ফটাঢোল

সংখ্যাটো আঁৰৰ কথাবোৰ

জয় জয়তে সকলো ফটাঢুলীয়া ৰাইজলৈ মোৰ আন্তৰিক অভিবাদন আৰু কৃতজ্ঞতা জনোৱাৰ লগতে ব’হাগ বিহু উপলক্ষেও সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো৷ এখন আলোচনীৰ এটা সফল সংখ্যা প্ৰকাশৰ আঁৰত বহু লোকৰ পৰিশ্ৰম ও একাগ্ৰতা তথা সাধনা জড়িত হৈ থাকে৷এই সন্মিলিত প্ৰচেষ্টাৰ ফচলেই হয়গৈ এটা সফল সংখ্যা প্ৰকাশৰ আধাৰ৷তদুপৰি আলোচনী এখনৰ সফলতাৰ মূল চালিকা শক্তিয়েই হ’ল আলোচনীখনৰ লেখা সমূহ৷ সেয়েহে ‘ফটাঢোল’ৰ সকলো ন-পুৰণিৰ লেখক-লেখিকালৈ মোৰ আন্তৰিক নমন তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ এতিয়া আহোঁ মূল কথালৈ৷

জানুৱাৰী মাহৰ এটি গধূলি হঠাৎ ফোনটো বাজি উঠিল, ম’বাইলৰ স্ক্ৰীনত জিলিকি উঠিল মৰমৰ ভাইটি দেৱজিত শৰ্মাৰ নামটো৷ বিশেষ একো চিন্তা নকৰি ফোনটো ৰিচিভ কৰি স্বভাৱগত অভিবাদনেৰে সুধিলো…..

‘কেনে আছা দেৱজিত?’

ইফালৰপৰা উত্তৰ আহিল….. 

‘ভালে আছোঁ দাদা, আপোনাৰ ভাল নে?’ 

দুই এটা কথা আদান-প্ৰদানৰ পাছতে দেৱজিতে ক’লে…

‘দাদা আপোনাৰপৰা এটা সহায়ৰ প্ৰয়োজন।’

ময়ো বিশেষ নেভাবি ক’লো… 

‘কোৱা আকৌ কি দৰে সহায় কৰিব পাৰোঁনো মই৷’ 

ইয়াৰ পাছৰ দেৱজিতৰ কথাষাৰে মোৰ ভৰিৰ তলৰ মাটি আঁতৰাই দিয়া যেন লাগিল৷ 

‘দাদা এইবাৰ বিহু সংখ্যাৰ আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব আপুনি ল’ব লাগিব৷এয়া শুনাৰ পাছত কেইছেকেণ্ডমান সময় মোৰ মুখৰপৰা কোনো শব্দই যেন ওলাই আহিব খোজা নাছিল।কিবা ক’বলৈ শব্দৰ অভাৱ বাৰুকৈয়ে অনুভৱ হৈছিল৷ তথাপিও মই সুধিছিলো…

‘কি ভাবিছা বাৰু আৰু কিয়?(এই প্ৰশ্নটো আজিও মই নিজকে কৰি আছোঁ) ‘ফটাঢোল’ৰ দৰে এখন জনপ্ৰিয় আলোচনীৰ সম্পাদনাৰ দায়িত্ব ল’ব পৰাকৈ মোৰ অনুভৱ আৰু জ্ঞানৰ ভঁড়াল যে একেবাৰে শূন্য সেয়া মই বাৰুকৈয়ে জানো৷দেৱজিতৰ অভিজ্ঞ উত্তৰ….

‘সৱ হৈ যাব দাদা,আমিবোৰ আছোঁ নহয়!’

অকল তেওঁৰ এইষাৰ কথাকেই সাহস হিচাবে লৈ সহমত প্ৰকাশ কৰিলোঁ যদিও সেই সময়ত নিজেই নিজৰ বুকুৰ ঢপঢপনি শুনা পাইছিলোঁ৷ মনটো কিবা ভাল লগা আৰু ভয়ৰ দোমোজাত যেন ওলমি ৰৈছিল৷ ইয়াৰ পাছত ভন্টী নীলাক্ষী কাকতি, ডলী তালুকদাৰ, ককাইদেউ ৰিন্টুমনি দত্তদাৰপৰা পোৱা সাহস আৰু অভিনন্দনৰ ফোন কল কেইটাই মনত বহুখিনি সাহসৰ সঞ্চাৰ কৰিলে৷

তাৰ পাছৰ কাহিনী চমু কিন্তু মোৰ বাবে এয়া যেন এক নতুন অনুভৱ আৰু জীৱনৰ বাবে এক পাহৰিব নোৱাৰা স্মৃতি।

যিসকল লোকৰ পৰিশ্ৰম আৰু কষ্টৰ বিনিময়ত আজিৰ সংখ্যাটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ সক্ষম হ’লো,তেওঁলোকক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷আৰম্ভণিতে লেখাসমূহৰ বৰ্ণাশুদ্ধিৰে মোক সহায় কৰাৰ কাৰণে প্ৰণীতা গোস্বামী বৰঠাকুৰ বা,

ইলি তালুকদাৰ বা, ঋতুপৰ্ণা মহন্ত, ৰিমঝিম বৰঠাকুৰ, পৰিস্মিতা গগৈ,চাহিন জাফ্ৰি,বৰষা ডেকা,কংকনা গোস্বামী আৰু অৰবিন্দ গোস্বামীলৈ আন্তৰিক ধন্যবাদ জনালোঁ৷’বৰ্ণাশুদ্ধি’ৰ দৰে জটিল কাম এটাত আপোনালোকৰ সহযোগিতাই আলোচনীখন প্ৰকাশ কৰা কামটো বহুখিনি সহজ কৰি তুলিলে।

‘সাক্ষাতকাৰ’টো সফলৰূপে গ্ৰহণ কৰি তোলাৰ বাবে ভাতৃ সঞ্জীৱ ভট্টাচাৰ্য,দেৱজিত শৰ্মা আৰু দিম্পল কলিতালৈ ধন্যবাদ৷

‘ফটাপ্ৰশ্ন’ শিতানটোৰ বাবে যোগেশ, অৰ্চন শৰ্মা আৰু দিব্যজ্যোতি কলিতালৈ মোৰ আন্তৰিক ধন্যবাদ৷

আলোচনী প্ৰচাৰ,প’ষ্টাৰ ডিজাইনিংৰ বাবে যোগেশ ভট্টাচাৰ্য আৰু চন্দন বৰিলৈ ধন্যবাদ৷

লেখা সম্পৰ্কীয় যিকোনো আঁসোৱাহ,খোকোজাৰ মাৰ্গদৰ্শনৰ কাৰণে হেমন্ত কাকতি দাদা,অভিজিত কলিতা দাদা আৰু ৰিন্টুমনি দত্ত দাদালৈও কৃতজ্ঞতা জনালোঁ৷সংখ্যাটিৰ বেনাৰ আৰু অলংকৰণৰ কাৰণে আৰাধনা বৰুৱা আৰু দিগন্ত ভট্টাচাৰ্যলৈও মোৰ আন্তৰিক ধন্যবাদ৷আপলোডিঙৰ কামখিনি সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে হেমন্ত কাকতি দাদা,দেৱজিত শৰ্মা আৰু ৰিমঝিম বৰঠাকুৰলৈ আকৌ এবাৰ আন্তৰিক ধন্যবাদ৷৷শেষত লেখাসমূহ পিডিএফ পৰা উইনিক’ডলৈ কনভাৰ্ট কৰি দিয়াৰ বাবে দিম্পল কলিতালৈও মোৰ আন্তৰিক ধন্যবাদ৷এইসকলৰ ওপৰিও সকলোৰে সাহস আৰু মোৰ কথা ৰাখি লেখাসমূহ আগবঢ়াই দিয়া সকলোলৈকে মোৰ কৃতজ্ঞতা জনালোঁ৷ সকলোৰে পৰিশ্ৰম আৰু কষ্টৰ বিনিময়ত আজিৰ সংখ্যাটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ।আশাকৰোঁ আলোচনীখন আপোনালোকৰদ্বাৰা সমাদৃত হ’ব৷

সকলোলৈকে আকৌ এবাৰ ব’হাগ বিহুৰ আন্তৰিক অভিনন্দনেৰে কথাখিন সামৰিছোঁ৷ ধন্যবাদ৷

পদ্মলোচন ভৰদ্বাজ

সম্পাদক ফটাঢোল ই- আলোচনী

 ষষ্ঠ বৰ্ষ,চতুৰ্থ সংখ্যা

☆ ★ ☆ ★ ☆