হিৰো হ’ব কোন?-ডলী তালুকদাৰ
ছবি: হিৰো হ’ব কোন?
কাহিনী, সংলাপ, পৰিচালনা: ডলী তালুকদাৰ।
প্ৰযোজনা: পদ্মলোচন ভৰদ্বাজ
সংগীত: দেবজিত শৰ্মা
কেমেৰা: টবিবৰ ৰহমান
অভিনয়ত:
হেমন্ত কাকতি- হিমুদা
চিদানন্দ বৰা- গাওঁবুঢ়া
শংকৰজ্যোতি বৰা- শংকৰ
অগ্নিভ দত্ত- অগ্নিভ
সুকমাৰ গোস্বামী- সুকুমাৰ
দিম্পল কলিতা, যোগেশ ভট্টাচাৰ্য , নয়নমণি হালৈ, নীলাক্ষি কাকতি, পূৰ্ণময়ী মেধি, জয়শ্ৰী শৰ্মা, ৰাজশ্ৰী শৰ্মা, পূৰবী বৰুৱা।
অতিথি শিল্পী: ৰিন্টুমণি দত্ত, বিজয় মহন্ত, ৰামানুজ গোস্বামী , ভাস্কৰ জ্যোতি দাস, ভাস্কৰ শৰ্মা, কাবেৰী মহন্ত, ডাঃ পাৰ্থসাৰথি ভূঁঞা, ববিতা শৰ্মা,মুকুট ভট্টাচাৰ্য।
বিশেষ ভূমিকা: পদ্মলোচন ভৰদ্বাজ, অভিজিত কলিতা,সঞ্জীব ভট্টাচাৰ্য।
“শুনক শুনক ৰাইজ! অহা মাহৰ পঁচিশ বহাগত আমাৰ গাঁৱৰ লক্ষী মন্দিৰৰ কাষৰ ফিল্ডখনত ৰঙালী বিহু উপলক্ষে ……
এখনি নাটক আগবঢ়াব গাঁৱৰে যুব সংঘ ” উদিত সংঘ” ৰ যুৱক যুৱতী সকলে। যদি কোনো ইচ্ছুক পুৰুষ বা মহিলাই নাটকৰ চৰিত্ৰত অংশ ল’ব খোজে তেন্তে যোগাযোগ কৰক সংঘৰ চেক্ৰেটৰী হিমু কাকতিৰ লগত। আপোনালোকে তেওঁৰ ফোন নংত কথা পাতি ল’ব পাৰে নাইবা হোৱাটচ এপ যোগেও কথা পাতিব পাৰে। নম্বৰ হ’ল ৯৮৫৪……..”
মাইকত ঘোষকে চিঞৰি থকা অটোখন পাৰ হৈ গ’ল বকুলতলী গাঁৱৰ বাটেৰে।
কালভাৰ্টৰ ওপৰত বহি থকা অগ্নিভ, সুকুমাৰ আৰু দিম্পলে ডিঙি মেলি মেলি অটোখন নেদেখা হোৱালৈ চাই থাকিল। এনেতে সিমুৰৰ পৰা হঠাত জোৰেৰে চকা চোঁচৰাই চাইকেল খন ৰখালে যোগেশে। চাইকেলৰ কেৰিয়াৰত নয়নমণি।
” আইয়া মৈল্লু দে! লাহেকে চলাবাহা ভট্ট ” বুলি কৈ এক জাপ মাৰি নয়নমণি নামি দিলে।
যোগেশে চাইকেলৰ চকাটো আগলৈ দাঙি দি হিৰোহোণ্ডা বাইকৰ দৰে চ্চাল দি মুখেৰে ” চি- ই- ই-ই” বুলি ঘোৰাৰ দৰে শব্দ কৰি চাইকেল খন ৰখাই নামিলে।
” ই মোৰ পৰা কেতিয়াবা এনেকুৱা দগধা পিটন খাব নহয় কৈ দিছোঁ। চাইকেল চলাই বাইকৰ তাও দিয়ে খাৰখোৱাই”। অগ্নিভে লাহেকৈ সুকুমাৰক ক’লে।
সুকুমাৰ:- হাঁহি মাৰি “বাদ দিয়াহে! টেকেইনা চলিনা? এটু বয়সত হবোই দ্যা এনাই।”
ইতিমধ্যে নয়নমণিয়ে নতুনকৈ লোৱা ওৱান প্লাচ মোবাইলটো একে টানে টানি নি চোৱাত ব্যস্ত দিম্পলে। নয়নে ঘোপাকে চোৱা দেখিও সি নেদেখা ভাও ধৰি টপাটপ চেলফি উঠাত লাগিল প’জ দি।
যোগেশে লাহেকৈ কাষত বহি অগ্নিভৰ পিঠিত থপৰিয়াই দিয়ে আৰু কয়
” কিহে অগ্নিভ দা?আজি মাত চাত নাই দেখোন? নে নাটক কৰাৰ ধাণ্ডা কৰিছে আপুনিও? আপোনাক কিন্তু তামাম চ্চালিয়া লাগিব ভিলেইন হ’লে। হে হে হে।”
অগ্নিভ:- ভিলেইন হ’লে কিহৰ চ্চালিয়া লাগেহে? কথা ক’ব আহে। আৰু মই কিয় ভিলেইন হ’ম? যদি হ’ব লাগে হিৰো হ’ম। দেখাত মই কিবা বেয়া নেকি?
অগ্নিভে ভেঁকাহি মাৰি ক’লে। অগ্নিভৰ কথাত সুকুমাৰ আৰু নয়নমণি হাঁহিব ধৰিলে।
অগ্নিভ:- ইহ! হাঁহিব কিয় লগা হ’ল? মিছা কৈছো নেকি কিবা? মই কি দেখাত বেয়া নেকি? ওখই পাখই পাহোৱাল ডেকা। অগ্নিভে ক’লে।
যোগেশ:- অঁ অঁ। ওখই পাখই একদম দৈত্য যেন ফিগাৰ আপ্নাৰ দক। আপী গেলাই দেইখলি দাউৰ দে সেইকাৰণে। সৰু চ’লি মখাইটো আটাহ পাৰি দেই। যোগেশে দাঁত নিকটাই ক’লে।
অগ্নিভ:- চুপ একদম চুপ যোগেশ। ডাঙৰৰ আগত কেনেকে কথা কয় নাজান? থাপ্পৰত চুলি চিঙিম ধৰি।
অগ্নিভে খেদি আহোতে সুকুমাৰে বাধা দিয়ে।
সুকুমাৰ:- ইয়াৰ কথাও ধৰানে? গছত গৰু উঠা কথা এইটোৰ। সুকুমাৰে কয়।
” মই কোৱা নাইহে অগ্নিভ দা। বিজয় দাই কৈছিল সিদিনা। হে হে হে। “যোগেশে হাঁহি মাৰি অলপ পিছুৱাই আহি কয়।
“ভট্ট তোমাৰ কাম নাই আৰু ! যেইতে তেইতে ধেমালি কৰি থাকা।” নয়নে দিম্পলৰ পৰা ফোনটো টানি আনে।
দিম্পলে নয়নমণিক পেন্দোৱাকৈ চাই সৰুকৈ কয় ” ৰিলচ বনাই আছিলো দাদা”।
নয়ন:-এইবোৰ ৰীলচ চিলচ মোৰ মোবাইলত নকৰিবি শ্বুটিং। আৰু এই ফটোসোপা কাক কাক শ্বেয়াৰ কৰিছানো? এইবোৰ দেখোন নম্বৰ মোৰ কন্টেক্ট লিষ্টত নাইয়ে।
দিম্পল:- নহয় মানে মোৰ ফেৰেন হয় ইহঁত। দিম্পলে সেঁহাই সেঁহাই কয়।
নয়ন:- ফেৰেন নে ফেৰেননী? দুনীয়াৰ ছোৱালীৰ ডিপি দেখোন? হে হৰি তই সিহঁত মখাৰ নম্বৰ মোৰ মোবাইলত চেভ কৰিছ? এতিয়া ঘৰত দেখিলে মোৰ ফ্ৰেণ্ড বুলি নাভাবিবনে?
দিম্পল:- নাই নাভাবে। আপোনাতকৈ বহুত বহুত সৰু হ’ব। লাইক নিচ ( niece)।
নয়ন:- চকুৰ দোষ হৈছিনা কি? মোৰ ভতিজা হবো বাইচ তেইশ বছৰৰ আপী কেইটা। ইমানো বয়স হোৱা নাই মোৰ। বুজিছ?
সুকুমাৰ,যোগেশ আৰু অগ্নিভ হাঁহিত বাগৰি যায়।
অগ্নিভ: বুজিছা সুকু, এই বান্দৰ কেইটা থাকিলে বেলেগ নাটক চোৱাৰ প্ৰয়োজন নাই।
লাহে লাহে সন্ধ্যা নামে। দূৰৈত নামঘৰত দবা বজোৱা শুনা যায়।
সুকুমাৰে লাহেকৈ কালভাৰ্টৰ পৰা নামে। কেমেৰাই তেওঁক ক্ল’জআপত লয়।
” যাওঁ দিয়া দুটা টিউশ্যন আছে। কৰি আহোঁ।”
লগে লগে অগ্নিভেও উঠে।
“অঁ মোৰো অলপ লিখিব লগা কাম আছে। মইও গৈ থাকোঁ। কালি ক্লাবত লগ পাম দিয়া। শংকৰ আৰু হিমুদাকো আহিব কৈছোঁ। বিহু ফাংশ্যনৰ আলোচনা কৰিম।
ঐ পিলিঙা হঁত তহঁতে কি এতিয়াও আদ্দা দি থাকিবি নেকি? পঢ়া শুনা নাই মানে তহঁতৰ ?
অগ্নিভে নয়নহঁতক মিহি ধমকি দি কয়।
যা যা ঘৰত। কালি ক্লাবত আহিবি মিটিঙত।
দিম্পল: আহিম আহিম। টুইংকল হঁতৰ ঘৰত যাম নহয় কালি। ক্লাবৰ ওচৰতে ঘৰ তাইৰ।
সুকুমাৰ আৰু অগ্নিভে ঘোপাকৈ চাই খোজ লয়।
নয়ন আৰু যোগেশে চকু টিপিয়াই দুয়োলৈ চাই।
“তেনেকুৱা একো নাই দিয়ক নয়নদা। চকু টিপিয়াব নালাগে।” দিম্পলে লাহেকৈ কয়।
যোগেশে চাইকেলখন বাইকৰ দৰে আগ চকাটো দাঙি দিয়ে। কোন যাব মোৰ ৰাজদূতত উঠা।
দিম্পলে আগফালে আৰু নয়নে পিছফালে কেৰিয়াৰত বহে। লাহে লাহে আন্ধাৰত চাইকেল খন নেদেখা হয়।
২ য় দৃশ্য
” উদিত সংঘ”ৰ চাইনবোৰ্ড দেখা যাব। ভিতৰৰ পৰা একেলগে বহুকেইজন লোকৰ মাত শুনা যাব। কেমেৰা আগবাঢ়িব ভিতৰলৈ। প্লাষ্টিকৰ চকী কেইবাখনো, টেবুল দুখন থাকে। এখন কেৰম বোৰ্দ থাকে একোনত। টেবুল এখনৰ চাৰিওফালে চকী পাৰি অগ্নিভ, সুকুমাৰ, যোগেশ আৰু দুজন মানুহ বহি থাকে। এজন অলপ বয়সীয়া বাকী কেইজনতকৈ। পিন্ধনত জিনচ আৰু ৰঙা স্পৰ্টিং। তেওঁৰ কাষত আৰু এজন ডেকা কাল শেষ হও হও কিন্তু হেণ্ডচাম মানুহ এজন মানুহ বহি থাকে। তেওঁ বহি এখনত কিবা লিখি থাকে। লগে লগে তেওঁ কাষত বহা মানুহজনক মাত লগায়।
হিমুদা কথা এটা আছিল?
কোৱাছোন শংকৰ।
হেৰি নহয়! বিহুখন যদি বিজয়, ৰিন্টুদা, ভাস্কৰ, ৰামানুজহঁতে চলায় তেন্তে আমি নাটকখন এৰেঞ্জ কৰোঁ? কি কোৱা সুকুমাৰ আৰু অগ্নিভ?
অগ্নিভ: বেয়া নহয়। পিছে এক্টিং কৰিব কোনে ? নাটক লিখিব কোনে?
হিমুদা: নাই সিহঁতে আমাৰ লগত যোগ নহ’ব। সিহঁতে নিজাকৈ কৰাত প্লেন বনাইছে। ওলোটা আমাৰ নাটক বেয়া কৰাতহে লাগি আছে বুলি মই শুনিছোঁ।
সুকুমাৰ: নাটক লিখাৰ কথা ভাবিব নালাগে। আমাৰ নয়নৰ বায়েক এজনী আছে। তাই লিখি থাকে মাজে মাজে কিবা কিবি। তাইক ক’ম মই।
শংকৰ: অঁ হয় নেকি? কৈ চোৱা নহ’লে।
মাজতে যোগেশে টপককৈ মাত লগায়।
“নয়নৰ বায়েক ন? ডলী নাম যে? ওৰ নালে ত’ৰ নালে মিলাই লিখে যে? তামাম ৰোমান্টিক নাটক লিখে। সাপ বেঙৰ প্ৰেমৰ কাহিনীৰো নাটক লিখেহে। মই এবাৰ স্ক্ৰিপ্ট এখন পঢ়িছিলোঁ। বাপ্পাঐ সেখান পঢ়ি এসপ্তাহ মান শুবা পাৰা নাইছলু। চকু মুজি দিলিয়ে সাপ মাখা ভাঁহি উঠে।”
অগ্নিভ: ঐ ল’ৰা। তোৰ মুখৰ মানে লাগ বান্ধ নাই। নয়নে শুনিলে বেয়া নাপাব নেকি?
সুকুমাৰ: ইমান বৈয়াও নেলখে দ্যা? মই চাইছো তেওঁ লিখা দুখন মান নাটক। আৰু আমাৰ বাজেটো চাব লাগিব নহয়।
শংকৰ: অঁ, নামী নাট্যকাৰে লিখিলে মাননি লাগিব ন? আমাৰ ক’ত ইমান পইচা আছে ফাণ্ডত।
হিমু: যিয়ে নিলিখক মোক কিন্তু মেইন ৰ’ল লাগিব।
শংকৰ: হিমুদা হাঁ হাঁ হাঁ।
আটাইকেইজনে হাঁহে। এনেতে নয়ন সোমায়। হাতত বিস্কুট আৰু মিঠাইৰ পেকেট।
নয়ন: চাহ লৈ আহিলনে দিম্পলে? মই চাহৰ লগত খোৱা নাস্তা আনিছোঁ।
অগ্নিভ: ক’ত আহিল দিম্পল? দুইঘন্টা হ’ল তাৰ খবৰে নাই এতিয়াও। একদম দায়িত্ব নাই ল’ৰাজনৰ।
যোগেশ: সি টিংকল না কি নাম তাঁহাতৰ তাতে গেছি। কালিয়ে কৈছিল দুখুন। পাহেল্লাক কিজানি।
নয়ন: ইমান পিয়াহ লাগিছে। মই ইয়াত চাহ খাম বুলি ঘৰতো নাখালোঁ। বা আৰু মায়ে কৈছিল।
হিমুদা: তোমাৰ বাইদেউৱে বোলে বৰ ধুনীয়া নাটক লিখে হয়নে? আমাৰ সংঘৰ পৰা নাটক যে কৰিম তাৰ বাবে লিখিব কোৱানা।
নয়ন: কিবা কিবি লিখি থাকে। পিছে মই আজিলৈ তাই লিখা নাটক চোৱা নাই। মই ক’ম দিয়ক।
যোগেশ: নয়ন বাইদেউক ক’বা অগ্নিভদাক ভিলেইনৰ পাৰ্ট দিবাকলেগি।
অগ্নিভ: হিৰোৰ বাবেও দিব পাৰে। মই কি বেয়া নেকি?
হিমু: হিৰোত মইও ফিট হ’ম ৰ’বা।
সুকুমা্ৰ: মোকো বেয়া নালাগিব চাগে।
যোগেশ আৰু নয়নে কয় আমিও মিলিম।
এনেতে দিম্পলে সোমাই আহে। হাতত চাহৰ ফ্লাক্স এটা।
দিম্পলে সোমায়ে কয়
” মই হিৰোইন বিচাৰি দিৱ পাৰিম।”
তই এতিয়াহে আহিব সময় পালি নেকি? শংকৰে কয়।
লাইট অফ হয়।
৩য়
আবেলি সময়। ক্লাবত সকলো সদস্যৰ লগতে গাওঁবুঢ়া সহিতে গাৱৰ কিছুলোক উপস্থিত থাকে। সমুখত চকীত গাওঁবুঢ়া চিদানন্দ বৰা, পঞ্চায়তৰ মেম্বৰ মুকুট ভট্টাচাৰ্য আৰু হেমন্ত কাকতি, সুকুমাৰ, অগ্নিভ, শংকৰ বহি থাকে। সমুখত গাঁৱৰে ছোৱালী নীলাক্ষি, পূৰ্ণময়ী, ৰাজশ্ৰী, পূৰবী ৰাইজৰ ফালে বহি থাকে।
নয়নমণি, যোগেশে মিটিঙত অহা ৰাইজক চাহ, বিস্কুট বিলাই আছে। এজনী সৰু ছোৱলীৱে চাহৰ ট্ৰেখন লোৱা দেখি দিম্পলে তাইৰ হাতৰ পৰা কাঢ়ি লয়।
নীলাক্ষি আৰু পূৰ্ণময়ীয়ে মাজে মাজে ল’ৰা বোৰলৈ বেঁকা বেঁকিকে চাই হাঁহি দিয়ে।
হিমুদাই ছোৱালী বোৰৰ মাজত কাৰোবাক বিচাৰি থাকে।
পূৰ্ণময়ী: সৌ হিমুদালৈ চাছোন নীলা। আমিবোৰ থাকোতে সেইটোৱে বেলেগ কোনোবাকহে বিচাৰি আছে। আমাৰ ফালে চোৱাই নাই।
নীলাক্ষি: আছে চাগে চিনেমাৰ হিৰোইন যেন জিনচ পিন্ধা মডাৰ্ণ ছোৱালী বিচাৰি। আমাক এনেকে ইগনোৰ কৰে যেন নিজে পয়ত্ৰিশ বছৰীয়া ডেকাহে।
পূৰ্ণময়ী: ইহ! পয়ত্ৰিশ বছৰীয়া আদহীয়াহে। ক’তনো ডেকা পালি তই?
নীলাক্ষি: হাৰে আমাৰো বয়স ত্ৰিশ, বত্ৰিশ হোৱা নাই জানো? মিলাইছো আকৌ আমাৰ লগত।
পূৰ্ণময়ীয়ে নীলাক্ষিক চাই থাকে।
পিছফালৰ পৰা ৰাজশ্ৰীয়ে ফুচফুচাই কয়:
মই শুনিছো আপোনালোকে কি কথা পাতিছে। হি হি হি।
নীলাক্ষি: চুপ থাক। ডাঙৰৰ কথাত কিয় কাণ দিছ?
এনেত মাইকটো হাতত লৈ গাঁৱৰ সৰু ডাঙৰ সকলোৱে মতা হিমুদাই ঘোষণা কৰিবলৈ ধৰে।
হিমুদা: ৰাইজ আপোনালোকে গম পাইছেই নিশ্চয় যে এইবাৰ বিহুত আমি বিহু ফাংচন এদিনীয়াকৈ কৰিম আৰু পিছদিনা এখন নাটক মঞ্চস্থ কৰাৰ কথা ভাবিছোঁ। গতিকে আপোনালোকে দলে বলে চাবলৈ অহাৰ লগতে সহযোগ কৰিব লাগিব, দান বৰঙণি অলপ দিলে ভাল লাগিব।
মাইকটো শংকৰৰ হাতত দিয়ে হিমুয়ে।
শংকৰ: ৰাইজ আমি এখন পূৰ্ণাংগ নাটকে কৰিম বুলি ভাবিছোঁ। নাটক লিখিব আমাৰ গাঁৱৰে ভনী এজনীয়ে। ডলী নাম তাইৰ। বৰ ধুনীয়া নাটক লিখে।
হঠাতে পূৰবীয়ে ৰাইজৰ মাজৰ পৰা মাত দিয়ে।
” সেই যে একতা কাপুৰৰ দৰে অ’ৰ এক লাইন ত’ৰ এক লাইন মিলাই লিখে যে তেখেতনে? একতা কাপুৰে এবাৰ হিৰো হিৰোইনক মাৰি প্লাষ্টিক চাৰ্জাৰী কৰাই। এখেতে হিৰো হিৰোইনৰ লগতে ভিলেইনক পাচ ছবাৰকৈ মৰিব দি প্লাষ্টিক চাৰ্জাৰী কৰায়।”
শংকৰে সেমেনা সেমেনি কৰে।
নয়নে আহি মাইকটো লৈ কয় :
” হলিও আমাৰ বাইৰ দৰে চিনেমা কোনো লেইখবা নৰে। একে ৰাতিতে লেখে। যি টি নকব। কিবাকে তাই বটা নোপোৱাকে আছে। অৱশ্যে বহুতে তাইক হিংসা কৰে গাঁৱৰে কিছুমানে”।
নয়নে নীলাক্ষি, পূৰবী, পূৰ্ণময়ীৰ ফালে কেঁৰাকৈ চায়। সিহঁতৰ মুখ বেঁকা কৰা কেমেৰাই দেখুৱাব।
যোগেশে টেপেতকৈ কয়:
“বানান ভুল কৰে না বাই দুটামান? নহ’লি তাইৰ নাম ৰৈ বৈ গেল হোয়। সেই কাৰণে বটা প্যনাই আমাৰ বাই।”
এনেতে কেমেৰা হিমুদাৰ ওচৰত নিব।
হিমু: বানান ডাঙৰ কথা নহয়? কাহিনী মেইন। আবেগিক হ’ব লাগে, ৰোমান্টিক হ’ব লাগে। ফিলটো থাকিব লাগে। যিটো তেওঁৰ কাহিনীত আছে।
নীলাক্ষি: উম।
পূৰ্ণময়ী: যিহে কাহিনী লিখে গোটেই।
ৰাজশ্ৰী : মই আকৌ শুনিলোঁ।
ইমান সময়ে ভেবা লাগি কথা শুনি থকা জয়শ্ৰীয়ে মাত দিয়ে
” কি কথা পাতিছানো তোমালোকে? কাক দোষ নিদিয়ে? কোন বুঢ়া আৰু ডেকানো?”
ৰাজশ্ৰী : তই ভাষণ শুনি থাক আৰু ল’ৰা কেইটাক চাই থাক। হি হি হি।
জয়শ্ৰীয়ে ৰাজশ্ৰীক পেণ্ডোৱাকৈ চাই মুখ ঘূৰাই ভাষণ শুনাত লাগে।
সুকুমাৰ: অঁ..অঁ আধুনিক নাটক ল’ম আমি।
অগ্নিভ: একশ্যন থকা দায়লগ লিখিব দিবা নয়ন বায়েৰাক। আবে নাটকত যদি একশ্যন নাথাকে তেন্তে নাটকৰ মজা ক’ত হ’ব?
দিম্পল: ৰোমান্টিক হ’লে বেছি ভাল লাগিব। মোক হিৰো ৰ’ল দিলে ফালি দিম ৰোমান্টিক চিনত।
আটাইকেইজনে দিম্পলক পেণ্ডোৱাকৈ চায়।
হিমুদা: কিহৰ হিৰো হ’ব আহ পেণ্ডুকণা ল’ৰাটো। শিশু চৰিত্ৰত অভিনয় কৰিবি তই। মই কৰিলে ভাল দেখি ডেকা ল’ৰা। তোক ভাল লাগে নেকি?
যোগেশ: আপ্নি ডেকা ল’ৰা?
সুকুমাৰ আৰু অগ্নিভে হাঁহে।
হিমু: কি নহয় নেকি?
সুকুমাৰ: হিৰোইন কাক ল’ম? কাবেৰী মহন্তক লওঁ নেকি সিখন গাঁৱৰ?
হিমুদা: নাই নাই। তেওঁক মোৰ লগত নিমিলিব। তেওঁক হিৰোইনৰ বায়েক নহ’লে মাহীয়েকৰ ৰ’ল দিব লাগিব। মোৰ লগত অগ্নিভ হঁতৰ চুবুৰীৰ বাৰ্বী, আৰাধনা,ৰীতাহঁতহে মিলিব। কলেজত পঢ়ি থকা ছোৱালী ভাল লাগিব।
পূৰ্ণময়ী আৰু পূৰবীয়ে সৰুকৈ কয়: আমিবোৰ কি মৰি গ’লো নেকি নিজৰ গাঁৱৰ গাভৰু কেইজনী?
নয়ন: জীয়েক যেন নালাগিব নে আপোনাৰ লগত হিমুদা?
নীলাক্ষিয়ে জোৰকৈ হাঁহে। হিমুই খঙেৰে চোৱাত নীলাক্ষিয়ে চুপ হৈ ৰয়।
হিমু: কি কোৱাহে? চলমান খান, শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ লগত কি আলিয়া, চাৰা খানক জীয়েক যেন লাগে নেকি? কথা কয়।
শংকৰ + সুকুমাৰ: মুঠতে ৰোমান্টিক নাটক এখন ল’ম। য’ত একশ্যন, ইমোশ্যন চব থাকিব।
এতিয়া নাটক লগতে কোনে কি চৰিত্ৰ ল’ব তাৰে বাছনি কৰোঁ। সকলোৱে মিলি ৰোমান্টিক একশ্যন থকা নাটক কৰাৰ কথাত হয়ভৰ দিয়ে।
ইমান সময়ে মনে মনে থকা গাওঁবুঢ়া (চিদানন্দ বৰা)ই কয়।
গাওঁবুঢ়া: হেৰি নহয় নাটক খন ধাৰ্মিক হ’ব ন?
দিম্পল: আপুনি ক’ত আছিল খুড়া ইমান সময়? আমি ৰোমান্টিক কিন্তু একশ্যনো থকা নাটক কৰিম। ধাৰ্মিক নাটক নকৰো দে।
গাওঁবুঢ়া : কিয় সাবিত্ৰী সত্যবান, ৰজা হৰিচন্দ্ৰ আৰু শৈব্যা, নল দময়ন্তীৰ কাহিনীৰ নাটক লোৱা। ধৰ্মীয় হ’ব, প্ৰেম কাহিনীও থাকিব আৰু ৰজা ৰাণী থকা কাহিনীত যুদ্ধ হয়েই। হৈ গ’ল একশ্যন। হেঁ হেঁ হেঁ।
যোগেশ: আমি নকৰো দে ৰজা ৰাণীৰ নাটক। ইমান মেকআপ আৰু ৰমক জমক কাপোৰ নিপিন্ধোঁ।
নীলাক্ষি, পূৰৱীয়ে কয় সৰুকৈ: বেয়া নহয়। মেকআপ, গহনাৰে ভালে লাগিব আমাক। ৰীলচ বনালেও আনকমন হ’ব ন?
শংকৰ: নাই, ৰয়েল ড্ৰামা নকৰোঁ। বহুত খৰছী হ’ব। কাপোৰ, মেকআপ মেন, গহনা চব ভাৰা বহুত ল’ব। কম বাজেটৰ নিজৰ বস্তু ব্যৱহাৰ কৰিয়ে নাটক কৰিম। কেৱল আমি পুৰস্কাৰ এটা ৰাখিম ভাল অভিনয় কৰা জন বা জনীলৈ।
সকলোৱে সহমত জনায় ঘৰ যায়। ক্লাবৰ বাৰাণ্ডাৰ লাইট জ্বলি থাকে।
৪ৰ্থ
নাটকৰ ৰিহাৰ্চেল হৈ থাকে।
অগ্নিভৰ লগত গাওঁবুঢ়া (চিদানন্দ বৰা) দৃশ্য চলি থাকে। বাৰে বাৰে তেওঁ সংলাপ পাহৰা বাবে অগ্নিভৰ খং উঠে। গাওঁবুঢ়াই আকৌ এবাৰ প্ৰেকটিচ কৰো ৰ’বা বুলি কয়। সুকুমাৰে প্ৰমটাৰ হৈছে। নাটকৰ সংলাপ বোৰ মাতি গৈছে। গাওঁবুঢ়াই দায়লগ দি আছে।
সুকুমাৰ: শুনা ডেকাল’ৰা? মোৰ ছোৱালীক তোমাৰ দৰে ভিকহুৰ লগত বিয়া কেতিয়াও নিদিওঁ।
অলপ খঙত ক’ব খুৰা দায়লগটো( সুকুমাৰে ক’লে)
গাওঁবুঢ়া: শুনা ডেকাল’ৰা? মোৰ ছোৱালীক তোমাৰ দৰে ভিকহুৰ লগত বিয়া নিদিওঁ……………..
অলপ খঙত ক’ব দায়লগটো।
অগ্নিভ: খুৰা আপুনি অলপ খঙত ক’ব দায়লগটো বুলি কিয় কৈছে?
গাওঁবুঢ়া: কিয় সুকুমাৰে তেনেকৈ ক’বলৈ কৈছেছোন?
সুকুমাৰ:আপুনি দায়লগটো খঙত ক’ব লাগিব বুলিহে জনাইছোঁ। প্ৰম’টাৰে কৈ দিয়ে তেনেকৈ।
গাওঁবুঢ়া: হে হে মই আকৌ সেইখিনিও ক’ব লাগে বুলি ভাবিছিলোঁ।
সুকুমাৰ: আকৌ কওঁক দায়লগটো।
গাওঁবুঢ়া : (জোৰকৈ খঙেৰে )আকৌ কওঁক দায়লগটো। হৈছেনে এইবাৰ।
শংকৰ আৰু সুকুমাৰে হাঁহে।
অগ্নিভে ৰিহাৰ্চেল কৰা ঠাইৰ পৰা আহি দূৰত থকা চকী এখনত বহে।
এনেতে নীলাক্ষি, পূৰ্ণময়ী,জয়শ্ৰী সোমাই আহে।
নীলাক্ষি: সুকুমাৰ দা আমাৰ ৰিহাৰ্চেল কেতিয়া আৰম্ভ হ’ব। সেই তিনিটাতে আহিছোঁ। ছয় বাজিবৰ হ’ল। যাবৰে হ’ব ঘৰত।
পূৰ্ণময়ী: মোক সাতটাৰ আগতে দেউতাই ঘৰ পাব দিছে। কালিও চাৰে আঠ বাজিছে। এনেকৈ দেৰী কৰিলে মোক নাটক কৰিব নিদিব।
সুকুমাৰ: তোমালোকৰ গোটেই কেইজনীৰ একেলগে আছে দুটা দৃশ্যত। নয়ন, দিম্পলৰো আছে লগতে। পিছে ৰাজশ্ৰী আৰু পূৰবী ক’ত?
নীলাক্ষি: ৰাজশ্ৰী টিউশ্যনৰ পৰা বাহিৰে বাহিৰে সোমাব। মই ফোন কৰিছিলো দাদাকক। পাবই আৰু থৈ যাব তেওঁ। পূৰবীৰ মোবাইল অফ আছে।
দিম্পলে মাত দিব: পূৰবী বাইক মই এটা ল’ৰাৰ লগত বাইকত কৰবাত যোৱা দেখিছোঁ।
নীলাক্ষি আৰু পূৰ্ণময়ীয়ে চকুৱে চকুৱে কিবা ইংগিত দিয়ে।
জয়শ্ৰী : কি হ’ল হা কি হ’লনো পূৰবীৰ?
নীলাক্ষি: তুমি কোন দুনীয়াত থাকাহে মাজনী?
শংকৰ: এইবাবে খং উঠে মোৰ। সময়ত মানুহবোৰ নাহে আৰু পিছত দেৰী হ’ল, মোৰ ৰিহাৰ্চেল নহ’ল বুলি কান্দিব। ঐ তহঁত তিনিজনীৰ এই নয়ন, যোগেশ আৰু হিমুদাৰ লগত আছে নহয় এটা চিন। সেইখিনিকে কৰ প্ৰেকটিচ। ধুৰ…. এইকাৰণে লিড নলও একো।
এনেতে পূৰবী আৰু ৰাজশ্ৰী সোমাই আহে। ৰাজশ্ৰীৰ হাতত কিতাপৰ বেগ আৰু পূৰবীৰ হাতত গিফটৰ টোপোলা।
পূৰবী: চৰী গাইজ, অলপ দেৰী হ’ল? অলপ ইম্পৰটেন্ট কাম আছিল। so…late হৈ গ’ল।
পূৰ্ণময়ীয়ে নীলাক্ষিক ফুচফুচাই কয়: জানাো দে কি ইম্পৰটেন্ট কাম। নতুন বয়ফেৰেনৰ লগত ডেটিং মাৰি আহিছে তাকে ক’ব লাজ লাগে তাইৰ।
নীলাক্ষি: উম। বেছি কৰে অলপ। কথাৰ সুৰ দেখিছানে নাই? দুটামান ৰীলচ বনাই ইউ টিউবাৰ সুৰত কথা কয় আজিকালি।
শংকৰে দুয়োকে কথা পতা দেখি ধমক দিয়ে।
শংকৰ: তহঁত দুজনী কি ফুচফুচাই আছ? নাহ কিয় এইফালে দায়লগ ক? ৰাজশ্ৰী আৰু পূৰবী তহঁতে ৰেদি হ। আৰু ল’ৰা কেইটা ক’ত গ’ল? চব হোপলেচ বোৰ লগ লাগিছ।
ৰাজশ্ৰীয়ে কন্দনামুৱাকৈ কয়: মই সদায় টাইমত আহো। আজিহে দেৰী হ’ল।
গাওঁবুঢ়া: মোৰ আৰু দায়লগ আছেনে?
অগ্নিভ: খুৰা আপোনাৰ আজিৰ বাবে হ’ল। মোৰ মুখ বিষাইছে এটা দায়লগে পচপন্ন বাৰ মাতি। আপুনি ঘৰত যাওঁক খুৰা।
সুকুমাৰ: হো খুৰা, দায়লগ কেটা মুখস্থ কৈৰব ঘৰত অলপ।
গাওঁবুঢ়া: এহ নাযাওঁ ৰ’বা ঘৰত। এই মাইনাহঁতে দায়লগ ক’ব নহয় এতিয়া। অলপ চাই দিও। ভুল হ’লে শিকাই দিম।
শংকৰ: নালাগে খুৰা নালাগে। হ’ব আমি যি পাৰো কৰিম আৰু। আপুনি যাওক আজিৰ বাবে।
গাওঁবুঢ়া যায়। বাকীবোৰে ৰিহাৰ্চেল কৰে।
৫ম খণ্ড
দুপৰীয়াৰ সময় দেখুৱাব। গাওৰ ল’ৰাবোৰে মঞ্চখন ৰাতিৰ নাটকৰ বাবে সাজি থাকে। এজন ওখ, দাঁড়ি থকা অলপ কম চুলি থকা চকুত চানগ্লাচ পিন্ধা, টাইট ফিটিং জিন্চ পিন্ধা পুৰা হিৰো চ্চালত থকা মানুহে মঞ্চ সাজি থকা ল’ৰাবোৰক কিবা কিবি উপদেশ দি থাকে।
এনেতে মটৰ চাইকেলত শংকৰ আৰু সুকুমাৰ আহে। বাইকৰ পৰা নামিয়ে দুয়ো তেওঁৰ ওচৰলৈ যায়।
শংকৰ: ভৰদ্বাজদা আহিলে।
কেতিয়া পালে? সুূকুমাৰ এইয়া ভৰদ্বাজ দা। এখেতে আমাৰ নাটকৰ প্ৰডিউশ্যাৰ।
মানুহজনে ঘুৰি দিয়ে। এই চৰিত্ৰটো কৰিব পদ্মলোচন ভৰদ্বাজে।
ভৰদ্বাজ: অঁ অলপ টাইম হ’ল। পিছে তোমালোকৰ এতিয়ালৈ ষ্টেজে সাজু হোৱা নাই দেখোন? সন্ধিয়া ছটা বজাত নাটক আৰম্ভ কৰিব লাগিব। এতিয়া বাৰ বাজিলেই।
সুকুমাৰ: নমস্কাৰ দাদা। আপোনাৰ কথা শুনিহে আছো এইকেইদিন। লগ পাই ভাল লাগিল। আৰু ষ্টেজৰ কথা চিন্তা নকৰিব। তিনি বজালৈ ফিনিচ হৈ যাব। পিছে কিবা খালেনে আপুনি?
ভৰদ্বাজ: নাই খোৱা ৰ’ব। মোক হিমুদাই তেওঁৰ ঘৰত মাতিছে। পিছে মোৰ কাৰখন দুজন ল’ৰাই লৈ গৈছে এতিয়ালৈ অনা নাই। দুটা চকাত পাম কমি আছে বুলি কৈ পাম দি আনো বুলি নিছে। দুঘন্টা হ’ল জানেনে?
শংকৰ: কোনে নিছে? মানে ল’ৰা দুজন কেনেকুৱা দেখিবলৈ?
ভৰদ্বাজ: এজনৰ মুৰত চুলি নাই কিন্তু দেখিব ধুনীয়া আৰু আনজন অলপ বয়স কম মৰমপগাকৈ। দুয়ো বোলে হিৰো নাটকৰ। নামটো এজনৰ য আখৰেৰে কিবা তেনেকৈ ক’লে।
এনেতে অগ্নিভ সোমাই আহে।
অগ্নিভ: যোগেশ আৰু দিম্পলক দেখিলো। পুৰা ধোঁৱা আৰু ধুলি সমানে উলিয়াই হুণ্ডাই চিটি এখন উৰুৱাই আহিছে। ক’ত পালে? খুণ্ডা যে নামাৰিব কৰবাত সন্দেহ নাই।
সুকুমাৰ আৰু শংকৰে মুখলৈ চায়। দুয়ো একেলগে কয় ” খালে আজি আমাক”।
অগ্নিভক কথাখিনি কয় ভৰদ্বাজে নুশুনাকৈ। অগ্নিভে খঙ কৰি ফোন লগাই কাৰোবাক।
” দুয়ো এতিয়াই আহিবিনে কাণ তলীয়া দি লৈ আনিম বিচাৰি গৈ। হিৰো ওলাইছ?”
নয়নে দৌৰি আহে।
নয়ন:শংকৰদা, অগ্নিভ দা কথা এটা হ’ল?
দুয়ো একেলগে ” কি হ’ল?”
নয়ন: আমাৰ যোগেশ আৰু দিম্পলে এখন গাড়ী পথাৰৰ হোলা এটাত নমাই দি ফচি আছে। দুয়ো কিবাকৈ নামিছে কিন্তু বোকাৰ পৰা গাড়ীখন উলিয়াব পৰা নাই।
সুকুমাৰ: খালাক এহাতে আজি আমাক। এই যোগেশৰ বৰ তেল। কি দৰকাৰত গাড়ীখান নিবা লাগা হৈছি?
শংকৰ: মই নোৱাৰিছো আৰু? ইমান টেনশ্যন লৈ এইবোৰ নাটক, ফাংচন পাতিব নোৱাৰি দেই।
অগ্নিভ: মই এনেই এই যোগেশক দুচাটমান দিম বুলি নকওনে? ইয়াৰ লগত থাকি সৌ দিম্পলৰ দৰে সৰু ল’ৰাটোও ৰসাতলে গ’ল। মানে কি হ’ব এতিয়া প্ৰডিশ্যাৰে গম পালে?
এনেতে ভৰদ্বাজ আহে।
“হেৰি মই যাও এতিয়া। হিমু দায়ে ফোন কৰি আছে। লাঞ্চ ৰেদি হৈছে বোলে। আপোনালোকৰ এজনে মোৰ লগত ব’লক। ঘৰটো দেখুৱাই দিব। কিন্তু মোৰ কাৰখন আহি পোৱা নাই যে। কেনেকৈ যাম।”
সুকুমাৰ: মই যাম দিয়ক। দাদা আমাৰ ইয়াতে চাইকেলৰ চকাত পাম দিয়া দোকানহে আছে। চাৰিচকীয়া চকাত পাম দিয়া দোকানখন অলপ যাব লাগে গাৱৰ পৰা। প্ৰায় টাউনৰ ওচৰত। ইহঁতে ক’ব নাজানিলে।
ভৰদ্বাজ: হোৱাট? পিছে মই অলপ টাউনত যাম আৰু নাটক আৰম্ভ হোৱাৰ আগে আগে আহিম। দেৰি হ’বছোন?
অগ্নিভ: দাদা গাঁৱৰ নাটক আঠমান বজাতহে আৰম্ভ হয়। মানুহবোৰে ভাত পানী খাই আজৰি হৈ আহে। গতিকে চিন্তা নকৰিব। ইমান জল্দি কোনো নাহে। পিছে হিমুদাই আলহী মাতি নিজে আগবঢ়াই নিব লাগিছিল।
শংকৰ: মোক ফোন কৰিছে। তেওঁ ‘বিজয় হেয়াৰ এণ্ড স্কিন কেয়াৰ’ত ফেচিয়েল কৰিব গৈছে ৰাতিৰ নাটকৰ বাবে। মোক ফোন কৰিছিল আৰু আমাৰে এজনক নিব দিছে।
অগ্নিভ আৰু সুকুমাৰে হাঁহে।
অগ্নিভ: আপুনি সুকুমাৰৰ লগত যাওঁক। আমি গাড়ীখন তাতে দি আহিম।
দুয়ো যায়। সুকুমাৰে ৰিক্সা এখন মাতি তাতে বহি প্ৰদিউচাৰক লৈ যায়।
৬ষ্ঠ
পথাৰৰ মাজৰ বোকাৰ পৰা গাড়ীখন ৰছি বান্ধি শংকৰ, অগ্নিভ, যোগেশ, দিম্পল, নয়ন আৰু গাৱৰ দুজনমান ল’ৰাই প্ৰডিউচাৰৰ গাড়ীখন কোনোমতে উঠাই আনে।
ৰাস্তাত থিয় হৈ থকা মানুহবোৰ আৰু সৰু ল’ৰা ছোৱালীবোৰে হাত চাপৰি বজাই চিঞৰি দিয়ে। শংকৰ, অগ্নিভ আৰু নয়নে ৰাস্তাতে শুই দিয়ে ভাগৰত।
শংকৰ: উফ….দুঘন্টা যুদ্ধৰ মুৰত কোনোমতে। ৰক্ষা গাড়ীখনৰ যে একো হোৱা নাই। নহ’লে প্ৰডিউচাৰক ওলোটাই আমি পইচা দিব লাগিল হয়।
অগ্নিভ: মোৰ আৰু নাটক কৰাৰ শক্তি নাই। মোৰ ভাগৰ দায়লগ বোৰ গাওবুঢ়াকে ক’ব দিবা। পাঁচ বাজি গ’ল দুপৰীয়াৰ পৰা। না ভাত না পানী পৰিছে পেটত।
যোগেশ: দাদা, মই যাও নেকি ঘৰত। প্ৰথম দৃশ্যটোত মঈ ওলাব লাগিব। ঘৰত গৈ কিবা অলপ খাই গা পা ধুই ৰেদি হওঁ।
দিম্পল: মোৰো দ্বিতীয় দৃশ্যতে আছে। মইও যাও নেকি? অলপ বাইদেউৰ পৰা খুজি ফেচপেক লগাম।
শংকৰ: চুপ…একদম চুপ দুয়ো। নাটকৰ কথা ভাবিব নালাগে মোৰ অক্ষয় কুমাৰ আৰু ৰণবীৰ কাপুৰ। আগতে এই বোকা লগা গাড়ীখন ভালদৰে ধুই চিকচিকিয়া কৰি দুয়ো লৈ আহ। তাৰ পিছত নাটক কৰাৰ কথা ভাবিবি।
অগ্নিভ: গাড়ী আগৰ দৰে কৰি লৈ আহ ভালে ভালে।
যোগেশ: দাদা আমি আহো খোজা নাছিলোঁ। সিখন গাঁৱৰ ভাস্কৰ শৰ্মাই আমাক জোৰ কৰি আনিছিল। তাৰ বহুত আৰ্জেন্ট কাম এটা আছিল বাবে।
অগ্নিভ: সিখন গাঁৱৰ ল’ৰাই আমাৰ গাঁৱৰ ল’ৰাক কিহৰ কামৰ বাবে মাতে। নাজান নেকি সিখন গাৱৰ ৰিন্টুমণি, ৰামানুজ, ভাস্কৰ দাস আৰু বিজয়ে আমাৰ লগত জেদ কৰি নাটক বেয়া কৰিব ওলাইছে। সিহঁতে এই শৰ্মা বোলা ল’ৰাটোক লগাই দিছে।
শংকৰ: এই ভাস্কৰ শৰ্মা মোৰ কোলাতে খেলি ডাঙৰ হোৱা জানানে? সৰুতে তাক বদমাচি কৰিলে সৰৌপকৈ বেতেৰে দিছিলো পিঠিত। কাণচেপা দিছিলোঁ। এতিয়া সি মোৰ মুখৰ আগত বাইকৰ ধোঁৱা উৰুৱাই যাইহে?
নয়ন: দাদা কিবা খেলিমেলি কৰাৰে চেষ্টা কৰিছে যেন পাওঁ। নহ’লে হঠাতে আমাৰ গাঁৱৰ এই মুৰ্খ দুটাক লগ নধৰে। বাকীবোৰে সিহঁতৰ কথাত ভোল নাযায় বুলি জানে যে?
দিম্পল: আচলতে ভাস্কৰ দাই সিটো চুবুৰীৰ ববিতা নামৰ ছোৱালী এজনীক ভাল পায়। তাইক আজি পলাই লৈ অহা কথা আছিল। সেইবাবে আমাক সহায় কৰিব মাতিছিল।
শংকৰ, নয়ন, অগ্নিভে একেলগে কি? বুলি চিঞৰে।
খালি খালি তহঁতে আমাক। ক’ত ছোৱালী জনী? আৰু সেই তীখৰ গুটিটো ক’ত? শংকৰে সোধে।
যোগেশ: তাই আজি নাযাও বুলি ক’লে। থিয়েটাৰ চাব এৰি নপলায় বোলে। পিছত যাব কেইমাহ মান পিছত। ভাস্কৰে গাড়ীখন বোকাত নামি যোৱাৰ পিছতে কিবাকৈ ওলাই মানুহ মাতিব যাও বুলি কৈ অহাই নাই।
অগ্নিভ: বুৰ্বকহঁত, মানুহ মাতিবলৈ নহয় তহঁতক বোকাত ডুবাই থৈ গ’ল। যাতে নাটক আমাৰ ফ্লপ হয়। গাড়ীখন মোৰ ঘৰলৈ লৈ আহ ঠেলি ঠেলি। চাবি দে মোক। আমাৰ ঘৰতে ভাতো খাবি।
যোগেশ: দাদা বল নাই গাত। চাবিপাত দিয়ক।
শংকৰ: চুপচাপ আহি থাক।
৭ম দৃশ্য
মঞ্চত আঁৰ কাপোৰ পৰি থাকিব। নাটকৰ সেউজ গৃহত অভিনেতা অভিনেত্ৰী সকলে মেকআপ লৈ থাকে। গাওঁবুঢ়া ডাঙৰ আইনাৰ সমুখত বহি থাকে। মেকআপ আৰ্টিষ্ট মানে মুৱা সঞ্জীব ভট্টাচাৰ্যই তেখেতৰ মুখত মেকআপ ঘঁহি আছে। মুখত বিৰক্ত হোৱাৰ পুৰা চাপ। গাওঁবুঢ়া আৰু তেওঁৰ দায়লগ আহে।
মুৱা: খুৰা আৰু মেকআপ মই নোৱাৰো আপোনাক দিব। সম্পূৰ্ণ দুঘন্টা ধৰি মেকআপ সানিছে আপুনি। বাকীবোৰকো দিয়ক সুবিধা।
গাওঁবুঢ়া : হেহ! জীৱনত প্ৰথম নাটক কৰিম অলপটো চকুত পৰিব লাগিব। মানুহজনীও চাব আহিছে ন। হে হে।
মুৱা: খুৰা আপুনি যিমান মেকআপ সানিছে গোটেই পথাৰৰ আঠালেটিয়া মাটি সানা যেন হৈছে। চিনি পালেহে পোৱা আপোনাক মানুহজনীয়ে।
পিছফালে থিয় দি থকা পূৰ্ণময়ী, নীলাক্ষি আৰু ৰাজশ্ৰীয়ে কথা শুনি হাঁহে জোৰকৈ।
নীলাক্ষি: খুৰা উঠক। আমাকো সুবিধা দিয়ক। আপুনি দায়লগ কেইটা সৌ চুকৰ চকী খনত বহি প্ৰেকটিচ কৰকগৈ।
গাওঁবুঢ়া : বৰ সুন্দৰ দিহা দিছাহে আইজনী। বহা বহা। মই তাকে কৰোঁ।
নীলাক্ষি বহিব খোজে আৰু তেনেতে হিমুদা আহি চকী খনত থপকৈ বহে।
নীলাক্ষি: কি যে কৰে হিমুদা! তেতিয়াৰ পৰা ৰখি আছো জানেনে? গাওঁবুঢ়া খুৰাই ইমান জ্বলালে এতিয়া আপুনি বহিছে।
পূৰ্ণময়ী আৰু ৰাজশ্ৰীয়ে একলগে কয়:
হয় দে, আমি চাৰিটাৰ পৰা ৰখি আছোঁ। কিবাকৈ খুৰা উঠিছে চকীৰ পৰা। এতিয়া আপুনিও……. মোৰ নাচ এটাও আছে প্ৰথমতে।
হিমুদা: তোমালোকে মোৰ সমস্যাটো বুজা নাই। চোৱাছোন মোৰ অৱস্থা।
এইবুলি মাফলাৰেৰে ঢকা মুখখন হিমুদাই দেখুৱাই দিয়ে। তেওঁৰ গোটেই মুখখন হালধীয়া।
মুৱা: কিহে? জণ্ডিচ হৈছে নেকি আপোনাৰ?
ৰাজশ্ৰী : কি হ’ল আপোনাৰ?
হিমুদা: এহ…নক’বা। সৌ বিজয় বোলা ল’ৰাজনৰ বিউতি চেলুণত গৈছিলো। সি ধুনীয়া কৰি দিম বুলি কৈ মুখত কিবা ফেচপেক সানি এই অৱস্থা কৰিলে।
ৰাজশ্ৰী : আপুনি আৰু মানুহ বিচাৰি নাপালে? সি আমাৰ বিপৰীত পক্ষৰ মানুহ। সিখন গাঁৱৰহে ল’ৰা। গতিকে আপোনাক ধুনীয়া কিয় কৰিব?
পূৰ্ণময়ী: অঁ টো। সিহঁতে আমাৰ নাটক বেয়া কৰাৰ তালতে আছে। আপুনি যাব নালাগিছিল হিমুদা।
মুৱা: হ’ব দুখ নকৰিব। মই কি কৰিব পাৰো ঠিক কৰিম। সৌজনতকৈ ভালে দেখিব।
গাওঁবুঢ়াক দেখাই দিয়ে।
কেমেৰা গ্ৰীণ ৰুমৰ পৰা মঞ্চলৈ দেখাব। মঞ্চৰ তলত মিউজিক ডাইৰেক্টৰ, গায়ক গায়িকা, চাউণ্ড চিষ্টেমৰ মানুহ বহি থাকে।
তাৰ পিছত পেণ্ডেলৰ ভিতৰত বহুত মানুহ বহি থাকিব। শেষৰ গেলাৰীত কেইজন মান যুবক বহি থাকিব। মুখকেইখন মনিব নোৱাৰি। ছাঁ পোহৰ হৈ থাকিব কিন্তু মুখকেইখন ক’লা পৰি থাকিব।
ঘোষকে ঘোষণা কৰে ” আমাৰ আজিৰ সন্ধিয়াৰ নাট আৰম্ভ হ’ব খন্তেক পিছতে। নাটখনি ৰচনা ডলী তালুকদাৰৰ। নাটকৰ নাম ” হিৰো হ’ব কোন”। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী নাটক আৰম্ভ হোৱাৰ আগতে আমি মঞ্চ উদ্ধোধন কৰিম এগছি বন্তি জ্বলাই। আৰু বন্তি প্ৰজ্বলণ কৰিব আমাৰ স্থানীয় বিধায়ক পাৰ্থসাৰথি ভূঞাই। তাৰ পিছতে এটি নৃত্য পৰিবেশণ কৰিব আমাৰ কাষৰ গাঁৱৰ পৰা আমন্ত্ৰণ শ্ৰেষ্ঠ বিহুৱতী কাবেৰী মহন্তই। গতিকে ৰাইজ ধৈৰ্য ধৰক মাত্ৰ কিছু পল।
নাটক আৰম্ভ হয়। মঞ্চত দুজন আৰু নতুন অভিনেতাক দেখা যায়। শংকৰ আৰু সুকুমাৰ। গাওঁবুঢ়াই মাজে মাজে পাহৰি গৈ সকলোৰে দায়লগ কৈ শেষ কৰি থয়। অগ্নিভে মাজে মাজে দায়লগ কোৱাৰ চলেৰে ” আপুনি আনৰ মুখৰ কথা কাঢ়ি কৈ বৰ ভাল পায় ” বুলি সাৱধান কৰি দিয়ে।
পূৰবী ৰীলচ কৰি থাকোতে মঞ্চত উঠিব পাহৰি যোৱাত তাইৰ ভাগৰ দায়লগ খিনি জয়শ্ৰীয়ে ক’ব লগা হয়।
শেষত নাটকৰ সামৰণি পৰে। কেমেৰাই লাহে লাহে গেলাৰীৰ দৰ্শকলৈ আগুৱাই নিয়ে। ক্ল’জআপত কেইজনমান যুৱকৰ ক’লা পৰা মুখ দেখুৱায়। তেওঁলোক ক্ৰমে বকুলতলী গাৱৰ চুবুৰীয়াৰ গাও “ফটাতলী গাওঁ” ৰ ৰিন্টুমণি, বিজয়, ৰামানুজ, দিগন্ত, ভাস্কৰ দাস আৰু ভাস্কৰ শৰ্মা। এনেতে ভাস্কৰ শৰ্মাৰ মোবাইল বাজে আৰু স্ক্ৰীণত অভিজিত কলিতা নামটো জিলিকি উঠে।
ভাস্কৰ: দাদা মিচ্যন চাকচেচফুল নহ’ল। নাটক কৰিলে বকুলতলী গাৱৰ উদিত সংঘই।
সিটো পাৰৰ পৰা খং আৰু গালি মিহলি কন্ঠ আহে।
ভাস্কৰে পুণৰ কয়: দাদা সম্পূৰ্ণ নহ’লেও চল্লিশ শতাংশ সফল হৈছোঁ। আপোনাক ফটো এখন আৰু ভিডিঅ’ এটা পঠিয়াইছো চাওকছোন। হি হি হি।
মোবাইলত হোৱাটচ এপ নম্বৰ এটা খোলা দেখাব। ফটো এখন ওলাব। মোবাইলৰ মালিকে জুম কৰি চাব ফটোখন। আৰু ভিডিঅটো চাব।
মঞ্চৰ আঁৰকাপোৰ ধৰি দুয়োফালে দুজন ল’ৰা। যোগেশ আৰু দিম্পল। ভিডিঅ’টোত দেখা যাব দৃশ্য শেষ হোৱাৰ লগে লগে মঞ্চৰ আঁৰকাপোৰ খন দুফালৰ পৰা পেলাই দিয়ে আৰু দৃশ্য আৰম্ভ হোৱাৰ লগে লগে পৰ্দাখন উঠাই দিয়া কামটো যোগেশ আৰু দিম্পলে কৰি থাকে। দুয়োৰে মুখ দুখন ফুলি থাকে।
মোবাইলটো অফ কৰি হা হা হা বুলি মানুহ এজনে জোৰকৈ হাঁহে। আৰু তেওঁৰ মুখখন কেমেৰাই ক্ল’জআপত দেখাই এটা বেঁকা কূটিল হাঁহিৰে ” অভিজিত কলিতা” ॥
সমাপ্ত॥
☆ ★ ☆ ★ ☆
6:59 pm
বঢ়িয়া লাগিল ডলী
7:00 pm
খুব ভাল লাগিল ডলী