ফটাঢোল

শ্যামলীৰ সপোনটোৰ পাছত – অঞ্জলি গগৈ বৰগোহাঞি

আজি দুদিনমানৰ পৰা শ্যামলীয়ে ৰাতি ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত একেটা সপোনকে দেখি হঠাৎ সাৰ পাই যায় । তাৰ পাছত তাই হাজাৰ চেষ্টা কৰিও চকুত টোপনি আনিবলৈ সক্ষম নহয় । উজাগৰে থাকি বিচনাত ইকাতি-সিকাতি কৰি থাকিবলৈও তাইৰ ভাল নালাগে । গিৰিয়েকৰ গাত ভৰি এখন তুলি সিহঁতৰ একমাত্র ৮ বছৰীয়া ছোৱালী ৰিয়া টোপনিত লালকাল দি থাকে সেই সময়ত । অৱশ্যে গিৰিয়েক অনিমেশও টোপনিত ভাল । এবাৰ টোপনি অহাৰ পাছত পুৱা ৬ বজাৰ আগতে সাৰ নাপায় । ওচৰত গভীৰ টোপনিত লালকাল দি থকা গিৰিয়েক আছে ছোৱালীজনীৰ ওচৰত তাই উজাগৰে ইকাতি-সিকাতি কৰি থাকিবলৈ ভাল নালাগে । সেয়েহে প্ৰতি ৰাতি সপোন দেখি সাৰ পোৱাৰ পাছত তাই হাতত সাৰে ভৰিত সাৰে সন্তৰ্পণে বিচনাৰ পৰা নামি আহে । তাৰ পিছত তাই মুখখন ধুই পানী এগিলাচ খাই সৰুকৈ সজাই লোৱা পুথিভঁৰালত সোমাই । তাই পুথিভঁৰালটো সৰু মানে ঠিক অকণমাণি বুলিলেই বেছি ভাল হ’ব । পুথিভঁৰালত এযোৰ চকী-মেজ আৰু চাৰিটা কিতাপ ভৰ্তি আলমাৰি । চকী-টেবুলযোৰ ৰখা ঠাইডোখৰৰ বাদ দি আৰু খালী ঠাই নাই । কোঠাটোত দুখন পাল্লাৰ এখন খিৰিকী আৰু কোঠাৰ ৰং গাঢ় আকাশ নীলা । আকাশ নীলা ৰংটো তাইৰ প্ৰিয় । এই কোঠাটোত সোমাই তাই পাৰ কৰে দৈনন্দিন কামৰ শেষত বাকী থকা আজৰি সময়খিনি । শ্যামলীয়ে অৱশ্যে ৰাতি ভাত-পানী খাই আজৰি হৈ পোৱা সময়খিনিতহে তাইৰ চিন্তা-ধাৰাৰ লিখিত ৰূপ দিবলৈ ভাল পাই ।

আজি নিশাও তাই আন কেইদিনৰ দৰেই ৰাতি ২:৩৫ বজাত সেই একেই সপোনটো দেখি সাৰ পাই গ’ল । সাৰ পাইও অলপ সময় তাইৰ এনেকুৱা লাগিল যেন এতিয়াও সপোনৰ ৰাজ্যতে আছে । বাহিৰৰ গেৰেজৰ টিংত টোপ- টোপকৈ বৰষুণ পৰাৰ শব্দত তাই বাস্তৱ পৃথিৱীখনলৈ ঘূৰি আহিল । গেৰেজৰ কিনাৰতে থকা মধুৰীআমজোপাৰ ডালে বাৰে বাৰে গেৰেজৰ টিংত বতাহে আঘাত কৰাৰ বাবে ঝেৰেক-ঝেৰেক শব্দটো শুনি তাই বৰষুণৰ লগতে বতাহ দিয়াৰ কথাটো গম পালে । হঠাতে বিদ্যুত সংযোগ ব্যাহত হৈ পৰাত ইনভাৰ্টাৰটোৱে টি-টি-টি-টি-টিতকৈ বাজি উঠিল । তাই ড্ৰিম লাইটৰ পোহৰত গিৰিয়েক আৰু ছোৱালীজনীলৈ চালে , দুয়ো গভীৰ টোপনিত । ছোৱালীজনীৰ মূৰত হাত ফুৰাই তাই লাহে লাহে বাথৰুমলৈ গৈ মুখখন ধুই পুথিভঁৰাললৈ বুলি অগ্ৰসৰ হ’ল । পুথিভঁৰালৰ চকীখনত বহি তাই সপোনটোৰ কথাকেই ভাৱিবলৈ ধৰিলে । কিয় একেটা সপোনকে তাই এইকেইদিন দেখি আছে ? কি সমন্ধ আছে সপোনটোৰ লগত তাইৰ বাস্তৱ জীৱনৰ ! সপোনত এখন অচিনাকী ব্যক্তিৰ হাতে তাইৰ ফালে আগুৱাই দি কয় ।..

” শ্যামলী মোৰ হাতত ধৰা আৰু ব’লা আগুৱাই !”

তাই অবাক চাৱনিয়ে সেই ব্যক্তিৰ অবৱব চাবলৈ যত্ন কৰে , কিন্তু একো চকুত নপৰে । কাণত আকৌ ভাহি আহে তেওঁৰ পুৰুষচিত কণ্ঠস্বৰ । …

” কিয় এনেকৈ ভেৱা লাগি চাই আঁছা ! চোৱা শ্যামলী , সৌ যে পোহৰৰ ৰেঙণি দেখিবলৈ পাইছা , মই তোমাক সেই পোহৰৰ দেশলৈ লৈ যাম । ধৰা মোৰ হাতত ।”

প্ৰথমে তাই চিৎকাৰ কৰি উঠে । তাৰপিছত তাই অস্থিৰ হৈ সোধে …

” মই তোমাৰ কণ্ঠস্বৰ শুনিছোঁ , কিন্তু তোমাক কিয় দেখা পোৱা নাই ? তাৰোপৰি তুমি কিয় মোক পোহৰৰ দেশলৈ লৈ যোৱাৰ কথা কৈছা ? মই দেখোন তোমাক চিনিকে নাপাওঁ !”

তেওঁ উত্তৰ দিয়ে —

“ তুমি এতিয়া আন্ধাৰত আছা , সেয়েহে মোক তুমি দেখি নোপোৱা । এই আন্ধাৰ তুমি মোৰ হাতত ধৰি পাৰ হ’ব লাগিব । মোৰ কৰ্তব্য কেৱল তোমাক আন্ধাৰৰ পৰা আঁতৰাই সৌ পোহৰৰ দেশলৈ লৈ যোৱাৰ । তাৰপিছতেই তোমাৰ জীৱন পোহৰ কেৱল পোহৰ । তাৰপিছত তোমাৰ সকলো জিজ্ঞাসাৰ উত্তৰ পাই যাবা । “

পোহৰ… পোহৰ…. পোহৰ এই শব্দটো কাণত প্ৰতিধ্বনিত হৈ থাকে শ্যামলীৰ আৰু তেতিয়াই তাই সাৰ পাই যায় । কিন্তু কিয় এই অদ্ভুত সপোনটো আজি কিছুদিনৰ পৰা সদায়ে দেখিবলৈ লৈছে , ভাৱি একো উৱাদিহ নাপায় । অনিমেশক সপোনটোৰ কথা ক’ব বুলি ভাৱিছিল তাই , পিছে তেওঁক কৈযে একো মনৰ উৎকণ্ঠা দূৰ নহয় , সেইটো তাই ভালকৈ জানে । অনিমেশক তাই ভালকৈ জানে , জীৱনটোত যেন একো জটিলতাই নাই , তেনেকুৱা তেওঁ । তাইৰ সপোনৰ অৰ্থ হয়তো এনেকৈ দিব অনিমেশে …

” ডাৰ্লিং তুমি চাগে কাৰোবাৰ প্ৰেমত পৰিছা ! তোমাক সপোনতে সেই প্ৰেমিকে তোমালৈ হাত আগুৱাই দিছে ধৰিবলৈ । নাযাবা দেই সোণজনী ! তুমি গুচি গলে মোৰ দিনতে ৰাতি আৰু ৰাতিটোতো ৰাতিয়েই !”

হয়তো তাতোকৈ বেছি কিবা ব্যাঙ্গাত্মক কিবাকিবি কৈ উঠিব । তাৰপিছত হয়তো হাঃ হাঃ কৈ নিজৰ কথাত নিজেই ৰস পাই হাঁহিব । নালাগে তাতোকৈ সপোনটো তাইৰ একান্ত ব্যক্তিগত সম্পদ হৈয়ে ৰৈ যাওঁক ।

সপোনটোৰ কথা একাষৰীয়াকৈ থৈ তাই বেৰত ওলোমাই থোৱা ঘড়ীটোলৈ চালে । ৩:১৫ হৈছে , ৰাতি পুৱাবলৈ তেতিয়াও বহুত সময় বাকী । তাই এইবাৰ কাগজৰ ওপৰত কলমেৰে চিয়াঁহি নিগৰাই কিবা এটা লিখাৰ প্ৰয়াস কৰিবলৈ ল’লে । লিখিবলৈ লওঁতেই হঠাতে তাই আৰ্কিমিডিচৰ দৰে ইউৰেকা, ইউৰেকা বুলি চিঞৰি দিবলৈ লৈছিলেই । পিছে সেই মুহূৰ্ততে নিজৰ মুখত সোপা মাৰি কন্ ট্ৰ’ল কৰিলে যেনিবা ।

তাইৰ সপোনৰ আঁৰত থকা তাৎপৰ্য কি ভালকৈ উপলব্ধি কৰিলে । পুৱাৰ নিত্য-নৈমিত্তিক কামবোৰ কৰি , দৌৰা-দৌৰি কৰি অফিচলৈ যোৱা । তাৰপিছত দিনটো অফিচৰ কাম-কাজ কৰি সন্ধিয়া ঘৰলৈ আহিয়েই আকৌ ঘৰুৱা কাম । শ্যামলীৰ নিজৰ ভাললগা, বেয়ালগা বুলি একো নাইয়েই দেখোন । এটা যন্ত্ৰ কৰি তুলিছিল তাই । তাইৰ একেই কলিগ অৰুণিমাই এদিন ‘ ফটাঢোল ‘ নামৰ ই-আলোচনী এখন পঢ়িবলৈ দিছিল । যান্ত্ৰিক পৃথিৱীত যন্ত্ৰ হৈ হাঁহিবলৈ পাহৰি যোৱা শ্যামলীয়ে সেইদিনা প্ৰথম অফিচত হু-হুৱাই হাঁহিছিল । ঘৰলৈ অহাৰ পাছত তাই কথাবোৰ পাহৰি গৈছিল । আৰু সেইদিনাই ৰাতি তাই প্ৰথম সপোনটো দেখিছিল । এতিয়া তাই বুজি পাইছে , জীৱনটো এবাৰৰ বাবে । তাইৰ অনুভূতি আছে তাই কিয় যন্ত্ৰ কৰিব , তাই মানুহ হ’ব, হাঁহিব , গান গাব । ফুল , তৰা , আকাশ আকৌ আগৰ দৰেই ভাল পাব । জীয়াই থাকিবলৈ তাই জীয়াই নাথাকে , তাই মুক্ত বিহংগৰ দৰে জীয়াই থাকিব । শামুকৰ খোলাৰ ভিতৰত কেৱল আন্ধাৰ , তাই নাথাকে শামুকৰ খোলাৰ ভিতৰত ।

শ্যামলী পুথিভঁৰালৰ পৰা লাহে লাহে বাহিৰলৈ ওলাই আহিল । পূবাকাশ ৰতোৱাল হৈছে । এজাক পৰিভ্ৰমী চৰাই নিদিষ্ট গতিৰে আকাশেদি উৰি গ’ল । তাই পুৱাৰ সূৰুযৰ পোহৰখিনি বুকুত সোমোৱাই ল’বলৈ দুহাত মেলি আগুৱাই দিলে ।

☆★☆★☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *