ফটাঢোল

আজাহাৰ, কুম্ব্লে, শৰ্মা, বাগলাৰী ইত্যাদি – সঞ্জীব কুমাৰ ভট্টাচাৰ্য্য

চৰকাৰী বিভাগ এটাৰ মূখ্য অফিচলৈ গৈছিলোঁ আজি৷

আজি বুলি নহয়, প্ৰায় যোৱা এবছৰ ধৰি গৈয়েই আছোঁ। বিল এখন পাবলগীয়া হৈ আছোঁ আমি৷ এতিয়ালৈকে তিনিবাৰ জমা কৰিছোঁ বিলখন৷ পইচা কেতিয়া পাম সেইটো কোনেও নাজানে৷

অফিচটোৰ পিয়নটোৱেও নাজানে, কেৰাণীজনেও নাজানে; গণিকজনেও নাজানে, ময়ো নাজানো৷ মূখ্য অভিযন্তাজনেও নাজানে মুঠতে কোনেও নাজানে ।

সেইফালে অন্য কামত ওলাই গ’লে গতানুগতিক দৰ্শন এটা, মানে কামোৰ এটা দি আহোঁ অফিচটোত, মানুহবোৰক, কিজানিবা পাই যাওঁ পইচাটো!

আজি কিন্তু মোৰ মুড বেলেগ৷ অফিচত বচৰ গালি শুনি ওলাই আহিছোঁ! হয় পইচা পাম, নহ’লে কোনোদিনেই নাপাওঁ, এনেকুৱা যুদ্ধং দেহি মনোভাৱ আজি মোৰ৷

চিধাচিধি পৰিচালন সঞ্চালকৰ কেবিনটোৰ ফালে আগবাঢ়িছোঁ, আই. পি. এছ. বিষয়া তেখেত ।

বেছি দিগদাৰি নহ’ল৷ তেখেতৰ দ্বাৰপালজন চিনাকিয়ে হৈ গৈছিল আহোঁতে আহোঁতে৷

“বহুত পলম কৰিলে আপুনি৷ ছাৰক আগতেই লগ ধৰিব লাগিছিল৷ টেবুলে টেবুলে কিমান দৌৰি থাকিব ইয়াত?”

মানুহজনৰ কথাত মনটো ভাল লাগি গ’ল৷ এজন অন্ততঃ সৎ মানুহ আছে ইয়াত!

সোমালোঁ তেখেতৰ কেবিনত৷

“কি সমস্যা আপোনাৰ?”

“ছাৰ, চাফ গেইমছৰ সময়ৰ বিলখন এতিয়াও পোৱা নাই৷ তিনিবাৰ জমা দিলোঁ ছাৰ বিলখন৷ মেডেল পোৱা খেলুৱৈয়ে কিজানি মেডেল বেচিবলগীয়াও হ’ল ইমানদিনে৷ আমিহে পইচাকেইটা নাপালোঁ৷” একে উশাহতে শেষ কৰিলোঁ কথাখিনি৷

“আচ্ছা, ক’ত পৰি আছে সেইখন?”

“নাজানো ছাৰ, সকলোৱে নিজৰ টেবুলৰ পৰা উলিয়াই দিয়া বুলিয়েই কয়৷ শৰ্মাই কয় বাগলাৰীৰ তাত, বাগলাৰীয়ে কয় গোস্বামীৰ তাত৷”

“আচ্ছা, ক’ত উলিয়াই দিছে সেইখন?”

“নাজানো ছাৰ, সকলোৱে নিজৰ টেবুলৰ পৰা উলিয়াই দিয়া বুলি কয় আৰু বেলেগ এখন টেবুললৈ আঙুলিয়াই দেখুৱাই দিয়ে৷”

“আচ্ছা, সমস্যাটো বুজিছোঁ আপোনাৰ৷ বহক বহক, বহি লওক৷”

“ক্ৰিকেট খেল চাই নে আপুনি?”

“কি কয় ছাৰ, ক্ৰিকেট পাগল মই; ইণ্ডিয়াৰ খেল থাকিলে কথাই নাই!”

“৯০ দশকৰ ইণ্ডিয়া টিমৰ খেল মনত আছেনে আপোনাৰ?”

“অলপ অলপ মনত পৰে!”

“আজাহাৰৰ গাৰ কাষেদি পাৰ হৈ যোৱা বলটো নিজে ধৰিবলৈ চেষ্টা নকৰি, সুভাষ বসুৰ প্ৰস্তৰ মূৰ্ত্তিৰ দৰে সোঁ-হাতখন দাঙি অন্য এজনক বলটো ধৰিবলৈ নিৰ্দেশ দিয়া দেখিছিল নহয় আপুনি?”

“হাঃ হাঃ নিশ্চয় মনত আছে ছাৰ আৰু বাউণ্ডেৰী লাইনৰ ওচৰত দৌৰি দৌৰি বল ধৰিব নোৱাৰি কুম্ব্লে আৰু শ্ৰীনাথ বামৰ পৰা ঘৰিয়াল পানীত নমাৰ দৰে দৃশ্যটো! সকলো মনত আছে ছাৰ৷ পিছে আপুনি ক্ৰিকেটৰ কথা উলিয়ালে যে, মোৰ পইচাৰ লগত ইয়াৰ কি সম্পৰ্ক?”

“বেলেগ টেবুললৈ আঙুলিয়াই দেখুৱাই দি আপোনাক মহান উপকাৰ আৰু কৃপা কৰি থকাকেইজন আজাহাৰ আৰু চুঁচৰি-বাগৰি বাউণ্ডেৰী লাইনত বল ধৰিব নোৱৰা কুম্ব্লেজন আপুনি নিজে৷

দুদিন পিছত আহক মোৰ তাত আপুনি, মই আপোনাৰ পইচা উলিয়াই দিম! নিশ্চিন্ত থাকক৷”

“উফ ৰক্ষা! ধন্যবাদ ছাৰ, আহোঁ তেন্তে৷”

“নিশ্চয়।”

“পিছে আজাহাৰ, কুম্বলেবোৰৰ ভিতৰত আপুনিনো কোন?”

“মই আম্পায়াৰ, খেল খেলায়ো থাকোঁ; চায়ো থাকোঁ৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *