ফটাঢোল

প্ৰতিবেশী – গীতাশ্ৰী কলিতা

বৰুৱাৰ ঘৰৰ কাষৰ বহুত দিনৰ পৰা খালী থকা ঘৰটোলৈ আজি নতুন ভাৰতীয়া আহিছে৷ নতুনকৈ বিয়া হোৱা কিজানি৷ অকল গিৰিয়েক-ঘৈণীয়েক৷ বৰুৱাইও ভাল পালে৷ ঘৰত দিনটো অকলে থকা বৰুৱানীৰ লগ এটাকে হ’ব মাতলে বোললে৷ বৰুৱাৰ পৰিয়ালত বৰুৱা বৰুৱানী আৰু ছবছৰীয়া বাবলি৷ বৰ মৰম লগা, অলপ কথকীও৷

লাহে লাহে দুই পৰিয়ালৰ চা-চিনাকি হল, আহ-যাহ হ’ল৷ অহা যোৱা ক্ৰমান্নয়ে বাঢ়ি চাহ চেনি আদান প্ৰদান পৰ্য্যায় পালেগৈ৷ কিন্তু শৰ্মা পৰিবাৰৰ ধৰণ কৰণে বৰুৱানীক অমুৱাবলৈ বেছি দিন নালাগিল৷ শৰ্মানীয়ে যদি আগদিনাৰ চেনি দিয়া বাতিটো ঘুৰাবলৈ আহে যাওঁতে আকৌ ডাইল এবাটি লৈ যায়৷ সময় অসময় নাই শৰ্মানীয়ে কথাৰ বকলা মেলিবলৈ আহি যায়৷ শৰ্মা অফিচ যোৱাৰ পাছত তেওঁ খোৱা লোৱা কৰি জিৰাই সতাই পাই যাবহি বৰুৱানীৰ ওচৰ৷

সেইটো বাবলী স্কুলৰ পৰা অহাৰ সময়, বৰুৱাৰ ঘৰৰ দুপৰিয়া ভাত খোৱাৰ সময়৷ বৰুৱানীয়ে অনিচ্ছা সত্ত্বেও শৰ্মানীৰ শেষ নোহোৱা লেক্সাৰ আধা শুনাকৈ সলাগি থয়৷ তাৰ মাজত আগদিনাৰ একতা কাপুৰৰ চিৰিয়েলৰ হিৰোইনৰ ডেলিভাৰীৰ পৰা হৰেন মাষ্টৰৰ পুতেকৰ প্ৰেমলৈকে চব খবৰ থাকে৷ শৰ্মানীয়ে বৰ পাত্তা নোপোৱা যেন দেখিলে “ যাও দিয়ক কাম আছে“ বুলি যায়গৈ৷ অৱশ্যে প্ৰায়ে যাবৰ সময়ত “ নালাগে দিয়ক “ বুলি কিবা এভাগি লৈহে ৰাওনা হয়৷

এদিনৰ কথা৷ দুপৰীয়া বৰুৱাৰ ঘৰত খোৱা বোৱাৰ যা যোগাৰ চলিছে৷ খোৱা মেজত চব বহিছেগৈ৷ ভাতৰ প্ৰথম গৰাহ মুখলৈ নিওতেই বাজিল নহয় কলিং বেলটো৷ বাবলি দৌৰি গৈ দুৱাৰ খুলিলে৷

দুৱাৰ মুখত শৰ্মানীক দেখি বাবলিয়ে কৈ উঠিল “অ’ তুমি৷ এইমাত্ৰ তোমাৰ কথা আমাৰ ঘৰত ওলাইছিল জানা৷ “

শৰ্মানীয়ে খোৱা মেজত বস্তুবোৰ দেখি পেটে পেটে ভাবিলে, বৰুৱানীয়ে চাগে আজি ঢেৰ কিবা কিবি বনাইছে আৰু খাবলৈ লৈ মোলে পঠোৱাৰ কথা ভাবিছিলে দেই৷ তথাপি সুধিলে “ অ’ হয়নি? কিনো ওলাইছিল মোৰ কথা? “

“নহয় মানে, মায়ে কৈছিল মৰতীজনী এতিয়া নোলালেহিয়ে হল৷ “■■

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *