবৰতে সহায়- সহযোগিতা আগবঢ়াই যোৱাৰ বাবে প্ৰণীতা গোস্বামী বাইদেউ, পৰিস্মীতা গগৈ, ৰিমঝিম বৰঠাকুৰৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’লো। তেওঁলোকৰ অবিহনে আলোচনীৰ লেখাসমূহৰ বৰ্ণাশুদ্ধিৰ দিশত এখুজো আগবাঢ়িবলৈ সক্ষম নহ’লো হয়। ইয়াৰ মাজতে ভাইটি স্বৰূপ দেৱজিতক বাৰে বাৰে ধন্যবাদ জনাও কাৰণ দেৱজিতৰ সাহসতেই আজি ইমান দূৰ আগবাঢ়ি আহিব পাৰিলো।

আন এক অনুজ প্ৰতিম ভাতৃ যোগেশ ভট্টাচাৰ্যইও ফোন কৰি যথেষ্ট খবৰ-বাতৰি লোৱাৰ লগতে বিভিন্ন ধৰণে দিহা পৰামৰ্শও দিলে। তাৰবাবে যোগেশ ভট্টাচাৰ্যলৈ ধন্যবাদ জনালো।

আনহাতে সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ পৰা সাক্ষাৎকাৰটো সম্পাদনা কৰি দিয়ালৈকে আৰু বিভিন্ন দিশত সহায় সহযোগ আগবঢ়াই যোৱাৰ বাবে দিগন্ত কুমাৰ ভট্টাচাৰ্যলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ।

পষ্টাৰ ডিজাইনিং আৰু প্ৰচাৰৰ বাবে চন্দন বড়ি আৰু যোগেশ ভট্টাচাৰ্যলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। 

বেনাৰ আৰু অলংকৰণৰ বাবে আৰাধনা বৰুৱা, দিগন্ত কুমাৰ ভট্টাচাৰ্যক ধন্যবাদ জনালো। এইবাৰৰ বেনাৰ দিগন্ত কুমাৰ ভট্টাচাৰ্যৰ লগতে দেৱজিত শৰ্মাই সজাই দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

আপলোডিংত দেৱজিত শৰ্মা, হেমন্ত কাকতি দাদা, ৰিমঝিম বৰঠাকুৰৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ। আনহাতে লেখা পি ডি এফৰ পৰা উইনিক’ডলৈ  কণভাৰ্ট কৰাৰ বাবে দিম্পল কলিতালৈ আন্তৰিক ধন্যবাদ জনালো। 

লেখা সম্পৰ্কীয় যিকোনো মাগ দৰ্শনৰ ক্ষেত্ৰত ৰিণ্টুমণি দত্তদা, হেমন্ত কাকতিদাদা আৰু অভিজিত কলিতাদাদালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

অৱশেষত মোৰ দৰে অপৰিপক্ক এগৰাকীয়েএইমাহৰ ফটাঢোল ই আলোচনীখনৰ সম্পাদকৰ দৰে গুৰু গম্ভীৰ পদবী এটা পালন কৰিব পাৰিম বুলি ভবাৰ বাবে ৰিণ্টুমনি দত্তদাক আন্তৰিক ধন্যবাদ জনালো। 

সদৌ শেষত ফটাঢোল ই আলোচনীখনৰ জয় যাত্ৰা কামনা কৰিলোঁ। দিনে দিনে যেন আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি পাই। লগতে আমাৰ অসমীয়া সাহিত্যৰ হাস্য ব্যঙ্গৰ জগতখনত যেন এই আলোচনীখনে খলকনি তুলিব পাৰে তাৰেই আশা ৰাখিলোঁ। ফটাঢোল ই আলোচনী সদায় অসমৰ সাহিত্য জগতত জিলিকি ৰওক।

 

ৰীতা লীনা সোণোৱাল

সম্পাদক,ফটাঢোল ই আলোচনী

ষষ্ঠ বৰ্ষ,চতুৰ্থ সংখ্যা

☆ ★ ☆ ★ ☆

4 Comments

  • ৰিণ্টু

    ব্যস্ততাৰ মাজতো আলোচনীৰ দ্বায়িত্ব লৈ আমাক উপকৃত কৰিলা। আন্তৰিক ধন্যবাদ ৰীতা

    Reply
  • আদিত্য

    ভাল লাগিল। এইকন সদায় প্ৰিয় ।

    Reply
  • হেমন্ত কাকতি

    ধন্যবাদ ৰীতা৷ কামখিনি সুকলমে কৰিলা৷

    Reply
  • কমলা দাস

    আঁৰৰ কথাখিনি পঢ়ি ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *