ফটাঢোল

আত্মশ্লাঘা – সোমকান্ত শইকীয়া

ক’লে অহংকাৰ কৰা হয়, নক’লেও মনটো খু-দুৱাই থাকে । কোনোবাই ‘আত্মশ্লাঘা’ বুলি ক’লেও কওক — কথাটো কৈয়েই দিও।

আজি কালি বহুত মানুহে মোক এটা প্ৰশ্ন সঘনাই সুধি থাকে — মোতকৈ সৰু ডাঙৰ বহুতেই।

প্ৰশ্নটো কি? ৰ’ব কৈ আছোঁ : আপোনাৰো চাগে কৌতূহল হৈছে — কি বা প্ৰশ্ন?

প্ৰশ্নটো সৰু, কিন্তু উত্তৰটোহে অলপ দীঘলীয়া হ’ব।

“আপুনি কেনেকৈ এই বয়সতো স্বাস্থ্য, চেহেৰা অটুট ৰাখিব পাৰিছে — ইয়াৰ ৰহস্যটো কি ?” —এইটোৱেই প্ৰশ্ন। ভাবি চাওকচোন, এই প্ৰশ্নৰ সঁচা উত্তৰ দিবলৈ হ’লে মোৰ নিজৰ বিষয়ে গুণানুকীৰ্তন কৰিব লাগিব — তাৰ মানে নিজক বখানিব লাগিব অৰ্থাৎ, আত্মশ্লাঘাৰ সহায় ল’ব লাগিব। আৰু জানেনে — শাস্ত্ৰ মতে আত্মশ্লাঘা ‘আত্মহত্যা’ৰ সমতুল্য?

কিয় ?

মনত আছেনে — সেইযে কুৰুক্ষেত্ৰৰ যুদ্ধত যুধিষ্ঠিৰক এবাৰ কৰ্ণই বন্দী কৰি পিছত মাক কুন্তীক দিয়া প্ৰতিশ্ৰুতি অনুসৰি মুকলি কৰি দিলে। যুধিষ্ঠিৰে লাজে অপমানে ঘূৰি অাহি অৰ্জুন আৰু অৰ্জুনৰ গাণ্ডীবক তিৰস্কাৰ কৰিবলৈ ধৰিলে। অৰ্জুনৰ আকৌ প্ৰতিজ্ঞা আছিল –“যিয়েই গাণ্ডীবক অপমান কৰিব তাৰ তেওঁ শিৰচ্ছেদ কৰিব –অন্যথা আত্মহননৰ পথ বাছি ল’ব।” গতিকে ভ্ৰাতৃ হ’লেও গাণ্ডীবৰ মৰ্যাদা ৰক্ষা কৰি যুধিষ্ঠিৰৰ শিৰচ্ছেদ কৰিবলৈ উদ্যত হ’ল। সেই প্ৰসঙ্গতে কৃষ্ণই অৰ্জুনক বুজালে বোলে — “সখা অৰ্জুন, তুমি মহাপাপত লিপ্ত নহ’বা — তুমি জানানে ‘আত্মশ্লাঘা’ আত্মহত্যাৰ সমতুল্য — এতেকে, তুমি নিজৰ আৰু গাণ্ডীবৰ প্ৰশংসা কৰি ভ্ৰাতৃহত্যা আৰু আত্মহত্যা –এই দুয়োটা মহাপাপৰ পৰা নিজকে মুক্ত কৰা।”

মোকো সকলোৱে আত্মহননৰ দিশে ঠেলি দিছে : ময়ো “ৰাইজৰ বাণী বেদৰ বাণী” বুলি মানি লৈ এতিয়া অলপ অত্মশ্লাঘা কৰিবলৈ ওলাইছোঁ।

ক্ষমা কৰিব — বহুবল্কিতাৰ দোষত দোষাৰোপ নকৰিব আকৌ।

এতিয়া প্ৰশ্নটোৰ উত্তৰ দিও বাৰু।

যিবিলাক কথাই মানুহৰ বয়স বঢ়াই – বুঢ়া কৰে সেইবোৰৰ পৰা মই আজি কালি দূৰতে বিদূৰ।

কিনো সেইবোৰ? মোৰ মতে ৩ টা বস্তু ঠিকে থাকিলে মানুহ বুঢ়া নোহোৱাকৈ থকিব পাৰে — চকু, কাণ আৰু জিভা— মানে খোৱা বোৱা কৰা মুখখন।

১) মোৰ আগৰ চকু কেইটা সলাই নতুন চকু কৰি ল’লোঁ — কেইবা বছৰো আগতে। (কেটেৰেক্ট অপাৰেশ্ব্যন কৰা হ’ল দুয়োটা চকুৰে)। গতিকে, যিমান পাৰোঁ সিমানহে চাওঁ, স্বাস্থ্যৰ বাবে বেয়া বুলি জনা বস্তুবোৰ নাচাওঁ (গান্ধীৰ আদৰ্শ মানো)।

২) কাণৰ অৱস্থাও তথৈৱচ — মানে প্ৰয়োজনীয়খিনিহে শুনোঁ‌।

৩) মুখ নিয়ন্ত্ৰণ কৰোঁ দাঁতেৰে — দুই পাৰি লগ লগাই ১০ টা মান আছে দাঁত – গতিকে খোৱা বস্তুবোৰৰ খাদ্যপ্ৰাণ অলপো নষ্ট নোহোৱাকৈ নোচোবোৱাকৈ গিলি থওঁ। ১০০% খাদ্যপ্ৰাণ সদায় পাই থাকিলে চেহেৰা বেয়া হ’ব পাৰেনে?

এতিয়া বুজিলেনে মোৰ Evergreen স্বাস্থ্যৰ ৰহস্যটো।ৰহস্য “ৰহস্য” কৰিয়েই ৰাখিব কিন্তু। ফাদিল কৰি নিদিব আকৌ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *