ফটাঢোল

বিচাৰক-নাজিয়া হাচান

:আৰে! পৰহিৰ পৰা ৰেহেনা বেগম বাইদেউক ফোন কৰি আছোঁহে! বাইদেৱে ফোন ৰিচিভেই নকৰে!

:কিবা কামত ব্যস্ত আছে চাগে। তই আকৌ কৰ। এই অলপ আগত কৰিছোঁ অ’। নধৰে ফোন।

: এটা কাম কৰোঁ তেনেহলে।

: কি?

:ব’ল, আজি আবেলি আমি বাইদেউৰ ঘৰলৈকে যাওঁ। তাতে ভালকৈ কথা পাতি আহিম।

:অ। বেয়া নহয় কথাটো। ওলাবি তেনেহলে।—বিহু সমিতিৰ লগত জড়িত অজয় আৰু প্ৰশান্তই ব’হাগ বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ বিহু নৃত্য প্ৰতিযোগিতাৰ বাবে মহাবিদ্যালয়ৰ অধ্যাপিকা ড:ৰেহেণা বেগম বাইদেউক বিচাৰক হিচাপে আমন্ত্ৰণ কৰিবলৈ ওলাল।

: বাইদেউ আছেনে?

: আছে।—কলিং বেলটো বজাই দিয়াত ঘৰৰ সহায়িকা গৰাকীয়ে আহি দুৱাৰখন খুলি ক’লে।

:বাইদেউ, যোৱাবাৰ যে বিহুৰ সময়ত ল’ৰা দুজন আহিছিল সেই দুজন আকৌ আহিছে।

: বহিবলৈ দিলানে?

: নাই দিয়া। বাহিৰতে ৰৈ আছে।

:যোৱা,ভিতৰত বহিবলৈ কোৱা। মই আহি আছোঁ।

: নমস্কাৰ বাইদেউ। ভালে আছে নে?

: নমস্কাৰ। ভাল ভাল। তোমালোকৰ ভাল ন?

: আছোঁ।

: বাইদেউ, এইকেইদিন আপোনাক আমি ফোন কৰি আছিলোঁ। আপুনি ব্যস্ত আছিল হয়তো।

: অ। অলপ ব্যস্ত আছিলোঁ। কোৱাচোন কি কথাৰ বাবে ফোন কৰিছিলা?

:বাইদেউ আপোনাক বিহু নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমন্ত্ৰণ কৰিবলৈ আপোনাৰ ঘৰলৈ আহিম বুলিয়েই ফোন কৰিছিলোঁ। আপুনি ফোনটো নধৰাত এইদৰে বিনা অনুমতি লৈয়ে গুচি আহিলোঁ।

: অ। একো নাই বাৰু। তোমালোক আহিছা মোৰ ভাল লাগিছে। কিন্তু তোমালোকে কৰা আমন্ত্ৰণ ভাগহে মই ৰাখিব নোৱাৰিম। অনুগ্ৰহ কৰি তোমালোকে যেন বেয়া নোপোৱা।

:কিয় বাইদেউ? আপোনাৰ আন ঠাইত আমন্ত্ৰণ আছে নেকি? যদি আন ঠাইত আমন্ত্ৰণ আছে আমি আমাৰ তাৰিখটো সলনি কৰি দিম।

: নাই নাই।মই এইবাৰ ব’হাগ বিহুৰ কোনো ঠাইৰ অনুষ্ঠানলৈ যাব নোৱাৰিম।এইবাৰ বিচাৰক হিচাপে আমন্ত্ৰণ কৰিবলৈ অহা কাৰো আমন্ত্ৰণ মই গ্ৰহণ কৰা নাই।

: অহঃ! কিন্তু কিয় বাইদেউ? কিবা অসুবিধা?

: অ। মোৰ শাৰীৰিক কিছু অসুবিধা আছে। মই নোৱাৰিম। সেয়ে বেয়া নাপাবা তোমালোকে।—বাইদেউৰ কথাত সিহঁত দুজনে তেওঁক বেছি একো জোৰ কৰিব নোৱাৰিলে। চাহ দুকাপ খাই বাইদেউক নমস্কাৰ জনাই দুয়ো ওলাই আহিল।

: সৰু সৰু কথাবোৰ ইমান মূৰত ভৰাই ল’লে তুমি সমাজৰ কোনো কামত আগবাঢ়িব নোৱাৰিবা ৰূহি। কমচেকম আজি অহা ল’ৰা দুজনক এনেকৈ ওভতাই পঠাব নালাগিছিল তুমি। সিহঁতৰ গাত কি দোষ আছিল। তুমি যিখিনি মানুহৰ বাবে আমন্ত্ৰণবোৰ না কৰিছা সিহঁততো এওঁলোক নহয়—ৰাতি ৰেহেনা বাইদেউৰ মানুহজনে বাইদেউক ক’লে।

: মই যি কৰিছোঁ ভাবি চিন্তিয়ে কৰিছোঁ। মোৰ ঠাইত আপুনি হ’লেও নিশ্চয় তেনে এটা সিদ্ধান্তই ল’লে হয়।

: ভুল বুজিছা মোক।ইমান সৰু সৰু কথাই মোৰ ডিঙিত ফাঁচী লগাব নোৱাৰে।

:সৰু কথা! যোৱাবাৰৰ ঘটনাটো মানে আপোনাৰ মতে সৰু কথা আছিল?

: একদম।

: বিচাৰকৰ সিদ্ধান্তত যদি প্ৰতিযোগীৰ অভিভাৱকে আঙুলি মূৰ জোকাৰি মোক দম দি যায়; সেয়া কি সৰু কথা?

: উফ! তুমি কথাবোৰ পকাই পকাই জিলাপি বনাই পেলাইছা? থাকে কিছুমান মানুহ উফাইদাং মৰা।সেই দুই এজনৰ কথাত তুমি এখন সমাজে দিয়া সন্মানখিনিক মোল নিদিবা নেকি?

: আজিকালি আগৰ দিনবোৰ নাই বুজিছে?আজিকালি শিষ্যই গুৰুক গুৰু বুলি জ্ঞান নকৰে। গুৰুক সিহঁতে হাতে কান্ধে ধৰি ঘূৰি ফুৰিবপৰা বন্ধু বুলিহে জ্ঞান কৰে। বাইক স্কুটি চলাই থকাৰ অচিলা লৈ দুই একেতো দূৰৰ পৰাই শিক্ষক শিক্ষয়িত্ৰীক বাটে পথে কেতিয়াবা লগ পালে হাত এখন ওপৰলৈ ডাঙিয়ে হেল্ল’ হাই কৰাদি সন্মান কৰে। বেছিভাগেতো দেখিলেও নেদেখা  ভাও লৈ কাষেদিয়েই বাইকখন উৰুৱাই গুচি যায়! কি অভিভাৱক কি ছাত্ৰ ছাত্ৰী, সকলো একেই। ব্যৱহাৰৰ কোনো লেকাম নাই।কিছুমান শিক্ষকো আছে ; যিসকলে ছাত্ৰ ছাত্ৰীৰ তেনে ব্যৱহাৰত বিশেষ কোনো গুৰুত্ব নিদিয়ে। বৰঞ্চ সময় সলনি হৈছে বুলি বহল অন্তৰৰ প্ৰমাণ দি চলে।বন্ধু হিচাপেই ছাত্ৰ ছাত্ৰীৰ সৈতে শিক্ষক শিক্ষয়িত্ৰীয়েও হাঁহে, মাতে, ধেমালি কৰে!কিন্তু মই সেই লেবেললৈ যাব নোৱাৰোঁ।গুৰুক আমি এতিয়াও গুৰু বুলিয়ে জ্ঞান কৰো।

: সেইটো বাৰু বেলেগ এটা দিশ!কিন্তু এইটোতো সেই দিশৰ লগত নিমিলে নহয়!

: কি কয় আপুনি? কেনেকৈ এইটো বেলেগ দিশ হ’ল? প্ৰতিযোগিতাৰ বিচাৰক এজন গুৰু সদৃশ হয়। বিচাৰকৰ বিচাৰক ভুল ধৰা মানে অপমান কৰা!ময়ো এসময়ত বিহু নাচিছিলোঁ। গোটেই অঞ্চলে মোক ভাল বিহু নাচনী আছিলোঁ বুলি এতিয়াও জানে। কিন্তু সেইবুলি ময়ো প্ৰত্যেকখন বিহু নৃত্য প্ৰতিযোগিতাত যে স্থান পাইছিলোঁ তেনেতো নহয়। দুই এক প্ৰতিযোগিতাত মই কোনো স্থান পোৱা নাছিলো। সেইবুলি মোৰ মা-দেউতাই বিচাৰকক আঙুলি লৰাই লৰাই বিচাৰকৰ বিচাৰক কেতিয়াও ভুল বুলি ধৰা নাছিল। আৰু আজিকালি? অভিভাৱকে লাখুটি দাঙি আহিবলৈহে বাকী—”আমাৰ ছোৱালীৰ লগত আপুনি ভুল বিচাৰ কৰিছে। তাই আজিলৈকে কোনো বিহু মঞ্চত স্থান নোপোৱাকৈ থকা নাই। আপোনাৰ বিচাৰ ভুল হৈছে! ইত্যাদি..।”

উস! কি আচৰিত মানুহ!

গতিকে মই তেনে অভিভাৱকৰ কথা ব্যৱহাৰক সৰু কথা হিচাপে কেতিয়াও ল’ব নোৱাৰো। তেওঁলোকেই বহক তেন্তে বিচাৰকৰ আসনত। মোক নালাগে ভাই সেই পদ।

: কিন্তু সমিতিয়েতো তোমাক সেইবাবে ক্ষমা খুজিলে ৰূহি! আৰু সেই অভিভাৱককো ক’ব লগা উচিত উত্তৰ সমিতিয়ে তোমাৰ সপক্ষে হৈ লগে লগেই দিছিল! সেই কথাটোক ইমান বেছি অকাই পকাই গাত ঘঁহাই থাকিলে কিটো পাবা?

: শুনক,সঁচা কথা কবলৈ গ’লে, আজিকালি বিহু নৃত্য সমূহ আগৰ দৰে হৈ থকা নাই বুজিছে। আজিৰ প্ৰজন্মৰ বহু নাচনীয়ে ভুল বিহু নৃত্যই সকলোতে প্ৰদৰ্শন কৰিব ধৰিছে। কিন্তু কোনেও সেইবোৰ ভুল বুলি ধৰিবলৈ সাহ নকৰে। নতুন প্ৰজন্মই খাঁটি বিহু নৃত্য শিকিবই নিবিচাৰে।সকলো নৃত্যৰ নিজা কিছুমান মুদ্ৰা থাকে। বিহু নৃত্যৰো আছে। যিবোৰ সিহঁতে এলাগী কৰি নিজৰ সুবিধামতে কিছুমান মুদ্ৰা,লয় নিজে নিজেই সৃষ্টি কৰি বিহু নাচিবলৈ লৈছে। সেই কথা মই কেতিয়াও মানি ল’ব নোৱাৰো। আৰু মোৰ বাবে সেয়া সৰু কথাও নহয়!

: ঠিক আছে ঠিক আছে। তোমাৰ এই কথাখিনিত ময়ো একমত। কিন্তু তাৰ বাবে কিবা এটাতো উচিত আৰু সঠিক পদক্ষেপ লোৱাহে জৰুৰী। এনেকৈ মুখ ফুলাই বিষয়টোৰপৰা আঁতৰি ঘৰত বন্দী হৈ থকাটোতো একেবাৰে অযুক্তিকৰ দেই।

: জানো।কিন্তু তাৰ বাহিৰে উপায় নাই! আমন্ত্ৰণ গ্ৰহণ কৰি খুজি কিল খোৱাৰ দৰে হ’ব! মানুহৰ আত্ম সন্মান বোলা কথা এটা আছেতো।

: কি জানা হে?কিয় উপায় নাই বুলিছা? বঢ়িয়া আৰু আদৰণীয় উপায় আছে। মাথো ইচ্ছাৰ লগত কথা।

: কিনো? শুনোচোন, কওক।

: এই ক্ষেত্ৰত তুমি যিহেতু দক্ষ,গতিকে আমাৰ সংস্কৃতিক শুদ্ধকৈ আগুৱাই নিয়াটোত তোমাৰ দায়িত্ব থকা উচিত। মোৰ মতে,তুমি এখন বিহু নৃত্য শিকোৱা বিদ্যালয় আৰম্ভ কৰা। সমাজৰ বহুত কামত অহা বিষয় এইটো।

: আৰে! বিশ্বাস কৰক। এই কথাটো মই আজি কিছুদিনৰ পৰা মূৰত লৈ ঘূৰি ফুৰিছোঁ। কিন্তু.. তাৰ পাছত ভাবিলো তাতো মানুহ কিছুমানৰ আঙুলি থিয় হ’ব আৰু মোৰ মনটো পুনৰ ভাগি পৰিব। ভাল কৰিবলৈ গৈ পুনৰ আঘাত পাম মই! সেই ভাবিয়ে এখোজ আগুৱাই দুখোজ পিছুৱাইছোঁ।

: অ। সেইটো ঠিক। আঙুলি মুখ লৰোৱা মানুহ নোলাব বুলি মই নকওঁ। খাটাং এজন হলেও ওলাবই। কিন্তু তাৰ বাবে আমি আমাৰ সম্পদ সমূহক সংগ্ৰহ কৰি ৰাখিবলৈ বাদ দিম নেকি? এয়াতো একেবাৰে ভুল সিদ্ধান্ত হ’ব! চাবা,তোমাৰ নিজৰ মনেও শান্তি নাপাব—মানুহজনৰ কথাখিনি শুনি লগে লগেই বাইদেৱে অজয়লৈ ফোন লগালে।

: হেল্ল, বাইদেউ! নমস্কাৰ।কওকচোন।

: মই তোমালোকৰ কথাটো ৰাখিলোঁ। বিচাৰক হিচাপে কোন দিনা যাব লাগিব তাৰিখটো মোক জনাবা।

: সঁচা নে বাইদেউ! বহুত বহুত ধন্যবাদ বাইদেউ। আমি কালি আবেলি আপোনাৰ ঘৰলৈ আহিব পাৰোঁনে?অনুষ্ঠানৰ কাৰ্যসূচীখনো আপুনি সেইদিনা নাৰাখিলে নহয় বাইদেউ। আমি সেইখন লৈ আপোনাক পুনৰ আমন্ত্ৰণ কৰিবলৈ আহিম।

: অহিবা। মই আছোঁ ঘৰতে।—ৰেহেনা বাইদেউৰ কথা শুনি তেওঁৰ মানুহজনে তেওঁলৈ চাই এটা হাঁহি মাৰি কলে,”ইচ্ছা কৰিলে বাকী কেইটা অনুষ্ঠানৰ আমন্ত্ৰণো তুমি গ্ৰহণ কৰিব পাৰা ৰূহী। এয়া তোমাৰ বাবে নহয় সমাজৰ বাবে লোৱা উচিত আৰু অতি প্ৰয়োজনীয় পদক্ষেপ।

: আপুনি সদায় মোক শুদ্ধ পথেৰেই হাত ধৰি আনিছে। আজি আপোনাৰ বাবে মই যিটো সিদ্ধান্ত ল’লোঁ সঁচাকৈ সমাজৰ হকে এই সময়ত অপৰিহাৰ্য!

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *