কৌতুক – সুজাতা বৰুৱা
” থুলুক আৰু এটা ৰাসায়নিক গাজা ”
প্ৰশাসনৰ তৰফৰপৰা মাজে সময়ে এই পলিথিনৰ মোনাসোপা বন্ধ কৰাৰ একোটাহঁত ধুম উঠে , কথাটো বাৰু মন কৰিছেনে ? ই এক বছেৰেকীয়া উৎসৱৰ দৰে ।মাজে মাজে জক উঠে আৰু দুদিনমানৰ পাছতে পাম্প যোৱা বেলুনটোৰ দৰে হয়গৈ । এই কামটো বা চেষ্টাতো আছলতে প্ৰশাসনৰ তৰফৰ পৰা নহৈ আমাৰ ফালৰপৰাহে হব লাগে । মানে এইযে পলিথিনৰ মোনাৰ প্ৰচলন বন্ধ কৰাটো , তাৰ কথাই কৈছোঁ । কাৰণ আমি নিজেও জানো যে পলিথিনৰ মোনাবোৰ পৰিবেশৰ বাবে কিমান ক্ষতিকাৰক ।
বাৰু যিয়েই নহওক এতিয়া আচল কথাটোলৈ আহোঁ ।
এনেকুৱা পলিথিন বন্ধ হৈ থকা দিনবোৰতে পুলিচৰ তামাম তালাচী অভিযান চলি আছে আৰু । সেইকেইদিনত আপুনি পুলিচৰ সন্মুখেৰে পলিথিনৰ মোনা লৈ পাৰহৈ যাব নোৱাৰিব । দোকানীয়েও আপোনাক নিজৰ ঘৰৰপৰা মোনালৈ গ’লেহে নাইবা কাগজৰ ঠোঙাতহে বস্তু বান্ধি দিব । তেনেকুৱা এটা দিনতে আমাৰ থুলুক বোলা ভাইটিটো যাওক মাছৰ বজাৰলৈ । শ্ৰীমতীৰ ফৰমাইচৰ কথা । সময়মতে মাছ নি ঘৰ পোৱাব নোৱাৰিলেই জীয়াই থকাই মুস্কিল একেবাৰে ।
“বোলো হৌৰা ৰৌ মাছৰ কিমান দামহে ?”
“আপোনাৰ কাৰণে মাত্ৰ তিনিশ টকা কিলো দাদা , এনেয়ে বেলেগক চাৰে তিনিশত বেচো ।
“অ’ মোলৈনো কিহৰ ইমান মৰম লাগিল । বেছি পেকনেপেকাই কিলো আঢ়ৈশকৈ লোৱা আৰু কোনোবাই দেখাৰ আগতেই ভাল চাই পলিথিনৰ মোনা এটাতে সাউৎকৈ ভৰাই দিয়া ।”
“হয় দাদা , এয়া লওক । অলপ লুকুৱাই নিব ।”
এইবুলি ক’লা বৰণৰ পলিথিনৰ মোনা এটাতে বেপাৰীয়ে মাছটো ভৰাই দিলে ।
য’তে বাঘৰ ভয় ত’তেই ৰাতি হয় হেনো !
লুকুৱাই নিওঁতে নিওঁতে থুলুক ভাইটি গৈ পৰিলগৈ একেবাৰে বৰা পুলিচৰ মুখৰ আগত ।
“হেৰি মহোদয় , পলিথিনৰ মোনালৈ কলৈ যায়হে ? আপোনাকতো দেখাত জনা-বুজা মানুহ যেনেই লাগিছে । পলিথিন বেন্ড ( বৰ্জন ) আছে বুলি জানেই নিশ্চয় । আপোনালোকেই যদি এনেকুৱা কৰে কি হব আৰু । ”
বৰাই মনতে ভাবিছে “আজি ভাল বুঢ়াৰ হাতত চেঙেলী পৰিছ । দুটকা মান কিবাকৈ ঘটাৰহে কথা ।”
থুলুক অলপ সময় তভক মাৰি ঠাইতে ৰৈ গ’ল । মূৰটো অলপ খজুৱালে , ভাবিলে …..ভাবিলে ……ভাবিলে
আৰু ঘপহকৈ কৈ দিলে
” হেৰি , এইটোতো পলি ইথিলিন নহয় , পলি প্ৰপিলিনৰ মোনাহে । পলি প্ৰপিলিনত বেন্ড নাই নহয় । আপুনিতো জানেই চাগে ।”
বৰা হঠাতে বৰ অসহায় হৈ পৰিল ।
” চাওঁ ক’তা ! এৰা হে , হয় হয় যেন লাগিছে । ময়ো ধৰিবই নোৱাৰিলো নহয় । বেয়া নেপাবহে ,আজিকালি চকুৰে ভালকৈ নমনাই হলো আৰু ,হেঃ হেঃ হেঃ ,যাওক যাওক । “
☆★☆★☆
9:26 am
হাঁহিলো☺
3:07 pm
Khub hundor