ফটাঢোল

এল অ’ এল (lol) — মনিষা কাকতি

সেইসময়ৰ কথা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈ একেটা বিষয়কে মেজৰ বিষয় হিচাপে লৈ মই আৰু মোৰ বেষ্টী (Bestie) পুনৰ একেখন কলেজতে স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰিলো। কাজেই কলেজত আমি একো নতুনত্ব বিচাৰি পোৱা নাছিলো – একেই কলেজ, একেই শ্ৰেণীকোঠা, একেই কেন্টিন, একেই ল’ৰাজাক। কলেজৰ পৃথিৱীখন অকল আমাৰ দুয়োজনীৰ মাজতে সীমাৱদ্ধ হৈ আছিল। দুয়োজনী একেলগে আহোঁ, একেলগে খাওঁ, একেলগে ক্লাছ কৰোঁ, একেলগে থাকো, একেলগে লেকচাৰ মাৰো আৰু শেষত একেলগে কলেজৰপৰা ঘৰলৈ বুলি ওলাও। আমাৰ দৈনিক ৰুটিনখন ঠিক এনেকুৱাই আছিল সেইসময়ত।

আগবঢ়াৰ আগতে আহক অকণ পৰিচয় কৰাই দিওঁ মোৰ বেষ্টীৰ লগত – প্ৰথম শ্ৰেণীৰপৰাই আমি যি এজনীয়ে আনজনীৰ লগত চিনাকি হৈ বান্ধৱী হৈ পৰিছিলো, সেই যাত্ৰা বিভিন্ন নামাকৰণ প্ৰক্ৰিয়াৰ মাজেৰে আহি কলেজ পোৱালৈকে বিখ্যাত হৈ পৰিছিল। তেতিয়া আমাৰ লেটেষ্ট নামটো আছিল ‘ডব’ল স্মল এল’ মানে ‘ll’ মানে ধৰি লওঁক ‘দুডাল খৰিকা’। আমাক কিন্তু এইবোৰ নামে অকণো টলাব পৰা নাছিল, নিজ দুনীয়াত আমি আত্মবিভোৰ আছিলোঁ তেতিয়ালৈকে, যেতিয়ালৈকে দুই স্মল এলৰ মাজত এটা ‘অ” মানে ‘o’ মানে ধৰি লওঁক ‘গলুমলু’ এজন সোমোৱা নাছিল।

তেনেকৈয়ে আমাৰ দৈনন্দিন ৰুটিনখন চলি আছিল। চলি থাকিলহেঁতেন.. কিন্তু.. সেই দিনটো আহিছিল। হয়! সেই বিশেষ দিনটো। সেইদিনা আমাৰ ক্লাছ নোহোৱা বাবে ডিপাৰ্টমেন্টৰ সমুখৰ চিৰিত বহি দুয়োজনীয়ে কথাৰ মহলা মাৰি আছিলোঁ। কথাৰ মাজতে এপাকত, কেন্টিনৰ পৰা মুখত হাঁহি লৈ কোনোবা এজনে আমাৰ ফালে চাই থকা যেন দেখা পালো মই। কলেজৰ কেন্টিনখন আমাৰ ডিপাৰ্টমেন্টৰ মুখামুখিকৈ আছিল.. কিছু দূৰত। ভালদৰে চালে ধৰিব পাৰি বাহিৰত থকা চকী টেবুলত কোন বহি আছে। আকৌ এবাৰ ভালদৰে চাই পঠিয়ালো। হয়! ল’ৰাজনে আমাৰ ফালে, নহয়.. মোৰ ফালে চাই আছে.. একেথিৰে, মুখত মিঠা হাঁহি এটা লৈ। বেছি ভাবি নাথাকি, কথাটো উৰুৱাই দি আকৌ বেষ্টীৰ লগত কথাত মছগুল হৈ পৰিলো মই।

কিন্তু কথাটো উৰুৱাই দিব পৰা কথা হৈ নাথাকিল। সেই ঘটনাটোৰ পিছত দুদিনমান ধৰি ল’ৰাজন মোৰ চকুত পৰি থাকিল। আগৰ একেটা ৰূপতে.. দূৰে দূৰে থাকি মোৰ ফালে একধ্যানে চাই থাকে.. মুখত একেই মিচিকিয়া হাঁহিটো লৈ। কওঁ কওঁ বুলি বেষ্টীকো কোৱা হোৱা নাই কথাটো। মনে মনে কিবা এটা ভালো লাগিছে। চিৰপৰিচিত, পুৰণি কলেজখন যেন কোনোবাই নতুন ৰূপত চকুৰ আগত দাঙি ধৰিছে। বেষ্টীক কেন্দ্ৰ কৰি ঘূৰি থকা মোৰ পৃথিৱীখনে যেন আৰু এটা নক্ষত্ৰৰ সন্ধান পালে। ঘৰলৈ ঘূৰি আহিও মৰমলগা হাঁহিটো মনত পৰি থকা হ’ল। হঠাৎ যেন মই সলনি হ’বলৈ ধৰিলো.. নিজৰ অজানিতে। কথকী মইজনী চুপচাপ বহি কিবা ভাবত বিভোৰ হৈ থকা কৰিলো, কিবা সুধিলে অইন কিবা উত্তৰ দিয়া কৰিলো, ক্লাছ শেষ কৰি শিক্ষক ওলাই যোৱাৰ পিছতো ওঁঠত কলম কামুৰি দিবাস্বপ্ন দেখিবলৈ আৰম্ভ কৰিলো…
“…পলভৰ মে য়ে ক্যা হ’ গয়া,
ৱ’ মে গয়ী ৱ’ মন গয়া… ” — টাইপ আচৰণ কৰিব ধৰিলো। আৰু মোৰ এই অজব আচৰণ বেষ্টীৰ চকুত নপৰাকৈ নাথাকিল।

এদিন তাই সুধিয়েই পেলালে, “তোৰ হৈছে কি, প্ৰেমত পৰা নাইতো?” বুলি। ইমানদিনে লক্ষণবোৰ দেখি দেখি ইতিমধ্যে তাই ধৰা পেলালেই মোৰ বেমাৰৰ কথা। ৰোগীয়ে ডাক্টৰক বেমাৰৰ বিষয়ে আদ্যোপান্ত কোৱাৰ দৰে ময়ো গোটেইখিনি কথা একে উশাহতে কৈ দিলো তাইক। বেমাৰৰ উৎসৰ বিষয়ে জ্ঞাত হৈ ”হমম! সেই গলুমলুটো কিউট কিন্তু।” বুলি মুখত দুষ্টালি হাঁহিটো লৈ জোকাবলৈ নেৰিলে তাই। লাজ, ভয়, ভাললগা — কিবাকিবি ভাৱবোৰে একেলগে আহি মোক জুমুৰি দি ধৰিছিল সেইদিনা।

ইতিমধ্যে বেষ্টীৰ সহযোগত মোৰ ভয়টো অলপ কমিছিল আৰু প্ৰেম অলপ বেছি ওচৰ চাপি আহিছিল। মানে ল’ৰাজনক মানে গলুমলুক দূৰৰপৰা দেখিলে এতিয়া ময়ো হাঁহিৰে প্ৰত্যুত্তৰ দিওঁ, যদিও ওচৰেৰে পাৰ হৈ গ’লে গাল-কাণ-নাক সৱ ৰঙা হৈ পৰে আৰু চকুৰ দৃষ্টি আপোনাআপুনি তললৈ গুছি যায়। সেইকণ সময় যেন ধৰি ৰাখিম, বাৰে বাৰে ৰিকেপ কৰি হাঁহিটো চাম.. প্ৰাণভৰি। মাজে মাজে দুয়োজনীৰ বেয়াও লাগে, বেচেৰাই কলেজত থকা প্ৰায়খিনি সময় আমাৰ পিছে পিছেই ঘূৰি ফুৰে। মাজে মাজে দুয়োজনীৰ হাঁহিও উঠে, বেচেৰাৰ মাতিবলৈ সাহসকণ এতিয়াও হোৱা নাই। কিন্তু এদিন… সম্ভৱতঃ আমাৰ মনৰ ভাৱ সি পঢ়ি পেলালে।

ক্লাছটো শেষ কৰি দুয়োজনী ওলাই আহিছো বাহিৰলৈ। আগৰেপৰা তাত ৰৈ থকা গলুমলুয়ে পিছপিনৰপৰা ”এক্সকিউজ মি! অলপ ৰবাছোন…” বুলি মাত লগালে। ঘূৰি চাই ঠিক সমূখত, ইমান ওচৰত তাক দেখি মোৰ বুকুৱে ধান বানিবলৈ ধৰিলে। লগে লগে তলমূৰ কৰি কোনোমতে থিয় হৈ থাকি ‘কিনো কয়’ বুলি শুনিবলৈ মাত্ৰ কাণদুখন সজাগ কৰি ৰাখিলো। দেখিলো… গলুমলুয়ে পকেটৰপৰা বগা এনভেলপ এটা উলিয়াই হাতখন বেষ্টীৰ ফালে আগুৱাই দি কৈছে, “বহুদিনৰপৰা তোমাক এটা কথা কম কম বুলি ভাবি আছিলোঁ, ক’ব নোৱাৰি লিখি আনিছোঁ.. পঢ়িবা সোনকালে, উত্তৰলৈ বাট চাম।” কোনোমতে মূৰটো দাঙি গলুমলুৰ চকুলৈ চাই পঠিয়ালো, কিন্তু.. ই কি? গলুমলুয়ে এতিয়াও মোৰ ফালেই চাই আছে… মানে গলুমলু কেঁৰা-চকুৱা আৰু ইমানদিনে মোৰ ফালে মানে মই ভাবিছিলো মোৰ ফালে বুলি, কিন্তু আচলতে বেষ্টীৰ ফালে চাইহে মিঠা হাঁহি মাৰি আছিল।
হায় মোৰ ফটা কপাল! হায় মোৰ ফটা প্ৰেম! বেষ্টীও গ’ল, বিএফো গ’ল।

“চ্চন্ চে জ’ তুতে কয়ি চপনা,
জ্জগ্ চুনা চুনা লাগে,
জ্জগ্ চুনা চুনা লাগে,
কয়ি ৰহে না জ্জব্ অপনা।”

☆★☆★☆

4 Comments

  • Krishna borah phukon

    হেৰৌ এনেও পঢ়িলোহেঁতেন এনেকৈনো bp বঢ়াব লাগেনে বাৰু।

    Reply
  • Manabendra Kr Sarma

    আপোনাৰ লিখাৰ এটা নিজস্ব শৈলী আছে, বৰ্ণনাৰ প্ৰাঞ্জলতাৰ বাবে খুব ভাল লাগে৷

    Reply
    • Manisha Kakati

      ধন্যবাদ মানবেন্দ্ৰদা।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *