আধুনিক কবিতা, কবি সন্মিলন, কবিতা পাঠ ইত্যাদি – আকাশ দীপ্ত ঠাকুৰ
(১)১৯৯৬-৯৭ চনৰ ঘটনা। আমি তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৮নং ছাত্ৰাবাসৰ আৱাসী আছিলো। এদিন ভৰ দুপৰীয়া মই মোৰ বন্ধু মানৱৰ কোঠালিত একেখন বিছনাতে এনেয়ে পৰি আছিলো। চৰকাৰী বন্ধৰ দিন। বাহিৰত চৌফলীয়া ৰ’দ। ভিতৰতো অসহ্য গৰম। কোনো নিৰ্দিষ্ট বিষয় নোহোৱাকৈ এনেয়ে কথা পাতি থাকোঁতেই নেকি লাহে লাহে আমাৰ চিলমিলীয়া টোপনিও আহিছিল হ’ব পায়; ঠিক তেনেকুৱা সময়তে দুৱাৰত কেইটামান মিহি টোকৰ পৰিল। টোপনি ভাঙি যোৱাৰ বিৰক্তিৰে মানৱে ‘কোন’ বুলি এটা চিঞৰ মাৰিলে। দুৱাৰখন লাহেকৈ ঠেলি আমাৰ হোষ্টেলৰে আবাসী আমাৰ লগৰে এজনে কেৱল মূৰটো ভিতৰলৈ সুমুৱাই, নাৰীসুলভ মিহি মাতেৰে মানৱক সুধিলে– ‘কবিতাৰ অন্তৰংগ অনুষ্ঠানলৈ যাবা নেকি?’
এক মুহূৰ্ত জলকা লাগি থকাৰ পাছত মানৱে ওপৰত ঘূৰি থকা চিলিংফেনখনলৈ দেখুৱাই পুনৰ তেওঁকেই ওলোটাই সুধিলে– ‘সৌ ফেনখন দেখিছা?’
দুৱাৰৰ ফাঁকেদি মূৰটো সুমুৱাই ৰখাৰ ভংগীৰেই তেওঁ ওপৰলৈ এবাৰ চাই পুনৰ মানৱৰ চকুলৈ চালে। মানৱে ক’লে–‘মই তাতে ওলমি দিম।’ দুৱাৰখন পুনৰ সন্তৰ্পনে জপাই থৈ তেওঁ গ’লগৈ।
(২)এবাৰ এখন আগশাৰীৰ দৈনিক কাকতৰ প্ৰথম পৃষ্ঠাতে এটা কাৰ্টুন ওলাইছিল। ছবিখনত দেখা পাইছিলোঁ, ঠিক পাকঘৰসদৃশ কোঠা এটাত পতি-পত্নী সমুখা-সমুখিকৈ থিয় হৈ আছে। চুৰিয়া-পাঞ্জাৱী পৰিহিত পতিৰ হাতত এখন কাগজ, এছোৱা ওলমি আছে আৰু পত্নীয়ে হতভম্ব হৈ তেওঁৰ মুখলৈ চাই আছে; কাৰণ পতিয়ে তেওঁক কৈ আছে– ‘কবি-সন্মিলনত ভুলতে তোমাৰ বজাৰৰ লিষ্টখনকে পাঠ কৰি দিলোঁ। সকলোৱে সুন্দৰ ঘৰুৱা কবিতা বুলি উচ্চ প্ৰশংসা কৰিলে।’
(৩)বহু বছৰৰ পাছত মই নিজেও কবিতা-চৰ্চা কিছু কৰিছিলো; কৰিছিলো মানে প্ৰিয় কবিসকলৰ কিছুমান কবিতা সময়-সুবিধা বুজি পঢ়িছিলো, কাৰোবাৰ সৈতে আলোচনা কৰিছিলো। আৰু অপ্ৰত্যাশিতভাৱে এদিন নিজেও এটা কবিতা লিখি পেলাইছিলো। সেইটো কবিতা হ’লনে নহ’ল ভালকৈ বুজা নাছিলোঁ যদিও নিজৰ কিন্তু ভালেই লাগিছিল। এদিন সেই কবিতা প্ৰকাশ হ’ল। তাৰ পাছত আৰু এটা, আৰু এটা…। সেইদৰে কবিতা প্ৰকাশ পাই থকাৰ পৰিপ্ৰেক্ষিততে পাছলৈ দুই-এখন কবি সন্মিলনলৈও আমন্ত্ৰিত হ’লো। সেই সন্মিলনসমূহৰ অৱস্থা দেখি কিন্তু মোৰ সঁচাকৈ হতবাক হোৱাৰ পাল। এজন সঞ্চালক থাকে। তেখেতৰ হাতত এখন তালিকা আয়োজকসকলে দিয়ে। সেই তালিকাখনৰ নামসমূহ সময়ে সময়ে সেই আয়োজকসকলেই অগা-পিছা কৰি থাকে। একোগৰাকী কবিৰ ঘৰুৱা লেঠা অনেক, গতিকে সোনকালে তেওঁৰ কবিতাটো পাঠ কৰি যাবলৈ লাগে। মাইকৰ সন্মুখত এজনে কবিতা পাঠ কৰে, কোনেও সেই কবিতা শুনিবলৈ অথবা বুজিবলৈ অকণমানো চেষ্টা নকৰে। নিজৰ কবিতাটো পাঠ কৰাৰ দুই-তিনি মিনিট পাছতে কবিসকলৰ অধিকাংশই সভাকক্ষ ত্যাগ কৰি গৈ থাকে। একোগৰাকী মহিলা কবিয়ে আকৌ হাতত এখিলা কাগজ লৈ খুব ব্যস্ত হৈ কাৰোবাক এটা কলম বিচাৰে। তাৰ পাছত তেখেত এটা চুকত বহি লৈ অলপ সময় কিবা এটা লিখাৰ দৰে ব্যস্ত হৈ পৰে। তাৰো অলপ পাছত আয়োজকসকলৰ কাৰোবাৰ হতুৱাই তেখেতৰ নামটো তালিকাত অন্তৰ্ভুক্ত কৰোৱায়। পাঠ কৰাৰ সময়ত তেখেতে ক’বলৈ নাপাহৰে–‘…এই অকণমান সময়ৰ আগতে এটা কবিতা লিখিলো, তাকে পাঠ কৰিবলৈ আগবাঢ়িছো…’
(৪)আন এখন কবি সন্মিলনৰ এটা কাহিনী। সঞ্চালনা কৰিছিল এজন বিশিষ্ট ব্যক্তিয়ে আৰু সমালোচক হিচাপে আছিল অসমৰ এগৰাকী বৰ্ষীয়ান নমস্য কবি। উপস্থিত কবিসকলে পাঠ কৰাৰ আগে আগে সেই বৰ্ষীয়ান কবি-সমালোচকজনে সকলোকে উদ্দেশ্য কৰি কৈছিল যে প্ৰত্যেকেই যাতে একোটাকৈ কবিতা পাঠ কৰে আৰু কবিতাসমূহ যিমানদূৰ সম্ভৱ চুটি হ’লে ভাল। অন্যথাই কি পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে তাকে বৰ্ণনা কৰিবলৈ গৈ উদাহৰণস্বৰূপে তেখেতে এটা কাহিনী কৈছিল।
কাহিনীটো আছিল এনে ধৰণৰ–‘এখন দেশৰ ৰাজসভাত এজন কবি আছিল। সেই কবিজনে যেতিয়াই-তেতিয়াই কবিতা পাঠ কৰি ৰজাক বৰ বিৰক্ত কৰিছিল। বিৰক্তিৰ সীমা পাৰ হৈ গৈ এদিন ৰজাই হুকুম জাৰি কৰিলে যে কবিজনক ফাঁচিকাঠত ওলমাব লাগে। ৰজাৰ আদেশ শিৰোধাৰ্য কৰি কটোৱালে কবিজনক ফাঁচি দিবলৈ লৈ গ’ল। মৃত্যুৰ আগতে তেওঁৰ শেষ ইচ্ছা কি কটোৱালে জানিব বিচাৰিলে। কবিয়ে ক’লে যে তেওঁৰ কেৱল কবিতা এটা পাঠ কৰিবলৈহে বৰ ইচ্ছা হৈছে। এটাহে কবিতা যিহেতু পাঠ কৰিব, গতিকে তেওঁক কবিতাটো পাঠ কৰিবলৈ অনুমতি দিয়া হ’ল। বহুত সময়ৰ পাছত সেই কবিজনে কবিতা পাঠ কৰি কৰিয়ে ৰাজসভালৈ সোমাই আহিল। ৰজা আচৰিত হৈ পৰিল–‘এওঁকতো ফাঁচি দিবলৈ নিৰ্দেশ দিয়া আছিল!’ কটোৱালজন কেনি গ’ল ৰজাই বিচাৰ ল’লে। বিচাৰৰ অন্তত গম পোৱা গ’ল যে কবিজনৰ কবিতা ইমানেই দীঘল আছিল যে শুনি শুনি অৱশেষত কটোৱালজনে নিজেই ফাঁচিকাঠত ওলমি দিলে।
উল্লেখিত বিষয়সমূহক প্ৰকৃততে একো একোটা ‘স্নেপশ্বট’ৰ নিচিনাকৈ প্ৰসংগক্ৰমেই আলোচনাৰ মজিয়ালৈ অনা হৈছে। দৰাচলতে নব্বৈৰ দশকমানৰ পৰাই বোধহয় আধুনিক কবিতাৰ প্ৰতি একাংশ পাঠকৰ মনত এটা অৰুচিবোধ, ঠিক যেন অনীহাৰ ভাবে গঢ় লৈ উঠিছিল। এটা সময়ত যিসকল পাঠকে গণেশ গগৈ, যতীন্দ্ৰনাথ দুৱৰা, নলিনীবালা দেৱী…এইসকল বৰেণ্য কবিৰ কবিতা ভাল পাইছিল, সেইসকল পাঠকেই কিন্তু পাছলৈ আধুনিক কবিতাৰ নামেই শুনিব নোখোজা এটা অৱস্থালৈ পৰ্যবসিত হোৱাও স্পষ্টভাৱে পৰিলক্ষিত হৈছিল। এনে বহুত পাঠক লগ পোৱা যায়, যি নিয়মিতভাৱে লৈ থকা কোনো এখন আগশাৰীৰ আলোচনীৰ বিষয়ে মন্তব্য দিয়ে–‘আলোচনীখনৰ কবিতা থকা পৃষ্ঠাকেইটাৰ বাহিৰে প্ৰায় সকলো বিষয়েই মই পঢ়োঁ। দৰাচলতে সেই পৃষ্ঠাকেইটা মই আলোচনীখনত নাই বুলিয়ে ভাবি লওঁ।’
কথা হ’ল যে যিকোনো এবিধ সাহিত্যৰ সৃষ্টিৰ অন্তৰালত লেখকৰ কি উদ্দেশ্য থাকে, থাকিব পাৰে অথবা থকাটো উচিত বাৰু? বিষয়টো প্ৰকৃততে অতি স্পৰ্শকাতৰ আৰু প্ৰতিজন লেখকৰ এই ক্ষেত্ৰত সম্পূৰ্ণ ভিন্ন অভিমত থাকিব পাৰে; তত্ৰাচ সেইসকলোবোৰৰ উৰ্ধত, প্ৰতিজন লেখকেই কিন্তু তেখেতৰ সাহিত্য সৃষ্টিৰ সুদীৰ্ঘ সময়ছোৱাত কাহানিও ‘এক বৃহৎ সংখ্যক পাঠকৰ পচন্দ-অপচন্দ’ৰ বিষয়টো উলাই কৰি চলিব নোৱাৰে। অন্যহাতে কবিতাৰ ক্ষেত্ৰততো বিষয়টো আৰু অধিক সংবেদনশীল। যিসকল সাধাৰণ পাঠকে এসময়ৰ বৰেণ্য কবিসকলৰ সৃষ্টিৰাজিক সন্মান কৰিছিল, সেইসকল পাঠকৰে আধুনিক কবিতাৰ প্ৰতি অনীহাৰ ভাব দেখা দিয়াৰ অন্তৰ্নিহিত তাৎপৰ্য প্ৰকৃততে কি হ’ব পাৰে? এই কবিতাসমূহ তেওঁলোকৰ বাবে ‘দুৰ্বোধ্য’ হৈ পৰাটোৱে প্ৰধান বিষয় নহয়নে? সহজ-সৰল-সাৱলীল ৰূপত গঢ়ি-পিতি নিটোল কৰি তুলিব পৰা কবিতা একোটাক অকাৰণতে দুৰ্বোধ্য কৰি তুলিব পৰাৰ প্ৰৱণতা এটা আমাৰ কবিসকলৰ মাজত নিজৰ অজানিতেই গঢ় লৈ উঠে নেকি বাৰু?
হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতা কাহানিও দুৰ্বোধ্য নাছিল, নীলমণি ফুকনদেৱৰ কবিতাও দুৰ্বোধ্য নহয়। আচলতে হদয়-তন্ত্ৰীত ঝংকাৰ তুলিব পৰা শব্দচয়ন এটা সুকীয়া বিষয় আৰু বুজিবলৈ আপ্ৰাণ চেষ্টা কৰি মূৰৰ চুলি আঁজুৰিব লগীয়া হোৱাটোও এটা সুকীয়া বিষয়। ‘দুৰ্বোধ্য’ক যদি প্ৰকৃততে কোনোবাই মানদণ্ডৰ মাপকাঠী বুলি ধাৰণা কৰি লৈছে, আপাত দৃষ্টিৰে সেয়া নিশ্চয়কৈ অনুচিত নহয়নে?
মাজতে ‘কবিতা-অকবিতা’শীৰ্ষক এটা বিষয় লৈও সংবাদ-মাধ্যমকে ধৰি আন যিকোনো মাধ্যমত তুমুল বিতৰ্কৰ সূচনা হোৱা পৰিলক্ষিত হৈছিল। সেই বিষয়ত মতামত দিবলৈ নোযোৱাকৈয়ে অৰ্থাৎ কবিতা-অকবিতাৰ বিচাৰ কৰিবলৈ নগৈ, সেই সময়ত শুনিবলৈ পোৱা অন্য এটা বিষয়ৰ কথাহে উল্লেখ কৰিব বিচৰা হ’ল যিটো বিষয়ে মোক সঁচাকৈয়ে হতবাক কৰি তুলিছিল–এজন লব্ধপ্ৰতিষ্ঠ কবিয়ে আন কাৰোবাক কবিতা লিখিবলৈ বাৰণ কৰা বিষয়টো। কথা হ’ল যে যিকোনো এজন ব্যক্তিক কিবা এটা নিলিখিব বুলি ক’ব পৰাৰ অধিকাৰ কাৰোবাৰ আছে জানো? যেয়ে যি মন যায় লিখিব পাৰে, সমস্যা হ’ব পাৰে তেতিয়াহে যদি সেই লেখাসমূহ ক’ৰবাত প্ৰকাশ হয়। কাৰোবাৰ দৃষ্টিত যদি কোনোবা এটা কবিতা ‘অকবিতা’ হৈছে, তেন্তে নিশ্চয়কৈ সেই অকবিতাটো ক’ৰবাত প্ৰকাশিতও হৈছে আৰু সেইবাবেহে তাক মূল্যায়নৰ মজিয়ালৈ অনা হৈছে। অকবিতাবোৰ যদি প্ৰকাশ হৈ আছে, তেন্তে সেয়া লেখকৰ দোষ কেনেকৈ হ’ব• প্ৰতিখন আলোচনী, বাতৰি-কাকতৰ এজন সম্পাদক থাকে, এটা সম্পাদনাগোষ্ঠী থাকে। অকবিতা বুলি অভিহিত কৰিব বিচৰাবোৰ প্ৰকাশ হৈ থকাৰ ক্ষেত্ৰত নিশ্চিতভাৱে সম্পাদনাগোষ্ঠীটোহে দায়ী হ’ব। মই ভবাত বাৰণ কৰিব বিচৰা ধাৰণাটো বোধহয় এনেকুৱা হ’ব লাগিছিল নেকি–‘যেয়ে যি মন যায় লিখি যাওক, কেৱল সম্পাদনাগোষ্ঠীসমূহ অধিক সতৰ্ক হোৱাটো উচিত যাতে অকবিতাজাতীয় লেখা প্ৰকাশ পাব নোৱাৰে।’
এইযে সামাজিক ৱেবছাইটসমূহ, ফেচবুক,ৱাটছএপ…আদি–এইবোৰৰ জৰিয়তেও ভালেসংখ্যক লোকে কবিতা লিখি আছে। কোনো সম্পাদনাৰ প্ৰশ্ন নাই, গতিকে যিয়ে যি মন যায় তাকেই লিখি আনকো পঢ়িব পৰাৰ সুবিধা কৰি দি আছে। কোনোবা কেতিয়াবা বিৰক্ত হৈছে, কোনোবাই হয়তো প্ৰশংসা কৰিছে…মুঠতে চলি গৈছে। তেনে এটা মাধ্যমতে এবাৰ এটা, বোধহয় কবিতাই হ’ব, পঢ়া মনত আছে–‘বৰ্ষামুখৰ সন্ধিয়াটোত যেনি-তেনি জোনাকৰ জিলমিল।’ কথা হ’ল বৰষুণৰ মাজত জোনাকে কেনেকৈ জিলমিল কৰিব পাৰে সেয়া মোৰ মগজুৱে কিন্তু ঢুকি পোৱা নাছিল। শব্দৰ কাৰচাজি দেখুৱাবলৈ গৈ কোনোবাই যদি ‘ফৰিংফুটা অমাৱস্যা’ বুলিও কয়, সেয়া জানো গ্ৰহণযোগ্য হ’ব?
সৃজনীশীল মন আৰু গঢ় দিব পৰা মানসিকতাই উন্নত মানৰ কবিতাৰ জন্ম দিব পাৰে। কেৱল লিখাৰ তাড়নাটোকে অহৈতুকী প্ৰশ্ৰয় দি থকাৰ পৰিৱৰ্তে অধ্যয়নশীল মনোভাৱ এটা গঢ়ি ল’ব পাৰিলে নিশ্চিতভাৱে সকলোৰে উপকাৰ হ’ব। অন্ততঃ কবিতাক অধিক জনপ্ৰিয় কৰি তোলাৰ স্বাৰ্থত, কবিতাৰ নাম শুনিলেই সাত জাঁপ মাৰিব খোজা বিৰূপ মনোভাৱাপন্ন কাৰোবাকো এবাৰলৈ হ’লেও যদি এইদৰে ভাবিবলৈ বাধ্য কৰাব পৰা গ’লহেঁতেন–‘ছেঃ! মইচোন কবিতা এনেয়ে বেয়া পাই আছিলোঁ। বুজি ল’ব জানিলে সঁচাকৈয়ে ই মনত বিমল আনন্দ দিব পাৰে…।’–তাৰ বাবে আমি সকলোৱে কিছু চেষ্টা কৰিব নোৱাৰোনে?
☆★☆★☆
3:12 pm
আপোনাৰ লেখাটো ভাল লাগিল লগতে বহু কথা জানিবও পাৰিলো /
7:43 pm
খুউব ভাল লাগিল…..