ফটাঢোল

দুচকুত প্ৰেমৰ বৰ্ষা – তৃপ্তি বৰা

অপেক্ষাও ইমান সুন্দৰ হ’ব পাৰে অনিৰ্বানে আজি প্ৰথম বাৰলৈ অনুভৱ কৰিলে।তথাপিও মাজে মাজে উৎকন্ঠিত হৈ পৰে সি।সেই কাজলসনা চকুযুৰিত দেখা গভীৰতাক আজি নিচেই কাষৰ পৰা জুখি চাব সি..আৰু তাইৰ ওঁঠৰ সেই তিলটো..আস্!ভাবিয়েই মনটো ভাল লাগি গ’ল অনিৰ্বানৰ।বৰ্ষাই দিয়া ঠিকনাটোৰ মতে সি আহি উপস্থিত হৈছেহি ৰেষ্টুৰেণ্টখনত।আনকালে কোনোবাই কিবা প্ৰয়োজনত তাক লগ কৰিবলৈ বিচাৰিলেও সি সদায় সময়তকৈ বহু দেৰিকৈহে উপস্থিত হয়গৈ।বন্ধু মহলতো সি প্ৰায়েই এই কথাৰ বাবে গালি খায়।কিন্তু আজি সি সময়তকৈও বহু আগতেই আহি ৰৈ আছেহি।মনে মনে হাঁহি উঠিল তাৰ নিজৰ ওপৰতেই।হয়তো এয়াই প্ৰেম।হৃদয়ৰ তাগিদা..ভালপোৱাৰ আকুলতা।
হাতৰ ঘড়ীটোলৈ সি এনেয়ে চালে।কিমান বাজিল বাৰু?ইমান দেৰি কৰিছে এই বৰ্ষাজনীয়ে।স্বচক্ষে তাইক এবাৰ দেখাপোৱাৰ হেঁপাহটোৱে তাক বাৰুকৈয়ে ব্যগ্ৰ কৰি তুলিছে।বৰ্ষা…সম্পূৰ্ণ নাম বৰ্ষাসিক্তা কলিতা।ফেচবুকতেই চিনাকী হৈছিল সি বৰ্ষাৰ লগত।তালৈ অহা বন্ধুত্বৰ ৰিকুৱেষ্টবোৰৰ মাজত হঠাৎ সেই বিশেষ ফটোখনত তাৰ চকু কেইটা থমকি ৰৈছিল।মিঠা বৰণীয়া ছোৱালীজনী।দেখিবলৈ ধুনীয়া বুলিব নোৱাৰি।কিন্তু চকুকেইটাত যেন আছে কিবা এক বিষাদ।নামটোৰে সৈতে খাপ খায় পৰা ব্যক্তিত্ব।মন্ত্ৰমুগ্ধৰ দৰে তাৰ আঙুলিকেইটাই টিপিছিল এক্সেপ্ট বুটামটো।ক্ষণিকতে হৈ পৰিছিল সিহঁত বন্ধু।ভাৰ্চুৱেল পৃথিৱীয়ে উপহাৰ দিয়া বন্ধু।
লাহে লাহে সিহঁতৰ মাজত কথা বাৰ্তাৰ আৰম্ভ হৈছিল।প্ৰথম দিনা কথা পাতিয়েই কিবা এটা ভাল লাগিছিল তাৰ ছোৱালীজনীক।ফটোখনত দেখা চকুযুৰি আৰু ওঁঠৰ সেই তিলটোৰ দৰেই বৰ্ষাসিক্তাৰ ব্যক্তিত্বই তাক আকৰ্ষণ কৰিছিল।ফে’চবুক খুলিয়েই সি মাথোঁ ব্যগ্ৰ হৈ পৰে সেই নিৰ্দিষ্ট নামটোৰ আগত অহা সেউজীয়া চিহ্নটোৰ অপেক্ষাত।
ভালপোৱা মাথো এটা শব্দ নহয়
সমগ্ৰ সত্বাৰ আন্দোলিত তৰংগ
প্ৰাপ্তিৰ কামনা বা অপ্ৰাপ্তিৰ বেদনা নহয়
নিজকে বিলাই দিয়াৰ এক সাধনা মাত্ৰ….

:নিৰ্বান…মোৰ বাবে ভালপোৱা বুকুৱেদি বৈ থকা এখন নৈ…বৈ থাকে মাথোঁ নিৰৱধি।বাহ্যিকতাত বিশ্বাসী মই নহয়।হৃদয়ৰ স্বতঃস্ফুট আহ্বানক সদায়ে সন্মান কৰি আহিছো।

:তোমাৰ মাজত নিজকে বিচাৰো।বাহ্যিকতাক পশ্ৰয় ময়ো নিদিওঁ বৰ্ষা।

:সেয়েটো তোমাক ভালপাওঁ।আজীৱন কঢ়িয়াই ফুৰিব বিচাৰো তোমাক বুকুত।

:মই মাথোঁ জুখিব বিচাৰো তোমাৰ দুচকুৰ গভীৰতাক…নিচেই কাষৰ পৰা।

:ভালপাওঁ তোমাক নিৰ্বান..বিচাৰো ময়ো তোমাক..বুকুভৰি তুমি আছা।খেপিয়াই চালেই পাবা মোৰ বুকুত তোমাক।

:মোৰ বাবে ভালপোৱা হৃদয়ৰ স্বতঃস্ফুট তাগিদা।হৃদয়ৰ তাগিদা অবিহনে প্ৰেম জানো সম্ভৱ?হৃদয়ৰ তাগিদা থকালৈকে ময়ো থাকিম..।

সাথিয়া য়ে তুনে ক্যা কিয়া..মেনে কিয়া তেৰা ইন্তেজাৰ…ইতনা কাৰৌ না মুঝে প্যাৰ….হঠাৎ কাৰোবাৰ ফোনৰ ৰিংটনৰ মাতত অনিৰ্বান বাস্তৱলৈ ঘূৰি আহিল।কাষৰ টেবুলখনত বহি থকা মানুহজনৰ ফোন আৰু এই ৰিংট’নটো…”লাভ” চিনেমাৰ সেই বিখ্যাত গানটো।অনিৰ্বানে কাষতে থৈ দিয়া গীটাৰ খনলৈ এনেয়ে এবাৰ চালে।গীটাৰখন সি বৰ্ষাক উপহাৰ দিবলৈ আনিছে।বৰ সুন্দৰকৈ গীটাৰ বজাব জানে তাই..আৰু এই গীতটো..কি সুন্দৰ বৰ্ষাৰ কণ্ঠ!গীটাৰ বজাই তাই যেতিয়া এই বিশেষ গানটো গায়,অনিৰ্বানৰ বুকুত এক অনামী ঢৌ তোলে আৰু বুকুলৈ নমাই আনে এজাক ভালপোৱাৰ বৰষুণ। উস্!কিমান অপেক্ষা কৰাব বাৰু এই বৰ্ষাজনীয়ে।ফোনটো হাতত লৈ সি বৰ্ষাৰ নম্বৰটো ডায়েল কৰিলে..

:ক’ত আছা?

:এয়া তোমাৰ সন্মুখত..ফোনটোৰ সিটো মূৰৰ পৰা ভাঁহি অহা শব্দকেইটাত অনিৰ্বানে মূৰ তুলি চালে।তাৰ সন্মুখত এগৰাকী অত্যন্ত সুন্দৰী,সপ্ৰতিভ যুৱতী। পিন্ধনত জিন্চ আৰু কূৰ্তা।অনিৰ্বানে যুৱতীলৈ আচৰিত হৈ চালে।দুচকুত তাৰ অযুত প্ৰশ্ন।হয়তো যুৱতীয়ে অনুমান কৰিব পাৰিছিল অনিৰ্বানৰ মনৰ অৱস্থা।অনিৰ্বানৰ সন্মুখৰ চকীখনতে বহি কৈ উঠিল..

:ময়েই বৰ্ষাসিক্তা কলিতা।আচৰিত হৈছা নহয় নিৰ্বান?….দুচকুত অপাৰ বিস্ময় লৈ সি চাই পঠিয়াইছিল যুৱতীৰ ফালে।

:মই তোমাক কৈছিলো নিৰ্বান মই বাহ্যিকতাত বিশ্বাস নকৰো।বাহ্যিক সৌন্দৰ্যৰ প্ৰেমত সকলো পৰে কিন্তু মই বিচাৰিছিলো কোনোবাই মোক ভালপালে মোৰ বাহ্যিক সৌন্দৰ্যক নহয়,মোৰ ভিতৰৰ মানুহজনীক ভালপাওঁক।মোৰ মনটোক এবাৰ চুই চাওঁক।কিন্তু বাৰে বাৰে যেন হেঙাৰ হৈ পৰে মোৰ ৰূপ।
অনিৰ্বানে এইবাৰ পোনপটিয়াকৈ চাই পঠিয়ালে বৰ্ষালৈ।উজ্বল গাৰ ৰং,দীৰ্ঘাংগী,মেলি থোৱা দীঘল চুলি,কুন্দত কটাৰ দৰে মুখমণ্ডল আৰু দুটি ক’লা পখিলাৰ দৰে চকু…যেন এইমাত্ৰ উৰি যাব।এক কথাত এজনী অত্যন্ত সুন্দৰী যুৱতী।কিন্তু সেই মাগুৰবৰনীয়া ছোৱালীজনীৰ কাজলসনা চকুযুৰি!যাৰ গভীৰতাত সি ডুবিব বিচাৰিছিল..এয়া ধেমালি নহয়তো!

:এনেধৰণৰ ধেমালি মোৰ ভাল নালাগে।তুমি কোন আৰু বৰ্ষা ক’ত?অনিৰ্বানে কৈ উঠিল।

:ময়েই তোমাৰ বৰ্ষা নিৰ্বান।

:মই কেনেদৰে বিশ্বাস কৰো?…বিশ্বাস কৰিবলৈ টান লাগিল তাৰ।
অনিৰ্বানৰ চকুৱে মুখে অবিশ্বাস পৰিস্ফুট।কিদৰে বিশ্বাস দিব বৰ্ষাই।নিজৰ প্ৰিয়জনৰ আগত নিজৰেই পৰিচয় দিবলৈ ব্যতিব্যস্ত হৈ পৰিল বৰ্ষা।হঠাৎ অনিৰ্বানৰ কাষত থকা গীটাৰখন দেখি সেইখন হাতত তুলি লৈ বজা বলৈ ধৰিলে অনিৰ্বানৰ প্ৰিয় গীতটিৰ সুৰ।যিটো কণ্ঠই তাৰ হিয়াত লহৰ তোলে..আচৰিত হ’ল অনিৰ্বান।পোনপটিয়াকৈ চালে সি বৰ্ষাসিক্তাৰ দুচকুলৈ।ক’লা পখিলাৰ দৰে দুটি চঞ্চল চকু।নিসন্দেহে ধুনীয়া এযোৰ চকু।কিন্তু নাই তাত কজলা চকুৰ বিষাদ আৰু নাছিল তাত সেই গভীৰতা।”কিয় এনেকুৱা কৰিলা বৰ্ষা?মইতো জুখিব বিচাৰিছিলো তোমাৰ কাজলসনা দুচকুৰ গভীৰতাক আৰু ওঁঠৰ সেই তিলটো।”…কথাকেইটা ক’বলৈ খুজিও ৰৈ গ’ল সি।বৰ্ষাৰ চকুত যে প্ৰাপ্তিৰ আনন্দ আৰু অনিৰ্বান!
হৃদয়ৰ মানুহজনক নিচেই কাষত পোৱাৰ এবুকু আনন্দ বুকুত লৈ বৰ্ষা গুচি গৈছিল সেইদিনা আৰু অনিৰ্বান…বুকুৰ পৰা যেন কিবা এটা খহি পৰিল।স্থানুৰ দৰে হৈ পৰিল অনিৰ্বান।কিমান পৰ তাতেই বহি আছিল সি নিজেও নাজানে।হৃদয়ৰ স্বতঃস্ফুট তাগিদা বিচাৰি বৰ্ষাৰ কাষ চপা ল’ৰাটোৱে যেন ক’ৰবাত হেৰুৱাই পেলালে হৃদয়ৰ তাগিদা।কিয় জানো সি সহজভাৱে গ্ৰহণ কৰিব পৰা নাই সেই সুন্দৰ মুখখন আৰু ক’লা পখিলাৰ দৰে সুন্দৰ চকুযুৰিক।ওহো,বাহ্যিকতাক পশ্ৰয় কাহানিও দিয়া নাই অনিৰ্বানে।কিন্তু হৃদয়ৰ স্বতঃস্ফুট আহ্বানক যে অনুভৱ কৰিব পৰা নাই আৰু অনুভৱ কৰিব পৰা নাই সেই হৃদয়ৰ তাগিদাক….কিদৰে বুজাব সি বৰ্ষাক!উপেক্ষা কৰিব যে পৰা নাই সি সেই অচিনাকী অথচ বুকুৰ আপোন সেই কাজলসনা দুচকুৰ গভীৰতাক।পেন্টৰ পকেটৰ পৰা ফোনটো ওলিয়ালে সি।বৰ্ষালৈ এটা মেছেজ টাইপ কৰিলে..

“কি দৰে কথা হ’ম দুচকুত চকু থৈ
হৃদয়ে যদি আদৰি নলয়
যি দুচকুৰ গভীৰতাত নিজকে হেৰুৱালো
সেই দৃষ্টিত যে আজিও নিৱদ্ধ মই৷
কেনেদৰে আঁকোৱালী ল’ম এযুৰি অচিনাকী চকু এখন নতুন হৃদয়
নিৰৱধি বৈ থাকক তাতোকৈ সময়বোৰ এক সপোন হৈ”

মেছেজটো লিখি সি বৰ্ষালৈ চেণ্ড কৰিলে আৰু তাৰ পাছত মোবাইলৰ স্ক্ৰীণখনত ভাঁহি অহা বৰ্ষাসিক্তাৰ নামটোৰ চুকত জিলিকি থকা ব্লক অপচনটো টিপি ধৰিলে।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *