ফটাঢোল

এক আছিল বুঢ়া-বুঢ়ী – মাধুৰিমা ঘৰফলীয়া

পুৱাৰ নিয়ৰবোৰ তেতিয়া এটুপ দুটুপকৈ পৰি আছিল। বাৰীৰ ঢাপত থকা বাঁহৰ বেৰাকেইখনত বহি শালিকীকেইজনীমানে পাখীবোৰ ফুলাই জুপুকা মাৰিবহি আছিল। ঠাণ্ডাই সিহঁতৰ মাতৰো তীক্ষ্ণতা কমাই আনিলে। ঘৰৰ মানুহবোৰ তেতিয়াও কম্বলৰ উমৰ মাজতে মাত্ৰ শইকীয়াহে হোলাং এডাল লৈ শাকনিবাৰীৰ লাই-কবিৰ গুৰি খুচৰি আছে।

-উহ কি যে ঠাণ্ডা অ’ কস্মিনকালে এনেকুৱা ঠাণ্ডা পৰা নাছিল দেই।

শাকনিবাৰীৰ গাতে লাগি থকা কাপোৰ মেলা ডাংডালত কাপোৰ মেলিবলৈ আহি শইকীয়ানীয়ে ভোৰভোৰাই উঠিল।

-হেৰা তোমাৰ এই কস্মিনকালে নেদেখা ঠাণ্ডাটো যোৱা অলপ বছৰৰ পৰা বাৰে বাৰে অহা যেন লগা নাই নে ?

-মানে ?

শইকীয়াৰ কথা শুনি শইকীয়ানীয়ে চেলাউৰি কোঁচাই সুধিলে।

-মানে একো নহয় বুজিছা , এই পুৱাই পুৱাই ঠাণ্ডা পানীৰে গা ধুলে কস্মিনকালে নেদেখা ঠাণ্ডাটো দেখিবাই। বয়স বাঢ়িল। নে নিজকে আজিও সেই আঁহতৰ তলৰ পৰা পলাই অহা গাভৰুজনী হৈ আছোঁ বুলি ভাবিছা ।

-এই বুঢ়াটোৰ মুখখন যে আৰু…

ভোৰভোৰাই আঁতৰি যোৱা শইকীয়ানীলৈ চাই শইকীয়াই মিচিকিয়া হাঁহি এটা মাৰি নিজৰ কামত লাগিল । আধাঘণ্টামানৰ পাছত শইকীয়ানীয়ে চাহ খাবলৈ মাতিল । হাত মুখ ধুই বাৰাণ্ডা পাইগৈ মানে শইকীয়ানীয়ে নিজৰ ভাগৰ চাহ আধাখিনি খাই শেষ কৰিলে।

-ইহঁতবোৰ উঠিলেনে ?

শইকীয়াই নিয়মমাফিক প্ৰশ্নটো সুধিলে আৰু আনদিনাৰ দৰেই শইকীয়ানীয়ে উত্তৰ নিদি হাতত লৈ থকা বাতৰি কাগজখনত মন দি থাকিল।

ইহঁতবোৰ মানে শইকীয়াৰ পো-বোৱাৰী আৰু নাতি দুট । শইকীয়া-শইকীয়ানী দোকমোকালিতে শুৱাৰ পৰা উঠে যদিও সেই চাৰিটা প্ৰাণী নুঠে। এইটোৰ কথাৰ বাবে অৱশ্যে শইকীয়াহঁতৰ একো আপত্তি নাই। তেওঁলোকৰ মতে তেওঁলোক বুঢ়া হৈছে টোপনি কম হ’বই। গতিকে তেওঁলোকে উঠিল বুলিয়েই যে বাকীবোৰো উঠিব লাগিব তেনে কথা হ’ব নোৱাৰে । বোৱাৰীয়েক উঠালৈকে শইকীয়ানীয়ে গোঁসাইঘৰত সোমাই,চাহ তাহ খাই আজৰি হয়। বোৱাৰীয়েক উঠে। তাৰপাছত পাকঘৰৰ সকলো দায়িত্ব বোৱাৰীয়েকে মূৰ পাতি লয়। শইকীয়াই নাতিয়েকহঁতৰ পঢ়া-শুনাবোৰ চাই,পুতেক অফিচলৈ যাবলৈ বুলি সাজু হয় আৰু শইকীয়ানীয়ে খৰাহীটোলৈ শাকনীবাৰীলৈ যায়। পুতেক আৰু নাতীয়েকহঁতে বনশাক খাই খুব ভাল পায় বাবে শইকীয়ানীয়ে প্ৰায়ে বাৰীৰ পৰা বনশাকবোৰ বুটলি আনি বোৱাৰীয়েকক যতনাই দিয়ে। এটা সময়ত বোৱাৰীয়েকো কামৰ পৰা আজৰি হয়। তেতিয়া শাহু বোৱাৰী লগ হৈ বাৰে-মিহল কথাৰ মহলা মাৰে। শইকীয়াই মাজে মাজেহে সেইবোৰৰ ভাগ পায়।

আজি পিছে ৰুটিন সলনি হ’ল। পুতেকৰ অফিচ বন্ধ। তাতে পিছদিনা দেওবাৰ। সাতে-সোতৰে মিলি পুতেকহঁত একে চহৰতে থকা শহুৰৰ ঘৰলৈ বুলি ওলাল। গতিকে ঘৰখনত ব্যস্ততা বাঢ়িল। তাতে চুবুৰিতে তোলনী বিয়া এখন আছে। শইকীয়ানীও তাত প্ৰধান ভাৱৰীয়া। যাবই লাগিব। নাতি দুটাৰ সৈতে পুতেক-বোৱাৰীয়েক ওলাই গ’ল। এইফালে বাকী থকা কামবোৰ অটাই মেলি শইকীয়ানীও বিয়ালৈ বুলি সাজু হ’ল। শইকীয়াই বাৰাণ্ডাত সম্পৰ্কীয় ভায়েক এজনৰ সৈতে দেশ-দুনীয়াৰ কথাৰ পাতি আছিল। লচপচকৈ ওলাই অহা শইকীয়ানীক দেখি ৰ’ব নোৱাৰি কলে-হেৰা আজি কোনোবা আহিব নেকি হে ?

শইকীয়ানীয়ে একো উত্তৰ নিদি মুখ ফুলাই গুছি গ’ল।

-ককাইদেউ এই বয়সতো বৌদেউক এনেকৈ ক’ব নাপায় দেই।

ভায়েকজনে শইকীয়ানীৰ মুখখনলৈ চাই ক’লে।

-মোৰ কথাষাৰ শুনি যে বৌয়েৰাই মনে মনে কিমান ভাল পাইছে তই নুবুজি। বুজিছ বয়স হৈছে বুলি ৰোমাঞ্চবোৰো শেষ কৰিব নোৱাৰি। অলপ-চলপ ৰাখিব লাগে। সম্বন্ধবোৰ সতেজ হৈ থাকে।

ভায়েকজনে কি বুজিলে তেওঁহে জানে। শইকীয়াই কিন্তু কৃত্ৰিম খং এটা লৈ ওলাই যোৱা শইকীয়ানীক চকুৰ আঁৰ নোহোৱালৈকে চাই থাকিল।

মানুহজনীৰ খোজ কাটলবোৰ আগতকৈ গহীন হৈছে। স্বভাৱটোও খিংখিঙীয়া হ’ল। কিবা এটা কলেই জেংজেঙাই উঠে। অৱশ্যে সেয়া কেৱল শইকীয়াৰ বাবেহে বুলিহে তেওঁ ভাৱে। দিনটোৰ ভিতৰত দুয়োৰে মাজত এখন হলেও কাজিয়া হয়েই। অথচ এটা সময় আছিল কাজিয়া কি দুয়ো চিনি পোৱা নাছিল। সেইসময়ত আজিৰ দৰে ইমান অৱস্থাপন্ন নাছিল কিন্তু অভাৱে জোৰা সংসাৰখনতো দুয়ো বৰ মিলেৰে আছিল। ল’ৰা-ছোৱালীহাল জন্ম হল। লাহে লাহে মানুহজনী শইকীয়াৰ পৰা আঁতৰি ল’ৰা-ছোৱালীৰ লগত বেছিকৈ ব্যস্ত হৈ পৰিল। ছোৱালীক বিয়া দিলে,ল’ৰাৰ সংস্থাপন হৈ বিয়া পাতিলে ,শইকীয়াও অৱসৰ গ্ৰহণ কৰিলে। ভাবিছিল তেতিয়াৰ পৰা শইকীয়ানীৰ সৈতে সময়বোৰ পাৰ কৰিব কিন্তু মানুহজনী তেতিয়াও ব্যস্ত হৈ থাকিল। মাজে মাজে শইকীয়াই ঠেহ পাতে। কিন্তু ঠেহবোৰ নিৰৱেই শেষ হৈ যায়। শইকীয়ানীৰ সেইবোৰ চাবলৈ সময় নাথাকে। মানুহজনী টাকুৰী ঘুৰাদি ঘৰৰ কামবোৰতে ব্যস্ত থাকে।

-দুজনীকৈ মানুহ থকাৰ পাছতো চাহকাপ সময়মতে নাপাওঁ। এতিয়া দেখিছোঁ চাহ খাবলৈ তিনিআলিৰ দোকানবোৰলৈ যাব লাগিব।

পুৱাই পুৱাই শইকীয়াৰ চিঞৰে ঘৰখন গৰম কৰি তুলিলে। বোৱাৰীয়েকে লৰালৰিকৈ পাকঘৰত সোমাই চাহৰ চচপেনটো গেছত উঠাই দিলে। শইকীয়ানী তেতিয়াও গোঁসাইঘৰত সোমাই আছিল। ওলাই আহিয়ে তেওঁ শইকীয়াক উভতি ধৰিলে

-এদিন পলমকৈ চাহ খালে একো নহয়।

-পলমকৈ মানে এতিয়া সাতটা বাজিল। লোকৰ ঘৰত ভাতেই খালে চাগে।

-সাত বজাত ভাত খাই !! সেই লোকৰ ঘৰৰ মানুহবোৰে চাগৈ হালবাবলৈ যায়। আপুনি যায় নেকি? পুৱাৰে পৰা বহিহে আছে। আজি মোৰ গাটো বেয়া বাবে চাহকাপ পলম হ’ল যেনিবা নিজেও বনাই খাব পাৰেচোন !

-মই কিয় চাহ বনাম ?

-কিয় আপুনি চাহ বনাই খালে পৃথিৱী ধ্বংস হ’ব ?

পৃথিৱী ধ্বংস নহ’ল তাৰ আগতেই বোৱাৰীয়েকে চাহকাপ আনি দিলেহি। কিন্তু শইকীয়াই চাহকাপৰ ফালে নাচালেই ভোৰভোৰাই তিনিআলিৰ ফালে ওলাই গ’ল।

আচলতে কাজিয়াখন আৰম্ভ হৈছিল ৰাতি । দুদিনমানৰ আগত জীয়েকে ফোন কৰি মাক-দেউতাকক নিজৰ ঘৰলৈ মাতিছিল। কেণাটো তাতে লাগিল। শইকীয়াৰ জীয়েকৰ ঘৰলৈ যাবলৈ মন নাই। অলপদিনৰ আগত গৈ আহিছে। এতিয়া সিহঁত ক’ৰবালৈ ফুৰিবলৈ যায় বাবে ঘৰ ৰখীয়া হ’বগৈ লাগে। কথা হ’ল নেকি সিহঁত সদায় ইফালে-সিফালে যাব আৰু মাক বাপেকে ঘৰ ৰখিব লাগে। নোৱাৰি দেই। নিজৰ সমস্যাবোৰ নিজে সমাধান কৰিব লাগে।

শইকীয়ানীৰ মতে আক তেওঁলোক মাক-দেউতাক যেতিয়া ল’ৰা ছোৱালীৰ কিছুমান দায়িত্ব ল’বই লাগিব। শইকীয়া যদি নাযায় তেওঁৱেই যাব।

-যোৱা যোৱা এই বুঢ়ী বয়সতো সিহঁতৰ আবদাৰবোৰ পূৰ কৰি থাকা। মই কিবা এটা ক’লেটো তুমি আজিকালি গুৰুত্বই নিদিয়া।

ঘটং

গুৰুত্ব নিদিয়া শব্দটোৱে একদম ধুমুহা এজাকৰ সৃষ্টি কৰিলে। তাৰপাছত এঘণ্টামান কথা কটাকটি আৰু পুৱাও তাৰে বিস্ফোৰণ ঘটিল।

দুপৰীয়া হ’ল শইকীয়া জীয়েকৰ ঘৰলৈ যোৱাৰ কোনো উমঘাম নেদেখি শইকীয়ানী নিজে ওলাল। সময়ত পুতেকে ঠিক কৰি থোৱা গাড়ীখন আহি গেটৰ মুখত ৰ’লহি। বাৰীত কিবা কিবি কাম কৰি থকা শইকীয়াৰ কাষত ৰৈ শইকীয়ানীয়ে লাহেকৈ কলে-মই যাওঁ।

শইকীয়াই একো মাত নামাতিলে। শইকীয়ানী অলপ সময় তাতে ৰৈ থাকিল তাৰ পাছত লাহে লাহে গৈ গাড়ীত উঠিল। গাড়ীখনৰ আঁতৰি যোৱাৰ শব্দটো শুনি শইকীয়াই হাতৰ হোলাংডাল তাতে থেকেচ মাৰি উঠি আহিল। অভিমান এটাই তেওঁৰ বুকুৰ মাজত খুন্দিয়া-খুন্দি কৰি থাকিল।

শইকীয়ানী যোৱা এঘণ্টামান হৈছিল চাগৈ। শইকীয়াই ভাত পানী খাই বাৰাণ্ডাতে বহি আছিল। অফিচলৈ যোৱা পুতেক দৌৰা-দৌৰিকৈ ঘৰলৈ সোমাই আহিল। তাৰ মুখখন দেখি শইকীয়াৰ কিবা এটা ভাল নালাগিল। কিবা এটা সুধিম বুলি ভাবিছিল যদিও পুতেকে সেইটো সুবিধা নিদি কোঠাত সোমালগৈ । পাঁচমিনিট মান বোৱাৰীয়েকৰ সৈতে কিবা কিবি কথা পাতি পুতেক ওলাই আহিল। গাড়ীত উঠিবলৈ লৈ সি শইকীয়ালৈ এপাক চালে। শইকীয়াৰ পুনৰ কিবা এটা ভাল নালাগিল। কিন্তু কিবা সোধাৰ আগতেই পুতেক গুছি গ’ল।

-কি হৈছে অনু ?

শইকীয়াই উত্তেজিত হৈ কাৰোবাৰ লগত ফোনত কথা পাতি বোৱাৰীয়েকক সুধিলেগৈ।

-নাই একো হোৱা নাই দেউতা।

বোৱাৰীয়েকে যিমান পাৰে সহজ হৈ উত্তৰ দিবলৈ চেষ্টা কৰিলে। শইকীয়াই একো নকৈ উভতি আহিছিল যদিও পাছমুহূৰ্ততে চিঞৰি উঠিল

-মাৰে ভালে ভালে পালেগৈ নে ?

ফোনত কথাপাতি থকা বোৱাৰী ৰৈ গ’ল।

-মই কি সুধিছোঁ শুনিছ নে নাই মাৰে পালেগৈ নে? দে ফোনটো দেছোন মাৰলৈ ফোন এটা কৰোঁ। মাত এষাৰ নিদিয়াৰ বাবে মানুহজনীয়ে মনটো মাৰি গৈছিল।

শইকীয়াই বোৱাৰীয়েকৰ ফোনটোৰ ফালে হাতখন আগবঢ়ালে। বোৱাৰীয়েকৰ হাতখনৰ লগতে মাতটোও কঁপি ওলাল

-দেউতা অলপ আগত এওঁলৈ কোনোবাই ফোন কৰিছিল মা যোৱা গাড়ীখনৰ বোলে এক্সিডেণ্ট হৈছে। মাক হস্পিতাললৈ নিছে। এওঁ তালৈকে গৈছে।

শইকীয়া থকা ঠাইতে বহি পৰিল। বোৱাৰীয়েক আহি তেওঁৰ হাতখন খামোচি ধৰিলে।

-মানুহজনী ভালে আছে নে অনু ?

-বৰ বেছি দুখ পোৱা নাই বুলি কৈছে দেউতা। আপুনি ইমান চিন্তা নকৰিব।

ইয়াৰ পাছৰ সময়খিনি শইকীয়াৰ বাবে এটা যুগ যেন লাগিল। হস্পিতাললৈ যাব খুজিছিল কিন্তু পুতেকে ফোন কৰি নালাগে যাব বুলি কলে। মাকে বোলে বেছি দুখ পোৱা নাই। ড্ৰাইভাৰজনেহে বেছিকৈ দুখ পাইছে । মাকক অলপ পাছতে পঠিয়াই দিব।

পুতেকে সান্তনা দিলেও শইকীয়াৰ মনটো মুকলি নহ’ল। মানুহটো ইফাল-সিফাল কৰি থাকিল । তিনিঘণ্টামানৰ পাছত হাত আৰু মূৰত বেণ্ডেজ লগাই শইকীয়ানী ওলালহি । শইকীয়াই আঁতৰৰ পৰাই মানুহজনীলৈ চালে। মানুহজনী কুশলে আছে। পুতেকৰ সৈতে ধৰাধৰিকৈ শইকীয়ানীক নি শোৱাকোঠালৈ লৈ গ’ল। মানুহজনীক বিচনাত বহোৱাই শইকীয়া ওলাই আহি পাকঘৰত সোমাল।

-দেউতা মই বনাম দিয়ক । আপুনি মাৰ কাষলৈ যাওঁ ।

গেছত চাহৰ চচটো উঠাই দিয়া শইকীয়াক দেখি বোৱাৰীয়েকে বাধা দি ক’লে।

-নালাগে অনু ময়ে বনাও। তুমি মাৰাৰ কাষলৈ যোৱা। কাপোৰ কানিবোৰ পাৰিলে সলাই দিয়াগৈ। মানুহজনীয়ে লেতেৰা হৈ থাকিবলৈ বেয়া পায়।

চিনাকী পাকঘৰটোৰ ইটোৰ পাছত সিটো অচিনাকী টেমা খুলি চাহপাত আৰু চেনীৰ টেমাটো উদ্ধাৰ কৰে মানে চচপেনৰ পানী উতলি উতলি এবাৰ শুকাল। শইকীয়াই আকৌ অলপ পানী দি চাহকাপ বনালে। কাপত চাহকাপ বাকোঁতে আধাখিনি বাহিৰতে পৰিল। শইকীয়াই কাপোৰ এখন লৈ কাপটো মোহাৰি চাফা কৰি শোৱাকোঠালৈ লৈ আহিল। শোৱাকোঠাত তেতিয়া শইকীয়ানীৰ বাহিৰে কোনো নাছিল।

-চাহ !

শুবলৈ চেষ্টা কৰা শইকীয়ানীয়ে চকু মেলি শইকীয়ালৈ আচৰিত হৈ চালে। তাকে দেখি শইকীয়াই আকৌ ক’লে

-চাহ একাপ খাই দিয়া ভাল লাগিব।

-আপুনি বনালে?

– অ’ মই বনালে পৃথিৱী ধ্বংস নহয়।

শইকীয়াই মিচিকিয়াই হাঁহি ক’লে।

-আমাৰ বিয়াৰ অলপদিনৰ পাছত মোৰ গা বেয়া হওঁতেও আপুনি এবাৰ চাহ বনাইছিল মনত আছে ?

শইকীয়ানীৰ কথা শুনি শইকীয়া আনন্দিত হৈ উঠিল

-তোমাৰ মনত আছে?

-কিয় নাথাকিব বাৰু যিহে ভয়ানক তিতা চাহ বনাইছিল।

-তথাপি তুমি খাইছিলা ।

-আপুনি বনাইছিল যে।

শইকীয়ানীয়ে শইকীয়াৰ চকুলৈ চাই ক’লে। শইকীয়াৰ চকুহাল চলচলীয়া হৈ উঠিল। মানুহজনীৰ আঘাত পোৱা হাতখন চুই তেওঁ ক’লে

-মই ভয় খাইছিলোঁ।

-মই এৰি যাম বুলি?

-ওহো। তুমি নথকা পৃথিৱীখন মোৰ বাবে কিমান ভয়ানক হ’ব তাকে ভাবি।

-জানো সেইবাবেই অকলে এৰি যোৱাৰ কথা ভবা নাই নহয়।

কথাষাৰ কৈ শইকীয়ানীয়ে চাহকাপত চুমুক দিলে

-উহ ৰাম কি ভয়ংকৰ তিতা !

শইকীয়াই গহীনহৈ শইকীয়ানীলৈ চালে । তাৰপাছত দুয়ো একেলগে খিক-খিকাই হাঁহি উঠিল । দৰজামুখত ৰৈ তেওঁলোকৰ কথা শুনি থকা পুতেক বোৱাৰীয়েকেও মুখ টিপি হাঁহি উঠিল । ভালপোৱা ভালপোৱা অনুভৱ এখিনিয়ে গোটেই ঘৰখন আৱৰি ধৰিলে।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *