চকুলো – মণিষা কাকতি
ৰাতি ৭.৪৮ বাজিছে৷ দুজনীয়া সংসাৰ৷ পত্নী পাকঘৰত ব্যস্ত৷ পতি কাষৰ ৰুমত টিভি চোৱাত ব্যস্ত৷
পত্নীঃ (পতিদেৱক উদ্দেশ্যি অলপ উষ্মাৰে) তুমি কিন্তু তোমাৰ প্ৰমিজ ৰাখিব পৰা নাই৷
পতিঃ হা.. কিবা কৈছা?
পত্নীঃ ………..প্ৰমিজ ………………নাই৷
(অকল সেই দুটাহে শব্দ শুনি কিবা জগৰ লগালো বুলি ভাবি পতি হাতত ৰিম’ট লৈ টিভিৰ কাষৰপৰা উঠি আহিবলৈ বাধ্য হ’ল)
পতিঃ কিবা কৈছিলা জানু?
পত্নীঃ (মুখখন অলপ ফুলাই) তুমি মোৰ মা-দেউতাৰ আগত প্ৰমিজ কৰিছিলা যে মোৰ চকুৰপৰা কেতিয়াও ’চকুলো’ ওলাব নিদিয়া৷ কিন্তু বিয়াৰ পাছতে তুমি সকলো পাহৰি গ’লা৷ মই… মই সদায় কান্দিব লগা হয়, কালিটো বহুত কান্দিলো, আৰু…. আৰু যোৱা ২২, নহয় ২৪ তাৰিখেটো বহুত বহুত কান্দিলো৷
(পতিদেৱে ভাবি তত পোৱা নাই, পত্নীয়ে কিয় সদায় কান্দিব লগা হৈছে, কালি আৰু ২২, অ’ নহয়.. ২৪ তাৰিখে এনে কি অঘটন হৈছিল? মনত পেলাবলৈ চেষ্টা কৰি দেখিলে কালি দেখোন একো হোৱা নাছিল, বৰং তেওঁ সৰু লোকেল মুৰ্গী এটা লৈ সোনকালে ঘৰ সোমাইছিল আৰু পত্নীৰ লগতে একেলগে আনন্দমনে ৰাতিৰ সাজ খাই শুই পৰিছিল৷ আৰু অলপ জোৰ দি দেখিলে যোৱা ২২, অহ্ নহয়.. ২৪ তাৰিখেও দেখোন একো অঘটন ঘটা নাছিল, বৰং সেইদিনাও তেওঁ উভটোতে মাংস কিনি লৈ আহিছিল৷ ক’তা অস্বাভাৱিক একোতো ঘটা নাছিল৷ )
পতিঃ জানু! মই… মই যে একো বুজা নাই৷ তুমি কিয় কান্দিব লগা হৈছে? মইতো একো কৰা নাই…. (অলপ থেৰোগেৰোঁকৈ)
পত্নীঃ (গহীনকৈ) যদি প্ৰমিজ ৰাখিব খুজিছা সোনকালে এই পিয়াজখিনি কাটি দিয়া৷ (কৈয়েই পতিৰ হাতৰ পৰা ৰিম’টটো লৈ আনটো ৰুমত টিভি দখল কৰি বহি ল’লে) পাৰিলে ভাজিখনো বনোৱা (হাঁহিটো লুকুৱাই পতিদেৱক চিঞৰিলে৷)
***
1:03 am
আয়ৈ দেহী
4:29 pm
হা হা—- বেচেৰা পতিদেৱ