কৈলাশত ডিচেম্বৰৰ এসন্ধ্যা – উৎপলা কৌৰ
: কিমান চাহ খাই থাকে হে? আৰু নোৱাৰো মই মুখৰ আগত যতনাই থাকিবলৈ। গধূলিৰেপৰা সাতকাপ হ’ল। চাহকাপ কাষৰ টেবুলখনত ঠেকেচ মাৰি থৈ পাৰ্বতীয়ে ক’লে।
: কিয়? নন্দী নাই নেকি?
: নন্দী? সেই তেতিয়াই ব্ৰেড আনিবলৈ বজাৰলৈ গ’ল, এতিয়ালৈ দেখা দেখি নাই। মালিক যেনে ভঙুৱা, ভৃত্যও তেনেহে হ’ব! স্মাৰ্ট ফোনটোত আঙুলি বোলাই থাকিয়েই পাৰ্বতীয়ে ক’লে। খঙতে তাইৰ চেলাউৰিযোৰ নাচি আছে।
: হেৰা, আৰম্ভ হ’ল নে তোমাৰ আকৌ? কাম কৰিবলৈ দিয়া শান্তিৰে। কিমান কষ্ট হৈছে দেখা নাই এইকেইদিন?
: অকল আপোনাৰে কষ্ট হোৱা নাই। মোৰো হৈছে। কি পোকে কামুৰিছিল মোক, এই ভঙুৱাটোলৈ জেদ কৰি কৰি বিয়া হৈ আহিবলৈ। কিমান ভাল ভাল দৰা আহিছিল মোলৈ। লগৰবোৰে যি আৰামত আছে! মই এইডালৰ লগত পাহাৰত জন্তুৰ দৰে থাকিব লগীয়া হৈছে।
: হ’ব হ’ব! জনা আছে।
টোৰোটকৈ চিলিমটোত এক টান দি মহাদেৱে ক’লে। চকু কোলাত থকা লেপটপটোত। কথাষাৰ কৈ অনুভৱ কৰিলে মহাদেৱে, বৰ এটা ভাল কাম নকৰিলে তেনেকৈ কৈ। পাৰ্বতীৰ খং উঠিলে সহজে নকমে আজিকালি। এটা বয়সত তিৰোতাবোৰ কেং কেঙীয়া হয়েই, বুজে মহাদেৱে।
: হ’লেও তুমি কম ধুনীয়াজনী নাছিলা কিন্তু বিয়াৰ সময়ত।
ৰোমাণ্টিক সুৰত কথাষাৰ কৈ মুখত মিচিকিয়া হাঁহি এটা লৈ মহাদেৱে পাৰ্বতীলৈ চালে।
: এতিয়াও দহজনীয়ে পাত্তা নাপায় তোমাৰ লগত।
: হয়নে? সিদিনা চলিহাৰ জীয়েকৰ বিয়াত কইনাৰ ওচৰত বহি থকা চলিহাৰ খুলশালীয়েকলৈ যি নজৰ দি আছিলা, মই দেখা নাই বুলি ভাবিছা?
মোবাইলটোত চকু থৈ থৈয়ে ক’লে পাৰ্বতীয়ে।
: এহ! তুমি সেইচবেই দেখিবা আৰু। ময়োতো দেখিছোঁ, দৰাৰ সখীয়েকলৈ তোমাক চাই থকা!
: কথা নক’বা! মই মানুহটোক চোৱা নাই । মই তেওঁ পিন্ধি থকা পাটৰ পাঞ্জাৱীটো চাইছিলো।
: থোৱাহে! মই চব জানো! মানুহ চাইছিলা নে কাপোৰ। কিবা খং উঠিব তোমাৰ নিচিনা ময়ো ফেচবুক একাউণ্ট এটা খুলি ল’ম। গোটেই ভাৰত মুলুকৰ ছোৱালীবোৰ মোৰ নামত পাগল জানা নহয়? ভাবা আৰু কি হ’ব তেতিয়া!
: থোৱা থোৱা! লেতেৰাটো ক’ৰবাৰ! মই বুলি কোনোমতে সহ্য কৰি আছো। সাপে-সোপে, গাৰ গোন্ধই, ভাঙৰ গোন্ধই! সেই ফাপৰে ধৰা বাঘৰ ছালখন কৈ কৈ সলাব নোৱাৰিলো আজিলৈকে। গোন্ধত বমি আহিব মোৰ কোনোবাদিনা।
একে উশাহে কথাখিনি কৈ পুনৰ নন্দীক চিঞৰিলে পাৰ্বতীয়ে,
: নন্দী, নন্দী।
শিং দুটা লৰাই লৰাই একে লৰে নন্দী আহি পাৰ্বতীৰ কাষ পালেহি। পাৰ্বতীৰ খং উঠিলে মহাদেৱৰে থৰকাচুটি হেৰাই , নন্দী কোন কুটা? এনেও সি বজাৰলৈ গৈ হিচাপতকৈ অকণ দেৰীয়েই কৰিলে আজি উভটি আহোঁতে। চাৰ, বাইদেউৰ তর্কাতৰ্কি শুনি তাৰ বুকু কঁপিয়েই আছিল, কোন মুহূৰ্তত বা শেলডাল তাৰ ফালে আহে!
: গণেশ আৰু কাৰ্তিকে ভাত খালেনে?
: নাই বাইদেউ, গণেশে অলপ আগতে মেগী সাতাইছ পেকেট আৰু ভেজ পিজ্জা চাৰিটা খাই উঠিছে। ভাত অলপ দেৰিকৈ খাব বোলে!
: আৰু কাৰ্তিক?
: কাৰ্তিক বাবা গধূলিতে ওলাই গ’ল। ঘূৰি অহাই নাই।
: ঠিক আছে যা!
কথাবোৰ টলকা মাৰি শুনি আছিল মহাদেৱে। হওঁক তেওঁ পাৰ্বতীৰ খঙটো তেওঁৰ পৰা অইনফালে ‘ডাইভাৰ্ট’ হ’ল। নহলে বাঘৰ ছালখনক লৈ এতিয়াও বকিয়েই থাকিল হয়। হওঁতে মিছা নকয় পাৰ্বতীয়ে। ছালখন সঁচাই পুৰণা হৈছে। নোমবোৰ এৰাই গৈ চামৰাখন ওলাই গৈছে। যিখিনিত নোম লাগি আছে, লেতেৰা হৈ অন্য বৰণ লৈছেগৈ! পাৰ্বতী আৰু ল’ৰা দুটাই সদায় কৈ থাকে সেইখনৰ পৰা বৰ বেয়া গোন্ধ ওলাইছে বুলি। নিজেহে নাপায় গোন্ধ তেওঁ । সদায় পাই পাই কিজানি তেওঁৰ ঘ্ৰাণেন্দ্ৰিয়ই এইখন ছালৰ ওচৰত নিজৰ কাম কৰাত ব্যৰ্থ হৈছে। নতুন এখন পোৱাও টান আজিকালি। বাঘ মাৰিলে বনবিভাগ আৰু মেডিয়াই থেকেচি পেলাব তেওঁক। তেওঁতো আৰু চালমান খান নহয়! এই বয়সত এইবোৰ ৰিস্ক ল’ব নোৱাৰি। এনেও পাঁচ বছৰমানৰ আগতে মাত্ৰ এঘাৰশমান বাঘহে জীয়াই থকা বুলি অৰ্কুটৰ কমিউনিটি এটাত পোৱা মহাদেৱৰ মনত পৰে।
কাৰ্তিকে আজিকালি ঘৰ সোমাওঁতে সদায় দেৰি কৰে। তাক গালি দিলে আকৌ পাৰ্বতীয়ে ফেপেৰি পাতি ধৰে। হাজাৰ হওক বৰপুত্ৰ! কিন্তু এনেকুৱা সময়ত ‘দেউতাক যেনে ভঙুৱা, পুতেক নহৈ পাৰেনে?’ বুলি দিয়া বাক্যবানবোৰ উভটাই পঠাবলৈ ভাল।
: নন্দী, নন্দী!
ভিতৰলৈ চাই মহাদেৱে চিঞৰিলে। চিঞৰটোত কিবা যেন গোন্ধ পালে পাৰ্বতীয়ে। লগে লগে ক’লে,
: হেৰি, বৰুৱাৰ জীয়েকৰ চাৰে দহ বজাত লগ্ন আছিল। আমাৰ দেৰি হ’ব ব’লক। আৰু পঞ্চলিছখন বিয়া আছে সেইটো লগ্নতে।
মহাদেৱে পেটে পেটে বৰ আমোদ পালে। কাৰ্তিকৰ কথা নোলালে পাৰ্বতীয়ে ডিউটিলৈ যোৱাৰ আগতে আৰু এবকলা মেলিলেহেঁতেন। হেই বোলে লেতেৰা বাঘৰ ছালহে। হেই বোলে ৰাতিখন শুব নাপাওঁ এইডালৰ লগত বিয়া হৈ, ব্লা ব্লা।
কৈলাশৰ সৰল গছবোৰ বৰফৰ গুড়িৰে ঢাক খাই পৰিছে। হাড় কঁপোৱা শীতত বৰফৰ আচ্ছাদন ফালি এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা বায়ুত ভাঁহি নামি আহি আছে। পুৰুষৰ দৃষ্টি অদূৰ মৰ্ত্যত ঢিমিকি ঢিমিকি জ্বলি থকা যেন লগা বিবাহ ভৱনৰ লাইটৰ ওপৰত। মহিলাই কাষলৈ আহি পুৰুষৰ গাতে গাটো লগাই দিলে উম দিবলৈ বুলি। আঁঠুৰ ওপৰত পিন্ধা বাঘৰ ছালখনেৰে দেহাটো ঢাকি ৰমক-জমককৈ পোছাক পিন্ধি বিয়াঘৰত দপদপাই থকা মানুহবোৰৰ মাজত এইজনা যে কেনেকৈ আপোনমনে থাকে! সকলো বিয়াত ‘হৰ-গৌৰী’ৰ বসতি হওক বুলি আশীৰ্বাদ দিয়া ব্যক্তিজনক লগ ধৰি তাইৰ ভালকৈ এসেকা দিবলৈ মন যায় কেতিয়াবা, এইবোৰ ভকতৰ কথা ৰাখিবলৈ নিতৌ নিশা দুয়ো কৈলাশৰ পৰা নামি আহি আশীৰ্বাদ দিবহি লাগে! আৰু এই আঘোণতে মানুহবোৰে ইমান বিয়া পাতে! কাষতে থাকি বাহুত আলফুলে ধৰি থকা আপোনভোলাজনৰ বুকুতে মূৰটো লগাই দি মনতে ক’লে পাৰ্বতীয়ে- ‘love you honey!’
☆★☆★☆