ফটাঢোল

নিয়ম-কমলা দাস

“হেৰা বোৱাৰী, মই সদায় কওঁ যে ঘৰখনত আমি চাৰি জনেই মানুহ। আটাইৰে ভাত বাঢ়ি আনি একেলগেই খাবলৈ বহিব লাগে। তুমি আকৌ সদায় সদায় পিছত কিয় খোৱা!”

মই নিয়মটোহে পালন কৰিছো মা।

নিয়ম! কি নিয়ম?

বোৱাৰী মানুহে হেনো সদায় পিছত মানে ঘৰৰ বাকী মানুহখিনিক খাবলৈ দি উঠিহে নিজে খাব লাগে ৰৈ যোৱা আঞ্জা বা ভঙা-ছিঙা মাছেৰে!

মই মন কৰিছো মাছৰ আঞ্জা ৰন্ধাৰ দিনাখন তোমাৰ ভাগৰ মাছ সদায় ভাঙি থাকে। কিন্তু মইতো  আঞ্জা খন ৰান্ধোতে মাছ এটুকুৰাও নাভাঙে। তুমি ভঙা মাছ ক’ত পোৱা!

মোৰ ভাগৰখিনি মই ভাঙি লওঁ মা!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *