ই -ডিভোৰ্চ – পাপৰি দত্ত
সিদিনাখন আমাৰ ঘৰলৈ মোৰ এজনী পুৰণি অন্তৰংগ বান্ধৱী আহিছিল৷
দুয়োজনীয়ে বহুত দিনৰ মূৰত লগ পাই দিলখুলি বিন্দাচ কথা পাতিবলৈ লাগি গ’লো৷ কথা পাতোতে পাতোতে এই হাজবেণ্ড নামৰ মহাশয় সকলৰ কথাও ওলালে৷ তাই কৈ গ’ল তাইৰ হাজবেণ্ডে কি কি কথাত টং কৰে মানে দিগদাৰী, আমনি৷ ময়ো ক’লো কি কি মুচিবৎ হয়৷ মানে পাকঘৰ লেতেৰা কৰে, কাপোৰ-কানি বিশৃংখল কৰে৷
তাতোকৈও বেছি, মবাইল ফোনটো লৈ বহোতে তেওঁ নিজৰ ফোনটোৰ পৰা মেছেজ দি কব চাহ একাপ বনোৱা, আজি এইটোহে বনোৱা, কালি কব সেইটোহে বনোৱা, আকৌ অফিচৰ পৰা মেছেজ দিব বা হোৱাটচএপ কৰিব বা ফোন কৰিব মোৰ লগত দুজন বন্ধু যাব ভাতখোৱাকে, তুমি ৰেডী কৰি থবা৷ বচ হৈ গল কাম তাম্মাম! দিনে-ৰাতিয়ে মাথো ব্যস্ত৷
তাই অলপ চিন্তা কৰি মোক ক’লে এই পাপৰি তুমি তোমাৰ মিষ্টাৰক ই-ডাইভোৰ্চ দি নিদিয়া কিয়? মই আচৰিত হৈ তাইক সুধিলো কিনো ই -ডিভোৰ্চ? তাই মোক কলে, হেই আঁকৰীজনী তুমি মানে তোমাৰ মিষ্টাৰক ফেচবুক, হোৱাটচএপ সকলোতে ব্লক মাৰি থৈ দিয়া৷ বচ তুমি তাৰপাছত বিন্দাচ নিজৰ কাম কৰি থাকা৷
সঁচাকে বুদ্ধিটো পিছে বেয়া নহয় দেই৷ ■■
4:24 pm
হা হা–ভাল বুদ্ধি