ফটা লিমাৰিক-ধনজিৎ বৰুৱা
ছন্দপতন
চকু থৈ দূৰবীণত বৰুৱাই আকাশলৈ পোনালে
নতুন তৰা উলিয়াম বুলি চাকনা অলপ বনালে
আধা বয়স গ’ল হেনো
সংসাৰত নতুনত্ব কোনো
নাই বুলি দুখত শ্ৰীমতীক কেইবাবাৰো শুনালে।
সামাজিক
হিতাধিকাৰীৰ অধিকাৰ নে প্ৰয়োজন ভোটদান
বাদ দে নিজৰ শ্ৰম সন্মান মূল্য দান
বাকী কথা আন গণ্ডিত
দেখুৱাও মই নিজক পণ্ডিত
নিয়ম নীতিৰে দেশ সেৱা সঁচাই যে বৰ টান।
☆ ★ ☆ ★ ☆