খাৰখোৱা – বিকাশ শইকীয়া
ডিচেম্বৰ মাহৰ কথা। ঠাণ্ডা দিন নিদ্ৰাদেৱী আহোতে পলম কৰে। কিয় নাজানো। ট্ৰেফিকত ফচি থাকে নে বিশৃংখল ৰুমটোত সোমাবলৈ বেয়া পায় নাজানো কিন্তু পিছদিনা পুৱা সেই বিশৃংখল বিছনাখনৰ কি প্ৰেমত তেওঁ পৰে নাজানো, এলাৰ্মটোৱে বা মই যিমানে খেদি পঠিয়াও ব্লেংকেটখন এৰি যাবই নোখোজে। ফলস্বৰূপে মোৰ অফিচলৈ যোৱা পলম হয়।
ন-বজাতে অফিচ, গৈ পাওঁতে বাৰ বাজি যায়। ডিচেম্বৰ মাহ, অফিচত কামো নাই, মেনেজাৰো অফিচৰ এটা কামত আমেৰিকাত গৈ আছেগৈ। সেই সুবিধাটো খাৰখোৱাই ভালকেই লৈ আছো।এক বজাতহে গৈ অফিচ সোমাইছো। সিদিনা এজন চিনিয়ৰে সুধিলে ইমান দেৰিকে কিয় অফিচ আহিছা? চিনিয়ৰ হ’ল কি হ’ল পিছে। খাৰখোৱা মনটোৰ সহ্য নহ’ল। হাত দুখন তাৰ টেবুলত ভেঁজা দি খাৰখোৱা মুখখনে কাৰ্যালয় আত্মীয়তাৰ উমান দি কৈ দিলো “নিজৰ অফিচলৈহে আহিছো”। সি পুনৰ অলপ উচ্চ কণ্ঠে সুধিলে “মানে” ? এইবাৰ মই অলপ হাঁহি উত্তৰটো দিলো “নিজৰ অফিচলৈহে আহিছো। গতিকে মোৰ কথা কেতিয়া আহো”। চিনিয়ৰজনৰ খংত মূৰৰ চুলি দাং খাই গৈছে, কিন্তু হাঁহিও উঠিছে বুজিব পাৰিলো। ময়ো মিচিককে হাঁহি এটা মাৰি কথাটো পাতল কৰি নিজৰ চকীত বহিলো। কিন্তু সি আৰু মোক কোনো দিন একো নোকোৱা হ’ল। মেনেজাৰ নাই গতিকে মই প্ৰেজেণ্টটো ঘৰৰ পৰাই মাৰি থৈ দিওঁ , অফিচলৈকে নাযাওঁ বাপ্পেকে। কোনেও একো কওঁতা আৰু কামো নাই। (কাম থাকিলে কিন্তু ওলোটা হৈ যায়। ভাত খাবলৈ সময়ৰ অভাৱ হৈ পৰে কেতিয়াবা।)
এশ গৰু মাৰিলে বাঘৰো মৰণ। সেই দিনা ভিডিঅ’ কনফাৰেন্স হ’ৱ সন্ধ্যা ছয় বজাত। চিনিয়ৰজন বিশেষ কামত চুটিত আছে। গতিকে যিটো কামৰ বাবে কনফাৰেন্স হ’ৱ কামটো ভালকৈ বুজি লোৱা, কিবা প্ৰশ্ন কৰিবলৈ থাকিলে প্ৰশ্ন কৰা আৰু পিছত বিতংকৈ সকলোকে বুজোৱাৰ দায়িত্ব এইবাৰ মোৰ। লগত থাকিব হাই প্ৰফাইল দুজনমান লোক। শ্ৰমিক সকলৰ ভিতৰত ময়ে জেষ্ঠ্য। মেনেজাৰে আমেৰিকাৰ পৰা মোৰ ডেক্সত ফোন মাৰিলে, কোনেও নুঠালে। মোৰ ম’বাইলত ফোন কৰিলে | তন্দ্ৰালসী সুখত ৰিংটো শুনিয়েই বিৰক্তিসূচক ভাৱে অসমীয়া ব্যাকৰণত “কোন বে….” ভাৱত ফোনটো চাই উঠাওতেই.. Where are you ?? ” বিছনাৰ পৰাই খপ-জপাই ক’লো ” Sir , I am in office “। তেওঁ ক’লে ” why don’t you pick the phone “। এইবাৰ গা বাজি গ’ল, খাৰখোৱা মগজহে, ক’লো বোলো “ohh! you called me, I came out to have a cup of tea”। মেনেজাৰে ক’লে “be prepare for the conference”। চিধাই মেইলটো খুলি চাওঁ, দেখো ছয় বজাত কনফাৰেন্স, পাঁচ বাজিলেই। ৰ’বলৈ সময় নাই। গা ধুৱাই নাই কিন্তু “খাৰখোৱা” যে নাকটোও দীঘল। গতিকে বিদেশী পাৰ্ৰফিউম কোম্পেনী এটাক ধনী কৰি আৰু বিদেশী কোম্পেনী “উবেৰ” বুক কৰি চিধা অফিচ। উবেৰৰ পৰাই কনফাৰেন্সৰ যাৱতীয় কামখিনি কৰি ল’লো। নিজকে কিবা স্মাৰ্ট স্মাৰ্ট লাগি গ’ল |
অফিচৰ গেটৰ সন্মুখত কেব ৰাখিল আৰু ভোক লাগি থকা বাবে বেলেগ খাৱ লৈ সময় নাই দেখি চাহ একাপ কে’ক এটাৰ সৈতে খাই ল’লো। চাহ আৰু কে’ক (৪+৫) ৯ টকা হ’ল। দহ টকাৰ নোটখন দিয়াত দোকানীজনে ক’লে এক টকাৰ কি দিম ?? মই ক’লো চুইংগামকে দিয়ক এটা (যিহেতু তামোল নাই)। চুইংগামটো চোবাই চোবাই কনফাৰেন্স ৰুমত সোমালো। লেঠাটো এতিয়াহে লাগিলে। একদম মূৰা মূৰি সময়ত গৈ বীৰদৰ্পে সোমাইছো,চুইংগামটো পেলাবলৈ ডাষ্টবিন নাই। ইফালে কনফাৰেন্স ষ্টাৰ্ট হ’লেই। চুইংগামটো মুখত থাকিলে মোৰ যিহে ইংৰাজী “pronunciation” ইংৰাজী ভাষী সকলে বুজিকে নাপাব। আমেৰিকাৰ লোকৰ লগত ইংৰাজী কওঁতে গ্ৰামাৰ বা শব্দৰ ব্যৱহাৰতকৈ বেছি মই “pronunciation” গুৰুত্ব দিব লাগে। কাৰণ জিভাখন যে খাৰখোৱা। যেনে – উচ্চাৰণত “ট” আৰু “ত” পাৰ্থক্য, “ch”, “sh” আৰু “s”ৰ পাৰ্থক্য মোৰ খাৰখোৱা জিভাত নায়েই। কি কৰা হয় তলত সুন্দৰ কাৰ্পেট পৰা আছে। ওলাই যাবও নোৱাৰো এতিয়া। অভদ্ৰ সূচক হৈ পৰিব।জিভাখন, মুখখন, মগজটোৱে খাৰখোৱা নহয় নাকটোও মোৰ খাৰখোৱাই। গতিকে নাকটো মোহাৰি চালো বুদ্ধি এটা পাওঁ নেকি! সঁচাকৈ খাৰখোৱা নাকটোতে বুদ্ধি এটা আছিল।
নাকত থকা নোম এডাল টান মাৰি দিলো যাতে হাঁচি এটা আহে। হাঁচিটো আহোতে হাতদুখন কাজলি পতাৰ দৰে মুখত দি লৈছো। মুখখন, কাজলি পাতি থোৱা দুখন হাতৰ ফাঁকটো আৰু টেবুলৰ তলৰ ফাঁকটো (টেবুল আৰু কাৰপেতৰ মাজৰ ফাঁকটো) এডাল ৰেখাতে পোনাই ল’লো। যাতে হাঁচিটো মাৰোতেই মূখৰ চুইংগামটো গৈ টেবুল আৰু কাৰ্পেট মাজৰ ফাঁকটোত সোমাই পৰে। ভৱা মতে হাঁচি মৰা কাম ভাগ হৈ গ’ল। কিন্তু চুইংগামটোহে ফাঁকত নোসোমালে। টেবুলৰ তলত প্ৰায় পাঁচ ইঞ্চিমান ওপৰত লাগি থাকিল। সৰ্বনাশ! এতিয়াচোন কোনোবাই দেখিবলৈ হ’লে মই শূৰ্পনখা হৈ পৰিম। হেঃ ! মোৰ ভৰিটোত কি খাৰখোৱাৰ তেজ নাই নেকি। জোতাৰ আগটোৱে চুইংগামটো টেবুল আৰু কাৰ্পেটৰ ফাঁকলৈ ঠেলা মাৰি সুমুৱাই থৈ দিলো।
“আগফালে মাৰো ডাং পিছ ফালে ধোবাং বাং।” নাকটো বচাওঁ বুলি এই কুবুদ্ধিৰ কামবোৰ কৰি থাকোতে সিফালৰ পৰা (কনফাৰেন্সৰ পৰা) যে মোক “গুড ইভিনিং মিষ্টাৰ চইকীয়া (শইকীয়া)” বুলি চিঞৰি আছে কাণত সোমোৱাই নাছিল। সবে হাঁহি দিলতহে সম্বিত ঘূৰি আহিল আৰু সেইফালে নাকটোও নাবাচিল।
কনফাৰেন্স শেষ হ’লত শান্তিত চাহ একাপ হাতত লৈ ভাৱিছো। পৃথিৱীত “খাৰখোৱা” জাতি এটাই আছে। অসমীয়া জাতি।এই বুলি আমি হাজাৰ গৌৰৱ নকৰো কিয়,খাৰখোৱা স্বভাৱ কিছুমান এৰিব হ’ল। চাহকাপ যেনেদৰে জিভাৰ পৰা পেটলৈ যাওঁতে কেনি কেনি গৈছে গম পায় গৈছো, ঠিক তেনেদৰে আগতে শুনা দুটামান কথা লগে লগে মোৰ হাড়ৰ মাজে সৰকি গ’ল।
(১) জোৰ পুৰি হাত পালেহিহে বুজি পাওঁ। আগৰ সময়ত ক’তো খবৰ বা সতৰ্কতা নাই, মাথোঁ সকলোতে বিতৰ্ক।
(২) অইল ইণ্ডিয়াৰ উচ্চ পদস্থ বিষয়া শ্ৰদ্ধাৰ দীপকানন্দ ভৰালী খুড়াৰ বত্ৰিছ বছৰ অসমৰ বাহিৰত থকাৰ অভিজ্ঞতাৰে কৈছিল। অমি অসমীয়া সকল প্ৰায় ত্ৰিছ বছৰ পিছপৰি থকাৰ কাৰণ “সময়ৰ টিকনি আগফালে” কথাষাৰৰ মূল্য নিদিয়া।
(৩) অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম, কিহত পঢ়িছো সেইটো ডাঙৰ কথা নহয়। কিমান শিকিছো। সেইটোহে মূল কথা।
(সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়।কিন্তু মোৰ দৰে খাৰখোৱা বন্ধু মোৰ দুই এজন আছে। যাৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। “আমি অসমীয়া নহওঁ দুখীয়া” কথাষাৰক পূৰ্ণতা দিবলৈ মই আৰু মোৰ দৰে বন্ধুকেইজনে স্বভাৱবোৰ সলাবৰ হ’ল।)
☆★☆★☆
4:32 pm
এ মজা…