ফটাঢোল

জাব্রা প্রেমিকৰ চিঠি – খনীন্দ্ৰ ভূষণ মহন্ত

“If you have ever realize that you had made a mistake by refusing my proposal, and want to be a part of my life, please let me know beforehand . I will come out to meet you wherever you want.”- Some one sided lover

 

মৰমৰ

এইয়া ১০০ পাৱাৰৰ বাল্বটো জ্বলাই লৈছোঁ

আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি

ইমান ঠাণ্ডা পৰিছে

চাওঁ, কম্বলখন গায়ে-মূৰে লৈ লওঁ

সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে

আমি যে ইজনে-সিজনৰ ফোন নম্বৰবোৰ সলনা-সলনি কৰিছিলোঁ

মোৰ যে মনটো একেবাৰে ৰিমঝিম-ৰিমঝিম লাগি গৈছিল

সেইদিনা আছিল গাৰ ঘাম আৰু দিয়’ মিহলি হৈ

ভেকেটা-ভেকেট গোন্ধোৱা আহাৰ মাহৰ এটা অলস দুপৰীয়া

ৰাস্তাৰ কাষত কুকুৰবোৰে জিভা উলিয়াই ৰৈ আছিল

আৰু সন্ধিয়া, তুমি “Hi” বুলি প্রথম মেচেজ দিয়াৰ দিনা

মোৰ মোবাইলৰ বেটেৰী প্রায় নোহোৱা হৈ

“Battery low, Battery low ” বুলি যে চিঞৰি আছিল

চার্জত দিবলৈ……

মোৰ মোবাইলৰ বেক-ক’ভাৰটোলৈ

তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা?

মোৰ কেনে লাগিছিল জানা

তুমি যেন মোবাইলৰ সা-সৰঞ্জাম বিচাৰি অহা গ্রাহক

আৰু মই এজন দোকানী

সেই দিনা মোৰ মনত বুজাব নোৱাৰা অলেখ ভাবৰ বুৰবুৰণি

তোমাৰ জানো এইবোৰ কথা মনত নাই?

আমাৰ দেউতাই যে আমাৰ লিলিমাইৰ কথা গম পাই

তোমাৰ দেউতাক লগাই দিছিল

আৰু দুয়োৰে পিঠি………

 

এইবোৰ সাত বছৰৰ আগৰ কথা

মোৰ যে তোমাক দিয়া মেচেজবোৰ দিলিট হৈ গ’ল জানা

কিছুদিন আগত মোবাইলটো ফৰমেট কৰিলোঁ

বেক-আপ থ’বলে পাহৰি গ’লোঁ

তুমি আজি-কালি দিয়া মেচেজবোৰ মই

Google-driveত চেভ কৰি থওঁ

মন গলেই পঢ়িব পাৰোঁ

 

মই মোবাইলটো লৈ বহিলেই জেঠীবোৰেও আঁতৰি পলায়

মেচেজ পঢ়ি পঢ়ি বেৰত ধকিয়াই দিওঁ যে

সেইকাৰণে নহয়!

 

তোমাৰ নামটো মই unknown number বুলি লিখি ৰাখিছোঁ বুজিছা

দৰকাৰ হ’লে নম্বৰটো মুখস্থ কৰি নামটো দিলিতেই কৰি দিম

তোমাক অনলাইন নেদেখা সময়খিনি

মোৰ যে বুকুখন তেনেই উদং হৈ থাকে ভাই

 

আৰু কি লিখিম

বিশেষ একো নাই

মোৰে শপত, তুমি যিদিনা মেচেঞ্জাৰত আহিবা

মোক আগতীয়াকৈ জনাবা দেই

মই নেট-পেক নাথাকিলেও বেলেঞ্চ খৰচ কৰি তোমাক মেচেজ দিম

তুমি যিদিনা মেচেঞ্জাৰত আহিবা

মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই

মৰম ল’বা

ইতি

তোমাৰ অল টাইম “জাব্রা” প্রেমিক

আকৌ, এইবাৰ বুজিছা মোৰ পেটৰ অসুখটোৱে বৰ অশান্তি দিছে

ভাইটোৰ দুটা বিহ ফোঁহা উঠিছে

এটা কাষলতি তলত

আৰু আনটো টিকাত

জাব্রা প্রেমিক
☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *