ফটাঢোল

নিজৰ ফটাঢোল – প্ৰণীতা গোস্বামী বৰঠাকুৰ

নিজৰ ফটাঢোলটোকে বজাই চাওঁ বুলি ভাবি অভিজ্ঞতা এটা আগবঢ়ালো– হাঁহি নুঠিলে নিজে নিজে ভাকুট কুটাই লব৷

বিয়া এখন খাবলৈ ওলাইছো৷ আনদিনাৰ দৰেই মই সকলো জঞ্জাল মাৰি ওলাবলৈ লৈছো৷ আনসকল মানে মোৰ পেহী এগৰাকী, ভাইটি, বৰদেউতাৰ ল’ৰা দাদা এজন আৰু খুৰা ওলাই গাড়ীৰ ওচৰ পালেগৈয়ে৷ “হ’লনে -হ’লনে“ বুলি সুধিবলৈ লাগিলেই! ! উফ্, লৰালৰিকৈ কাপোৰ সাজ পিন্ধি লওঁতেই এক পঁচা পঁচা গোন্ধ নাকত লাগিলত উভতি চাই দেখো তিনিবছৰীয়া ছোৱালীজনীয়ে কোঠাৰ একোণত মুখখন জোঙা কৰি ৰৈ আছে! ! -“তোৰো এইসময়তহে লাগিবলৈ পায়নে““– বুলি কাপোৰ কোঁচাই বাথৰুমলৈ দাঙি নি কামফেৰা সমাপন কৰি আহি তাইক বাহিৰলৈ পঠালো৷ ভাইটি সোমাই আহি “হোৱাই নাইনে তোৰ“ বুলি মাজতে এবাৰ আচৰিত হোৱাৰ মুড এটা দেখুৱাই গ’লহি৷ ভেকাহি মাৰি খেদালো তাক৷

আইনা খনৰ সমুখলৈ আহি দেখো মোৰ চেলাউৰি এডালো নাই দেখোন! ! — কাজলডাল বিচাৰি হাবাথুৰি খালো৷ ঠাইতে সদায় থকা বস্তুবোৰো বিচাৰি নাপাওঁ দেখোন–চেহ! ! এনেতে বৰদেউতাৰ ছোৱালীজনী আহি কাজলডাল হাতত তুলি দিলেহি, ক্ৰুৰসিঙৰ দৰে ডাঠকৈ চেলাউৰিযোৰ আঁকি ল’লো৷ লিপষ্টিক– লিপষ্টিকডাল ক’ত গ’ল আকৌ– চিনাকি ড্ৰেচিং টেবুলখনো অচিনাকি যেন লাগিছে! ! ইডাল হাতত লৈছো ভঙা, সিডাল লেপিছো ৰং নালাগেই যাহ! !

খুৰাই মুখখন বেঁকা কৰি অলপ খঙেৰেই ক’লেহি, “ইমান দেৰি লাগেনে তোৰ? “ গৈছোৱেই বুলি সকাহ দি পঠাই মুখখন চাই দেখো ফোঁট-সেন্দূৰ লোৱাই নাই৷ বিয়া হোৱা মানুহে ফোঁট সেন্দূৰ নোলোৱাকৈ কেনেকৈ যাওঁ! –আকৌ ঘুৰ্মুটিয়াই ফুৰিলো টিপফোঁটৰ পেকেটটো বিচাৰি৷ সেন্দূৰৰ টেমাটোনো কত থ’লো জানো! উফ্ একো হাতত নুঠে দেখোন৷ এপাকত আঠা নথকা টিপফোঁট এটা আইনাখনত লাগি থকা দেখি তাকে থু অকণ দি লগাই যাবলৈ বুলি ওলাই গাড়ীত বহিলোগৈ৷ সকলোৱে মোক দেখি উশাহ সলালে৷

ভাইটিয়ে গাড়ীখন ষ্টাৰ্ট কৰিবলৈ লওঁতেই এটা জোকাৰণি মাৰি বিছনাখন লৰি উঠিল৷ ধেইত তেৰি অতদেৰি সপোনতহে সাজি আছিলো– সপোনতো ভালকৈ সাজিব নাজানিলো! ! –মনতে এটা দুখ লৈ চকুযোৰ মোহাৰি উঠি আহিলো৷■■

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *