তফাৎ – মনিষা কাকতি
যিমানে সময় গৈ থাকিল তাইৰ উচপিচনিও বাঢ়ি গৈ থাকিল। আনকালে ইমান দেৰি নহয় গোপালকাইৰ। আজি বা কি হ’ল? এটা দুটাকৈ ইতিমধ্যে লগৰ সকলোবোৰ ঘৰাঘৰি গ’লগৈ। যাবৰ সময়ত সিহঁতে মাত লগাই লগাই গৈ থাকোঁতে সিমান ভবা নাছিল তাই। মাত্ৰ ভাবিছিল.. এইমাত্ৰ গোপালকাই আহি পাবহি আৰু তাইকো লৈ যাবহি। এতিয়া অকলশৰীয়া তাই তাত… ঠাইখিনি একদম নিজম হৈ পৰিছে। অচিনা পোক-পৰুৱাৰ মাতৰ বাহিৰে অইন একো শুনিবলৈ পোৱা নাই। পুহ মাহ। জাৰো পৰিছে। সদায় সাঁজ লগাৰ আগে আগে গোপালকাইয়ে তাইক লৈ যায়হি। সেই সময়খিনি তাইৰ চিনাকি.. দূৰৰপৰাই দেখি চিনি পায় গোপালকাইক। কিন্তু আজি ‘সেই সময়খিনি’ পাৰ হোৱাৰ বহু সময় পিছতো গোপালকাইৰ ছাঁটোকে দেখিবলৈ পোৱা নাই।
লাহে লাহে এন্ধাৰে সকলো গ্ৰাস কৰি আহিছে। সৌৱা দূৰৈৰ পাহাৰখন, বটগছজোপা, স্কুলঘৰটো — সকলো অন্ধকাৰত ডুব গৈছে। পুখুৰীটোৰ পাৰত কেইটামান জোনাকী পৰুৱাই মেল মাৰিছে.. যেন তাইকে উপলুঙা কৰি হাঁহিছে, ‘এইজনীক নিবলৈ আজি কোনো নাহিল নেকি… বেচেৰী!’ শান্ত চকুহাল সেমেকি উঠিছে তাইৰ। দৃষ্টি মাথো গোপালকাই অহা বাটে…. । কি বা হ’ল মানুহজনৰ? কিবা বিপদ হোৱা নাইতো? তাইক নিব আহিবলৈ পাহৰাৰ প্ৰশ্নই নুঠে! তেন্তে….!
উপায়বিহীন হৈ কোনোবাই শুনাৰ আশাত এবাৰ চিঞৰি দিব খুজিও ৰৈ গ’ল তাই। হঠাৎ দেখিলে.. কোনোবা তাইৰ ফালে আহি আছে। তিনিটা ছায়া.. মনিব পৰা দূৰত্ব পাওঁতে ধৰিব পাৰিলে, সেইকেইটা আন কোনো নহয়.. চুবুৰীৰ উদণ্ড তিনিটা। নিশাচৰ নাম পোৱা, বান্ধোনত থাকিব নিবিচৰা, অনাই-বনাই ঘূৰি ফুৰা, য’তে ৰাতি ত’তে কাটি টাইপৰ তিনি উতনুৱাৰ সমুখীন এনেকৈ হ’ব লাগিব বুলি কোনোদিনেই ভবা নাছিল। তাই অলপ ভয় খালে। এফালে গোপালকাইৰ একান্ত বাধ্য, কোনোকালে নিৰ্দেশ অমান্য নকৰা স্বভাৱত নিৰ্জু, শান্ত তাই আৰু আনফালে সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ তিনি অঘাইটং। কথাবোৰ মনত পাগুলিয়াই থাকোঁতেই তিনিও আহি তাইৰ কাষ পালেহি। ইতস্ততঃবোধ কৰি তাই অলপ পিছুৱাই গ’ল। অলপ সময় ৰৈ থাকি তিনিওটাৰ ভিতৰত এটাই মাত লগালে,
: কি হ’ল? আজি নিবলৈ কোনো অহা নাই নেকি?
: নাই। — লাহেকৈ ক’লে তাই।
: হ’ব দে.. ভয় নকৰিবি। আমি আছোঁ, ইয়াতে ৰৈ.. তোক কোনোবাই নিব অহালৈ।
: …………………….. ।”
কিছুদেৰি মূৰত.. দূৰত তাই কাৰোবাক আহি থকা দেখা পালে। নহয়! তাইৰ চিনাকি গোপালকাই নহয় সেইজন। গোপালকাইহঁতৰ ঘৰৰ কাষৰ মানুহজনহে। মনত আছে তাইৰ, দুই তিনিদিন তাই মানুহজনৰ লগত ঘৰলৈ গৈছে। মানুহজনে তাইকেই নিব অহা বুলি বুজি পালে তাই। তেওঁৰ লগত তাই ঘৰলৈ বুলি খোজ ল’লে। এবাৰ ঘূৰি চাই দেখিলে.. সিহঁত তিনিওটাই বেলেগ ফালে আঁতৰি গৈছে লাহে লাহে। সিহঁতৰ প্ৰতি ইমানদিনে মনত লৈ থকা বেয়া ভাবখিনি লাহেকৈ মূৰটো লৰাই জোকাৰি পেলালে তাই। তাৰপিছত আনন্দমনেৰে গৈ থাকিল মানুহজনৰ পিছে পিছে।
দূৰৈৰপৰা দেখিলে তাই.. জপনামুখত এজুম মানুহ। সোমাই গৈ দেখিলে, ডাঙৰ চোতালখনো মানুহৰে ভৰি আছে। হৈছে কি? চাৰিওফালে এক গোমা পৰিবেশ আজি গোপালকাইৰ ঘৰখনত। সৌৱা গোপালকাই! মূৰে-কপালে হাত দি বহি আছে চোতালত। পুহ মাহৰ ঠাণ্ডাকো নেওচি মানুহবোৰে তেওঁক বেৰি ধৰি আছে, কোনোবাজন যদি বহি.. কোনোবাজন থিয় হৈ। পিৰালিতে বহি গোপালকাইৰ ঘৈণীয়েকে উচুপি আছে, কাষত বহি তিৰোতা কেইজনীমানে তেওঁৰ পিঠিত হাত ফুৰাই আছে। সকলোৱে নিজৰ ভিতৰতে ফুচফুচাই কথা পাতিছে। তাই ধৰিব পৰা নাই.. আচলতে কি হৈছে! মানুহজনে তাইক আনি চোতালৰ এক নিৰ্দিষ্ট ঠাইত ৰাখি গুচি গ’ল।
তেনেতে বাহিৰত কিবা হুলস্থূল শুনি চোতালত থকা মানুহখিনিয়ে টোপনিৰপৰা সাৰ পাই উঠি লৰচৰ কৰাৰ দৰে হাত-ভৰি লৰচৰ কৰি উঠিল। তাই দেখিলে, কেইজনমান পুলিছ চোতাললৈ সোমাই আহিছে। সকলোৱে বাট এৰি বহিবলৈ বুলি চকী, মূঢ়া যি পাৰে যোগাৰ কৰি দিলে। গোপালকাইয়ে কন্দনামুৱা হৈ পুলিছৰ আগত কোৱা কথাখিনিৰ সাৰমৰ্ম এনেধৰণৰ —
‘গোপালকাইৰ জীয়েকজনীক আজি গধূলিপৰত দলঙৰ তলত বিধ্বস্ত ৰূপত পোৱা গৈছে, পুৱাই কলেজলৈ গৈ থকা অৱস্থাত কোনোবাই জোৰ জবৰদস্তি গাড়ীত উঠাই লৈ গৈছিল হেনো তাইক।’
কেইঘন্টামান আগতে তাই কটোৱা সময়খিনি চকুৰ আগেৰে পাৰ হৈ গ’ল। তাইৰ ভাল লাগিল যে জীৱশ্ৰেষ্ঠ নহ’লেও আনৰ ইচ্ছা অনিচ্ছাক সন্মান জনাব পৰা শক্তিখিনি সিহঁতৰ মাজত আছে। কথাবোৰ ভাবি ভাবি ঘাঁহ পাগুলিয়াই থাকোঁতে কেতিয়া টোপনি আহিল গমেই নাপালে তাই।
☆★☆★☆