ফটাঢোল

ছীট – দিগন্ত কুমাৰ ভট্টাচাৰ্য

মেট্ৰিক পৰীক্ষা দি উঠিছোঁ সেইবেলি। চুবুৰীৰ অকণদাৰ বিয়া। দেহে-কেহে খাটিবলৈ হাতত অফুৰন্ত সময়। অকণদাৰ ভনীয়েক অনুপমাই বিয়াৰ আগদিনা হাতৰ মুঠিতে দিয়া পাণখনত চূণেৰে লিখি দিছিল তিনিটা বৰ্ণ- আই এল ইউ!

পাণখিলা বুকুৰ মাজত ৰাখি থৈছিলো বহু দেৰি। নতুনকৈ গজিবলৈ আৰম্ভ কৰা বুকুৰ নোমবোৰে চূণ লাগি বগা বৰণ লৈছিল। পলকতে বিয়াখন আপোন বিয়া, ঘৰৰ বিয়া যেন বোধ হ’বলৈ ধৰিছিল।

দৰা বহি যোৱা মাৰুতি গাড়ীখনতে ছীট এটি খালী আছিল। অনুপমাই জোৰ কৰিছিল তাতেই বহিবলৈ। খিৰিকীৰে মুখখন উলিয়াই বাছত বহি যোৱা আন সমনীয়া দৰাযাত্ৰী কেইজনলৈ চাই পৰম গৌৰৱেৰে ‘তহঁতে থেকেচা খাই অ’ত ত’ত থিয় হৈ আহিবি দেই’ ভাবত বেঁকা হাঁহি মাৰি আগবাঢ়ি গৈছিলো মই। বিয়াঘৰত গৈ কইনাৰ লগত আৰু তিনিজনী ছোৱালী আহিব বুলি গম পালো। গম পালো, আটাইকেইজনী দৰাৰ গাড়ীতেই যাব, তেতিয়া মোৰ মুখখন পঞ্চায়তৰ ইলেকশ্যনত অমুক দলৰ পৰা টিকেট পাব বুলি কনফাৰ্মড্ হৈ থকাৰ পাছত সেইটো টিকেটৰ কাৰণে ইতিমধ্যে এমএলএ’ৰ খুলশালীও সাজু হৈছে বুলি শুনি কেহৰাজ বৰণ লোৱা বীৰেন ঠিকাদাৰৰ মুখখনৰ দৰেই হৈছিল।

‘বাছখনত ছীট এটা যোগাৰ কৰি ল’বা হা’ – অনুপমাই হয়তো দুখ পাইছিল অলপ।

বাছত ছীট এটি বিচাৰি ঘূৰি ফুৰিছিলো আগৰ পৰা পিছলৈ। সকলোৱে মোলৈ চাই ‘দৰাৰ লগত মাৰুতিত অহা পোনাৰ এই অৱস্থা হ’ল নে!’ বুলি খুকখুকাই হাঁহিছিল।

ছীট এটা যোাগাৰ কৰিব পৰা নাছিলো সেই পুৱতি নিশা। পাওদানিত থিয় হৈ পঞ্চাশ কিল’মিটাৰ দূৰ আহিছিলো। সামান্য ‘ছীট’ এটিও যে কিমান মূল্যবান, বুজিছিলোঁ।

আচলতে, বহু আগতেই উপলব্ধি কৰিছিলো।

‘ছীট পৰীক্ষালৈ দুদিনো নাই..পঢ়া-শুনা অলপ নকৰ কিয়?’ – পিতাই আহি এদিন হঠাতে কৈছিল মোক। প্ৰাইমেৰীৰ শেষ পৰীক্ষাটো দি আজৰি হৈছিলোহে তেতিয়া।

আচৰিত হৈছিলো অলপ, যদিও ‘ছীট’ শব্দটো সিদিনাই প্ৰথম যে শুনিছিলো তেনে নহয়। ওচৰৰ মহিৰাম খুৰাহঁতৰ ঘৰত তিনি-চাৰিমাহৰ মূৰে মূৰে ভিচিপি আনিছিল। এৰাতিৰ কাৰণে। তিনি-চাৰিখন চিনেমা সেই এৰাতিতে শেষ কৰিব লাগে। চোতালতে টিভিটো আনি টেবুল এখনৰ ওপৰত ৰাখিছিল। চুবুৰীটোৰ প্ৰায়ভাগে সিদিনা তাত গোট খাইছিল। বয়সীয়াল তিৰোতাবোৰে তামোলৰ খুন্দনাটো লৈ সন্মুখতে ঢৰা পাৰি বহিছিল। তাৰ পাছত চকী কেইখন মান ৰাখিছিল। শেষত বেঞ্চ দুখনমান। এবাৰ মই দেৰিকৈ গৈ পাইছিলো। সন্মুখতে ওখ-বহল চকী এখন খালী হৈ থকা দেখি হৰিষ মনেৰে বহিছিলো গৈ তাত। সকলোৱে গিৰ্জনি মাৰি হাঁহিছিল।

‘ওঁঠ টিপিলে গাখীৰ ওলোৱাৰ কাৰণে এইখন চকী নহয় ও, পোণা। এইটো ৰত্ন দেউতাৰ ‘ছীট’!’ – কোনোবা এজনে মোক উঠাই দিছিল। তেতিয়াই বুজিছিলো সন্মুখৰ ভাল ‘ছীট’ এনেয়ে নাপায়। ৰত্ন কলিতাৰ দৰে হয়তো ডাঙৰ মানুহ হ’ব লাগিব। ‘ছীট’ শব্দটোৱে মনত সাঁচ বহুৱাইছিল সিদিনা।

পিতাইৰ কথাষাৰত আচৰিত হৈছিলো।

‘কদমতল হাইস্কুলত ছীট পাবলৈ পৰীক্ষা হয়, ছীট পৰীক্ষা। সেইটোত পাছ কৰিলে হে তাত পঢ়িবলৈ যাব পাৰিবি..এনেই নোৱাৰ’ – পিতাই বুজাইছিল।

কদমতল ভাল স্কুল। তাত পঢ়িলে হেনো ভাল হ’বই, সকলোৱে কয়। চুবুৰীৰ আনটো মূৰৰ প্ৰতুল দাদাই যোৱা বছৰ তাৰপৰাই ভালদৰে মেট্ৰিক পাছ কৰিছিল। ফলাফল দিয়াৰ দিনা গাঁৱৰ মানুহে তেওঁক কান্ধত উঠাই ৰাস্তাই ৰাস্তাই ঘূৰাই লৈ ফুৰিছিল। গামোচাৰে ভৰি গৈছিল প্ৰতুল দাদাৰ ডিঙি-কান্ধ।

কদমতল স্কুলত ছীট এটা পাবলৈ হাবিয়াস জন্মিল, তাত পঢ়ি ডাঙৰ মানুহ হোৱা বাসনা জাগিল। ঘৰৰ ওচৰৰ ৰাজীৱৰ লগত একেলগে গৈ ছীট পৰীক্ষা দিলো।

নাই, মই ছীট নাপালো। ৰাজীৱে পালে। জনা হোৱাৰে পৰা ঘৰত ছাগলীৰ মাংস আনিলে ক’লা কলিজাৰ টুকুৰাটো ভাতৰ পাতত পাবলৈ বিচাৰিছিলো সদায়। মায়ে সৰু বুলি ভাইটোক দিয়ে খাবলৈ। তেতিয়াও হৈছিল এক নোপোৱাৰ দুখ। দুটকাৰ কাৰণে দুৰ্গাপূজাত পিষ্টলটো কিনিব নোৱাৰি দুখবোধত ভাগি গৈছিল মন, মনত আছে। কিন্তু, জীৱনত প্ৰথমবাৰৰ বাবে ‘ছীট’ নোপোৱাৰ দুখে কন্দুৱালে সেইদিনা।

ঘৰৰপৰা দুই কিল’মিটাৰৰ আঁতৰৰ হাইস্কুল এখনত নাম লগালো।

পিতায়ে মেট্ৰিকৰ ফলাফল দেখি হয়তো আকৌ মূৰ ঘমাইছিল, কোনখন ক’লেজত বা ছীট পাওঁ! মই ঘমোৱা নাছিলো মূৰ। য’তেই জীৱনে লৈ যায়, য’তেই যাত্ৰা পথে ছীট দেখুৱায়, তালৈকে যাম বুলি ভাবিছিলো।

ঘৰৰ ওচৰৰ ৰাজীৱে মেডিকেলত ছীট পাইছিল। আনটো চুবুৰীৰ বৰুণে ইঞ্জিনিয়েৰিঙত পাইছিল পঢ়িবলৈ ছীট। ‘ক’ত পালা ছীট?’-প্ৰশ্নটোৰ মুখামুখি হোৱাৰ ভয়তে মই চিনাকি সকলোকো মাতিবলৈ এৰি দিছিলো লাহে লাহে!

পিতাই ক’বলৈ বন্ধ কৰিছিল-‘এইবাৰ ভালকৈ পঢ়া-শুনা কৰ, ছীট পাব লাগিব ভাল কলেজত’।

পিতাই আকৌ কেতিয়াবা কোৱাৰ আগতেই আঁতৰি গ’ল। আঁতৰি নগ’লেও হয়তো হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিটখনত জিলিকি থকা ডাঙৰ পূৰণ চিহ্নটো দেখাৰ পাছত কিবা ক’বলৈ বাটো বিচাৰি নাপালেহেঁতেন!

আমাৰ সৰু গেলামালৰ দোকানখনত পিতা বহা ভগা চকীখনতে মই বহিবলৈ আৰম্ভ কৰিলো।

ওচৰৰ মদন খুৰাহঁতে মোলৈ চাই কোৱাকুই কৰে-‘পঢ়িলেওনো কি হ’লহেঁতেন চুচৰি-বাগৰি পাছ কৰি। ভালেই কৰিলে ই, পিতাকৰ ‘ছীট’টোতে বহি ভাতমুঠি মোকলাব পাৰিব আৰু’!
এটি খুৰা চুটি পিতাৰ ছীটটো। সোলোক-ঢোলোক ছীট!

মেট্ৰিক দিয়াৰ পাছৰে পৰা মাহেকত এখনকৈ প্ৰেমপত্ৰ দিয়া অনুপমায়ো ঘূৰি নোচোৱা হ’ল। তাইৰ চিঠি ডাকত গৈ গুৱাহাটীত মেডিকেলত ‘ছীট’ পোৱা ৰাজীৱৰ হাতত পৰা হ’ল লাহে লাহে।

আস! এই যে ‘ছীট’বোৰ!
00000

পৰিবাৰ জয়ন্তীৰ গাত লেঠা। আঠ মাহ চলি আছে।

গাঁৱৰে সৰু চিকিৎসা কেন্দ্ৰটোত মাহেকে চেক-আপ কৰাই আছোঁ। ওচৰৰ দময়ন্তী জেঠাইহঁতে ‘আমি আছোঁ নহয়, চিন্তা নকৰিবি..কিমানজনীৰ পেটৰ পো’ক এই দুহাতেৰে পৃথিৱীৰ পোহৰ দেখুৱালো’ বুলি অভয় দি আহিছে।

ওচৰৰ ভদ্ৰ দাই লগ পালেই কয় -‘মহেনৰ ঘৈণীয়েক আৰু বাচ্ছা দুয়োটা মৰিছিল। অলপ জটিল হ’লে দময়ন্তী জেঠাইহঁতে একো এডাল কৰিব নোৱাৰিব, মনত ৰাখিবি’।

ভদ্ৰ দাই টাউনৰ চিভিল হ’স্পিটেলখনত কাম কৰে। তেওঁ বহু কথাই জানে। তেওঁৰ কথাবোৰে চিন্তাত পেলায়। নিশা টোপনি নাহে।

‘চিভিলত ডেলিভাৰী কৰালে খৰচ বৰ কম। প্ৰাইভেটত ত্ৰিশ-চল্লিশহাজাৰ যাব, পাৰিবি?’ – ভদ্ৰ দাই কৈছিল।

‘চিভিলত ‘ছীট’ এটা যোগাৰ কৰি দিব নোৱাৰিবা নে?’ – মই কাকূতি কৰিছিলো।

‘চেষ্টা কৰিম। খালী থাকিলে পাবি, নহ’লে মই কিবা এটা মেনেজ কৰিম। ‘ডেট’টো অলপ আগতেই মনত পেলাই দিবিচোন’ – ভদ্ৰ দাক ভগৱান যেন লাগিছিল।

কালি লগ পাই ভদ্ৰ দাক ডাক্তৰে দিয়া এমাহৰ পাছৰ ‘দিন’টোৰ কথা মনত পেলাই দিছিলো।

হঠাতে আজি পুৱাৰে পৰা জয়ন্তীৰ পেটৰ বিষ আৰম্ভ হ’ল। দময়ন্তী জেঠাইহঁত আহিল।

‘বিষটো সেইটো বিষেই যেন লাগিছে। পিছে এমাহ আগতেই হ’ল যে, কিবা সমস্যাও হ’ব পাৰে। আমি চেষ্টা কৰো নেকি ক?’ – ক’লে তেওঁলোকে।

জয়ন্তীক হেৰুওৱাৰ ভয়ে মূক কৰিলে মোক। চিভিললৈ যোৱাটোকে ঠিক কৰিলো।

ঘৰৰ ওচৰৰ ৰামু বিহাৰীৰ ৰিক্সাখন বিচাৰিলো। কদমতলৰ চ’কলৈ ৰিক্সাতে যাব লাগিব। তাৰ পৰাহে অ’টো পাম। এইখিনি দুই কিল’মিটাৰ বাট।

‘মোৰ দাদা ছীটটো খাৰাব হৈ পৰি আছে। গা-ভাৰী মাইকীক বহাই কেনেকৈ লৈ যাব পাৰিম’ – ৰামুৱে দৌৰি আহি ক’লে। তাৰ ছীটটোও তেতিয়াহে বেয়া হ’ব পাৰিলে!

মাথাটোৱে কাম নকৰা হ’ল।

ওচৰৰ ৰত্ন ঠিকাদাৰৰ চাৰিচকীয়া এখন আছে। গাঁৱৰ বাকীসকলে তেওঁকেই এবাৰ কৈ চাবলৈ ক’লে।

মই গৈ ঠিকাদাৰৰ ভৰিত পৰিলো। ভৱিষ্যতে গেলামালৰ যি বস্তু লাগে, ঘৰতে দি যাম বুলি কথা দিলো। মুখখন ক’লা কৰি তেওঁ মান্তি হ’ল।

টাউনৰ চিভিল হ’স্পিটেললৈ যাত্ৰা আৰম্ভ কৰিলো।

জয়ন্তীক পিছৰ ছীটত শুৱাই মই তাইৰ ভৰিৰ ফালে বহিলো। তাইৰ চিঞৰে গাড়ীৰ শব্দকো তল পেলালে। সেই শব্দবোৰে মোৰ হিয়াখন বিদিৰ্ণ কৰিলে।

জয়ন্তীয়ে চিভিল হ’স্পিটেলত ছীট এটা পাবনে বাৰু? যদি নাপায়, সকলো দেখোন খেলিমেলি লাগি যাব। বাটত সেইটো চিন্তাত মুখখন শুকাই আহিল।

হঠাতে জয়ন্তীয়ে বমি কৰিবলৈ আৰম্ভ কৰিলে। মই আগুৱাই গৈ তাইৰ মূৰটো দুহাতেৰে সাৱটি ধৰিলো।

‘এহ গাড়ীৰ ছীটতেই বমি পৰিব চাবি চাবি..দুদিন আগত নতুন লগাইছিলোঁ’ – গাড়ী চলাই থকা ৰত্ন ঠিকাদাৰে বিৰক্তিৰে চিঞৰিলে।

গাড়ীৰ ছীটটো সঁচাকৈয়ে ৰঙচঙীয়া ধুনীয়া আছিল। ৰত্ন ঠিকাদাৰৰ মৰম-হেঁপাহ নাথাকিবনো কিয়!

আস! এই যে ছীটবোৰ!

☆★☆★☆

9 Comments

  • Bhaskar

    হুমুনিয়াহ । । । । । । । ।

    এটা ছিট । । । । । । । ।

    Reply
  • TAPAN KALITA

    Val lagile pohri..

    Reply
  • মানস

    বঢ়িয়া

    Reply
  • মৃন্ময় বৰুৱা

    অনুভুতিৰ সুন্দৰ প্ৰকাশ সদায়ৰ দৰেই (y)
    ভাল লাগিল দিগন্ত ।

    Reply
  • Sankar Jyoti Bora

    bohut kotha koi dile……..

    Reply
  • Manabendra Kr Sarma

    তোমাৰ লেখাই জীৱনৰ গান গায়৷ কলিজাৰ ক’ৰবাতো মোঁচৰ এটা মাৰে৷ আৰু আগুৱাই যোৱা৷

    Reply
  • Nipon Niyor

    Touchy…. Hearty…

    Reply
  • ৰিণ্টু

    হয়, চল্লিশটা বসন্ত পাৰ কৰাৰ পিছতো এতিয়াও হাঁ‌হাকাৰ কৰি ফুৰিছো, এটা “ছিট”ৰ বাবে।

    খুব ভাল লাগিল দিগন্ত

    Reply
  • চিট বিচাৰোঁতেই জীৱন যায়………

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *