ফটাঢোল

আংবাং বেবেৰিবাং-সদানন্দ ভূঞা

আজিকালি কি হ’ল জানো,লিখা-মেলা কৰিবলৈ দেখোন বৰকৈ মনেই নোযোৱা হ’ল।’ফটাঢোল’ৰ পুৰণিখিনিৰ বহুতই চাগে মোক পাহৰি গ’ল।নতুনকৈ অহা সকলেনো ক’ত চিনি পাব! পিচে ফটাঢোলৰ ই-আলোচনীখনৰ বাবে ঢোল বজালে অমুকাৰো দেখোন এপাক বজাই চোৱাৰ হেঁপাহ জাগে।পিচে বজাওঁনো কি? বৰকৈ ফটাঢোল বজাবলৈ এৰাৰেপৰা মগজু দেখোন মামৰে খালে। তথাপিও আংবাং বেবেৰিবাং এচাপৰকে বজাই চাওঁচোন।আপোনাসৱে ভাল পালে হাত চাপৰি মাৰিলেহে ৰগৰ উঠিব দিয়কচোন।

                                   (১)

তিনি বছৰ আগৰ কথা।নিশা হেমন্ত কাকতিদেৱে দোকানৰ চাটাৰ বন্ধ কৰিবলৈ ওলাইছিল হে মাত্ৰ।এনেতে বুকুত চকু লগা দ’ত এটা সন্মুখত হাজিৰ। দ’তটোক চিগাৰেট এটা লাগে।কাকতিদেৱে যিমানেই দোকানত চিগাৰেট নেবেচোঁ বুলি কয় সিমানেই সি আঁকোৰগোজকৈ লাগে।যিমানেই মই চিগাৰেট নাখাওঁ বুলি কয় সি নামানে,নেৰে।তাৰ মুখত কাঁইটে নোখোৱা গালি।কাকতিদেউৰো উঠিল ফাই।

“কটা নিধক, চুৱা চেলেকা,মাউৰত মৰা,জহনীত যোৱা,শগুণে খোৱা… তোক কিমান বাৰ ক’ব লাগে,মই দোকানত চিগাৰেট বিক্ৰী নকৰোঁ আৰু নিজেও নাখাওঁ।একেপাত চৰত বুকুত থকা দুয়োটা চকুৱেই নোহোৱা কৰি দিম গম পোৱা নাই।”

দ’তটো ঠাণ্ডা হৈ ভয়তে কপিবলৈ ধৰিলে।চকু দুটা হেৰুওৱাৰ ভয়ত পেন্টৰ পকেটৰপৰা বিতচকুযোৰ উলিয়াই চকু দুটা ঢাকি থৈ দিলে।

“নহয় মানে মহাজন নহয় মানে চাৰ,বহুদিন চিগাৰেট এটা হুপিবলৈ পোৱা নাই বাবেহে আপোনাক আমনি কৰিলোঁ। বেয়া নাপাব চাৰ।মই সৌ হাবিখনৰ ডাঙৰ দ’ত।মই কৰিব নোৱাৰা কাম একোৱেই নাই।আপোনাৰ কিবা কাম থাকিলে আদেশ কৰক,তিলিকতে সমাধা কৰি দিম।”

কাকতিদেৱে মনে মনে ভাৱিলে….

“বিজয় মহন্তই মোৰপৰা এক লাখ টকা নিয়া আজি তিনিবছৰ হৈ গ’ল।ঘূৰাই দিয়াৰ নামেই নলয়। বিচাৰিলেও কিমান যে বাহানা!এইটোৱে কিজানি টকাখিনি উলিয়াই আনিব পাৰেই বা!”

কাকতিদেৱে আদেশ দিয়াৰ লগে লগে দ’তে বোলে….

 “সেইটো কিবা কাম হ’লনে!মই এই গ’লো,এই আহিলোঁ।”

লগে লগে কাকতিদেউৰ সন্মুখৰ পৰা দ’ত অন্তৰ্ধান।কিন্তু আজি তিনিবছৰ হ’ল….না দ’ত তেখেতৰ সন্মুখত,না টকা তেখেতৰ হাতত।কাকতিদেউ টকাখিনি ঘুৰাই পাবনে?

                                  (২)

দেৱজিত শৰ্মাই আজি চাৰি বছৰ আগতেই এদিন বজাৰৰপৰা হাঁহৰ মাংস এক কেজি কিনি আনিছিল। আহিবৰ পৰত আকাশত বেলি ডুবি জোনাক নামিছিল। আহোতে পোতা পুখুৰী এটা পাৰ হৈ আহিব লাগে।দেৱজিতে উমান পালে….কোনোবা এজন তেওঁৰ পিচে পিচে আহি আছে।উভতি চাই দেখে শীৰ্ণকায় মানুহ এজন থিয় হৈ আছে।পৰিচয় সোধাত কলে,সি বোলে সেই পোতা পুখুৰীত নিগাজিকৈ থকা এটা বাক।তাক মোনাত থকা মাছখিনি লাগে।দেৱজিতে কয়….সেইখিনি মাছ নহয়,মাংসহে।বাকে কয় মাছ;বাক নাচোৰবান্দা, তাক লাগিবই।দেৱজিতৰো উঠিল খং।তেওঁৰ খং উঠিলে মুখৰপৰা টু শব্দ এটাও নোলায়।পোনে পোনে হাত ভৰিৰ কচৰৎহে আৰম্ভ হৈ যায়।দেৱজিতৰ এটা কাণতলীয়া চৰত কোনো দিনেই চিকুট এটা খাই নোপোৱা বাকে দুচকুৰে ধোঁৱাকোৱা দেখি গ’ল। মুখেৰে ফুটা নুফুটাকৈ ক’লে…..

“ক’লে ভালকৈ দেখুৱাই ক’ব লাগে,এনেকৈ ক’ব নালাগে নহয়!”

দেৱজিত খঙতে গোৰ এটা মাৰিবলৈ লওঁতে বাকে দেৱজিতৰ দুভৰিত ধৰি আৰু নামাৰিবলৈ কাকুতি – মিনতি কৰি যেন-তেন ৰক্ষা পালে।দেৱজিতে মনে মনে ভাৱিলে…..যিটো কাম বিজয় মহন্ত বোলাজনে আজি চাৰি বছৰে সমাধা কৰি দিব নোৱাৰিলে সেইটো কাম পাৰে যদি ইয়াৰ হতুৱাই ফকটীয়াকৈ কৰি লোৱা যাওক। দেৱজিতে বাকটোলৈ চাই ক’লে….

“শুন তোক বাৰু মই ডাঙৰ  মাছ এটা খুৱাম,কিন্তু তাৰ আগতে তই মোৰ ডাঙৰ কাম এটা কৰি দিব লাগিব। মোৰ বিয়াখন পাতিবলৈ এজনী সৰ্বসুলক্ষণা কইনা বিচাৰি দিব লাগে।যি তি এজনী ছোৱালী বিচাৰি দিলে তোৰ এই লোকক ডকা-হকা দি মাছ খোৱা মুখখন চেপেটা কৰি পেলাম।কৈ থলোঁ বাপ্পেকে।কইনাজনী সাইলাখ লখিমী হ’ব লাগিব।মুখত অনবৰতে সৰস্বতী আই বিৰাজমান হৈ থকা হ’ব লাগিব।বেউলাৰ দৰে পতিব্ৰতা হ’ব লাগিব।জয়মতীৰ দৰে উদাৰ হ’ব লাগিব। পতি সেৱাই পৰম ধৰ্ম বুলি মানিব লাগিব।পতিৰ কোনো কথাতেই উগ্ৰ হ’ব নালাগিব।পতিয়ে কেতিয়াবা ঘটং টুপি ধৰি বেহুঁচ হৈ ঘৰলৈ আহিলে হাস্যবদনে পতিক কান্ধত ধৰি ভিতৰলৈ নি আলফুলে বিচনাত শুৱাই দিব লাগিব।

পিচে বাকটোৱে কইনা বিচাৰি যোৱা আজি চাৰি বছৰ হ’ল,বাকটোৰহে দেখাদেখি নাই।হ’লেও মোৰ অজ্ঞাতে তেনে সৰ্বসুলক্ষণা পত্নী তেওঁ পালেই বা ? ৰাইজে কিবা উমান পাইছে নেকি বাৰু?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *