ফটাঢোল

ছাত্ৰজীৱনত প্ৰেৰণাৰ গুৰুত্ব-চাবিনা ইয়াচমিন

শিক্ষা হৈছে মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ৷ ই এক জীৱন জোৰা প্ৰক্ৰিয়া৷ এই গুৰুত্বপূৰ্ণ বিষয়টিৰ অবিহনে মানৱ জীৱন প্ৰায় অসম্ভৱ বুলিয়েই ক’ব পাৰি৷এই শিক্ষাই আমাক সমাজত সফলতাৰ দিশে আগুৱাই যোৱাত সহায় কৰে৷ শিক্ষাৰ ক্ষেত্ৰত প্ৰেৰণাৰ এক বিশেষ মহত্ব আছে৷ বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাই তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তদুপৰি প্ৰেৰণাৰ মহত্ব ছাত্ৰ জীৱনৰ অন্যান্য দিশতো আছে৷ সেয়া কেৱল শিক্ষাই নহয়; সংগীত, কলা, বিজ্ঞান নাইবা যিকোনো ক্ষেত্ৰত প্ৰেৰণাই তেওঁলোকক সফলতা প্ৰদান কৰে আৰু জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰিত কৰে৷ এই জগতত প্ৰতিজন ব্যক্তিৰে জীয়াই থকাৰ আঁৰত এক প্ৰেৰণা থাকে৷ যেতিয়াই ছাত্ৰসকলৰ এক মহান কৰ্ম কৰিবলৈ ইচ্ছা জাগ্ৰত হয় তেতিয়াই তেওঁলোকৰ মনত এক শক্তিৰ লহৰ উৎপন্ন হয়, যি তেওঁলোকক সেই কৰ্ম কৰিবলৈ প্ৰেৰিত কৰে৷ সেয়াই হৈছে ‘প্ৰেৰণা’৷ ই ছাত্ৰসকলক সংঘৰ্ষৰ দিশে আগুৱাই যাবলৈ প্ৰেৰিত কৰে, তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ মনক শক্তিশালী ৰূপত গঢ় দি মনৰ আত্মবিশ্বাস বঢ়ায়৷

ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা কিদৰে যোগাব পাৰি সেই বিষয়ে জানিবলৈ হ’লে আমি কিছুমান বিশেষ কাৰকৰ বিষয়ে আগতে জানি ল’ব লাগিব৷ প্ৰথম কাৰকটো হ’ল– ছাত্ৰসকলৰ স্বাভাৱিক ৰুচি আৰু আত্মসংশোধন৷ ছাত্ৰসকলক যেতিয়া অধ্যয়নৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ স্বাভাৱিকভাৱে প্ৰেৰণা যোগোৱা হয়, তেতিয়া তেওঁলোকে অধ্যয়নৰ প্ৰতি অধিক সংবেদনশীল হৈ পৰে৷ দ্বিতীয় কাৰকটো হৈছে ছাত্ৰজীৱনত একোগৰাকী উদাৰ আৰু উৎসাহী শিক্ষক বা শিক্ষয়িত্ৰীৰ যোগদান, যি ছাত্ৰসকলক নিৰন্তৰ প্ৰেৰণা যোগাব পাৰে৷

ছাত্ৰজীৱনৰ প্ৰেৰণা বঢ়াবৰ বাবে সংগঠনাত্মক সমৰ্থন আৰু সামাজিক সংবাদৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ৷ ছাত্ৰসকলক বিভিন্ন উদগনিমূলক কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে, যি তেওঁলোকক নতুন উদ্দেশ্য আৰু লক্ষ্যত উপনীত হোৱাৰ দিশে আগুৱাই যাবলৈ প্ৰেৰিত কৰে৷ ছাত্ৰসকলে তেওঁলোকৰ চৌপাশে থকা বিভিন্ন উদাহৰণৰপৰাও প্ৰেৰণা লাভ কৰিব পাৰে৷ ভাৰতীয় ইতিহাসৰ স্বাধীনতা সংগ্ৰামী নেতা মহামানব মহাত্মা গান্ধী, নেতাজী সুভাষচন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগত সিঙৰ দৰে নেতাসকল প্ৰৰণাৰ এক উৎকৃষ্ট উদাহৰণ৷

প্ৰকৃততে ‘প্ৰেৰণা’ ছাত্ৰসকলৰ এক অভ্যন্তৰীণ গুণ; কিন্তু এই গুণৰ বাহ্যিক প্ৰকাশৰ বাবে শিক্ষক আৰু সংগঠনৰ ভূমিকা লেখত ল’বলগীয়া৷ ছাত্ৰসকলক স্বাধীন আৰু সমৰ্থন সাপেক্ষ এক বাতাবৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে যাতে তেওঁলোকে নিজৰ প্ৰেৰণা চিনাক্ত কৰিব পাৰে আৰু নিজৰ সপোন পূৰ্ণ কৰিবলৈ শক্তি আৰু উৎসাহ লাভ কৰিব পাৰে৷ ছাত্ৰৰ প্ৰেৰণা বৃদ্ধি কৰিবলৈ সংবেদনশীল শিক্ষা ব্যৱস্থাৰ আৱশ্যক৷ এনে শিক্ষা ব্যৱস্থাই তেওঁলোকক বিভিন্ন বিষয়ত ৰুচি আৰু উৎসাহ প্ৰদান কৰে৷ শিক্ষা হ’ল নিৰন্তৰ উন্নতিৰ এক মাধ্যম আৰু প্ৰেৰণাশীল শিক্ষা ব্যৱস্থাই ছাত্ৰসকলক সমাজত সক্ৰিয় আৰু সফল নাগৰিক হিচাপে গঢ়ি তোলে৷

অৱশেষত এইদৰে ক’ব পাৰি যে, ছাত্ৰসকলৰ প্ৰেৰণা তেওঁলোকৰ ব্যক্তিগত লক্ষ্য, সমৰ্থন কৰোঁতা আৰু সামাজিক মান্যতাৰ সৈতে জড়িত হৈ থাকে৷ ছাত্ৰসকলৰ সপোন পূৰ্ণ কৰিবলৈ সমৰ্থন আৰু মাৰ্গদৰ্শন অতি প্ৰয়োজনীয় আহিলা, যি তেওঁলোকৰ প্ৰেৰণা বৃদ্ধি কৰাত সহায় কৰে৷ এই প্ৰেৰণা মানৱ জীবনৰ এক অভিন্ন অংগ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *