কৌতুক – উৎপলা কৌৰ
দত্ত বৰ কৃপণ। এইটো দত্তৰ বিয়াৰ পাছৰ ঘটনা। বিয়াৰ কেইদিনমানৰ পাছত যে ঘৈণী মানে কইনাবোৰ মাকৰ ঘৰত থাকিবলৈ যায় যোৱা আৰু দৰাটোৱে ঘূৰাই আনিবলৈ যোৱাৰ নিয়ম এটা আছে নহয়! তেনেকুৱা নিয়মৰ অজুহাতত যথা সময়ত দত্তই পত্নীক আনিবলৈ গল। যাওঁতে মাকে ক’লে বোলো নতুন মিতিৰ, মিঠাই অকন লৈ যাবি। খালি হাতে গৈ বোৱাৰীৰ আগত মোৰ নাক কান নাকাটিবি। ‘হব দে’ বুলি সি ওলায় গ’ল। যোৰহাটৰ ভাল মিঠাই দোকান এখনত সোমাই দত্তই এটাৰ পাছত এটাকৈ অৰ্ডাৰ দি দহটা লালমোহন খালে। খাই বৈ হলত ৰুমালেৰে মুখ মচি দোকানৰ পৰা ওলাই গ’ল। তাক তেনেকৈ ওলাই যোৱা দেখি মেনেজাৰে হাহাকাৰ লগালে, ‘পইচা দি যাওক! পইচা দি যাওক’ কৈ। -এহ, পইচা আনিব পাহৰিলোঁ নহয়। -পইচা নাই যদি ইমান মিঠাই কিয় খাইছে? -খাবলৈ মন গল কাৰণে খালো আকৌ -ঐ! কোন আছ? ইয়াক পিত তিনিটামানে দোকানত কাম কৰা ল’ৰা আহি দত্তক ভাল লপা থপা দি দোকানৰ বাহিৰত থৈ উভতি আহিল। কিন্তু সিহঁতৰ পাছে পাছে আকৌ সোমাই আহিল দত্ত। মেনেজাৰে দেখাৰ লগে লগে চিঞৰ লগালে, -হেই। আকৌ আহিল যে আপুনি? পিটন কম হল নেকি? -নহয় মানে তেতিয়াৰ দামতে দহটা লালমোহন পেক কৰি দিয়কচোন শহুৰৰ ঘৰলৈ যাওঁ।
☆★☆★☆
9:16 am
কৰাইচ বোলে এনে প্ৰাণীক☺