ফটাঢোল

অফিচে ঘৰে-বাহিৰে – ভাস্কৰজ্যোতি দাস

দৃশ্য-১

ঘোচ(উৎকোচ) নিদিও, নলওঁ

বছৰটোৰ আৰম্ভণিতে চিয়েমে অফিচত হোৱা মিটিং এখনত আহি কৈ গ’ল -“সকলোৱে এটা কথা হৃদয়ত বহাই ল’ব লাগিব৷ আৰু সেয়া হ’ল -“নিদিও আৰু নলওঁ”৷ সেইমতে সকলোৱে হৃদয়ত বহালে৷

উপায়ুক্তৰ নিৰ্দেশমতে অফিচৰ গেটৰ পৰা আৰম্ভ কৰি, ক’ৰ্টয়াৰ্ড, ক’ৰিডৰলৈকে প্ৰায় ২০ খন মান লোহাৰ ফলক লগাব লাগে৷ আৰু তাত লিখিব লাগে “ঘোচ(উৎকোচ) নিদিও, নলওঁ”৷ দায়িত্ব দিয়া হ’ল আমাৰ ADC X ক৷

আলিৰ ফেব্ৰিকেশ্যনৰ দোকানখন ডাঙৰ হ’ল৷ আগতে সৰু আছিল৷ আমাৰ ঘৰৰ RCC পাৰ্টটোৰ গ্ৰীল সিয়েই বনাইছিল৷ বেচ অমায়িক৷ আজিকালি ব্যৱসায় বঢ়াইছে৷ চৰকাৰী কাম লয়৷

ষ্টেশ্যন চাৰিআলিৰ বজাৰত আলিক আজি দুমাহমানৰ আগতে লগ পালোঁ৷

সুধিলোঁ- “আলি, কি খবৰ?”

আলি – “খবৰ ভালেই কেকা৷” (বয়সত মোতকৈ ডাঙৰ যদিও সি মোক আগৰেপৰা কেকা বুলিয়েই মাতে)

মই – “দেখা নাই বহুদিন৷”

আলি – “আছোঁ৷ এইকেইদিন পি.ডব্লিউ.ডি.ৰ কাম এটা কৰি আছোঁ৷”

মই – “বঢ়িয়া৷ আমাৰ অফিচৰ ফালে দেখা নাই তোমাক৷”

আলি – “নাই যোৱা কেকা৷ যাবলৈকে বেয়া লাগে৷ আমাৰ X ছাৰ কেতিয়া ট্ৰান্সফাৰ হ’ব৷”

মই- “এবছৰমান আছে৷ পিছে বেয়া লাগে বুলি ক’লা যে!”

আলি- “কি ক’বা কেকা! সেই যে ঘোচ নোলোৱা প্লেটসোপা বনাইছিলোঁ৷ চৈধ্যহাজাৰ বিল হৈছিল৷ ছাৰে তাতো ২০% লৈহে চেকখন দিলে৷”

উপসংহাৰ:- উপায়ুক্তই কথাবোৰ অলপ-অচৰপ গম পালে৷ আজিকালি পেমেন্টবোৰ through NEFT/RTGS হয়৷ পাৰ্টী আহিব নেলাগে৷

#স্বচ্ছ_অফি
———–

দৃশ্য-২

ভিক্ষাণ দেহি..

এইজনা আগত ইয়াতে নিৰ্বাচনী বিষয়া আছিল৷ তেতিয়া আমি পোৱা নাই৷ পাছত এ.ডি.চি. হৈ অহোঁতে তিনিবছৰমান লগ পালোঁ৷ তাৰ পাছতে বেলেগলৈ গ’ল৷ নব্বৈৰ দশকৰ প্ৰথমভাগৰ এ.চি.এচ.৷ কাম জানে৷ শ্ৰীমতীও প্ৰফেছাৰ৷ ল’ৰা-ছোৱালী নাই৷ তথাপিও চলিবলৈ টান৷ তেওঁৰ নামটো “Y ছাৰ” বুলি ধৰি লৈছোঁ৷

মহন্ত দা অৰুণোদয় প্ৰিন্টাৰ্চৰ মালিক৷ পুৰণা মানুহ৷ মোৰ দেউতাৰ লগতো ভাল আছিল৷ তেওঁ Y ছাৰ নিৰ্বাচনী বিষয়া হৈ থকাৰ আগৰেপৰাই নিৰ্বাচনত প্ৰয়োজন হোৱা বিভিন্ন ফৰ্ম, এনভেলপ প্ৰিন্ট কৰি যোগান ধৰে৷ Y ছাৰ দ্বিতীয়বাৰ ADC হৈ অহাৰ সময়ৰে কথা৷ মহন্ত দাৰ মুখেৰে শুনা কথাখিনিকে লিখিছোঁ কথোপকথন আকাৰত৷

Y ছাৰ :- “অ.. মহন্ত দেখোন৷ কি খবৰ?”

মহন্ত দা :- “চলি আছোঁ আৰু কোনোৰকম৷ আপোনাৰ ভালনে?”

Y ছাৰ :- “আছোঁ আৰু৷ বাকী ব্যৱসায়?”

মহন্ত দা :- “ছাৰ আগৰ দিন নাই নহয়৷ প্ৰেছ বহুত বাঢ়িল”

Y ছাৰ :- “সেইটো হ’বই আৰু৷ কম্পিটিছনৰ যুগ”

মহন্ত দা :- “হয় ছাৰ৷ আজিকালি ৰেটবোৰো বেয়া হ’ল৷ কোনোৰকম চলাই আছোঁ আৰু”

Y ছাৰ :- “আচ্ছা ঠিকেই আছে দিয়া৷ বাকী তোমাক লগ পাই ভালেই হ’ল৷ কথা এটা হ’ল মানে আজি মই পাৰ্চটো আনিবলৈ থাকি গ’ল৷ ৫০০ টকা এটা ওলাব নেকি তোমাৰ ওচৰত?”

মহন্ত দা :- “নাই ছাৰ৷ তিনিশ টকা আছে৷”

Y ছাৰ :- “দিয়া দিয়া৷ তাকে দিয়াছোন”

মহন্ত দা :- “নহয় মানে ছাৰ৷ শ্ৰীমতীৰ চুগাৰৰ দৰৱতে ২৭০ টকা যাব৷ ৩০ টকাৰ বিস্কুট লৈ যাম বুলিহে ওলাই আহিলোঁ৷ নজৰৎ শাখাত বিল এখন দিছিলোঁ৷ কিবা হৈছে নেকি বুলিহে খবৰ কৰিবলৈ অফিচলৈ আহিলোঁ৷ টকা-পইচা সেয়ে অনা নহ’ল৷”

Y ছাৰ :- “চেহ্ , বৰ সমস্যা হ’ল৷ বাৰু সেই ৩০০ টকাৰ বাহিৰে কি আছে?”

মহন্ত দা (পকেটটো চাই):- “২০ টকা এটাহে আছে ছাৰ”

Y ছাৰ :- “হ’ব হ’ব৷ তাকে দিয়া৷ শাক পাচলি যি পাও লৈ যাম আৰু”

Y ছাৰ আমাৰ মধুদাৰ বেকাৰীত ডেইলী সোমাইছিল৷ মধুদাই কোৱামতে তেৰাই সদাই পাৰ্চটো পাহৰি আহে৷
———————

দৃশ্য-৩

হাজিৰা

জীৱ কিছুমান থাকে৷ এইটিও তেনেকুৱা এটি জীৱ বুলিলে ভুল নহ’ব৷

নিৰ্মল চুতীয়া আগতে হেডকোৱাৰ্টাৰ চাৰ্কুলৰ সৰু কেৰাণী আছিল৷ আগতে ইনকম চাৰ্টিফিকেট এখন লিখি পাৰ্টীৰ পৰা ১০ টকা নোপোৱালৈকে চাৰ্কুল অফিচাৰক চহী কৰিবলৈ দিয়া নাছিল৷ কোনোবা পুৰণা উকিলে ‘কাইলৈ দিম, আজি খুচুৰা নাই’ বুলি ক’লে দেৰিকৈ হ’লেও বিভিন্ন শ্বেপত থকা ১০ টকীয়া ৯ টা তেওঁক লগ কৰি দি এশটকীয়া এখন লৈ আহিছিল৷ ধৰ্মত চলা মানুহ৷ “আজ নগদ, কাল উধাৰ” মানি চলে৷

ৰিটায়াৰ হ’বলৈ ১০ বছৰমান থাকোঁতেই চুতীয়াৰ প্ৰমোচন হ’ল৷ চুতীয়া সৰু কেৰাণীৰ পৰা বৰকেৰাণী হ’ল৷ পিছে জীৱৰ টপ চেম্বাৰে হেডকুৱাৰ্টাৰ চাৰ্কুলৰ বোজা ল’ব নোৱাৰিব বুলিয়েই ভাবি তেওঁক দূৰৰ এটা বিশেষ কাম নথকা চাৰ্কুললৈ ট্ৰান্সফাৰ দিয়া হ’ল৷ তাত আগতে অণ্ডিৰাম পাংগিং নামৰ এজন নতুন সৰুকেৰাণীহে আছিল৷

তাৰ পাছত প্ৰায় ৫ বছৰমানেই পাৰ হ’ল৷ জীৱটি নেদেখা হ’লোঁ৷

আজি এমাহমানৰ আগতে ঘৰত কিবা কাম থকাত এবেলা ছুটী ল’লোঁ৷ চেন্ট্ৰেল মাৰ্কেটত গাড়ীখন ৰাখি নামিবলৈ লওতেই দেখিলো বিপৰীত দিশত সেয়া চুতীয়া৷

মই- অঁ, চুতীয়া দেখুন৷ খবৰ কেনেকুৱা৷ বহুদিন দেখা নাই৷

চুতীয়া- আছোঁ৷ অফিচৰ পৰাই আহি আছোঁ৷

মই- আপুনিও আজি হাফ ডে’ লিভ ল’লে নেকি?

চুতীয়া- নহয়৷ মই এই সময়ত পাই যাওঁহি৷

মই- আমাৰ ইয়াত দেখোন ৰাতি এপৰলৈকে কাম হয়!

চুতীয়া- আমাৰ তাতো কাম হয়৷ পিছে আগৰ দৰে মোৰ “কাম” কৰাৰ বয়স নাইতো৷

মই- তেন্তে৷

চুতীয়া- মই এঘাৰটা মানত বাছত বহোঁ৷ বাৰটাত পাওঁগৈ৷ তাত অণ্ডিৰামে চাহ একাপ খুৱাই৷ কথা দুই-চাৰিটা পাতোঁ৷ তাৰ পাছতে অণ্ডিৰামে হাজিৰাটো দিয়ে আৰু মই গুছি আহোঁ৷

মই- “হাজিৰা”! মানে কি দিয়ে?

চুতীয়া- আগতে পাঁচশ দিছিল৷ এতিয়া চাৰিশ-তিনিশহে দিয়ে৷ আজিকালি বেয়া হৈছে ল’ৰাটো৷
(কথাষাৰ কওঁতে চুতীয়াৰ মুখেৰে দুখৰ বতাহ অলপ উৰি যোৱাৰ দৰে লাগিল)
————————

দৃশ্য-৪

ইটা

(অফিচৰ কথা বহুত লিখিলোঁ৷ এতিয়া ঘৰলৈ আহোঁ)

দাস চৰকাৰী চাকৰিয়াল৷ মানুহজনীও উচ্চশিক্ষিতা৷ মানে এম.বি.এ.৷ পুৰ্বে টাটা ম’টৰ্চত চাকৰি কৰিছিল যদিও বিয়া হোৱাৰে পৰা সেইটো এৰি গৃহস্থালীৰ চাকৰিটো ভালদৰেই কৰি আছে৷ দুবছৰমানৰ আগতে ছোৱালী এজনী জন্ম হ’ল৷ ছোৱালীৰ আইতাক আৰু পেহীয়েকৰ লগত দাস দম্পত্তি অতিকৈ সুখী৷

কিছুদিনমান আগৰেপৰা দাসৰ দুৰসম্বন্ধীয় মোমায়েক এজন আহি দাসহঁতৰ ঘৰত আছেহি৷ আঢ়ৈকুৰিমান বয়সৰ মোমায়েকজনে বৰ জোখ-মাখ কৰিহে কথা কয়৷ তাকো প্ৰয়োজনবোধ হ’লেহে৷ অন্যথাই মুৰটো জোকাৰে৷ সৰহভাগ সময় কিতাপ-পত্ৰৰ মাজতে ব্যস্ত৷

ছোৱালী জন্ম হোৱাৰ খবৰ এটা কৰোঁ বুলি পুৱাভাগতেই ড০ বৰকটকীয়ে দাসলৈ ফোনটো পকালে৷ বৰকটকী এজন কৃষিবিজ্ঞানী আৰু দাসৰ স্কুলীয়া দিনৰ বন্ধু৷ ১১ বজাত অহাৰ কথা জনালে৷

নিৰ্দিষ্ট সময়ত বৰকটকী সপত্নীক উপস্থিত হ’লহি৷ লগত চাৰিবছৰীয়া এটা দুফুটীয়া৷ বেচ মৰমলগা৷ কথোপকথন আৰম্ভ হ’ল৷ চাকৰি, ৰাজনীতি, বিহুৰ পৰা আৰম্ভ কৰি ক’লেজ, গজললৈকে বিভিন্ন বিষয়৷ মিছেছ দাস আহি পলমকৈ যোগ দিলেহি৷ ড্ৰ’ইং ৰূমটোৰ এটা কোণত এখন টেবুলৰ ওপৰত কিবা এখন কিতাপ লৈ চকী এখনত বহি দাসৰ মোমায়েকজন আপোন বিভোৰ হৈ আছে৷

ইতিমধ্যে কথা-বতৰাবোৰৰ আধামান পাৰ হ’ল৷ কেঁচুৱাৰ আমনিৰ কথাবোৰ মিচেচ দাসে আৰম্ভ কৰিলে৷

– “আমাৰ এই দিনৰভাগত ঠিকেই থাকে৷ পিচনিশা সাৰ পাই উঠি অলপ আমনি কৰে”

– “আমাৰ ইও ভাল আমনি দিছিল৷ ৰাতি হ’ল কি নহ’ল আমনি আৰম্ভ”- সেয়া মিছেছ বৰকটকী৷

এইবাৰ দাসেও যোগ দিলে- “মই ৰাতি একমান বজাতে উঠিব লাগে৷ তাৰ পাচত আধাঘন্টামান কেচুৱাৰ লগত আৰু অলপ সময় ফেচবুকত৷ এইদৰে এটা চাইমাল্টেনিয়াচ প্ৰছেচত পিছনিশাটো পাৰ হয়৷

– “এইবোৰ থাকিবই এতিয়া৷ লাহে-লাহে কমিব৷” – এক প্ৰকাৰৰ ৰুলিঙেই দি দিলে বৰকটকীয়ে৷

– এইবাৰ মিছেছ দাস –“কথাটো হয়৷ মোৰ ফাৰ্ষ্ট কাজিনে কৈছে যে এবছৰমানৰ পাছত ইহঁতৰ আমনিবোৰ কমে৷”

– “সেইবোৰ চিন্তা কৰিয়েই ভাবিছোঁ; সোনকালে ডাঙৰ হওক আৰু৷” – পালমৰা মন্তব্য দাসৰ৷

কথা-বতৰাবোৰৰ আঁতৰত ইটা এচটাৰ দৰে পৰি থকা মোমায়ে শুনি এইবাৰ মুখনিটো মাৰিলে

–“হৌৰা৷ জন্মৰে পৰা লাগিল যি লাগিল৷ লাহে লাহে কমিব বুলি আমাকো বুঢ়া-বুঢ়ীয়ে কৈছিল৷ এতিয়া ১৭ বছৰীয়া হ’ল৷ আমনিবোৰ কিন্তু বাঢ়িছেহে৷ এইবোৰ লাহে লাহে বাঢ়ে৷ নকমে৷ বুজিছা৷

কিছুপৰ মানুহবোৰ ইটা কেইচপৰামান পৰাৰ দৰেই পৰি থাকিল৷ লগতে মোমাইও৷

দাসৰ ভনীয়েক মধুস্মিতাই আহি –“চাহ খাওকহি” বুলি কোৱাৰ পাচতহে বৰকটকীৰ মুখত বাক্য এটা শুনা গ’ল৷

-“ব’লা৷ জলদি চাহকাপ খাই ঘৰলৈ যাওঁ৷ পেকিং কৰিবলগীয়াও আছে নহয়৷”

☆★☆★☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *