ফটাঢোল

দণ্ডীনাথ কলিতাৰ ব্যঙ্গ ৰচনাত সমাজ সচেতনতা (কবিতাৰ বিশেষ উল্লিখনেৰে) – চাহিন জাফ্ৰি

কোনো সমাজ, শ্ৰেণী, মতবাদ, ৰীতি-নীতিক লৈ যি নৈবক্তিক বিদ্ৰুপাত্মক ৰচনাৰ সৃষ্টি হয় আৰু তাৰ বুকুত যি হাস্যৰস সোমাই থাকে, তাকে satire বা ব্যঙ্গ হাস্যৰস বোলে। …সমাজৰ কোনো সমূহীয়া সমস্যা বা বিষয় লৈ ব্যঙ্গ হাস্যৰসিকে হাস্যৰস সৃষ্টি কৰে।(লীলা গগৈ,’সাহিত্য দুটিমান আলোচনা, পৃ.৫)
ব্যঙ্গ সম্পৰ্কে বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন মতবাদ আগবঢ়াই থৈ গৈছে। চেমুৱেল জনচনৰ মতে – ব্যঙ্গ হৈছে অপৰাধ আৰু ধূর্তলিক ভৎসনা কৰি লেখা এবিধ পদ্য। আনহাতে আমেৰিকান সমালোচক এম. এইচ.আব্ৰাহমছৰ মতে – ‘ব্যঙ্গ ৰচনাই পঢ়ুৱৈক আমোদ দিব পাৰিব লাগিব। পাত্ৰ বা বিষয়টোৰ প্ৰতি পঢ়ুৱৈৰ মনত ঘৃণাৰ উদ্ৰেক কৰিব লাগিব আৰু তাৰ দ্বাৰা পাত্ৰ বা বিষয়টো সমাজৰ চকুত অৱনমিত কৰিব লাগিব।
অসমীয়া ব্যঙ্গ সাহিত্যৰ পৰম্পৰা প্ৰাক-শংকৰী যুগৰ পৰাই নানা পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আহি বৰ্তমান অৱস্থা পাইছেহি।শ্ৰীধৰ কন্দলীৰ ‘কাণখোৱা’, হেম সৰস্বতীৰ ‘ভীম চৰিত’, শংকৰদেৱৰ ৰুক্মিণী হৰণৰ পিছত কুৰি শতিকাৰ দ্বিতীয় দশকত আধুনিক কবিতাত হাস্যৰস প্ৰকাশ পায় বিশেষকৈ ব্যঙ্গ কবিতাৰ মাজেৰে।
আধুনিক অসমীয়া সাহিত্যত লম্বোদৰ বৰা, বলিনাৰায়ন বৰা, হেমচন্দ্ৰ বৰুৱা, সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা,চন্দ্ৰধৰ বৰুৱা,দণ্ডীনাথ কলিতাকে প্ৰমুখ্য কৰি সাহিত্যিক সকলে ৰচনা কৰা ৰচনা শৈলীত উদ্দেশ্যধৰ্মী হাস্যৰসৰ লগতে ব্যঙ্গ হাস্যৰসেও বিস্তাৰ লাভ কৰে।
ঊনবিংশ শতিকাত জন্মগ্ৰহণ কৰা আৱাহন যুগৰ শ্ৰেষ্ঠ ঔপন্যাসিক দণ্ডীনাথ কলিতা আছিল একেৰাহে নাট্যকাৰ, কবি, গল্পকাৰ, পাঠ্যপুথি ৰচোতা, জীৱনীলেখক, অনুবাদক, হাস্যৰসিক আৰু সমাজ-সংস্কাৰক।’ ৰগৰ'(১৯১৬), ‘ৰহঘৰা'(১৯২২),আৰু ‘বহুৰূপী'(১৯২৬) নামে তিনিখন ব্যঙ্গ কবিতা পুথিৰ জৰিয়তে তেওঁ সমাজৰ ওপৰত তীব্ৰ ব্যঙ্গ দৃষ্টিপাত আগবঢ়াইছে। তেওঁ এই কবিতাপুথি কেইখনৰ মাজেৰে সমাজৰ গ্লানিৰ ওপৰত আঙুলিৰ চোকা নখ বহুৱাইছে বুলি বিনাদ্বিধাই ক’ব পাৰি।

তেওঁৰ প্ৰথম ব্যঙ্গ পুথি ‘ৰহঘৰা’ত নিৰ্মল আৰু শুদ্ধমতি মেধিৰ জাহাজত ভোজন ,পৰাচিতৰ হাবিয়াস আৰু জড় দেহাটি লৈ তীৰ্থলৈ যোৱাৰ আকাংক্ষা আৰু অনুশোচনা দেখা যায়।-

..” ৰাখিছা খাই প্ৰাণ ভাত/ তাত যাব নোৱাৰে জাত/
ভালৰ অৰ্থে কৰা কামৰ কোনো পৰাচিত নাই/
শুনি শুনি বেজাৰ মনেৰে
মেধি তীৰ্থলৈ যায়..।(‘মেধি তীৰ্থলৈ যায়’, পৃ.৪৪৩)

এই কবিতাটো তথাকথিত জাত-পাত বিচাৰ কৰা সমাজৰ প্ৰতীক স্বৰূপ।

আনহাতে, আধুনিক শিক্ষিত সভ্য সমাজখনক তেওঁ এই কবিতাটোৰ মাজেৰে ব্যঙ্গ কৰিছে-

আমি হিন্দুস্তানৰ প্ৰথম শ্ৰেণী সভ্য/
আমি ‘এটিকেট’ শিকিছোঁ ইংৰাজী পঢ়ি/
পেন্টত ধৰিছোঁ চুৰিয়া এৰি/
পাগুৰি পেলাই পিন্ধিছোঁ হেট্/
কলাৰ লগাই তুলিছোঁ ফেট ..।

আমি হিন্দুস্তানৰ প্ৰথম শ্ৰেণীৰ সভ্য/
কোমল চাউল চিৰা -পিঠা /
আমাৰ মুখত লাগে তিতা/
ফাউল, পী ফ, কুকুৰা কণী/
মদৰ বটল বিলাতী পানী/
নহলে এতিয়া নহয় আমাৰ পূৰ্ণ খাদ্য দ্ৰব্য/
কিয়নো আমি প্ৰথম শ্ৰেণীৰ সভ্য../ (‘আমি হিন্দুস্তানৰ প্রথম শ্ৰেণীৰ সভ্য’,পৃ.৪৪৮)

আজিকালি আমি নিজৰ পিন্ধন-উৰণ, চলন-ফুৰণ সকলোতে ইংৰাজক অনুকৰণ কৰি চাহাব হৈ পৰিছোঁ। খোৱা-বোৱাৰ ক্ষেত্ৰতো বিলাতী পানীয় নহ’লে নচলেই এচামৰ।অথচ আমি এইবোৰৰ অপকাৰিতা পাহৰি গৈছোঁ।এইচাম ব্যক্তিৰ উদ্দেশ্যেই তেওঁ এই কবিতাটো লিখিছিল।

তেওঁৰ ‘বুঢ়া-বুঢ়ীৰ দ্বন্দ্ব’ কবিতাটোৰ জৰিয়তে ফটিকাৰ জালত তললৈ নামি যোৱা মানুহক এইবুলি ব্যঙ্গ কৰিছে –

…’বুঢ়াৰ বয়স পঞ্চাশ /ৰাতিৰ ৰাতিটো নাথাকে ঘৰত দিনটো খেলে তাচ/
উঠিল মদৰ জাই
নাচৰ পাকত
বাইৰ চৰণত পৰিল বাগৰ খাই../(‘বুঢ়া-বুঢ়ীৰ দ্বন্দ’,পৃ.৪৩৩)

‘আমাতকৈ বুধিয়ক নাই’ কবিতাটিত তেওঁ অসমীয়া লোক সকলৰ এলেহুৱা আৰু সোৰোপা অৱস্থাটোক এইবুলি ব্যঙ্গ কৰিছে যে –

“আমাতকৈ বুধিয়ক নাই /
বুধিৰ বলত পৰৰ মূৰত আছোঁ একঠা খাই. ।(‘আমাতকৈ বুধিয়ক নাই’,পৃ. ৪৪৬)

‘ আমাৰ জাত’ কবিতাটোত তেওঁ কৈছে যে –

ভূ মণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত/ জাতেই আমাৰ ধৰ্মৰ সাৰ/ ৰান্ধি দিলেও যদিও খাওঁ চুলে নৰয় জাত./
…….ভিতৰত যদিও ঢকুৱাৰ বেৰ /ভাঁজত নেৰোঁ চুৰিয়াৰ ফেৰ../( পৃ.৪৫৭)

ইয়াৰ উপৰিও ‘সুৰাৰ জন্ম’, ‘ধনীৰামৰ ধন’, ‘বুঢ়াৰ উপদেশ’,’পূৰ্ণ চন্দ্ৰ’, ‘চাহ-ৰহস্যম’, ‘ডাৰ-উইনৰ থিয়ৰীৰ নেগুৰ’, ‘শংকৰৰ ধৰ্ম'( শ্ৰেষ্ঠ), ‘হেৰা অসমীয়া তুমি’, ‘শোদ্ধাৰকৰ মহাসভা’, ‘অসমীয়ালৈ উপদেশ’, ‘শাস্ত্ৰৰ টোকা’, ‘ভেক স্তোত্ৰ'(ঋকবেদৰ দশম মণ্ডলৰ এটা স্তোত্ৰৰ ভাব লৈ লিখা) কবিতাসমূহত ব্যঙ্গৰ জৰিয়তে নিজৰ সভ্যতা -সংস্কৃতি ৰক্ষাৰ কথা কৈছে।

দণ্ডীনাথ কলিতাৰ দ্বিতীয় ব্যঙ্গ পুথি ‘ৰগৰ’ৰ কবিতা সমূহৰ ভিতৰত ‘দেশ তললৈ গ’ল’ কবিতাটোত হিন্দু হৈ নহৰু-পিয়াজ খোৱাৰ কথা, চ’দা খোৱাৰ কথা, ফুৰা গাৰে তামোল খোৱাৰ কথা, বেজৰ ভাত মৰাৰ কথা,আবিয়ৈ ছোৱালীৰ চাউল সিজোৱাৰ কথা উল্লেখ কৰাৰ চলেৰে চোৱা- ধুতি মনা লোক সকলক ব্যঙ্গ কৰিছে।স্মৃতি ৰত্নৰ বিলাপৰ ই এক সুন্দৰ নিদৰ্শন –

‘বামুণৰ লৰাই ডাক্টৰী পঢ়ে/ মৎস্য কৃষিৰো ব্যৱসায় কৰে/
আৰ্য বংশ একেবাৰেই ৰসাতললৈ গ’ল../
হে হৰি কি কৰিলা দেশ তললৈ গ’ল ../(পৃ.৪৭৪)

বৃদ্ধ লোকলৈ ফুল কুমলীয়া ছোৱালীক ধনৰ লোভত বিয়া দিয়া সকলক কটাক্ষ কৰি তেওঁ ‘বাপুৰ বিয়া’ কবিতাটোত এইবুলি কৈছে –

“ইছমাইলৰ ঘৰত আছে বুঢ়াক ছোৱালী বিকা/
আছা কোন ক’ত ধনৰ লোভত
ইয়াতে যি পাৰা শিকা…/(পৃ.৪৭৩)

‘তিৰোতাৰ অধিকাৰ’ কবিতাত তিৰোতাৰ ওপৰত বৰ মতা দেখুওৱা সকলক এইবুলি কটাক্ষ কৰিছে –

“স্বামী যদি চোৰ,মদাহী, দস্যু লম্পটো হয়/
আপত্তি নকৰি
সাহায্য কৰিলেই তিৰোতাৰ ধৰ্ম হয়,../
সহজন গুণত হ’ব তিৰোতা আই বসুমতিৰ মান../( পৃ.৪৭৭)

আজিৰ শিক্ষিত সমাজতো তিৰোতাক বিবেকহীন প্ৰাণী বুলি গণ্য কৰা এচাম লোক নথকা নহয়। তেওঁলোকেও শাস্ত্ৰকাৰৰ দোহাই দি তিৰোতাক শাসন কৰে এইদৰে –

” নমৰে মানে কৰিব মতাই ন ন ঘৈনীৰ ঘৰ /
নোৱাৰে ল’ব ফুলতে বাৰী কন্যায়ো দ্বিতীয় বৰ…/”।(পৃ.৪৭৭)

‘ডাঙ্গৰীয়ানী’ নামৰ কবিতাটোত তেওঁ আকৌ এচাম ফিতাহি মৰা নাৰীক ব্যঙ্গ কৰিছে এইদৰে –

“আমি পিন্ধো বঙালী শাৰী/
দাঁতিত ৰেচমৰ পাৰি/.
ভাতৰ চৰুলৈ নোৱাৰো সোমাব/
লাগিব কাপোৰত চেকা/
…..কেঁচুৱা আপডাল কৰা/
– জঞ্জাল আটাইতকৈ চৰা/
সেইহে দিওঁ, বেটিৰ মূৰতে
এইবোৰ কামৰ ভৰা../(পৃ.৪৮২)

ইয়াৰ উপৰিও ‘ডাঙ্গৰীয়া হ’বৰ উপায়’, ‘কলাইৰ খেদ’, ‘ডিচমিচ’, ‘ধম: সভা’, ‘মহাভাৰত’, ‘অধ্যাপকৰ ৰেলযাত্ৰা’, যেনে কৰ্ম তেনে ফল’ আদি কবিতাৰ জৰিয়তে তেওঁ সমাজৰ বিভিন্ন দুখঃ-ত্ৰুটি বোৰক আঙুলিয়াই দেখুৱাইছে।

ৰাজনৈতিক পটভূমিত ৰচিত তেওঁৰ ‘ৰিফর্ম সুন্দৰী’ ও এটা সুন্দৰ কবিতা। কবিতাটোত তেওঁ বৰ্তমানৰ ৰাজনৈতিক নেতাসকলৰ চৰিত্ৰ সুন্দৰ ভাবে অংকন কৰিছে। –

” ভোটৰ কাৰণে প্ৰাৰ্থীসকলে প্ৰথম দেখিলে/
গাওঁত বাজিল বাদ্য ধিনিকী-ধিন্দাও দাও ।(পৃ.৪০৯)

এই কবিতাটো এটা ৰাজনৈতিক সচেতনতামূলক কবিতা।

অসমীয়া মানুহৰ ফটা- ভেম-ভণ্ডামিক কটাক্ষ কৰি তেওঁ ‘অসমীয়াৰ গৌৰৱ’ নামৰ কবিতাটো লিখিছিল –

“….. আমাৰ মানুহে ভাত নাপালেও নকৰে তালে কাণ,/ বেপাৰ বনিজ নিহ কাম কৰি কিয় হেৰুৱাম মান…/”।(পৃ.৪১৫)

ইয়াৰ উপৰিও ‘ঈশ্বৰৰ নতুন ৰূপ’, ‘কাৰ্তিকচন্দ্ৰৰ আত্মজীৱনী’,’প্ৰত্নতাত্বিক’, ‘বি. এ. পাছ’, ‘বগীৰ দৰা’, ‘ভকতৰ পৰিণাম’,’উন্নতিৰ উপায়’, ‘মতা নে তিৰোতা?’, ‘আৰু দুখীয়া’ কবিতাৰ জৰিয়তে তেওঁ সমাজত দেখা পোৱা ব্যভিচাৰ সমূহক সুন্দৰ ৰূপত দেখুৱাইছে।

এইদৰেই দেখা যায় যে – দণ্ডীনাথ কলিতা দেৱে অসমীয়া জাতিটোক কবিতাৰ জৰিয়তে কটাক্ষপাত কৰিছিল আৰু এইবোৰ নিৰাময়ৰ বাবে চিন্তা কৰিছিল। সমাজ-সংস্কাৰৰ ক্ষেত্ৰত কলিতাদেৱে কৰা চিন্তা-চৰ্চা হেমচন্দ্ৰ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যঙ্গ সাহিত্য ৰাজিৰে অনুপ্ৰাণিত হোৱা বুলি উমান পোৱা যায়। স্বদেশ আৰু স্বজাতিৰ বাবে লিখা উক্ত সাহিত্যৰাজিৰ জৰিয়তে তেওঁৰ শান্তিপূৰ্ণ নতুন সমাজ গঢ়াৰ তীব্ৰ আকাংক্ষাৰ কথা বুজা যায়। মুঠতে, অসমীয়া সমাজখনক সংস্কাৰ সাধন কৰি উন্নতিৰ জখলাত প্ৰতিষ্ঠা কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ এই বৰঙণি চিৰদিন আদৰণীয় হৈ ৰ’ব ।
————————-
প্ৰসংগ পুথি:

১. কাকতি, পুষ্পেন্দ্ৰ: ‘দণ্ডীনাথ কলিতাৰ সাহিত্যত এভুমুকি’।
২.নেওগ, মহেশ্বৰ : ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’।
৩.গগৈ, লীলা : ‘সাহিত্য দুটিমান আলোচনা’, ।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *