ঘনকান্ত চৰিত-অৰবিন্দ গোস্বামী
ঘনকাইৰ কথা ভাবিলে মনটো দুখেই লাগি যায়।ঘনকাইৰ পত্নী লক্ষীমাই হেনো মাকৰ ঘৰলৈ যোৱা এমাহমানেই হ’ল।তাই আকৌ ঘনকাইৰ ঘৰলৈ ঘূৰি নাহে বোলে।কি যে পয়মালখন লাগিল!ঘনকায়ে বোলে এদিন লক্ষীমাইক বুজাই-বঢ়াই ঘৰলৈ ঘূৰাই আনিবলৈ গৈছিল।তাই নাহিল।আপোনালোকে নিশ্চয় ভাবিছে যে ঘনকাই সেমেনা-সেমেনিকৈ গৈ শহুৰৰ ঘৰ পালেগৈ আৰু লক্ষীমাইক বুজাওঁতে লক্ষীমায়ে ঘনকাইৰ সৈতে তৰ্কবাদ কৰি ক’লে যে……
: মই কোনো কাৰণতে নাযাওঁ।আপুনি এইবোৰ কথা লৈ দুনাই মোৰ ওচৰলৈ নাহিব।
পিছে তেনে একো ঘটা নাছিল।
লক্ষীমাই ঘৰলৈ যোৱাৰ খবৰ পাই ঘনকাইৰ মাক গাঁৱৰপৰা আহি ঘনকাইৰ ওচৰ পালেহি।মাকে ঘনকাইক ক’লে…….
: বোপা ঘন,গিৰিয়েক ঘৈণীযেকৰ মাজত ভুল বুজাবুজি হয়েই,সেইবোৰনো কাৰ সংসাৰত নোহোৱা কথা?তই জেদ ধৰি নাথাকিবি।কাইলৈ পুৱাই তই যা আৰু তাইক বুজাই বঢ়াই ঘৰলৈ ঘূৰাই আন।আহিব তাই।কিবা এটা ওফোন্দ পাতিছে আৰু! সৰু ছোৱালী নহয় জানো?মৰমেৰে বুজাবি….কিয় নুবুজিব?বুজিব।
মাকৰ কথা শুনি ঘনকায়ে পিছদিনা পুৱাই সোনকালে শুই উঠি গা-পা ধুই ঘৰৰ থাপনাৰ সন্মুখত চাকি-ধূপ জ্বলাই ঈশ্বৰ সেৱা কৰিলে।তাৰ পাছত চাহ-জলপান খাই সুন্দৰকৈ ধূতী-পাঞ্জাৱী পিন্ধি মোনা এটাত বাৰীতে হোৱা শাক-পাচলি অলপ ভৰাই ভেকুলী গাড়ীত (নেন’) উঠি
যথাস্থানত নামিলেগৈ।গাড়ীৰপৰা নমা ঠাইৰপৰা ১০০ মিটাৰমান গলি এটাৰে সোমাই গৈয়েই লক্ষীমাইৰ ঘৰ।
দূৰত্ব কম হ’লেও বহুদিনৰ মূৰত ঘনকাই শহুৰবাৰীলৈ আহিছে।
আজি প্ৰায় ছয় মাহ দিন ধৰি ঘনকাই শহুৰবাৰীলৈ অহা নাই।ইয়াৰো কাৰণ এটা আছে।সেই কাৰণটো নাজানিলে ঘনকান্ত চৰিতো সম্পূৰ্ণ নহ’ব।
______
ঘনকান্ত অলপ হোজা প্ৰকৃতিৰ মানুহ।ছমাহৰ আগতে ঘনকাই এদিন অকলে শহুৰবাৰীলৈ আহিছিল।ঘূৰি আহিবলৈ গাড়ীৰ বাবে ৰৈ থাকোঁতে শহুৰবাৰীৰ ওচৰৰে
নাদুৱাক লগ পালে।নাদুৱাৰ কথা গাঁৱত সকলোৱে জানে।কিন্তু ঘনকায়েহে নাদুৱাৰ কথা একো নাজানে।নাদুৱাই মানুহৰপৰা টকা ধাৰলৈ লৈ ঘূৰাই নিদিয়ে।এবাৰ বোলে নাদুৱাৰ বন্ধু এজনে তাক টকা তিনিকুৰি ধাৰলৈ দিলে।বহুদিন ধাৰে দিয়া টকাকেইটা বন্ধুজনে নাদুৱাক বিচাৰিও ঘূৰাই নোপোৱাত এদিন বন্ধুজন পুৱাই নাদুৱাৰ ঘৰ ওলালগৈ।নাদুৱাই বন্ধুক চোতালতে বহিবলৈ দি ভিতৰৰপৰা দা এখন ওলিয়াই অনা দেখি বন্ধু ভিৰাই চোতালৰপৰাই দৌৰ মাৰি জাপ দি নঙলা পাৰ হৈ পিছলৈ ঘূৰি চালে।নাদুৱাই দাখন চোতালতে থেকেচা মাৰি দি বন্ধুক চিঞৰিলে…….
: আহ,মোক কাটি পেলাহি।পইচা দিব নোৱাৰো যেতিয়া খতম কৰি থৈ যা মোক।এইখন দা….ল আৰু কাহিনীটো শেষ কৰি দে।
বন্ধুৱে নঙলাৰ সিপাৰৰপৰাই চিঞৰিলে……
: নালাগে তই মোক টকা ঘূৰাই দিব।তোৰ নিচিনা বন্ধুও মোক নালাগে।
এইবুলি খঙতে বন্ধুজন গুচি গ’ল।
সেই নাদুৱাই ঘনকাইক লগ পাই নিজৰ জীৱনৰ যি মিছা দুখৰ কাহিনী শুনালে,ঘনকাই দুখত ভাগি পৰি টকা সাত কুৰি নাদুৱাক ধাৰলৈ দি আহিল।ঘটনাটোৰ কথা গম পাই লক্ষীমায়ে সেইদিনাৰপৰা ঘনকাইক অকলে নিজে জন্ম লোৱা ঘৰখনলৈ নপঠোৱা হ’ল।
লক্ষীমায়ে ঘনকাইক ক’লে…..
আজিৰ দিনত ইমাননো হোজা মানুহ পৃথিৱীত থাকেনে!এইবাৰৰপৰা আপুনি আমাৰ ঘৰলৈ অকলে যাব নালাগে।আপোনাক কোনে ঠগে ঠিক নাই।আমাৰ গাঁৱৰ মানুহবোৰো বৰ ঠিক নহয়।নিজৰ গাঁও হ’লেও বেয়াটো বেয়াই বুলিব লাগিব।
_______
পিছে এইবাৰ অকলে শহুৰৰ ঘৰলৈ আহিবলগা হোৱা ঘনকাইক লক্ষীমায়ে খিড়িকীৰ পৰ্দাৰ ফাকেৰে দেখা পালে।লক্ষীমাইৰ খংটো মাৰ যোৱাই নাছিল।লক্ষীমায়ে ঘনকাইক দেখা পাই চোতাললৈ ওলাই আহিল আৰু ঘৰৰ ক’লী কুকুৰজনীক মাত লগালে।
: আহ….আহ…ক’লী আহ।
লক্ষীমাইৰ মাত শুনি কুকুৰজনীও দৌৰি আহিল তাইৰ পাছে পাছে।নঙলাডাল খুলিয়েই তাই ঘনকাইক দেখা পালে আৰু ক’লীক উদ্দেশ্যি ডাঙৰকৈয়ে চিঞৰি ক’লে……..
: ধৰ কলী ধৰ……….
লক্ষীমায়ে ক’লীক ক’বলৈহে পালে, কলীয়ে ঘনকাইক ভৌ…ভৌ..কৈ যিটোহে খেদা মাৰিলে;ঘনকায়ে টোপোলা-টাপলি তাতে পেলাই ‘মৰিলো ঔ…’ বুলি মাৰিলে দৌৰ……..
ঘনকায়ে প্ৰাণটো হাতত লৈ যি দৌৰিলে…. দৌৰিলেই,একেবাৰে ৰাস্তা পাৰ হৈ ৰাস্তাৰ সিপাৰৰ মানুহ এঘৰত সোমাই গ’ল।তাতে দা এখন পাই ঘনকায়ে সেইখন লৈ কুকুৰটোক উভতি ধৰি দা ঘূৰালে……
: খবৰদাৰ…..দুছেও কৰিম তোক…….
পিছে ক’লীও হাৰ মনা বিধৰ নহয়।একেবাৰে ৰণচণ্ডী মূৰ্ত্তি ধৰি ভৌ ভৌৱাই থাকিল।কোনো এবাৰ ঘনকাই পিছ হুহুকি আহে, আকৌ আন কোনো এবাৰ ক’লী পিছ হুহুকি যায়।ঘনকায়ে কথাটো বৰ সুবিধাজনক নেদেখি দাখন হাতত লৈয়ে ওভতি আকৌ দৌৰিবলৈ লাগিল।মানুহঘৰৰ পিছফালৰ চোৱাপাতনি গচকি পাৰ হৈ ঘনকাই মাত্ৰ দৌৰিছে আৰু দৌৰিছে।ইফালে ক’লীয়েও ৰণচণ্ডী মূৰ্তি ধৰি ভৌ..ভৌ..কৈ ঘনকাইক খেদিছে।
ইফালে নাদুৱাই ঘৰৰ জেওৰাখন মেৰামতি কৰি আছিল আৰু সি দেখা পালে যে ঘনকায়ে হাতত উদ্যত দাখন লৈ তাৰ ফালেই প্ৰচণ্ড বেগেৰে দৌৰি আহি আছে।ঘনকাইক সি এই ৰূপত দেখা পাই ভাবিলে যে তাহানিৰ টকাকেইটা ঘনকাইক ঘূৰাই নিদিয়াৰ বাবেই ঘনকায়ে এই তাণ্ডৱৰূপী মহাদেৱৰ ৰূপ ধাৰণ কৰিছে।সি ভাবিলে যে সৰ্বনাশ হ’ল।ঘনকায়ে তাক এতিয়া পচলা কুটাদি কুটি পেলাব।হেন জানি নাদুৱাই প্ৰাণটো হাতৰ মুঠিত লৈ দৌৰিবলৈ লাগিল।আগে আগে নাদুৱা….তাৰ পাছত ঘনকাই আৰু ঘনকাইৰ পাছত ভৌ ভৌ কৈ ভয়ংকৰ শব্দৰে ক’লী।ক’লীৰ এই ভয়ংকৰ শব্দ যেতিয়াই গৈ নাদুৱাৰ কাণত পৰিল,সি আৰু ভয় খালে।সি ভাবিলে আজি ঘনকায়ে মোক কাটি মোৰ মাংস কুকুৰক খুৱাব।ই মানে লগত কুকুৰো লৈ আহিছে মোৰ মাংস খুৱাবলৈ………..
তিনিওটাই অগা পিছাকৈ দৌৰি দৌৰি পথাৰ পালেগৈ।পথাৰত ৰাইজে কঠীয়া ৰুবৰ বাবে বোকা দি থৈছিল।তিনিওটা বোকাত লুতুৰি পুতুৰি হৈ দৌৰি থাকিল বহু সময়।তিনিটা যেন মাটিৰ মূৰ্ত্তিহে দৌৰি আছে।এনেদৰে দৌৰি দৌৰি ভাগৰি পৰি ঘনকায়ে এপাকত ক’লীক উভতি ধৰিলে…….
: খবদৰদাৰ!কাটি টুকুৰা টুকুৰ কৰিম তোক।
এইবাৰ ঘনকাই পিছ হুহুকি নাহিল।ঘনকায়ে দাখন জোকাৰি জোকাৰি ক’লীৰ মুখামুখি হ’ল।ঘনকাইৰ বোকাৰে লুতুৰি পুতুৰি হোৱা দেহাটো আৰু হাতত উদ্যত দাখনৰ লগতে ঘনকাইৰ আগ্ৰাসী ৰূপ দেখি ক’লীয়ে এইবাৰ ভয় খালে।এই সুযোগতে নাদুৱা বেলেগ এফালে দৌৰি পলাল।ক’লীও পিছ হুহুকি গ’ল।বহু সময় ভৌ ভৌ কৰি কৰি ক’লী আঁতৰি গ’ল।ঘনকায়ে স্বস্তিৰ নিশ্বাস পেলাই পথাৰৰ বোকাতে শুই পৰিল।কিছুসময় এনেদৰে পৰি থকাৰ পাছত ঘনকায়ে দেখিলে যে ক’লী আকৌ তাৰফালে লাহে লাহে আহি আছে।ক’লীৰো চাগৈ সন্দেহ হ’ল যে তাইতো মানুহ এটাহে খেদি আনিছিল,হঠাতে তাৰ ৰূপটো কেনেকৈ সলনি হৈ গ’ল ! সেয়ে হয়তো কৌতুহলবশতঃ সি লাহে লাহে ঘনকাইৰ ফালে আহি আছিল কাৰণ নিজৰ গাটোৰ ফালেনো সি ক’ত মন কৰিছে।ঘনকায়ে বুজিলে যে এতিয়া উপস্থিত বুদ্ধিয়েহে তাক বচাব পাৰিব।এনেতে ঘনকাইৰ সেই দুই বন্ধু আৰু ভালুকৰ কাহিনীটোলৈ মনত পৰিল।ঘনকায়ে উশাহ নিশাহ বন্ধ কৰি বোকাতে পৰি ৰ’ল।ক’লীয়ে বোকাত পৰি থকা ঘনকাইৰ ওচৰলৈ আহি শুঙি চাগে।ক’লীয়ে ঘনকাইৰ ‘ৰাম নাম সত্য’ হোৱা বুলি ভাবি তাৰপৰা আঁতৰি গ’ল।
ইয়াৰ কিছুপৰ পাছত ঘনকায়ে ভাগৰুৱা দেহাৰে উঠি খোজ ল’লে।ক’লীৰ খেদাত ঘনকায়ে ইতিমধ্যে দুখন গাঁও পাৰ হৈ আহিছিল।চকুৰপৰা বোকা আঁতৰাই ঘনকায়ে ভালদৰে ইফালে সিফালে চাই তাৰ বন্ধু এজনৰ ঘৰখন দেখা পালে।ঘনকাইৰ মনটো ভাল লাগিল আৰু সি বন্ধুৰ ঘৰৰফালে খোজ ল’লে।
ঘনকাইৰ সেই বন্ধুজনৰ নাম জীউৰাম।জীউৰামে জেউতিক বিয়া কৰাইছে আৰু সিহঁতৰ একমাত্ৰ ল’ৰাৰ নাম বাখৰ।বয়স ছয় বছৰমান হ’ব।বাখৰ আকৌ মহা তীখৰ।তাৰ কলিজাটো বহুতে বাঘৰ কলিজা বুলিও ক’ব খোজে।ইফালে জীউৰামে জীউটো হাতত লৈ ফুৰে। মানে জীউৰাম অতি ভয়াতুৰ আছিল।
জীউৰামে বাৰীৰ পিছফালে কাম কৰি আছিল আৰু সি দেখা পালে যে কিবা ভয়ানক মূৰ্ত্তিহেন বস্তু এটা তাৰফালে আগবাঢ়ি আহি আছে।কিছুপৰ ভালদৰে বস্তুটো নিৰীক্ষণ কৰি সি…..’ভূত ঔ….ভূত ঔ…খালে ঔ খালে ঔ’….বুলি ঘৰলৈ দৌৰ মাৰিলে।বাখৰে ঘৰৰ পিছফালে লগৰ কেইটামানৰ লগত মাৰ্বল খেলি আছিল।ভূতৰ নাম শুনি বাখৰৰ লগৰবোৰো ফৰিং ছিটিকা দিলে। জীউৰামে ঘৰৰ চোতাললৈ গৈ চিঞৰ-বাখৰ কৰাত জীউৰামৰ চোতালত বহুত গঞা গোট খালে।
ইফালে তীখৰ বাখৰে দিনতে কিনো ভূত ওলাইছে বুলি বাৰীৰ পিছফাল পালেগৈ।ঘনকাইক দেখি সি অৱশ্যে মিচিকিয়া হাঁহি এটাহে মাৰিলে,যেন সি ঘনকাইক চিনিহে পাইছে।সি ঘনকাইৰফালে আগবাঢ়ি গ’ল।ইফালে বাখৰে ভুতটোৰফালে আগবাঢ়ি যোৱা দেখি জীউৰাম আৰু ঘৈণীয়েক বেহুচ হৈ পৰিল।মানুহবোৰৰ মাজত চিঞৰ-বাখৰ লাগিল।কোনোবাই জীউৰাম আৰু ঘৈণীয়েকক ধৰিলেগৈ,কোনোবাই মুখত পানী চটিয়ালে।
বাখৰ আগবাঢ়ি গৈ ঘনকাইৰ হাতত ধৰি ক’লে……
: অনিল মামা ,আহক।
ঘনকায়ে বুজি নাপালে যে বাখৰে তাক কোন অনিল মামা বুলি ভাবিছে।ইফালে জীউৰাম আৰু তাৰ ঘৈণীৰ চেতনা ঘূৰি আহিল।কোনো কোনোৱে বাখৰক শ্ৰীকৃষ্ণই লীলা কৰাৰ দৰে লীলা কৰা দেখি স্বয়ং ভগৱান বুলি চিন্তি মাটিতে পৰি আঁতৰৰপৰাই সাষ্টাঙ্গে প্ৰণিপাত জনালে।
: বাখৰ বাবাৰ জয়।
বাখৰে কি কৰিছে আৰু কি কৰিব তাকে ভাবি ৰাইজে একেথৰে তালৈ চাই থাকিল।সকলোৱে চাই থাকোতেই বাখৰে ঘনকাইক হাতত ধৰি আনি সিহঁতৰ ঘৰৰ পিছফাল পোৱালেহি।ঘনকাইক ৰ’বলৈ দি সি ভিতৰৰপৰা পীৰা এখন আনি ঘনকাইক বহিবলৈ দিলে।ঘনকাই পীৰাখনতে বহিল।বাখৰ এইবাৰ আকৌ ভিতৰলৈ গ’ল আৰু ঘৰৰ ভিতৰৰপৰা অলপ আগতে খীৰাই থোৱা গাখীৰৰ বাল্টিটো লৈ আহিল।সকলোৱে তাৰ ফালে ভেবা লাগি চাই থকা দেখি সি আচৰিত হৈ চিঞৰি উঠিল…….
: আপোনালোকে মোলৈ এনেদৰে কিয় চাই আছ?দেখা নাই ‘নায়ক মামা ‘ আহিছে?
মানুহবোৰে ইজনে সিজনৰ মুখলৈ চালে।
ঘনকায়ো আচৰিত।বাখৰে দেখোন এবাৰ তাক ‘অনিল মামা’ বুলি মাতিছে,এবাৰ ‘নায়ক মামা’ বুলি মাতিছে! মানে কথাটো কি?
বাখৰে এইবাৰ খঙতে দেউতাক জীউৰামৰ ফালে চাই ক’লে……
: কি হ’ল পিতাই….নায়ক অনিল কাপুৰক চিনি নাপাৱ নেকি?গোটেই গুণ্ডাগাল পিটি থৈ আমাৰ ঘৰলৈ আহিছে।ফিল্মত দেখা নাছিলি?গাখীৰে যে গা ধুৱাইছিল।
এইবুলি সি গাখীৰৰ বাল্টিটো ঘনকাইৰ মূৰত ঢালি দি ভালদৰে ঘনকাইৰ মুখখন চালে…….
: ই…..অনিল মামা নহয় দেখোন।
এইবাৰ সি দৌৰি গৈ বাল্টিটোৰপৰা পানী এমগ আনি ঘনকাইৰ মুখত মাৰি দিলেহি।
: অ’ অ’….পিতাই….আই ঔ! এয়া আমাৰ তাৱৈ দেখোন!
ইয়ে তাৱৈ ভূত কেনেকৈ হৈছিল!!
তেতিয়াহে জীউৰাম,জীউৰামৰ ঘৈণীয়েক আৰু গাঁৱৰ মানুহে ঘনকাইৰ মুখখন ভালদৰে দেখা পালে।
_____
ঘটনাৰ এসপ্তাহমানৰ পাছত এদিন…..
ঘনকায়ে ঘৰৰ বাৰীত কিবা কাম কৰি আছিল।এনেতে মাকে চিঞৰিলে……
: ঐ ঘন,কোন আহিছে চাহিচোন।
ঘনই আহি দেখে যে সন্মুখত লক্ষীমাই,শহুৰ দেউতা আৰু শাহু আই।ঘনকাইৰ মুখখন ওফন্দি আছে যদিও ঘনকাই নম্ৰ মানুহ।সেয়ে শহুৰ দেউতা,শাহু আইক আথে-বেথে সি বহিবলৈ দিলে।লক্ষীমাইৰ ফালে সি মূৰ তুলিও নাচালে।
ঘনকাইৰ মাকে ক’লে……
: ইহঁতে কি সংসাৰ তৰিছে বুজি নাপাওঁ।আৰু তই লক্ষীমাই সিদিনা সেইটো কি কাম কৰিলি?ল’ৰাটো মইহে পঠাইছিলো,তই তাৰ পিছত কুকুৰ লগাই দিব লাগেনে?
লক্ষীমাইৰ মাকে ক’লে……..
: এই যিটো কৰিছে,সেয়া বেয়াই কৰিছে।সিদিনা আমি দুয়োজনে তাইক খুব ধমকি দিছো।বিয়া দিয়া ছোৱালী বুলিহে…নহ’লে বাপেকে তাইৰ পিঠিত ৰাইদাং উঠালেহেঁতেন।
এইবাৰ মানুহগৰাকীয়ে জোঁৱায়েকলৈ চাই ক’লে……
: পিছে জোঁৱাই,তুমিনো আমাৰ ছোৱালীক কি বেয়া পাইছা যে আকৌ এজনী আনিবলৈ ওলাইছা?
এইবাৰহে ঘনকাইৰ চকু কপালত উঠিল।খং আৰু অশ্চৰ্য্যৰে ঘনকায়ে ক’লে……
: মা….এইবোৰ কি কৈছে আপুনি?
: আমাৰ এইজনীয়েহে কৈছে,মই কি জানো।তুমি বোলে সেই আজিকালি ওলোৱা কিবা ফোন এটা লৈছা,তাতে কথা পাতি থকা আমাৰ তাই শুনিছে বোলে।মই আকৌ সেই ফোন নে কি সেইটোৰ কথা একো নাজানো নহয়।
এইবাৰ ঘনকায়ে ঘৈণীয়েকক চকু পকাই ধৰিলে…….
: কি ঔ! কাৰ সৈতে আৰু কি কথা পতা শুনিলি তই?
: কিয়? সিদিনা আপুনি ফোনত কাক কৈছিল…..মই তোমাকো বহুত ভাল পাওঁ।তুমি তেনেকৈ কিয় ভাবিছা?তোমাক এইবাৰ মই লৈ আহিমগৈ।তুমি আমাৰ লগতে থাকিব লাগিব………..সেইজনী কোন আছিল আপুনিহে জানে ? ইঃ! আমাৰ লগতে থাকিব হেনো সেইজনী!
হুঃ!!
ঘনকায়ে মাকৰ মুখলৈ চালে আৰু মাকে ঘনকাইৰ মুখলৈ।ঘনকাইৰ মাকে মূৰে কপালে হাত দি ক’লে……
: হৰি হৰি!! কথা মানে সেইটোহে।
লক্ষীমায়ে শাহুৰ মুখলৈ চালে।
: হেৰৌ ঘনই মোকহে ফোনত সেইখিনি কথা কৈছিল।পুতেকে মাকক ভাল পাওঁ বুলি ক’লত কি জগৰ লাগিল।
সি মোক নিজৰ লগত ৰাখিবলৈ জোৰ কৰি আছিল,মইহে নাহো নাহোকৈ আছিলো।
এইবাৰ লক্ষীমাইৰ মুখৰ মাত হেৰাল।
ঘনকাইৰো এইবাৰ হাঁহি উঠিল।হাঁহিটো ঘনকায়ে মুখ টিপিও ৰাখিব নোৱাৰিলে।খৰধৰকৈ সি ভিতৰৰপৰা মোনাখন আনি চাইকেলখন ওলিয়াই সকলোলৈকে চাই ক’লে……
: মই বজাৰ কৰি আহোঁগৈ।ভাতসাজ আজি সকলোৱে একেলগে খাম।
এনেতে নঙলা মুখৰপৰা নাদুৱাই চিঞৰিলে।
: ঘনকাই তোমাৰপৰা ধাৰে লোৱা টকা সাতকুৰি লৈ যোৱা,মই ঘূৰাই দিবলৈ আহিছো।কি ঠিক!তুমি পিছৰবাৰ দাখনৰ লগতে বাঘ এটা লৈ গ’লে মোৰ ‘ৰাম নাম সত্য’ হৈ যাব।
এইবাৰ সকলোৱে একেলগে গিৰ্জনি মাৰি হাঁহি উঠিল।
☆ ★ ☆ ★ ☆
5:54 pm
ভাল লাগিল পঢ়ি৷