ফটাঢোল

অথ: বিৰিয়ানী সংবাদ – নাজমা বেগম

হোষ্টেলত মাক দেউতাকে থৈ যোৱাৰ পিছৰে পৰা নিচা আৰু স্বৰ্ণালী একেবাৰে নলে গলে লগা বান্ধৱী হৈ পৰিল।দুয়োজনী দুখন সৰু সৰু গাঁৱৰ পৰা আহিছে। চহৰৰ একো আও ভাও বুজি নোপোৱা ছোৱালী দুজনীৰ বেচ সময় লাগিল নতুন পৰিবেশত খাপ খাবলৈ।প্ৰথমতে হোষ্টেলৰ একো তলা নলাই ধৰিব নোৱাৰি গধূলি চাহৰ বেল দিওঁতে দুয়োজনী আহি বাৰাণ্ডাত প্ৰাৰ্থনা গাবলৈ ধৰিলে,চবেই খিকখিকাই হাঁহি দিওঁতেহে উৰহী গছৰ ওৰ পালে । পিছদিনা ৰাতিপুৱা গা ধুবলৈ সকলোৱে লাইন পতা দেখি নিচাই সুধিয়েই পেলালে ইমানবোৰ ছোৱালী মাত্ৰ চাৰিটা বাথৰুম কিয়?আমি এই বিষয়ে প্ৰতিবাদ কৰিম,অনশনত বহিম।ইটোৱে সিটোৰ মুখলৈ চোৱা দেখি গম পালে এইটোও এটা নক’বলগীয়া কথা।
লাহে লাহে দুই এটা কথা দেখি বুজি শিকিলে।এদিন ভোক লগাত দুয়োজনী ৰাস্তাৰ কাষতে থকা ফাষ্ট ফুডৰ দোকানত সোমাই কেঁচুৰ দৰে পাক খাই থকা চাওমিন দুই প্লেট ল’লে।সেইবিধৰ বাদে তাত একো নাছিল । থিয়ৈ থিয়ৈ খাব লগা হ’ল। প্ৰথম চামুচ খন নিওঁতেই স্বৰ্ণালীৰ তালুত খোঁচ্ মাৰি ধৰিলে । দোকানীজনক ক’লে অ’ দাদা এইখন বেজী লগা চামুচ দিছেনো কিয়? তালুত খোঁচে দেখোন।দোকানীৰ অৱস্থা হাঁহো নে কান্দো।এইবাৰ দুয়োজনী চামুচ থৈ হাতেৰেই পুৰা মকৰ মকৰ দি দিলে।বেলেগ গ্ৰাহকে ভূত চোৱাদি চালে সিহঁতক।দুয়োজনী আকৌ আনন্দত গংগাটোপ হৈ পৰিল আৰে বাহ্ গাঁৱৰ ছোৱালী টাউনত জমাই দিছোহি ….ভাৱটো এনেকুৱা।
গৈ থকা সময়ৰ লগত তাল মিলাই নিচা প্ৰেমত পৰিল।আজিকালি স্বৰ্ণালীৰ লগত ইমান ঘুৰাই নহয়।নিচাক সেইদিনা প্ৰেমিক অভিজ্ঞানে ৰেষ্টুৰেন্ট এখনলৈ লৈ গ’ল।কিবা এটা খোৱাৰ কথা সোধাৰ লগে লগে নিচাই টপককৈ ক’লে “মই কেঁচুবোৰ নাখাওঁ দেই “।চাই চাই চিকেন বিৰিয়ানীৰ অৰ্ডাৰ দিলে।নিচাই যিমান পাৰে মুখ খোলা নাই।বৰ বিশেষ একো নাজানে তাই।অভিজ্ঞানে মাজে মাজে দুই এটা হিন্দী কয় তাই আকৌ বুজি পালেও উত্তৰ দিব নোৱাৰে।স্কুলৰ হিন্দী বাইদেৱে নিজেই চব যাতা হু খাতা হু হিন্দী কয়।তাহাতক আৰু শিকাব কি !

বিৰিয়ানী আহিল । নিচাই ভাবি আছে চিকেন মানে মূৰ্গী কিন্তু ইয়াত দেখোন চিকেন নাই।ডিম এটাকে ফালি থৈ দিছে।খোৱা আকৌ….অভিজ্ঞানে কৈছে।তাকেই বেয়াই লাগিছে অ’।আমালৈ বিৰিয়ানী বনোৱা মূৰ্গীটোৱে কণী পাৰি আছিল চাগৈ।পেটত পোৱা কণীটোকে এনেকৈ ফালি দিব লাগেনে।কথাবোৰ ডাঙৰ ডাঙৰ কৈ আছে নিচাই।অভিজ্ঞান লাজত ৰঙা পৰি উঠিছে ওচৰৰ টেবুলৰ প্ৰেমিক যুগলে ফিচফিচাই হাঁহিছে ।
কিবা ক’বলৈ নৌপাওঁতেই চামুচ এৰি নিচাই হাতেৰেই পুৰা মকৰ মকৰ দিবলৈ লাগি গ’ল।এইবোৰনো কি বিৰিয়ানী অ’ আমাৰ ৰাতিৰ ভাত থাকি গ’লে মায়ে ভাজি দিয়ে । একেই ভজা ভাতহে । হায় হায় অ’ কণী পৰা মূৰ্গীজনী এনেয়ে বধিলে অ’ ….নিচাৰ মুখৰ পৰা অনৰ্গল বাগৰিছে ।
বিল দিওঁ বুলি উঠি গৈ অভিজ্ঞান যি পলাল চহৰ চলাথ কৰিও আজিও নিচাই তাক বিচাৰি পোৱা নাই ।
( শেষৰ কাহিনীটো সম্পূৰ্ণ সত্য )

☆★☆★☆

2 Comments

  • অংশুমান শইকীয়া

    হা হা ভাল লাগিল নাজমা

    Reply
  • দেবীভক্ত উপাধ্যায়

    ৰসাল হৈছে। পঢ়ি ভাল পালোঁ । ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *