ফটাঢোল

চুলাই পুৰাণ-স্বপ্নালী কলিতা

                   (১)

দৌকণ বহি আছে মুখখন ফুলাই

কৰিব নোৱাৰি পিছে কাৰণো উলাই

ঘৰত পগলা পানী

নিদিয়ে সুমাব আনি

ওলাই গ’লেও বোলে পৰিব ধুলাই।

                     (২)

হৰেনৰ ককাকৰ দেহা যোৱা থোৱা

পৰ দিব লাগে বোলে গ’ল খোৱা বোৱা

পুতেকক মাতি ক’লে

চুলাই এটুপি হ’লে

যাবগৈ পাৰোঁ মই সকলো হ’ল চোৱা।

                      (৩)

বদনে কাটিছে ঘাঁহ মুঠাই মুঠাই

নিয়েনো ক’লৈ বাৰু মূৰত উঠাই

পাছতহে পালোঁ গম

বুদ্ধিও নহয় কম

নাপালে পানীৰ(?) দাম মুঠেই নুঠায়।

                        (৪)

বৰুৱাৰ কেবাদিনো মিলা নাই চাঞ্চ

মনে মিলা পালে বোলে মাৰি দিব ডাঞ্চ

হঠাৎ সুবিধা পাই

মন হ’ল ৰাই জাই

উমান পাই ঘৈণীয়ে মাৰি দিলে পাঞ্চ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *