ফটা-ঢোল এডভেঞ্চাৰ – হেমন্ত কাকতী
পাৰ্ট-১
ঋণমুক্ত জীৱনৰ আনন্দই সুকীয়া৷
যোৱাকালিতো তেনেই হৈছিল, প্ৰায় পোন্ধৰ বছৰ আগতে বাংগালুৰৰ পৰা এৰি অহা কোম্পানী এটাৰ ‘পি-এফ’ ৰ কিছু পইচা পৰহি পাইছিলো৷ ইজন সিজন কৰি বহুজনৰ ধাৰবোৰ বুকু ফিন্দাই যোৱা কালি ঘূৰাই দি ৰাতি এবটল ‘গড়মাৰ্কা’ ডিঙিলৈকে ভৰাই পুৱা প্ৰায় বাৰটালৈকে শুই আছিলো৷ এওঁৰ খেচখেচনি শুনি শুনি অৱশেষত যেনিবা বিছনাৰ মোহ ত্যাগ কৰিলো ৷ মুখহাত ধুই লাল চাহকাপ নিজে বনাই ‘কুকিচ’ এখন লৈ আগফালৰ বাৰান্দা খনতে বহি ৰাস্তাইদি যোৱা মানুহৰ আলেখলেখ চাই আছিলো৷ কিমানপৰ বহি আছিলো ক’ব নোৱাৰো৷ ইফালে সিফালে চাই বিড়ি এডালকে হোঁপো বুলি ভিতৰলৈ আহিলো৷
টিলিং টিলিং টিলিং!
বাহিৰত চাইকেলৰ বেল বজোৱা শব্দ শুনি ওলাই গ’লো৷ দেখিলো আমাৰ ওচৰৰে বিজয় মহন্ত৷ তাৰিখটো ভাবিলো, উম… মাহৰ শেষ সপ্তাহ…মানে তাৰ ইনচিউৰেন্স পলিচিৰ টাৰ্গেট শেষ হ’ল ছাগৈ৷
“কি হ’ল বিজয়?ইমান দুপৰীয়া খন?”
“কাকতি দা, আপোনাৰ চাইকেলখনো উলিয়াওক! ব’লক এটা চাইকেল যাত্ৰাতে যাওঁ!”
“চাইকেল যাত্ৰা, তাকো দুপৰীয়াখন? ক’ত নো যাবা?”
“যান্ত্ৰিক জীৱন দাদা সকলোৰে, সব মবাইল ফেচবুকত ব্যস্ত…কাৰো খৱৰ কোনেওঁ নলয়৷ কাৰো ঘৰলৈ কোনো নাযায়, সেয়ে ভাৱিলোঁ অলপ মানুহবোৰৰ খৱৰো লোৱা হ’ব আমাৰো এডভেঞ্চাৰ ট্ৰিপ এটা হ’ব ৷”
বিজয় ল’ৰাটো চতুৰ…নতুন নতুন আইডিয়া বোৰ তাৰ মূৰত আহে…আহিলেই মোৰ ওচৰ পায়হি৷ মই সেই আইডিয়া অলপ ফিল্টাৰ কৰো যদিওঁ প্ৰায়বোৰৰ পৰিণাম হয়গৈ লটি-ঘটি৷
“আইডিয়া টো বেয়া নহয়, পিচে ইমান লৰালৰিকৈ যে?”
“আৰে বাদ দিয়ক না, ঘৰত থাকি নো কিডাল ওলটাব? দুয়ো ধদুৱা মানুহ, ব’লক৷ এনেও তিৰিৰ গালি শুনি থকাতকে কিবা এডভেন্সাৰ টাইপ এটা হৈ গ’লে নিউজ পেপাৰ, টিভি চেনেলত নামো আহি যাব পাৰে!”
“কিন্তু খোৱা লোৱা, থকা খৰছ?”
“ধুৰ! সেইটোৱেইতো মজা৷ চাইকেলত যাম, গতিকে তেলৰ খৰছ নাই৷ বাকী ফেচবুকত ইমান সোপা ফ্ৰেণ্ড কিহৰ কাৰণে বনালো?এজন এজনকৈ তাত এদিন এদিন ‘হামলা’ দিম৷ হৈ যাব!”
“বঢ়িয়া আইডিয়া হে৷ তোমাক ইমান দিনে এনেই ‘আণ্ডাৰ-এচটিমেট’ কৰি আছিলো ৷আটচা, প্ৰথমে ক’ত যাবা?”
(বিজয়ৰ মুখত বিজয় আৰু গৌৰৱৰ হাঁহি)
“প্ৰথমে অভিনৱ কলিতা দাৰ তাত যাম৷ দগ’ৰি খাম ব’লক”।
“সি তামাম বিজি হে! তাৰ প্লান্টত কিবা চাট-ডাউন চলি আছে৷ দুটাকে টাৰবাইন খুলি বহি আছে৷ ইফালে আৰু কিবা স্ট্ৰাইকো বোলে৷ ইমান বিজি মানুহক ডিস্টাৰ্ব কৰিবা জানো?দেখা নাই গ্ৰুপত আহিবলৈয়ে সময় পোৱা নাই!”
“তেতিয়া হলে মধুবালাৰ তাত সোমাব নেকি?”
“নাই, এই সময়ত তাইকো ‘ডিচটাৰ্ব’ কৰা ভাল নহ’ব৷ সাহিত্য-চৰ্চাৰ কাৰণে ঢেৰ কাম৷ কিতাপ এখন লিখিবলৈ দিনে ৰাতিয়ে দেহে কেহে খাটিছে বেচেৰী দেখা নাই?”
“তেতিয়া হলে অমিত মহন্তৰ তাত যাব নেকি?”
“কথা যে কৈছা? এইটো মাৰ্চ মাহ বুজিছা৷ তোমাৰ মোৰ দৰে ধদুৱাই ইয়েৰ এণ্ডিং কি বুজিম? কৰ্প’ৰেট চেক্টৰত টাৰ্গেট, ডেড লাইন এইবোৰ ঢেৰ থাকে৷ ভাল কুল কুল মানুহৰো টেমা গৰম হৈ যায় বুজিছা৷”
“তো কি কৰো?প্লেন কেনচেল কৰোঁ নেকি?”
“নাহ! ইমান খিনি ভাৱিলো যেতিয়া এটা কাম কৰো৷ জেংগ’ দত্তৰ ঘৰত যাওঁ ৷ অৱশ্যে তেওঁ বিজিয়ে থাকিব৷ কিবা নতুন ৰহস্য উপন্যাস লিখাৰ প্লট বিচাৰি ‘ফৰেনচিক’ৰ ওপৰত ষ্টাডি কৰি আছে বুলি কৈছিল৷”
“আৰে থাকক না৷ আমাৰ নো কি? বচ খানাটো আৰু ৰাতি থাকিবলৈ বিচনা এখন পালেই হ’ল৷ আৰুনো কি?”
**************
যোৱাটো খাটাং হ’লত লাহে লাহে নিত্যাৱশ্যকীয় সামগ্ৰী এপদ দুপদ লৈ যাত্ৰা আৰম্ভ কৰিলো৷ প্ৰায় এঘন্টা গৈ গৈ বিজয় ৰৈ গ’ল৷ মই সুধিলো- “কি হ’ল বিজয়?”
“এহ নক’ব আৰু ৷ ৰাতিপুৱা দৌৰাদৌৰিতে নিত্যকৰ্ম বিধ কৰা নহ’ল ৷ এতিয়া লাগিছে৷ একদম ইমাৰ্জেন্সি!!”
“ৰবা য’ত ত’ত বহি নিদিবা৷ আগত সেই অভাৰব্ৰিজ খনৰ তললৈ ব’লা ৷ তাতে জেগা পাই যাবা৷ মানুহ-দুনুহ কম আছে.. তোমাৰ এইবোৰ কথাই মই গোলমাল পাওঁ বুজিছা৷”
বিজয়ে চাইকেলত ষ্টেণ্ড লগাই প্ৰায় দৌৰিয়েই গ’ল ৷ কিন্তু পিচ মুহুৰ্ততে আকৌ ফোপাই জোপাই দৌৰিয়ে ওপৰলৈ গুছি আহিল ৷ তাৰ মুখত অলপ হাঁহি ৷ মই বোলো কি হ’ল ঘূৰি আহিলা যে!
“ধেইট নক’ব কাকতী দা৷ চিনাকী মানুহ এজন দেখি গ’লো নহয়৷ লাজতে গুছি আহিলো আৰু৷” এই বুলি সি মোক প্ৰায় টানি নিয়াৰ দৰেই অলপ আগলৈ নি যিটো দৃশ্য দেখালে ময়ো পিচমুৱা হ’লো৷
লুংগী এখন আধা ওলোটাই লৈ অভাৰ ব্ৰিজৰ তলত কেৰ’ম খেলি আছে আমাৰ অমিত মহন্ত৷ মই বোলো মাৰ্চ মাহ!! ডেড লাইন, টাৰ্গেট!!! এইবোৰ কি হ’ল?
বিজয়ে মিচিক হৈ হাঁহি কলে “ইহঁতে এনেকৈয়ে টুপী পিন্ধাই বুজিছে!”
“আটচা, যি হওঁক, তুমি এতিয়া কি কৰিবা?”
“কৰিবলৈ কিটো আছে? আপুনি সেইফালে চাওক৷ মোৰ লাজ কাজ নাই৷ এনেও মুকলিত বহাৰ অভ্যাস আছেই৷”
তাৰ একাচেকা স্বভাৱ মই জানো৷ বেচি তৰ্ক নকৰি মানি লোৱাই মংগল বুলি মই আঁতৰি গৈ পিচমুৱা হৈ কিছু আগলৈ গ’লো৷
অলপ দেৰি মুৰত আকৌ যাত্ৰা আৰম্ভ হ’ল৷ প্ৰায় এঘন্টা মুৰত বিজয় আকৌ ৰ’লে ৷
“কাকতী দা, আৰু নোৱাৰিছো৷ তামাম ভোক লাগিছে৷ কিবা খাই লওঁ ৷”
“এই জেগা খিনি সিমান পচন্দ লগা নাই৷ ‘জোপৰ-পট্টি’ টাইপ ঠাই৷ মানুহবোৰো অলপ ‘জংগলী টাইপ’ৰ লাগিছে৷ ইয়াতে খাবা জানোঁ৷”
“মেইন টাউন পাবলৈ আৰু এঘন্টা মান আছে৷ মোৰ পেটৰ কেচু-কুমটি মৰি ভূত হ’ব এতিয়া!”
“ৰ’বা, সেই ঘুমতী টাইপ ঘৰটো চাই লোৱা, গাহৰি মাংসৰ গোন্ধ আহি আছে ৷ বেচি নালাগে, পঞ্চাচ টকামানৰ কি পোৱা লৈ আহা, মই বিড়ি এডালকে জ্বলাও”।
পঞ্চাচ টকীয়াখন হাতত লৈ বিজয় ওলাই গ’ল৷ পানদোকানখনৰ মাইকী মানুহজনীৰ পৰা জুইশলা টো লৈ ময়ো আৰামচে বিড়িটো হোঁপাত লাগিলো৷ অকলশৰে টেনচন ফ্ৰী হৈ বিড়ি হোপাৰ আনন্দই বেলেগ৷ দুইএখন পাতলিয়া কৈ গাড়ী মটৰ গৈ আছিল৷ ধূলি উৰুৱাই স্কুটি এখনত ছোৱালী এজনী গ’ল ৷ স্কুটিখনৰ পিচফালে আগফালে দুটাকৈ বস্তা৷ লগত পোৱালী এটাইও বস্তাটো ধৰি গৈছে৷কি বা নিছে৷ মই অলপ দেৰি চাই ৰ’লো৷
অলপ পিচত বিজয় পেকেট এটা লৈ উভতিল৷ হাঁহি এটাৰে ক’লে –
“অভিনৱ দাক দেখিলো৷ ঘুমতীৰ পিচফালে ঝান্দি-মুণ্ডা খেলি আছে৷ বহুত লোকচান ছাগে, ৰাতি শোৱাই নাই যেন লাগিল৷”
“কি কোৱা? কিন্তু তোমাক নেদেখিলে নে ? তাৰ বোলেচোন আকৌ ‘প্লাণ্ট চাট-ডাউন’?”
“ধপ বুইছে, সব ধপ৷ পল্লুবৌৰ পৰা লুকাই লুকাই এইটো কৰে বুলি মোক আগতেওঁ কোনোবাই কৈছিল৷ আজি ‘লাইভ’ দেখি গ’লো৷”
“নক’বা, ময়ো মধুবালাক দেখিলো৷ স্কুটীত বস্তা দুটা ভৰ্তি কৰি কিবা কিবি লৈ গৈছে!”
“বাদ দিয়ক সেইবোৰ!বাহিৰত নুলিয়াব, সেইবোৰ ‘মিড-দে-মিল’ৰ ‘মাল’ হ’ব পাৰে৷”
“ধেইত, সেইবোৰ বাহিৰত উলিয়াই ফুৰা কথা নেকি? নিজৰ ভিতৰতহে কৈছো!”
“আটচা, জেংগ’ দাৰ তাত পাবলৈ আৰু কিমান যাব লাগিব?গধুলিতে ৰেহ-ৰূপটো চাই লওঁ ব’লক! যদি অংক মিলে ৰাতিটো কিবাকে পাৰ কৰি দিম৷ নে কি কয়?”
“ট্ৰাই এটা দিব পাৰি৷ ব’লা৷”
গাহৰি একপ্লেট খাই পুনৰ যাত্ৰা আৰম্ভ কৰিলো ৷ লক্ষ্যস্থান জেংগ’ৰ ঘৰ ৷ দুই এজনক সুধি সুধি ঘৰ উলিয়াবলৈ বেচি দিগদাৰ নহ’ল ৷ কিন্তু ওচৰৰ মানুহে তাৰ নামটো কওঁতে এটা ৰহস্যময় ফিচিঁঙা- ফিচিঁঙি হাঁহি মৰাটো মোৰ বৰ এটা ভাল নালাগিল৷ ইমান ভাল প্ৰতিভাবান মানুহ, তাতে উদীয়মান লিখক এজনৰ কথা সোঁধোতে এনেকুৱা ৰিয়েকচনটোত মোৰ টিঙিচকে খঙটো উঠি গ’ল৷
“বিজয়, আজিকালি মানুহবোৰ বৰ হিংসাকুৰীয়া হ’ল, বুজিছা৷ লোকৰ ভাল দেখিব নোৱাৰে৷ নিজৰতো প্ৰতিভা নাইয়েই লোকে কিবা এটা ভাল কামত হাত দিলে বা তেওঁলোকতকৈ বেলেগ কিবা এটা কৰিলেই ঠাট্টা কৰা স্বভাৱটোৰ বাবেই আজি আমাৰ অসমীয়া মানুহৰ উন্নতি নাই৷”
“তাকেই৷”বিজয়ে চাইকেল ৰ’খালে৷
“বিজয় ঘৰ এইটোৱেই৷ কিন্তু নঙলা মুখত মানুহৰ জুম বান্ধিছে যে? অলপ ভিতৰৰ পৰা ভুমুকিয়াই চাই আহা৷”
বিজয় ভিতৰলৈ গ’ল৷ মই বাহিৰৰ পৰাই আলেখলেখ চাই থাকিলো৷পাঁচ মিনিট পিচত দেখিলো বিজয় খৰখেদাকৈ ওলাই আহিছে! পিচে পিচে মানুহ এজনীয়ে গালি পাৰি পাৰি প্ৰায় যেন বিজয়ক খেদি আহিছে! মোৰ ষষ্ঠেন্দ্ৰিয়ই বিপদৰ আগজাননী দিলে৷ চাইকেলৰ পেডেলত ভৰি থৈ অলপদূৰ আগুৱাই আহিলো৷ পিচে পিচে বিজয়৷ কিছুদুৰ আগুৱাই আহি বিজয়ক সুধিলো-
“কি হ’ল বিজয়? কিবা বেয়াকে ক’লা নেকি?এনেকে খেদি পঠিয়ালে যে?”
তাৰপিছত বিজয়ে যিখিনি ক’লে কাহিনীটো সংক্ষেপে এনেধৰনৰ–
বিজয় মানুহৰ জুম দেখি আগফালেদি নগৈ পিচফালৰ খিৰিকীয়েদি ঘৰটোলৈ জুমি চাইছিল৷ ভিতৰত এটা ছায়ামূৰ্তিয়ে এটা খেলনা বন্দুক লৈ কিবা কিবি বকি থকা দেখিলে৷ কাণ ঠিয় কৰি শুনিলে ছায়ামূৰ্তিৰ কথাবোৰ-
“ইয়োৰ টাইম ইজ আপ!”
“হেণ্ডচ আপ!”
“চাৰেণ্ডাৰ!”
“আইৰিনক ক’ত লুকুৱাই থৈছ? মোৰ মানুহে তঁহতক চাৰিও ফালৰ পৰা ঘেৰি ধৰিছে” এই ধৰণৰ কথাবোৰ৷ মাজে মাজে খেলনা বন্দুকটো ইফালে সিফালে টোৱাইছে৷ অলপ জুমি চাই বিজয়ৰ বুজিবলৈ বাকী নাথাকিল যে সেয়া স্বয়ং জেংগ’ দত্ত৷ খিৰিকিৰে চাই থাকোতে এপাকত ৱাইফে দেখি বিজয়ক চিনি পাই গৈছিল৷ আৰু চিঞঁৰ মাৰি খেদি আহিছিল –“তহতেই ফটা-ঢোলৰ বদমাছ কেইটা নহয় জানো, যিয়ে মোৰ মানুহজনক পগলা কৰিলি দিনে ৰাতিয়ে সেইসোপা লিখাই লিখাই? এতিয়া কি লাগে হা?”
পিচলৈ আৰু ঘূৰি নাচালো, বিজয় আৰু মই মাথো পেডেল মাৰিছিলো৷
=========================
পাৰ্ট-২
জেংগ’ৰ ঘৰত মিছন আনচাকচেছফুল হোৱাৰ দুখত কিছুদূৰ তেনেকৈয়ে আগবাঢ়িলো৷ বিজয়ৰ চকুত হতাশাৰ চিন স্পষ্ট ভাৱে ফুটি উঠিছিল যদিও মুখেদি একো কবলৈ সাহস কৰা নাছিল৷ কাৰণ সি বুজি পাইছিল যে ‘জেক’ দি মোক এনে এটা অভিযানত উলিয়াই অনাৰ সম্পূৰ্ণ দোষ তাৰ নিজৰেই৷ তেতিয়া প্ৰায় নিশা আঠ বাজিছিল৷ ক্লান্ত ভাগৰুৱা দেহাৰে চাইকেলত পেডেল মৰাৰ শক্তি প্ৰায় হেৰুৱাই পেলাইছিলো৷ মোৰো সান্তনা দিবলৈ ভাষা নাছিল৷ আমি চাইকেলৰ পৰা নামি পৰিছিলো আৰু লাহে লাহে ঠেলি ঠেলি চাইকেল দুখন আগুৱাই নিছিলো এক অজান গন্তব্য স্থানলৈ যিটোৰ ওপৰত কোনো ধাৰণাই মনলৈ অহা নাছিল৷ মোৰ চলচলীয়া চকুৰ ফালে চাই বিজয়ে কলে –
“কাকতী দা, হতাশ নহ’ব৷ এতিয়াও বহু মানুহ আছে যাৰ ঘৰত ভৰি দিলেই আমাৰ আদৰ- সাদৰৰ অভাৱ নহ’ব৷”
“ক’ত কোন আছে কোৱা, মই আশা এৰা নাই!”
“চাওঁক আৰু অলপ দূৰ গ’লেই কুনকুনি বাইদেউৰ ঘৰ পাম৷ মোৰ দৰে একেই মহন্ত৷ বৰ সাদৰী বাইদেউ, মোৰ প্ৰত্যেকটো ষ্টেটাচতে লাইক কমেন্ট কৰে৷ একদম মাই ডিয়াৰ মানুহজনী! আপুনি নিৰাশ নহ’ব৷ ”
“হেৰা হওঁতে বাইৰ মোৰ লগতো ভাল, পিচে আজিকালি কোৱা টান, মুখত এটা পিঠিত এটা৷ তথাপি তোমাৰ ‘কনফিডেন্স’ আছে যদি ব’লা, চেষ্টা এটা দিওঁ৷ কিন্তু ফোন এটা কৰি গ’লে ভাল হ’লহেতেন নেকি? কি কোৱা?”
“নালাগে ব’লক! ‘চাৰপ্ৰাইজ-ভিজিট’ দিলে ‘খেল’টো জমিব৷”
বিজয়ৰ ‘কনফিডেন্স’ দেখি লাহে লাহে চাইকেল দৌৰালো কুনকুনি বাইৰ ঘৰ অভিমুখে৷ পাঁচ মিনিট পিচত বাইৰ ঘৰৰ দুৱাৰমুখত উপস্থিত হ’লো৷
ক’লিং বেলটো বজাই ৰৈ আছো, এনেতে ছোৱালী এজনীয়ে “I am beginning to feel like a rap God! Rap God” বুলি কিবা এটা নাচি নাচি গাই গাই দুৱাৰখন খুলি দি থৈ একেই নৃত্যৰ ভংগীমাৰে নাচি নাচি গুছি গ’ল৷ বিজয়ে থত-মত খাই কি হ’ল তলকিবই নোৱাৰি তাতেই জুপুকা মাৰিলে৷ মই বোলো বিজয় এইজনী বাইৰ জীয়েক৷ কিবা ‘ৰেপ’ সঙ্গীত প্ৰেকটিচ কৰি আছে ছাগে৷ ব’লা ভিতৰলৈ৷ এই বুলি সোমাই গ’লো৷
আমাক দেখি বাই ওলাই আহিল সেই একেই চিৰ-পৰিচিত হাঁহি এমোকোৰা লৈ৷ প্ৰাৰম্ভিক কথা-বতৰা খিনি জনোৱাৰ পিচতে বায়ে আমাৰ লগত আড্ডাত বহিল৷ ফেচবুকৰ ষ্টেটাচৰ পৰা ৰাজনীতিলৈ, ৰাহুল গান্ধীৰ পৰা মোডীলৈ, “আমি-ইমান-জমনি”ৰ পৰা “ফটাঢোল” লৈ বহুত কথা পাতিলো; সকলো ট’পিকতে বাইয়ে যেনেকে ফেচবুকত ‘লাইক-কমেণ্ট’ দিয়ে ঠিক একে ধৰনেৰে লেকচাৰ দি গ’ল৷
অলপ পিচত বিজয়ে মোক আঙুলি এটাৰে খুচিব ধৰিলে৷ কাণে কাণে ক’লে “ভাত পানী কিবা খুৱাব নে লেকচাৰেই দি থাকিবহে?” আঙুলিৰে ‘ৰি-খোচ’ এটা মাৰি মই ক’লো “ৰ’বা, বাই ‘মাই-ডিয়েৰ’ মানুহ৷ তেনেকুৱা নাভাবিবা৷ ভাত-পানী ছাগে বনাই ৰেডী৷ এনেকুৱা সময়ত বায়ে ফেচবুক খুলি বহে৷ গতিকে আজি মানুহ কেইজনক ‘লাইভ’ পাই ছাগে তেওঁ বিৰাট ফুৰ্তি পাইছে বুজিছা!”
এনেতে ভিতৰৰ পৰা ভিনিহিৰ আগমন ঘটিল৷ চুট- টাই পিন্ধি একেবাৰে সাজিকাছি বহিলহি৷ অলপ কথা বতৰাৰ পৰা গম পালো বাই ভিনি কাৰোবাৰ ঘৰত ‘পাৰ্টি’ত যাব ওলাইছে৷ ভিনিহিয়ে বাইক ভিতৰলৈ গৈ ওলাবলৈ ইংগিত দি আমাৰ লগত কথাত বহিল এইবাৰ৷
“বুজিছা, এই চাইকেলটো বৰ ভাল বস্তু৷ ময়ো খুব চাইকেল চলাইছিলো৷ এবাৰ, ১৯৪৭ত কি হ’ল… ……………………” এনেকে প্ৰায় বিশ মিনিটমান নিজৰে পুৰণি বুৰঞ্জী শুনোৱাত বিজয় অধৈৰ্য্য হৈ এপাকত ঠিয় হ’ল৷
“আমি উঠোঁ নেকি? বহুত দূৰ যাবলৈও আছে৷ আপোনালোকৰো ক’ৰবাত যাবলৈ আছে দেৰিয়ে হ’ব চাগে৷”
ময়ো ঠিয় হ’লো৷ তথাপি চাহ একাপৰ শেষ আশা এটা কৰি ভিতৰৰ পৰা কুনকুনি বাইৰ মাতষাৰলৈ অপেক্ষা কৰিলো৷
বাই ওলাই আহি মাত লগালে – “ইচৰাম যোৱাই নেকি? কম চে কম আহিছা, ফোন এটা কৰি তো আহিব পাৰিলাহেঁতেন৷ চাহ একাপকে খুৱাব পাৰিলোহেতেন! ইমান যে দৌৰাদৌৰি হ’ল৷ এদিন সময় লৈ আহিবা হা৷ বা-ই!!”
বিজয়ে “হ’ব দিয়ক, বৰ ভাল লাগিল’ বুলি ওলাই আহি শৈশৱৰে পৰা শিকি অহা গোটেই অসমীয়া গালি বোৰ মুখৰ ভিতৰতে ভোৰভোৰালে৷ ময়ো ধৈৰ্য্যৰ বান্ধ প্ৰায় হেৰুৱাই মনে মনে বিজয়ক ক’লো-এখেতক এদিন গ্ৰুপত কাটিং মাৰি জাৰণ দিম বুজিছা”
ওলাই আহি বিজয়ক ক’লো-
“ব’লা কিবা লাইন হোটেল-চোটেল এখনকে বিচাৰি যাওঁ!”
গলগ্ৰহৰ দৰে চাইকেল দুখন ঠেলি ঠেলি লাইন হোটেল বিচাৰি আকৌ অলপ দূৰ আগুৱালো ৷
“কাকতি দা, টকা কিমান আছে লগত?”
“এহেজাৰ মান লৈহে ওলাইছিলো, এদিনত এশ টকাৰ ইমাৰ্জেন্সী খৰচৰ লিমিট লৈ ওলাইছিলো৷”
“হ’ব, শুনক! বুজিছে, নতুন আইডিয়া এটা আহিছে৷ প্লেন এটা কওঁ!”
মোৰ ব্ৰেইনে কাম কৰা নাছিল যদিও তাৰ ‘ডাৰ্টি ব্ৰেইন’ত যে কিবা খটৰনাক পোক এটাই কিলবিলাই আছিল মই প্ৰায় নিশ্চিত আছিলো৷
“মই ফেচবুক অন কৰিছিলো৷ মৌবায়ে এইমাত্ৰ চিকেনৰ ‘ৰিচিপি’ এটাৰ আপডেট দিছে৷ মানে মাংস এতিয়াও ৰন্ধাই নাই, পিয়াজ ৰচুন সব কাটি ডাইনিং টেবুলত সজাই থৈছে আৰু পাঁচ মিনিট মান পিচত বনাব আৰম্ভ কৰিব৷ কিবা ‘চাইনীজ-ৰিচিপি’ কিতাপ পঢ়িপঢ়ি বনাবলৈ চেষ্টা কৰিব হেনো৷ তাইৰ ঘৰ পাবলৈ পোন্ধৰ মিনিটৰ বাট মাত্ৰ! আমি পাওঁ মানে তাইৰ চৰুৰ তেলেই গৰম নহ’ব৷ কিবা ওলোটা-পোলোটা হ’লে দম দি হ’লেও খাম”
“বিজয় শুনা, মই বিশ্বাস কৰিবলৈ টান পাইছো বুজিছা৷ ইহঁতৰ একো ঠিক নাই৷ মিছা হোৱাৰ সম্ভাৱনাই অধিক৷ আগতেওঁ তাই এবাৰ তেনেকৈ মৰমী কটকীক ঠগিছে বুলি মোক মৰমীয়ে নিজেই কৈছিলে৷ তাতকে আজি হোটেলতে খাওঁ! ইফালে ৰাতি যিমানে হৈ আহিছে মোৰো হাত-ভৰি বোৰ কঁপিব ধৰিছে৷ গড়মাৰ্কা বিধ যদি পেটত অলপ নপৰে মোক কালিলৈ পোৱাৰ আশা নকৰিবা”
“অহ! আপোনাৰ গড় মাৰ্কাৰ চিন্তা যদি ব’লক চিন্তামনি দত্তদাৰ ঘৰলৈ ৷ চিন্তামনিদাও ঘৰতে আছে আৰু বৌও নাই৷ মজ্জা হব৷ পাৰ্টিও কৰিম৷”
“সেইটো হয়, পিচে যাত্ৰাৰ প্ৰথম দিনাই তাৰ তাত যাব বিচৰা নাছিলো৷ ভাবিছিলো, যাত্ৰাৰ শেষত তাৰ তাত কিবা ‘চেম্পেইন’ নে কি সেই ‘ফৰেইন’ বস্তুবিধেৰে ‘চেলিব্ৰেট’ কৰিলোহেঁতেন! নে কি কোৱা?”
“বাদ দিয়ক, আজি বেলেগ চিন্তা নকৰো৷ বলক তাৰ ঘৰলৈকে যাওঁ!”
মই ঘড়িটোলৈ চালো৷ ৰাতি দহটা বাজো বাজো৷
“বিজয় চিন্তামনিৰ ঘৰলৈ যাবলৈ চাইকেল চলাবলৈ মোৰ শক্তি নাহিব যদিহে মই মোৰ ‘ঔষধ’বিধ এতিয়া তেজৰ লগত ধমনীয়ে ধমনীয়ে প্ৰবাহিত কৰিবলৈ নাপাওঁ৷ কিবা এটা ব্যৱস্থা কৰা ৷”
মোৰ অসহায় অৱস্থাটো চাই বিজয়ে কি ভাবিলে ক’ব নোৱাৰো৷ লগে লগে ক’লে “এশ টকা এটা দিয়ক আৰু পাচ মিনিটত মই জোগাৰ কৰি আছো৷ আপুনি অলপ জিৰাওক!”
মই বহি পৰিলো৷ আৰু পকেটৰ পৰা বিড়িএডাল জ্বলাই ৰাতিৰ আকাশত তিৰবিৰাই থকা তৰাবোৰ গনাৰ চেষ্টাত লাগিলো৷ অকলশৰে থাকিলে এইটো কাম মই প্ৰায়ে কৰো৷ দাৰ্শনিক হৈ পৰো৷ ভাল পাওঁ৷ বিশাল আকাশৰ তলত নিজকে খুউৱ তুচ্ছ অনুভৱ কৰি তাতোকৈ ক্ষুদ্ৰতম দুখবোৰ পাহৰি পেলাওঁ৷
“এয়া লওঁক আপোনাৰ মহৌষধ৷”
বিজয়ৰ মাতত সৰগ খন ঢুকি পোৱা যেন লাগিল৷ যি হওঁক মোৰ নিত্যকৰ্মটো সমাপন কৰি এইবাৰ অলপ জোচত পুনৰ আগবাঢ়িলো৷ গন্তব্য স্থলঃ চিন্তামনিৰ বাংল’৷
প্ৰায় আধা ঘন্টাৰ বাট বাটকুৰি বাই চিন্তামনিৰ হাৱেলি চকুত পৰিল৷ লাহে লাহে চাইকেলদুখন বাহিৰৰ বেৰত আওঁজাই থৈ গেটলৈ আগবাঢ়িলো৷ গেটতে ঠিয় হৈ থকা পালোৱান হেন মানুহ জনে আমাক দুয়োকে ভৰিৰ পৰা মূৰলৈ নিৰীক্ষণ কৰি সুধিলে – “কাক লাগে?”
“চিন্তামণি দাক মাত! বিজয় মহন্ত আৰু কাকতী দা আহিছে বুলি ক’!”-বিজয়ে তাৰ চিৰাচৰিত মাতেৰে অলপ কৰ্কশ ভাৱেই ক’লে৷ কিন্তু আমাক আচৰিত কৰি বিজয়ৰ কৰ্কশতাক কেৰেপ নকৰি তাৰ দুগুন স্বৰেৰে সি ক’লে –“চাহাব, শুই আছে, এতিয়া ভিতৰত যোৱা মানা৷”
“আৰে ফোন কৰি ক না এবাৰ আমি আহিছো বুলি!”
বহুত লাগি থকাৰ পিচত সি অনিচ্চা স্বত্ত্বেও ফোনটো লগালে –“মেম চাহাব, কোনোবা বিজয় মহন্ত আৰু কাকতী আহিছে৷ চাহাবক লগ পাবলৈ”
অলপ কিবা কথা পাতি সি থৈ দিলে৷ আমাৰ ফালে চাই কলে –“মেম চাহাব নাই৷ চাহাবৰ অন্য গেষ্ট আছে৷ আজি কাকো যোৱা মানা কৰি থৈছে৷”
“তই কোন মেম চাহাবৰ লগত কথা পাতিলি তেতিয়া হ’লে?”
সি অলপ দেৰি বিজয়ৰ ফালে ঘোঁপাকে চাই ৰ’ল আৰু উত্তৰ আহিল “আৰু এটা মেম চাহাব, চাহাবৰ প্ৰাইভেট চেক্ৰেটাৰী আছে৷ যোৱা কালি জইন কৰিছে”
মই বুজি পাই বিজয়ক ক’লো-
“বিজয় তোমাক মই এনেই কোৱা নাছিলো হোটেলত কিবা এটা খাই লওঁ বুলি?”
মোৰ কথা শেষ নহওঁতেই বিজয়ে কৈ উঠিল –
“ৰ’ব, মোবাইলত মাৰি আছো (…তাৰ গালিৰ সম্ভাৰ বোৰ)”
ফোনৰ লাউদ স্পীকাৰ অন কৰি বিজয়ে সন্মুখত ৰাখিলে৷ ফোনটো ৰিচিভ হৈছিল যদিওঁ কোনো উত্তৰ নাহিল৷ ঘন ঘন কে লোৱা শ্বাস-প্ৰশ্বাস আৰু উশাহ-নিশাহৰ নিচিনা কিছু বেবেৰিবাং শব্দৰ বাহিৰে একো শুনা নগ’ল৷
বটলত বাকী থকা ঔষধ খিনি ঘোট ঘোটকৈ পি দিলো৷ বিজয়ক অলপ দম দিয়াৰ দৰেই ক’লো –“তৎক্ষনাৎ ব’লা ইয়াৰ পৰা৷ ৰাস্তাত লাইন হোটেল পাই যাম”
ক্ৰমশঃ
7:02 am
অভিনন্দন ককাইদেউ, আপোনাৰ সৰস ৰচনা ধাৰাবাহিক ৰূপত অহা বাবে…
8:32 am
আগতে পঢ়া ৷ আকৌ পঢ়িলোঁ৷