ফটাঢোল

কৌতুক- কাবেৰী মহন্ত

চাৰিটা পৰুৱা মদৰ নিচাত ঢলং পলং হৈ বাটেৰে গৈ আছিল। হঠাতে সন্মুখত এটা হাতী দেখা পাই সিহঁত ৰৈ গ’ল।

প্ৰথম পৰুৱাটোৱে ক’লে,

: ইয়াক মাৰিয়ে পেলাওঁ নেকি?

দ্বিতীয়টোৱে ক’লে,

: ধেৎ চিকা মাৰি হাত গোন্ধাওঁনো কিয়! এটা কাম কৰোঁ ইয়াৰ ঠেং কেইখনেই ভাগি দিওঁ। গম পাব আমি কি বস্তু!

তৃতীয়টোৱে ক’লে,

: এটা কাম কৰোঁ ইয়াৰ শুৰডালকে চিঙি পেলাওঁ ন’হলে!

চতুৰ্থটোৱে ক’লে,

: হেৰ’ ইজ্জত বোলা বস্তু এটা আছে‌ নহয়, বেলেগে শুনিলে কি বুলি ভাবিব! সি হ’ল অকলে আৰু আমি হ’লোঁ চাৰিটা।

বাদ দে চোন।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *