ফটাঢোল

মূল গল্প: লক্ষ্যস্থানক ৰক্ষা কৰা,গল্পকাৰ: শৰদ যোশী, ভাবানুবাদ-মুনমুন সৰকাৰ

কাছ আৰু শহাপহুৰ কাহিনী আমি সকলোৱেই জানো। এই কাহিনী অলপ বেলেগ। কাছই  সংসদ, ৰাজনৈতিক মঞ্চ আৰু প্ৰেছ বিজ্ঞপ্তিত দিয়া ভাষণ তথা ভাষ্য শুনি শহাপহুয়ে তাক প্ৰত্যাহ্বান জনালে,

“যদি ইমানেই আগবাঢ়িবলৈ মন তেন্তে মোতকৈ আগতেই গৈ লক্ষ্যত উপনীত হোৱা।”

সিহঁতৰ মাজত প্ৰতিদ্বন্দ্বিতা আৰম্ভ হ’ল। শহাপহু দৌৰিবলৈ ধৰিলে আৰু কাছই ধীৰ গতিত আগবাঢ়িল।

সকলোৱে জনামতে অলপ দূৰ গৈ শহাপহুৱে গছ এজোপাৰ তলত বিশ্ৰাম কৰিবলৈ ল’লে। সি সাংবাদিক সকলোকে ক’লে যে ৰাষ্ট্ৰীয় সমস্যাবোৰক লৈ গভীৰ চিন্তনহে কৰি আছে, বিশ্ৰাম লোৱা নাই কাৰণ সোনকালেই গৈ লক্ষ্যত উপনীত হ’ব লাগিব। ৰাষ্ট্ৰৰ উন্নতি সাধিব লাগিব। ইয়াকে কৈ অলপ দেৰি পিছত সি শুলে। কাছই লাহে লাহে গন্তব্যস্থানলৈ আগবাঢ়িল।

শুই উঠি শহাপহুৱে দেখিলে যে কাছ বহুত আগবাঢ়ি গৈছে, সি হাৰি যোৱাৰ আৰু বদনামী হোৱাৰ সম্ভাৱনা প্ৰচুৰ।শহাপহুয়ে লগে লগে জৰুৰীকালীন অৱস্থা জাৰী কৰিলে।নিজৰ বক্তব্যত সি ক’লে যে নিম্ন চিন্তাধাৰাৰ, অনগ্ৰসৰ তথা সংৰক্ষণশীল মনোভাৱেৰে সমৃদ্ধ শক্তি কিছুমান আগবাঢ়িছে, ইহঁতৰ হাতৰপৰা দেশক ৰক্ষা কৰিব লাগিব। আৰু লক্ষ্যত উপনীত হোৱাৰ আগতেই কাছক গ্ৰেপ্তাৰ কৰা হ’ল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *