ফটাঢোল

সময় – প্ৰণীতা গোস্বামী বৰঠাকুৰ

সময় হেনো গতিশীল
কেৱল আগুৱাই যায়,
হাতৰ মুঠিত ৰাখিব খুজিলেও
পিছলি ওলাই যায়।

নামী দামী হাতঘড়ীবোৰ পিন্ধি
সময়ক বান্ধিব খোজো,
কৰিব লগীয়া কামবোৰহে কিন্তু
সময়মতে কৰিব নোৱাৰোঁ।

সময়ৰ লগত খোজ মিলাবলৈ
নতুন নতুন আঁচনি লওঁ,
সময়ৰ মূৰত আঁচনিসমূহ
ফাইলতে বন্ধ পাওঁ।

সময়ে কিন্তু প্ৰতিখোজতে আমাক
শিক্ষা দি থৈ যায়,
বয়সৰ লগত অভিজ্ঞতাবোৰেও
জীৱনৰ ৰস পান কৰায়।

জ্ঞানীজনে সময়ৰ লগত
নিজকে আগুৱাই নিয়ে,
অজ্ঞানীজনেহে নিমিলা তালত
হিয়া ঢাকুৰিয়াই মৰে।

সময়ৰ সোঁতত উটি-ভাহি গৈ
নিজৰ নেহেৰুৱাবা অস্তিত্ব,
সময়তহে তুমি ফলাফলটো পাবা
এতিয়াই যদি কৰা কষ্ট।

ইতিহাসৰ পাত লুটিয়ালেই তুমি
বুজিব পাৰিবা নিজক,
পুৰণি সময়ৰ ভেটিতে গঢ়ি উঠে
আজিৰ নতুন সমাজখন।

সেয়েহে বন্ধু সময় থাকোতেই
নিজৰ ভেটি গঢ়া,
সময়ৰ বালিত তেতিয়াহে তুমি
খোজৰ চিন থৈ যাবা।

কামৰ মাজেৰেই সময়ক তুমি
পাৰিবা ৰাখিব ধৰি,
ভৱিষ্যতৰ সমাজক যদি
দিব খোজা চিনাকি।

পল অনুপল কৰি সময়বোৰ
আগুৱাই যায়,
এটি পল হেৰুৱালে কিন্তু
নাহে আৰু দুনাই।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *